জনসংখ্য়া আৰু অসম 

অধ্য়য়ন-১০

১। জনসংখ্য়া কাক বোলে ?

উত্তৰঃ কোনো এক নিৰ্দিষ্ট সময়ত কোনো এখন ঠাইত থকা মানুহৰ মুঠ সংখ্য়াকে জনসংখ্য়া বোলে ।


২। প্ৰব্ৰজন কাক বোলে ?

উত্তৰঃ মানুহে এঠাইৰ পৰা আন ঠাইলৈ বাসস্থান সলনি কৰাকে প্ৰব্ৰজন বোলে ।


৩। বহিঃপ্ৰব্ৰজন কাক বোলে ?

উত্তৰঃ প্ৰব্ৰজনৰ ফলত কোনো এখন ঠাইত জনসংখ্য়া কমিলে তাকে বহিঃপ্ৰব্ৰজন বোলে ।


৪। আন্তঃপ্ৰব্ৰজন কাক বোলে ?

উত্তৰঃ প্ৰব্ৰজনৰ ফলত কোনো ঠাইত জনসংখ্য়া বৃদ্ধি পালে তাকে আন্তঃপ্ৰব্ৰজন বোলে ।


৫। জনসংখ্য়াৰ বিতৰণ কাক বোলে ?

উত্তৰঃ ঠাই অনুযায়ী জনসংখ্য়া কম-বেছি হোৱা কথাটোকে জনসংখ্য়া বিতৰণ বোলে ।


৬। কোনবোৰ ঠাইত জনসংখ্য়া বেছি হয় ?

উত্তৰঃ যিবোৰ ঠাইত প্ৰায়বোৰ সুবিধা সহজে পোৱা যায় সেইবোৰ ঠাইত জনসংখ্য়া বেছি হয়।


৭। লোকপিয়ল কাক বোলা হয় ?

উত্তৰঃ মানুহৰ ঘৰে ঘৰে গৈ এখন দেশত জনসংখ্য়া গণনা কৰা ব্য়ৱস্থাটোকে লোকপিয়ল বোলা হয় ।


৮। ভাৰতত প্ৰতি কিমান বছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হয় ?

উত্তৰঃ ভাৰতত প্ৰতি দহ বছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হয় ।


৯। ২০১১ চনত লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্য়া প্ৰায় কিমান গৰাকী আছিল ?

উত্তৰঃ ২০১১ চনত লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্য়া প্ৰায় ৩,১২,০৫,৫৭৬ গৰাকী আছিল ।


১০।  ২০১১ চনত লোকপিয়ল অনুসৰি অসমৰ মুঠ মহিলাৰ জনসংখ্য়া কিমান আছিল?

উত্তৰঃ ২০১১ চনত লোকপিয়ল অনুসৰি অসমৰ মুঠ মহিলাৰ জনসংখ্য়া আছিল ১,৫২,৬৬,১৩৩ গৰাকী।


১১। ২০১১ চনত শেহতীয়া লোকপিয়ল অনুযায়ী ভাৰতৰ মুঠ জনসংখ্য়া প্ৰায় কিমান আছিল ?

উত্তৰঃ ২০১১ চনত শেহতীয়া লোকপিয়ল অনুযায়ী ভাৰতৰ মুঠ জমসংখ্য়া প্ৰায় ১২১ কোটি আছিল ।


১২। আটাইতকৈ কম  জনসংখ্য়া থকা জিলাখনৰ নাম কি ?

উত্তৰঃ আটাইতকৈ কম জনসংখ্য়া থকা জিলা হৈছে ডিমা হাচাও ।


১৩। জনসংখ্য়াৰ ঘনত্ব কাক বোলে ?

উত্তৰঃ প্ৰতি বৰ্গকিল'মিটাৰত বাস কৰা মানুহৰ সংখ্য়াক জনসংখ্য়াৰ ঘনত্ব বোলে ।


১৪। ভাৰতৰ শতকৰা প্ৰায় কিমান গৰাকী লোক শিক্ষিত ?

উত্তৰঃ ভাৰতৰ শতকৰা প্ৰায় ৭৪ গৰাকী লোক শিক্ষিত ।


১৫। সৰ্বাধিক জনসংখ্য়া থকা জিলাখনৰ নাম কি ?

উত্তৰঃ সৰ্বাধিক জনসংখ্য়া থকা জিলাখনৰ হৈছে নগাঁও ।


১৬। অসমৰ জনসংখ্য়াৰ ঘনত্ব কিমান ?

উত্তৰঃ অসমৰ জনসংখ্য়াৰ ঘনত্ব হৈছে ৩৯৭ গৰাকী ।


১৭। সৰ্বাধিক জনসংখ্য়াৰ ঘনত্বৰ জিলাখনৰ নাম কি ?

উত্তৰঃ সৰ্বাধিক জনসংখ্য়াৰ ঘনত্বৰ জিলাখনৰ নাম হৈছে কামৰূপ ( মহানগৰ ) ।


১৮। সৰ্বনিম্ন জনসংখ্য়াৰ ঘনত্বৰ জিলাখনৰ নাম কি ?

উত্তৰঃ সৰ্বনিম্ন জনসংখ্য়াৰ ঘনত্ব জিলাখনৰ নাম হৈছে ডিমা হাচাও । 


১৯। নিবনুৱা কাক বোলে ?

উত্তৰঃ যোগ্য়তা থকা সত্ত্বেও যিসকল লোকে কৰ্মসংস্থান নাপায় তেনে লোকক নিবনুৱা বোলে ।


২০। জনসংখ্য়াৰ বিস্ফোৰণ কাক বোলে ?

উত্তৰঃ দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্য়াই দেশৰ উন্নতিত বাধা দিলে তাক জনসংখ্য়াৰ বিস্ফোৰণ বোলে।


Type By Chandana Bora 





Post ID: DABP005180