অসমৰ স্থানীয় স্বায়ত্ত শাসন ব্য়ৱস্থাৰ অনুষ্ঠানসমূহ 

অধ্য়ায় -১২

১। ভাৰতবৰ্ষ এখন কি দেশ ?

উত্তৰঃ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ ।


২। গণতন্ত্ৰ কাক বোলে ?

উত্তৰঃ যি শাসন ব্য়ৱস্থাত দেশৰ জনসাধাৰণে তেওঁলোকৰ শাসকসকলৰ ভোটদান কৰি নিৰ্বাচিত কৰে তেনে শাসন ব্য়ৱস্থাক গণতন্ত্ৰ বোলে ।


৩। আমাৰ দেশত কিমান বছৰ হ'লে এজন লোকে ভোটাদানৰ অধিকাৰ পায় ?

উত্তৰঃ ১৮ বছৰ হ'লে এজন লোকে ভোটাদানৰ অধিকাৰ পায় ।


৪। আমাৰ দেশত কেইখন চৰকাৰ আছে ?

উত্তৰঃ আমাৰ দেশত দুখন চৰকাৰ আছে ।


৫। স্থানীয় স্বায়ত্ত শাসন ব্য়ৱস্থা কাক বোলে ?

উত্তৰঃ আমাৰ ৰাজ্য়খনৰ স্থানীয় পৰ্যায়ত থকা শাসন ব্য়ৱস্থাটোকে স্থানীয় স্বায়ত্ত শাসন ব্য়ৱস্থা বোলে ।


৬। অসমৰ স্থানীয় স্বায়ত্ত শাসন ব্য়ৱস্থাক কেইটা ভাগত ভাগ কৰিব পাৰি ?

উত্তৰঃ অসমৰ স্থানীয় স্বায়ত্ত শাসন ব্য়ৱস্থাক দুটা ভাগত ভাগ কৰিব পাৰি ।


৭। অসমৰ স্থানীয় স্বায়ত্ত শাসন ব্য়ৱস্থাক দুটা ভাগত ভাগ কৰিব পাৰি আৰু সেইকেইটা কি কি?

উত্তৰঃ সেইকেইটা হ'ল গাঁও অঞ্চলৰ স্থানীয় শাসন ব্য়ৱস্থা আৰু নগৰ অঞ্চলৰ স্থানীয় শাসন ব্য়ৱস্থা ।


৮। গাঁও অঞ্চলৰ স্থানীয় শাসন ব্য়ৱস্থাৰ অনুষ্ঠানসমূহ কেইটা স্তৰ বা পৰ্য্য়ায়ত ভগাব পাৰি ?

উত্তৰ ঃ গাঁও অঞ্চলৰ স্থানীয় শাসন ব্য়ৱস্থাৰ অনুষ্ঠানসমূহ তিনিটা স্তৰ বা পৰ্য্য়ায়ত ভগাব পাৰি ।


৯। নগৰ অঞ্চলৰ স্থানীয় শাসন ব্য়ৱস্থাৰ অনুষ্ঠানসমূহক কেইটা স্তৰ বা পৰ্য্য়ায়ত ভগাব পাৰি ?

উত্তৰঃ নগৰ অঞ্চলৰ স্থানীয় শাসন ব্য়ৱস্থাৰ অনুষ্ঠানসমূহক তিনিটা স্তৰ বা পৰ্য্য়ায়ত ভগাব পাৰি ।


১০। আঞ্চলিক পঞ্চায়ত অসমৰ গাঁও অঞ্চলত থকা কি পৰ্য্য়ায়ৰ শাসন ব্য়ৱস্থা ?

উত্তৰঃ আঞ্চলিক পঞ্চায়ত অসমৰ গাঁও অঞ্চলত থকা মাজৰ পৰ্য্য়ায়ৰ শাসন ব্য়ৱস্থা ।


১১। উন্নয়ন খণ্ড কাক বোলে ?

উত্তৰঃ শাসনৰ সুবিধাৰ বাবে জিলাসমূহক ভাগ কৰি লোৱা একোটা খণ্ডক উন্নয়ন খণ্ড বোলে ।


১২। একোটা উন্নয়নখণ্ডত এখন কি পঞ্চায়ত থাকে ?

উত্তৰঃ একোটা উন্নয়নখণ্ডত এখন আঞ্চলিক পঞ্চায়ত থাকে ।


১৩। এখন আঞ্চলিক পঞ্চায়তত কেইবাখনো কি পঞ্চায়ত থাকে ?

উত্তৰঃ এখন আঞ্চলিক পঞ্চায়তত কেইবাখনো গাঁও পঞ্চায়ত থাকে ।


১৪। আঞ্চলিক পঞ্চায়ত এখন কাৰ দ্বাৰা গঠিত হয় ?

উত্তৰঃ আঞ্চলিক পঞ্চায়ত এখন তিনি ধৰণৰ সদস্য়ৰ দ্বাৰা গঠিত হয় ।


১৫। ৱাৰ্ড কমিছনাৰ বোলে ?

উত্তৰঃ নগৰ সমিতিৰ সদস্য়সকলক ৱাৰ্ড কমিছনাৰ বোলে ।


১৬। পৌৰসভাৰ সদস্য়সকলক কি বোলে ?

উত্তৰঃ পৌৰসভাৰ সদস্য়সকলক কমিছনাৰ বোলে ।


১৭। পৌৰসভাৰ মুৰব্বী কোন ?

উত্তৰঃ পৌৰসভাৰ মুৰব্বী হ'ল পৌৰপতি ।


১৮। পৌৰনিগমৰ সদস্য়সকলক কি বোলা হয় ?

উত্তৰঃ পৌৰনিগমৰ সদস্য়সকলক কাউন্সিলৰ বোলা হয় ।


১৯। পৌৰনিগমৰ মুৰব্বী কোন ?

উত্তৰঃ পৌৰনিগমৰ মুৰব্বী হ'ল মেয়ৰ ।


২০। গুৱাহাটী পৌৰনিগমৰ সদস্য় সংখ্য়া কিমান জন কৰা হৈছে ?

উত্তৰঃ গুৱাহাটী পৌৰনিগমৰ সদস্য় সংখ্য়া ৩১ জন কৰা হৈছে ।


Type By Chandana Bora  






Post ID: DABP005237