বৃত্তি আৰু প্ৰযুক্তি 

অধ্য়ায়-১৩

১। জীৱিকা কাক বোলে ?

উত্তৰঃ এগৰাকী ব্য়ক্তিয়ে যি কাম কৰি নিজৰ লগতে পৰিয়ালৰ ভৰণ-পোষণ দিয়ে; সেই কামটোকে মানুহজনৰ বৃত্তি বা জীৱিকা বোলে ।


২। বিজ্ঞানৰ প্ৰায়োগিক দিশটোকে কি বোলে ?

উত্তৰঃ বিজ্ঞানৰ প্ৰায়োগিক দিশটোকে প্ৰযুক্তি বোলে ।


৩। মানুহৰ বিভিন্ন বৃত্তি কেইটা প্ৰধান অৰ্থনৈতিক ক্ষেত্ৰৰ অন্তৰ্ভুক্ত ?

উত্তৰঃ মানুহৰ বিভিন্ন বৃত্তি তিনিটা প্ৰধান অৰ্থনৈতিক ক্ষেত্ৰৰ অন্তৰ্ভুক্ত ।


৪। মানুহৰ বিভিন্ন বৃত্তি তিনিটা প্ৰধান অৰ্থনৈতিক ক্ষেত্ৰৰ কেইটা কি কি ?

উত্তৰঃ মানুহৰ বিভিন্ন তিনিটা প্ৰধান অৰ্থনৈতিক ক্ষেত্ৰৰ কেইটা হ'ল কৃষি, উদ্য়োগ আৰু সেৱা কাৰ্য্য় ।


৫। ট্ৰেক্টৰেৰে মাটি চহালে মাটি কি কৰিব পাৰি ?

উত্তৰঃ ট্ৰেক্টৰেৰে মাটি চহালে মাটি দ'কৈ চহ কৰিব পাৰি ।


৬। উদ্য়োগ কাক বোলে ?

উত্তৰঃ যি প্ৰতিষ্ঠানে প্ৰাকৃতিক বা কৃষিজাত সামগ্ৰীবোৰ আমাৰ ব্য়ৱহাৰৰ উপযোগী কৰি তোলে তাকে উদ্য়ােগ বোলে ।


৭। উদ্য়ােগ কেইবা প্ৰকাৰৰ হ'ব পাৰে সেইকেইটা কি কি ?

উত্তৰঃ উদ্য়ােগ কেইবা প্ৰকাৰৰ হ'ব পাৰে সেইকেইটা হ'ল কুটীৰ উদ্য়ােগ, ক্ষুদ্ৰ উদ্য়ােগ, মজলীয়া উদ্য়ােগ, বৃহৎ উদ্য়ােগ ।


৮। কুটিৰ উদ্য়েগ কাক বোলে ?

উত্তৰঃ যিবোৰ উদ্য়ােগ অতি কম মূলধনেৰে ঘৰুৱাভাৱে প্ৰতিষ্ঠা কৰিব পাৰি আৰু মানুহে হাতেৰে সৰহভাগ কাৰ্য্য় সম্পাদন কৰে তেনে উদ্য়ােগক কুটিৰ উদ্য়োগ বোলে ।


৯। কাপোৰত ফুল তোলাৰ বাবে কি ওলাইছে ?

উত্তৰঃ কাপোৰত ফুল তোলাৰ বাবে মেছিন ওলাইছে ।


১০। বৃত্তি বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে সেইকেইটা কি কি ?

উত্তৰঃ বৃত্তি বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে সেইকেইটা হৈছে কৃষি,উদ্য়ােগ, ব্য়ৱসায়, চিকিৎসা সেৱা, শিক্ষা ওকালতি ইত্য়াদি ।


১১। প্ৰযুক্তি হৈছে কিহৰ প্ৰায়োগিক দিশ ?

উত্তৰঃ প্ৰযুক্তি হৈছে বিজ্ঞানৰ প্ৰায়োগিক দিশ ।


১২। বিজ্ঞান আৰু প্ৰযুক্তি কিহৰ ভাৱে জড়িত ?

উত্তৰঃ বিজ্ঞান আৰু প্ৰযুক্তি ওতঃপ্ৰোতভাৱে জড়িত ।


১৩। খেতি-পথাৰৰ বন-বাত গুচাবলৈ কি নামৰ যন্ত্ৰ আৱিষ্কাৰ হৈছে ?

উত্তৰঃ খেতি-পথাৰৰ বন-বাত গুচাবলৈ উইদাৰ নামৰ যন্ত্ৰ আৱিষ্কাৰ হৈছে ।


১৪। শস্য়, ফল-মূল আদি সতেজ কৰি বেছি দিনলৈ সাঁচি ৰাখিবৰ বাবে কি আৱিষ্কাৰ হৈছে ?

উত্তৰঃ শস্য়,ফল-মূল আদি সতেজ কৰি বেছি দিনলৈ সাঁচি ৰাখিবৰ বাবে শীত-তাপ নিয়ন্ত্ৰিত পণ্য়াগাৰ আৱিষ্কাৰ হৈছে ।


১৫। যোগাযোগ সেৱাৰ প্ৰযুক্তিৰ ব্য়ৱহাৰ বাবে মানুহে বিভিন্ন ঠাইৰ লোকৰ লগত কি আদান-প্ৰদান কৰে  ?

উত্তৰঃ  যোগাযোগ সেৱাৰ প্ৰযুক্তিৰ ব্য়ৱহাৰ বাবে মানুহে বিভিন্ন ঠাইৰ লোকৰ লগত ভাবৰ আদান-প্ৰদান কৰে।


১৬। দূৰ-দূৰণিৰ মানুহৰ লগত ঘৰতে বহি কিহেৰে কথা পাতিব পৰা হৈছে ?

উত্তৰঃ দূৰ-দূৰণিৰ মানুহৰ লগত ঘৰতে বহি টেলিফ'নেৰে কথা পাতিব পৰা হৈছে ।


১৭। বেংক কি অনুষ্ঠান ?

উত্তৰঃ বেংক হৈছে এক বিত্তীয় অনুষ্ঠান ।


১৮। বেংকত মানুহে কি জমা কৰি ৰাখে ?

উত্তৰঃ বেংকত মানুহে টকা-পইচা জমা কৰি ৰাখে ।


১৯। বেপাৰ-বাণিজ্য়ৰ সোঁহাত-বাঁওহাত কি ?

উত্তৰঃ বেপাৰ- বাণিজ্য়ৰ সোঁহাত-বাঁওহাত বিনিময় ।


২০। কিহৰ প্ৰয়োগৰ ফলত নিত্য়-নতুন যান-বাহন আৱিষ্কাৰ হ'বলৈ ধৰিছে ?

উত্তৰঃ প্ৰযুক্তিবিদ্য়াৰ প্ৰয়োগৰ ফলত নিত্য়-নতুন যান-বাহন আৱিষ্কাৰ হ'বলৈ ধৰিছে ।


Type By Chandana Bora 




Post ID: DABP005285