ভূগোল অধ্য়য়নৰ আহিলা আৰু সঁজুলি 

অধ্য়ায় -১৪

১। গোলক পৃথিৱীখনৰ এটা কি ?

উত্তৰঃ গোলক পৃথিৱীৰ এটা আৰ্হি বা মডেল ।


২। প্ৰাকৃতিক মানচিত্ৰ কাক বোলে ?

উত্তৰঃ যিবোৰ মানচিত্ৰত প্ৰাকৃতিক ভূ-অৱয়ব, বিষয়বস্তু উপস্থাপন কৰা হয় তাকে প্ৰাকৃতিক মানচিত্ৰ বোলে ।


৩। মাপনীৰ সহায়ত কি জুখিব পাৰি ?

উত্তৰঃ মাপনীৰ সহায়ত দুখন ঠাইৰ দূৰত্ব জুখিব পাৰি ।


৪। স্কেল বা মাপনীৰ সহায়ত কি আঁকিব পাৰি ?

উত্তৰঃ স্কেল বা মাপনীৰ সহায়ত সৰু সৰু মেপবোৰ আঁকিব পাৰি ।


৫। মানচিত্ৰ কাক বোলে ?

উত্তৰঃ স্কেলৰ সহায়ত এটা নিৰ্গিষ্ট জোখত কোনো এখন ঠাই সৰু কৰি কাগজত আঁকি লোৱা ছবিখনকে মানচিত্ৰ বোলে ।


৬। নিৰ্দিষ্ট জোখ-মাপ থকা চিত্ৰই কি ?

উত্তৰঃ নিৰ্দিষ্ট জোখ-মাপ থকা চিত্ৰই মানচিত্ৰ । 


৭। ভূচিত্ৰাৱলী কাক বোলে ?

উত্তৰঃ কেইবাখনো মানচিত্ৰ একেলগ কৰি প্ৰস্তুত কৰা কিতাপখনক ভূচিত্ৰাৱলী বোলা হয় ।


৮। মানচিত্ৰক কি বুলি কোৱা হয় ?

উত্তৰঃ মানচিত্ৰক মেপ বুলিও কোৱা হয় ।


৯। সাংকেতিক চিহ্ন কাক বোলে ?

উত্তৰঃ মানচিত্ৰত উপস্থাপন কৰা উপাদানবোৰক বুজাবলৈ কিছুমান বিশেষ চিহ্ন ব্য়ৱহাৰ কৰা হয় । এনে চিহ্নবোৰক সাংকেতিক চিহ্ন বোলে ।


১০। গুৱাহাটী চহৰখনৰ ভিতৰত কি কি পাহাৰ আছে ?

উত্তৰঃ গুহাহাটী চহৰখনৰ ভিতৰত নীলাচল, নৱগ্ৰহ, সন্ধ্য়াচল, বশিষ্ঠ আদি পাহাৰ আছে ।


১১। ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনৈ নাম কি ?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনৈ নাম হ'ল ভৰলু ।


১২। গুৱাহাটী চহৰখনৰ ভিতৰদি বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ খনৰ নাম কি ?

উত্তৰঃ গুৱাহাটী চহৰখনৰ ভিতৰদি বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ খনৰ নাম হ'ল ভৰলু ।


১৩। ভূগোলৰ আন এটা আহিলা কি ?

উত্তৰঃ ভূগোলৰ আন এটা আহিলা হ'ল আৰ্হি বা মডেল ।


১৪। আৰ্হি বা মডেলৰ সহায়ত পৃথিৱীৰ উপৰিভাগৰ কি দেখুৱাব পাৰি ?

উত্তৰঃ আৰ্হি বা মডেলৰ সহায়ত পৃথিৱীৰ উপৰিভাগৰ যি কোনো অৱয়ৱ এটাৰ সৰল প্ৰতিৰূপ দেখুৱাব পাৰি ।


১৫। পৃথিৱীৰ পৰিধি প্ৰায় কিমান কিমি. ?

উত্তৰঃ পৃথিৱীৰ পৰিধি প্ৰায় ৪০,০০০ কিমি. ।


১৬। স্কেল বা মাপনী কি ?

উত্তৰঃ স্কেল বা মাপনী হৈছে জোখ-মাখৰ বাবে সুবিধাজনক আহিলা ।


১৭। মানচিত্ৰ মানে কি ?

উত্তৰঃ মানচিত্ৰ মানে হ'ল নিৰ্দিষ্ট জোখ-মাখ থকা ছবি ।


১৮।  মানচিত্ৰ কেই প্ৰকাৰৰ হ'ব পাৰে ?

উত্তৰঃ মানচিত্ৰ কেইবা প্ৰকাৰৰ হ'ব পাৰে ।


১৯। মানচিত্ৰ কেইবা প্ৰকাৰৰ হ'ব পাৰে সেইকেইটা কি কি ?

উত্তৰঃ সেইকেইটা হ'ল প্ৰাকৃতিক, ৰাজনৈতিক, বতৰ সম্পৰ্কীয়, পৰিৱহণ আৰু যাতায়াত, কৃষি, সম্পদ, উদ্য়ােগসম্পৰ্কীয় আদি ।


২০। ভূচিত্ৰৱালী কি ?

উত্তৰঃ ভূচিত্ৰৱালী হ'ল মানচিত্ৰ থকা কিতাপ ।


Type By Chandana Bora