প্ৰাকৃতিক ভূগোলৰ এটি চমু আভাস 
অধ্য়ায়-১৬ 

 ১। ভূগোলৰ প্ৰধান ভাগ কেইটা ?

 উত্তৰঃ ভূগোলৰ প্ৰধান ভাগ দুটা ।

২। ভূগোলৰ প্ৰধান ভাগ দুটা আৰু কি কি ?

উত্তৰঃ ভূগোলৰ প্ৰধান ভাগ দুটা হ'ল প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল ।

৩। পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি ?

উত্তৰঃ পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম হ'ল মেঘালয়ৰ চেৰাপুঞ্জীৰ ।

৪। পৃথিৱীখনৰ ওপৰত কেইখন মহাদেশ আছে ?

উত্তৰঃ পৃথিৱীখনৰ ওপৰত সাতখন মহাদেশ আছে ।

৫। পৃথিৱীত কেইখন মহাসাগৰ আছে ?

উত্তৰঃ পৃথিৱীত পাঁচখন মহাসাগৰ আছে ।

৬। গণ্ডোৱানালেণ্ড কোনটো ভাগক বোলা হৈছিল ?

উত্তৰঃ টেথিছ সাগৰৰ দক্ষিণৰ ভাগটোক গণ্ডোৱানালেণ্ড বোলা হৈছিল ।

৭। আংগাৰালেণ্ড কোনটো ভাগক বোলা হৈছিল ?

উত্তৰঃ টেথিছ সাগৰৰ উত্তৰৰ ভাগটোক আংগাৰালেণ্ড বোলা হৈছিল ।

৮। জলবায়বীয় ভূগোল কাক বোলে ?

উত্তৰঃ প্ৰাকৃতিক ভূগোলৰ যিটো শাখাই পৃথিৱীৰ বিভিন্ন অঞ্চলৰ জলবায়ু সম্পৰ্কে অধ্য়য়ন কৰে তাকে জলবায়বীয় ভূগোল বোলে ।

৯। মৃত্তিকা ভূগোল কাক বোলে ?

উত্তৰঃ প্ৰাকৃতিক ভূগোলৰ যিটো শাখাই বিভিন্ন অঞ্চলৰ মাটি সম্বন্ধে অধ্য়য়ন কৰে তাকে মৃত্তিকা ভূগোল বোলে ।

১০। পেঞ্জীয়াক চাৰিওফালে আগুৰি থকা জলভাগখিনিৰ নাম কি ?

উত্তৰঃ পেঞ্জীয়াক চাৰিওফালে আগুৰি থকা জলভাগখিনিৰ নাম আছিল পেন্থালাছা ।

১১। টেথিছ কৰ মাজেৰে পাৰ হৈ গৈছে ?

উত্তৰঃ টেথিছ পেঞ্জীয়া মাজেৰে পাৰ হৈ গৈছে । 

১২। পেঞ্জীয়াৰ মাজেৰে পাৰ হৈ যোৱা ঠেক আৰু দীঘলীয়া সাগৰখনৰ নাম কি ?

উত্তৰঃ পেঞ্জীয়াৰ মাজেৰে পাৰ হৈ যোৱা ঠেক আৰু দীঘলীয়া সাগৰখনৰ নাম আছিল টেথিছ । 

১৩। তাপ আৰু পোহৰৰ তাৰতম্য় হোৱাৰ লগে লগে কি সলনি হয় ?

 উত্তৰঃ তাপ আৰু পোহৰৰ তাৰতম্য় হোৱাৰ লগে লগে জলবায়ুও সলনি হয় ।

১৪। জলমণ্ডলক কেইখন মহাসাগৰত ভাগ কৰিছে ?

উত্তৰঃ জনমণ্ডলক ৫ খন মহাসাগৰত ভাগ কৰিছে ।

১৫। মহাসাগৰৰ তলিখন সমান নে ?

উত্তৰঃ মহাসাগৰৰ তলিখন সমান নহয় ।

১৬। মহাসাগৰৰ তলিতো কি আছে ?

উত্তৰঃ মহাসাগৰৰ তলিতো ওখ ওখ পৰ্বত আছে ।

১৭। মহাসাগৰৰ তলিত থকা পৰ্বতক কি বোলে ?

উত্তৰঃ মহাসাগৰৰ তলিত থকা পৰ্বতক শৈলসিৰা বোলে ।

১৮। মধ্য় আটলাণ্টিক শৈলসিৰা কাক বোলে ?

উত্তৰঃ আটলাণ্টিক মহাসাগৰৰ তলিত উত্তৰ পৰা দযক্ষিণলৈ এশাৰী শৈলসিৰা আছে । ইয়াক মধ্য় আটলাণ্টিক শৈলসিৰা বোলে ।

১৯। পৃথিৱীৰ উপৰিভাগত থকা আটাইতকৈ ওখ অংশটোৰ নাম কি ?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত থকা আটাইতকৈ ওখ অংশটোৰ নাম হ'ল এভাৰেষ্ট শৃংগ ।

২০। মেৰিয়ানা খাত কি মহাসাগৰত অৱস্থিত ?

উত্তৰঃ মেৰিয়ানা খাত প্ৰশান্ত মহাসাগৰত অৱস্থিত ।


Type By Chandana Bora 







Post ID: DABP005426