আঞ্চলিক ভূগোল অসম 

অধ্য়ায় -১৭

১। আঞ্চলিক ভূগোল কাক বোলে ?

উত্তৰঃ ভূগোলৰ যিটো শাখাই কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ ভূগোল সম্বন্ধীয় সকলো কথা প্ৰণালীবদ্ধভাৱে অধ্য়য়ন কৰে তাকে আঞ্চলিক ভূগোল বোলে ।


২। অসমৰ সীমাত থকা  বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম কি ?

উত্তৰঃ অসমৰ সীমাত থকা  বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম হ'ল ভূটান আৰু বাংলাদেশ ।


৩। অসম ভাৰতৰ ক'ত অৱস্থিত ৰাজ্য় ?

উত্তৰঃ অসম ভাৰতৰ উত্তৰ-পূবত অৱস্থিত ৰাজ্য় ।


৪। অসমৰ মুঠ মাটিকালি কিমান বৰ্গ কিমি. ?

উত্তৰঃ অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিমি. ।


৫। ৰাজ্য়খনক আগুৰি থকা ভাৰতবৰ্ষৰ আন কেইখন ৰাজ্য় আছে ?

উত্তৰঃ ৰাজ্য়খনক আগুৰি থকা ভাৰতবৰ্ষৰ আন সাতখন ৰাজ্য় আছে ।


৬। ৰাজ্য়খনক আগুৰি থকা ভাৰতবৰ্ষৰ আন সাতখন ৰাজ্য়ৰ নাম কি ?

উত্তৰঃ ৰাজ্য়খনক আগুৰি থকা ভাৰতবৰ্ষৰ আন সাতখন ৰাজ্য়ৰ নাম হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিম বংগ ।


৭। নৈৰ দাঁতিকাষৰীয়া অঞ্চলক কি অঞ্চল বোলে ?

উত্তৰঃ নৈৰ দাঁতিকাষৰীয়া অঞ্চলক উপ্য়কা অঞ্চল বোলে ।


৮। অসমক কেইটা ভৌগোলিক অঞ্চলত ভগাব পাৰি ?

উত্তৰঃ অসমক তিনিটা ভৌগোলিক অঞ্চলত ভগাব পাৰি ।


৯। অসমক তিনিটা ভৌগোলিক অঞ্চলত ভগাব পাৰি সেইকেইটা কি কি ?

উত্তৰঃ সেইকেইটা হ'ল ব্ৰহ্মপুত্ৰ উপত্য়কা, বৰাক উপত্য়কা আৰু কাৰ্বি আংলং আৰু ডিমা হাচাও পাহাৰীয়া জিলা ।


১০। অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি ?

উত্তৰঃ অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম হ'ল বৰাইল পাহাৰ ।


১১। বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগ লাইকেই কিমান মিটাৰ ?

উত্তৰঃ বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃৃংগ লাইকেই ১৯৫৯ মিটাৰ ।


১২। কাৰ্বি মালভূমিৰ ওখ শৃংগ দুটাৰ নাম কি ?

উত্তৰঃ কাৰ্বি মালভূমিৰ ওখ শৃংগ দুটাৰ নাম হ'ল সিংহাসন আৰু ডাম্বুকছো ।


১৩। সিংহাসন কিমান মিটাৰৰ ?

উত্তৰঃ সিংহাসন ১৩৬৯ মিটাৰৰ ।


১৪। ডাম্বুকছো কিমান মিটাৰৰ ?

উত্তৰঃ ডাম্বুকছো ১৩৬৩ মিটাৰৰ ।


১৫। আমাৰ ৰাজ্য়খন কি জলবায়ু অঞ্চলৰ অন্তৰ্গত ?

উত্তৰঃ আমাৰ ৰাজ্য়খন মৌছুমি জলবায়ু অঞ্চলৰ অন্তৰ্গত ।


১৬। অসম এখন কি প্ৰধান ৰাজ্য় ?

উত্তৰঃ অসম এখন নদী প্ৰধাল ৰাজ্য় ।


১৭। অসমৰ প্ৰধান নদী কেইখন ?

উত্তৰঃ অসমৰ প্ৰধান নদী দুখন ।


১৮। অসমৰ প্ৰধান নদী দুখনৰ নাম কি ?

উত্তৰঃ অসমৰ প্ৰধান নদী দুখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক ।


১৯। কি কি মাহত বৰদৈচিলা নামৰ বিশেষ স্থানীয় বতাহ প্ৰবাহিত হয় ?

উত্তৰঃ মাৰ্চ-এপ্ৰিল মাহত বৰদৈচিলা নামৰ বিশেষ স্থানীয় বতাহ প্ৰবাহিত হয় ।


২০। কিমান শতাংশ লোকে গাঁও অঞ্চলত বাস কৰে ?

উত্তৰঃ ৮৬ শতাংশ লোকে গাঁও অঞ্চলত বাস কৰে ।


Type By Chandana Bora