ভাৰতত মৌৰ্য্য়সকল

অধ্য়য়ন- ২

১। গ্ৰীক বীৰ আলেকজেণ্ডাৰে কিমান খ্ৰি.পূ.ত ভাৰত আক্ৰমণ কৰিছিল ?

উত্তৰঃ গ্ৰীক বীৰ আলেকজেণ্ডাৰে ৩২৭ খ্ৰি.পূ.ত ভাৰত আক্ৰমণ কৰিছিল ।


২। কিমান খ্ৰি.পূ.ত চন্দ্ৰগুপ্তই ভাৰতত মৌৰ্য্য় সাম্ৰাজ্য়ৰ ভেটি গঢ়িছিল ?

উত্তৰঃ ৩২২ খ্ৰি.পূ.ত চন্দ্ৰগুপ্তই ভাৰতত মৌৰ্য্য় সাম্ৰাজ্য়ৰ ভেটি গঢ়িছিল ।


৩। মৌৰ্য্য় বংশৰ প্ৰতিষ্ঠাপক কোন ?

উত্তৰঃ মৌৰ্য্য় বংশৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত ।


৪। চন্দ্ৰগুপ্তৰ মাকৰ নাম কি আছিল ?

উত্তৰঃ চন্দ্ৰগুপ্তৰ মাকৰ নাম মুৰা আছিল ।


৫। কি নামৰ পৰাই মৌৰ্য্য় হ'ল বুলি কয় ?

উত্তৰঃ মুৰা নামৰ পৰাই মৌৰ্য্য় হ'ল বুলি কয় ।


৬। অশোক কি সাম্ৰাজ্য়ৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল ?

উত্তৰঃ অশোক মৌৰ্য্য় সাম্ৰাজ্য়ৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল । 


৭। কিমান খ্ৰি.পূ.ত অশোকৰ মৃত্য়ু হৈছিল ?

উত্তৰঃ ২৩২ খ্ৰি.পূ.ত অশোকৰ মৃত্য়ু হৈছিল ।


৮। কিমান খ্ৰি.পূ.ত বিন্দুসাৰৰ মৃত্য়ু হয় ?

উত্তৰঃ ২৭৪ খ্ৰি.পূ.ত বিন্দুসাৰৰ মৃত্য়ু হয় ।


৯। ৰজা হৈ বিন্দুসাৰে কি উপাধি গ্ৰহণ কৰিছিল ?

উত্তৰঃ ৰজা হৈ বিন্দুসাৰে অমিত্ৰঘাট উপাধি গ্ৰহণ কৰিছিল ।


১০। চন্দ্ৰগুপ্তৰ মৃত্য়ুৰ পাছত কোন ৰজা হৈছিল ?

উত্তঃ চন্দ্ৰগুপ্তৰ মৃত্য়ুৰ পাছত তেওঁৰ পুত্ৰ বিন্দুসাৰ ৰজা হৈছিল ।


১১। অৰ্থশাস্ত্ৰ পুথিখন কোনে ৰচনা কৰিছিল  ?

উত্তৰঃ অৰ্থশাস্ত্ৰ পুথিখন কৌটিল্য় ৰচনা কৰিছিল ।


১২। মৌৰ্য্য় শাসন ব্য়ৱস্থাত কি  আছিল ?

উত্তৰঃ মৌৰ্য্য় শাসন ব্য়ৱস্থাত ৰজাই শাসনৰ মূলবিন্দু আছিল ।


১৩। চন্দ্ৰগুপ্তই পোনপ্ৰথমে ৰাজধানী কি পৌৰ শাসন ব্য়ৱস্থাৰ প্ৰৱৰ্তন কৰিছিল ?

উত্তৰঃ চন্দ্ৰগুপ্তই পোনপ্ৰথমে ৰাজধানী পাটলিপুত্ৰত  পৌৰ শাসন ব্য়ৱস্থাৰ প্ৰৱৰ্তন কৰিছিল ।


১৪। মাটিৰ ওপৰত নিৰ্ধাৰিত কৰেই কি আছিল ?

উত্তৰঃ মাটিৰ ওপৰত নিৰ্ধাৰিত কৰেই আছিল মৌৰ্য্য় সাম্ৰাজ্য়ৰ অৰ্থনৈতিক ব্য়ৱস্থাৰ মূল ভেটি ।


১৫। মৌৰ্য্য়সকলৰ ন্য়ায়িক ব্য়ৱস্থা কি আছিল ?

উত্তৰঃ মৌৰ্য্য়সকলৰ ন্য়ায়িক ব্য়ৱস্থা কটকটীয়া আছিল ।


১৬। ইণ্ডিকা পুথিখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ ইণ্ডিকা পুথিখন মেগাস্থিনিচ ৰচনা কৰিছিল ।


১৭। গুৰুতৰ অপৰাধৰ বিচাৰ ক'ত কৰা হৈছিল ?

উত্তৰঃ গুৰুতৰ অপৰাধৰ বিচাৰ কেন্দ্ৰীয় ন্য়ায়ালয়ত কৰা হৈছিল ।


১৮। মৌৰ্য্য়সকলৰ কেন্দ্ৰীয় ন্য়ায়ালয় ক'ত অৱস্থিত ?

উত্তৰঃ সৌৰ্য্য়সকলৰ কেন্দ্ৰীয় ন্য়ায়ালয় পাটলিপুত্ৰত  অৱস্থিত ।


১৯। মুদ্ৰাৰাক্ষস পুথিখন কোনে ৰচনা কৰিছে ?

উত্তৰঃ মুদ্ৰাৰাক্ষস পুথিখন বিশাখাদত্ত ৰচনা কৰিছে ।


২০। সাৰনাথৰ অশোক স্তম্ভই কি স্বীকৃতি লাভ কৰিছে ?

উত্তৰঃ সাৰনাথৰ অশোক স্তম্ভই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে ।


Type By Chandana Bora 





Post ID: DABP004509