কৃষি, উদ্য়োগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ



অধ্য়ায় ২১

১) মানুহৰ বৃত্তিসমূহক প্ৰধানকৈ কেইটা খণ্ডত ভাগ কৰিব পাৰি?

উত্তৰঃ মানুহৰ বৃত্তিসমূহক প্ৰধানকৈ তিনিটা অৰ্থনৈতিক খণ্ডত ভাগ কৰিব পাৰি।


২) প্ৰযুক্তিৰ সুফল লাভ কৰিবলৈ কিহৰ প্ৰয়োজন?

উত্তৰঃ প্ৰযুক্তিৰ সুফল লাভ কৰিবলৈ শিক্ষা আৰু প্ৰশিক্ষণৰ প্ৰয়োজন।


৩) উদ্য়োগ কাক বোলে?

উত্তৰঃ যি প্ৰতিষ্ঠানে কাৰিকৰী কৌশল আৰু প্ৰযুক্তি খটুৱাই প্ৰাকৃতিক আৰু কৃষিজাত সামগ্ৰীসমূহ আমাৰ উপবোগ্য় সামগ্ৰীলৈ ৰূপান্তৰ কৰে তাক উদ্য়োগ বোলে।


৪) এখন দেশৰ মেৰুদণ্ডস্বৰূপ কি?

উত্তৰঃ পৰিবহণ ব্য়ৱস্থা এখন দেশৰ মেৰুদণ্ডস্বৰূপ।


৫) বৰ্তমান কূটীৰ শিল্পসমূহ কি হ'ল?

উত্তৰঃ বৰ্তমান কূটীৰ শিল্পসমূহ পূৰ্ণাংগ ব্য়ৱসায়ত পৰিণত হ'ল।


৬) সেউজ বিল্পৱ আখ্য়া দিয়া ভাৰতৰ দুখন ৰাজ্য়ৰ নাম লিখা।

উত্তৰঃ সেউজ বিল্পৱ আখ্য়া দিয়া ভাৰতৰ দুখন ৰাজ্য়ৰ নাম হ'ল- পঞ্জাৱ আৰু হাৰিয়ানা।


৭) এন ই এফ টি (National Electronic Fund Transfer) ৰ সহায়ত কি কৰিব পাৰি?

উত্তৰঃ এন ই এফ টি (National Electronic Fund Transfer) ৰ সহায়ত এটা একাউন্টৰপৰা আন এটা একাউন্টলৈ মূহুৰ্তৰ ভিতৰতে পইচা পঠিয়াব পাৰি।


৮) বেংক কি?

উত্তৰঃ বেংক হৈছে এনেকুৱা এটা বিত্তীয় প্ৰতিষ্ঠান য'ত আমি টকা-পইচা জমা থব পাৰো আৰু প্ৰয়োজনত উলিয়াব পাৰো।


৯) প্ৰযুক্তিয়ে কৃষি, উদ্য়োগ আৰু সেৱা খণ্ডত কেনেকুৱা অৱদান আগবঢ়াইছে?

উত্তৰঃ প্ৰযুক্তিয়ে কৃষি, উদ্য়োগ আৰু সেৱা খণ্ডত অৱদান আগবঢ়াই সমগ্ৰ দেশখনকে প্ৰগতিৰ পথত আঘুৱাই যোৱাত সহায় কৰিছে।


১০) প্ৰযুক্তিয়ে আমাক কেনেকৈ সহায় কৰে?

উত্তৰঃ প্ৰযুক্তিয়ে আমাৰ শ্ৰম লাঘৱ কাৰৰ উপৰি সময় ৰাহি আৰু সামগ্ৰীসমূহৰ গুণগত মান আৰু পৰিমাণ বৃদ্ধি কৰে।


১১) খেতিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিত কি বৃদ্ধি হৈছে?

উত্তৰঃ খেতিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিৰ উৎপাদন ক্ষমতা বৃদ্ধি হৈছে।


১২) ই-মেইলৰ সহায়ত কি কৰিব পাৰি?

উত্তৰঃ ই-মেইলৰ সহায়ত পৃথিৱীৰ এঠাইৰপৰা অন্য় এঠাইলৈ যিকোনো খবৰ পঠিয়াব পাৰি।


১৩) ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা আগবঢ়োৱাত প্ৰযুক্তিয়ে কেনেকুৱা সহায় কৰিছে?

উত্তৰঃ ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা আগবঢ়োৱাত প্ৰযুক্তিয়ে অভূতপূৰ্ব সহায় কৰিছে।


১৪) দুবিধ কূটীৰ শিল্পৰ নাম লিখা।

উত্তৰঃ দুবিধ কূটীৰ শিল্পৰ নাম হ'ল- হস্ততাঁত সিল্প আৰু বাঁহ-বেতৰ শিল্প।


১৫) অতীজত জীৱন নিৰ্বাহ কৰা বৃত্তিসমূহক কেইটা ভাগত ভাগ কৰা হৈছিল?

উত্তৰঃ অতীজত জীৱন নিৰ্বাহ কৰা বৃত্তিসমূহক কৃষক, তাঁতী, কমাৰ, কুমাৰ আদিত ভাগ কৰা হৈছিল।


১৬) আগৰ দিনত মাটি চহাবৰ কাৰণে কি ব্য়ৱহাৰ কৰিছিল?

উত্তৰঃ আগৰ দিনত মাটি চহাবৰ কাৰমে নাঙৰ আৰু গৰু ব্য়ৱহাৰ কৰিছিল।


১৭) উদ্য়োগ কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ উদ্য়োগ কেইবাপ্ৰকাৰৰ- বৃহৎ উদ্য়োগ, মজলীয়া উদ্য়োগ, ক্ষুদ্ৰ উদ্য়োগ আৰু কূটীৰ উদ্য়োগ।


১৮) উন্নত পৰিবহন ব্য়ৱস্থাই গোটেই পৃথিৱীখনকে ওচৰ চপাই কিহত পৰিণত কৰিছে?

উত্তৰঃ উন্নত পৰিবহন ব্য়ৱস্থাই গোটেই পৃথিৱীখনকে ওচৰ চপাই 'গ্ল'বেল ভিলেজ'ত পৰিণত কৰিছে।


১৯) শল্য় চিকিৎসাৰ ক্ষেত্ৰত হোৱা ব্য়াপক উন্নতিৰ ফলস্বৰূপে কি কৰা সম্ভৱ হৈ পৰিছে?

উত্তৰঃ শল্য় চিকিৎসাৰ ক্ষেত্ৰত হোৱা ব্য়াপক উন্নতিৰ ফলস্বৰূপে হৃৎপিণ্ড, বৃক্ক, মগজু আদিৰ অস্ত্ৰোপচাৰ কৰা সম্ভৱ হৈ পৰিছে।


২০) শীতল ভঁৰাল আৱিষ্কাৰৰ কাৰণ কি?

উত্তৰঃ শস্য় আদিক ভৱিষ্যতৰ বাবে সাঁচি ৰাখিবলৈ শীতল ভঁৰাল আৱিষ্কাৰ কৰা হৈছে।


Type By- Chinmay Kakati