চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ


অধ্য়ায় ২২



১) ৰাষ্ট্ৰ ব্য়ৱস্থাৰ প্ৰধান প্ৰশাসনীয় অনুষ্ঠান কি?

উত্তৰঃ ৰাষ্ট্ৰ ব্য়ৱস্থাৰ প্ৰধান প্ৰশাসনীয় অনুষ্ঠান হৈছে চৰকাৰ।

২) মানুহ কেনেকুৱা প্ৰাণী?

উত্তৰঃ মানুহ সমাজপ্ৰিয় প্ৰাণী।

৩) চৰকাৰৰ কাম কেইভাগত ভগোৱা হয়?

উত্তৰঃ চৰকাৰৰ কাম মূলতঃ তিনি ভাগত ভগোৱা হয়।

৪) কেতিয়া ভাৰতত গণতান্ত্ৰিক শাসন আৰম্ভ হয়?

উত্তৰঃ স্বাধীনতা লাভৰ সময়ছোৱাৰপৰাহে ভাৰতত গণতান্ত্ৰিক শাসন আম্ভ হয়।

৫) আইন কাক বোলে?

উত্তৰঃ চৰকাৰী নীতি-নিয়মক আইন বোলে।

৬) আইন কোনে প্ৰস্তুত কৰে?

উত্তৰঃ চৰকাৰে আইন প্ৰস্তুত কৰে।

৭) বিচাৰ বিভাগ বুলিলে কি বুূজা?

উত্তৰঃ আইন বিভাগ আৰু কাৰ্যপালিকাৰ কামৰ ভাল-বেয়া বিচাৰ কৰা আৰু লগতে আইনৰ সহায়ত গোচৰ আদি মীমাংসা কৰি জনগণক ন্য়ায় দান কৰ্া বিভাগটোৱেই হ'ল বিচাৰ বিভাগ।

৮) ভাৰতৰ আইনসভাক কি বোলে?

উত্তৰঃ ভাৰতৰ আইনসবাক সংসদ বোলে>

৯) এজনৰ শাসনক কি বোলে?

উত্তৰঃ এজনৰ শাসনক ৰাজতন্ত্ৰ বোলে।

১০) ৰাজতন্ত্ৰ কাক বোলে?

উত্তৰঃ ৰজাই কৰা শাসনক ৰাজতন্ত্ৰ বোলে।

১১) অসমত আহোম ৰজাসকলে কিমান বছৰ শাসন কৰিছিল?

উত্তৰঃ অসমত আহোম ৰজাসকলে একেৰাহে প্ৰায় ছশ বছৰ শাসন কৰিছিল।

১২) দুজন আহোম ৰজাৰ নাম লিখা।

উত্তৰঃ দুজন আহোম ৰজাৰ নাম হ'ল- শিৱ সিহং আৰু ৰুদ্ৰ সিংহ।

১৩) কেইখনমান গণতান্ত্ৰিক ৰাজ্য়ৰ নাম লিখা।

উত্তৰঃ কেিখনমান গণতান্ত্ৰিক ৰাজ্য়ৰ নাম হ'ল- ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী, চুইজাৰলেণ্ড, ফ্ৰান্স আদি।

১৪) চৰকাৰ ক'ত থাকে?

উত্তৰঃ য'তেই ৰাজ্য় বা ৰাষ্ট্ৰ ত'তেই থাকে চৰকাৰ।

১৫) একনায়কতন্ত্ৰ চলা দুখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ একনায়কতন্ত্ৰ চলা দুখন ৰাষ্ট্ৰৰ নাম হ'ল- ছৌদি আৰব আৰু ওমান।

১৬) চৰকাৰৰ কামৰ পৰিসৰ বহল নে চুটি?

উত্তৰঃ চৰকাৰৰ কামৰ পৰিসৰ বহল।

১৭) এখন স্বাধীন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ এখন স্বাধীন ৰাষ্ট্ৰৰ নাম হ'ল- ভৰাতবৰ্ষ।

১৮) গণতন্ত্ৰত চৰকাৰৰ ওপৰত কাৰ নিয়ন্ত্ৰণ থাকে?

উত্তৰঃ গণতন্ত্ৰত চৰকাৰৰ ওপৰত জনসাধাৰণৰ নিয়ন্ত্ৰণ থাকে।

১৯) আধুনিক যুগত প্ৰকৃতাৰ্থত ৰাজতন্ত্ৰ আছেনে?

উত্তৰঃ আধুনিক যুগত প্ৰকৃতাৰ্থত ৰাজতন্ত্ৰ নাই।

২০) কিছুমান দেশত ন্য়ায়পালিকাক কোনে নিৰ্বাচন কৰে?

উত্তৰঃ কিছুমান দেশত ন্য়ায়পালিকাক জনসাধাৰণে নিৰ্বাচন কৰে।

Author: Sri Chinmay Kakati





Post ID : DABP005432