গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ

অধ্য়ায়ঃ ২৩

১) কিমান চমত শিক্ষাৰ অধিকাৰৰ মৌলিক অধিকাৰ বুলি স্বীকৃতি প্ৰদান কৰা হৈছে?

উত্তৰঃ ২০১০ চনত শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ বুলি স্বীকৃতি প্ৰদান কৰা হৈছে।

২) গণতন্ত্ৰৰ মূল ভেঁটি কি?

উত্তৰঃ গণতন্ত্ৰৰ মূল ভেঁটি হ'ল সমতা, অধিকাৰ আৰু ন্য়ায়।

৩) গণতন্ত্ৰৰ কৃতকাৰ্যতা কাৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ গণতন্ত্ৰৰ কৃতকাৰ্যতা জন সচেতনতাৰ ওপৰত নিৰ্ভৰ কৰে।

৪) ৰাজনৈতিক অধিকাৰ কাৰ বাবে?

উত্তৰঃ ৰাজনৈতিক অধিকাৰ কেৱল প্ৰাপ্তবয়স্কসকলৰ বাবেহে।

৫) নিজৰ দেশখনৰ প্ৰতি সকলো নাগৰিকৰে কৰ্তব্য় কি?

উত্তৰঃ নিজৰ দেশখনৰ প্ৰতি সকলো নাগৰিকৰে কৰ্তব্য় হ'ল- নিজৰ দেশখনৰ উন্নতি আৰু গণতান্ত্ৰিক ব্য়ৱস্থাটো অটুট ৰখা।

৬) ভাৰতীয় সংবিধআনে সকলো ভাৰতীয় নাগৰিককে কেইটা মৌলিক অধিকাৰ প্ৰদান কৰিছে?

উত্তৰঃ ভাৰতীয় সংবিধানে সকলো ভাৰতীয় নাগৰিককে ছটা মৌলিক অধিকাৰ প্ৰদান কৰিছে।

৭) অধিকাৰ সীমাহীন হয়নে?

উত্তৰঃ অধিকাৰ সীমাহীন নহয়।

৮) গণতন্ত্ৰ শব্দৰ অৰ্থ কি?

উত্তৰঃ গণতন্ত্ৰ শব্দৰ অৰ্থ হৈছে জনসাধাৰণৰ শাসন।

৯) কিহৰ কাৰণে সাংবিধানিক নিৰাময়ৰ অধিকাৰ দিয়া হৈছে?

উত্তৰঃ নাগৰিকৰ মৌলিক অধিকাৰবোৰক সুৰক্ষিত কৰাৰ উদ্দেশ্য়ে সামবিধানিক নিৰাময়ৰ অধিকাৰ দিয়া হৈছে।

১০) কিমান চনত দক্ষিণ আফ্ৰিকাত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়?

উত্তৰঃ ১৯৪৪ চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়।

১১) ৰাজনৈতিক অধিকাৰৰ সহায়ত কি হ'ব পাৰি?

উত্তৰঃ ৰাজনৈতিক অধিকাৰৰ সহায়ত দেশ শাসনত জড়িত হ'ব পাৰি। 

১২) ভাৰতৰ নাগৰিকৰ ৰাজনৈতিক অধিকাৰকেইটা কি কি?

উত্তৰঃ ভাৰতৰ নাগৰিকৰ ৰাজনৈতিক অধিকাৰকেইটা হৈছে- ভোটদানৰ অধিকাৰ, নিৰ্বাচনত প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ, চৰকাৰী পদৱী গ্ৰহণৰ অধিকাৰ আৰু চৰকাৰৰ কাম-কাজ সমালোচনা কৰাৰ অধিকাৰ।

১৩) ইংৰাজে ভাৰতবৰ্ষত কিমান বছৰ শাসন কৰিছিল?

উত্তৰঃ ইংৰাজে ভাৰতবৰ্ষত প্ৰায় ২০০ বছৰ শাসন কৰিছিল। 

১৪) ভাৰতবৰ্ষ আদি কৰি বেছিভাগ দেশত কিমান বছৰৰ ওপৰৰ প্ৰাপ্তবয়স্ক বুলি গণ্য় কৰা হয়?

উত্তৰঃ ভাৰতবৰ্ষ আদি কৰি বেছিভাগ দেশত ১৮ বচৰৰ ওপৰৰ ব্য়ক্তিক প্ৰাপ্তবয়স্ক বুলি গণ্য় কৰা হয়।

১৫) কোনবোৰ অদিকাৰক সামাজিক অধিকাৰ বুলি কোৱা হয়?

উত্তৰঃ সমতাৰ অধিকাৰ, ব্য়ক্তি স্বাধীনতাৰ অধিকাৰ, জীয়াই থকা অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মৰ অধিকাৰ আদি মৌলিক অধিকাৰ। এইবোৰ অধিকাৰক সামাজিক অধিকাৰ বুলি কোৱা হয়।

১৬) স্বাধীনতাৰ বাবে হোৱা সংগ্ৰামত কোনে অংশগ্ৰহণ কৰিছিল?

উত্তৰঃ স্বাধীনতাৰ বাবে হোৱা সংগ্ৰামত সমগ্ৰ দেশৰ জনগণে অংশগ্ৰহণ কৰিছিল।

১৭) ভাৰতীয় গণতন্ত্ৰ প্ৰত্য়ক্ষ নে পৰোক্ষ?

উত্তৰঃ ভাৰতীয় গণতন্ত্ৰ পৰোক্ষ গণতন্ত্ৰ।

১৮) গণতন্ত্ৰৰ এটা নীতিৰ নাম লিখা।

উত্তৰঃ গণতন্ত্ৰৰ এটা নীতিৰ নাম হ'ল স্বাধীনতা।

১৯) ভাৰতবৰ্ষত স্বাধীনতাৰ বাবে হোৱা সংগ্ৰামত কোনে গুৰি ধৰিছিল?

উত্তৰঃ ভাৰতবৰ্ষত স্বাধীনতাৰ বাবে হোৱা সংগ্ৰামত জাতিৰ পিতা মহাত্মা গান্ধীয়ে গুৰি ধৰিছিল।়

২০) অসমত স্বাধীনতা আন্দোলনৰ সংগ্ৰামীসকলক কোনে নেতৃত্ব দিছিল?

উত্তৰঃ অসমত স্বাধীনতা আন্দোলনৰ সংগ্ৰামীসকলক নেতৃত্ব দিছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, চন্দ্ৰপ্ৰভা শইকীয়ানী আদিয়ে।

Type By- Chinmay Kakati




Post ID : DABP005431