কেন্দ্ৰীয় আৰু ৰাজ্য়িক চৰকাৰ

অধ্য়ায়ঃ ২৪

১) ৰাজভৱন, সংসদ আৰু উচ্চতম ন্য়ায়ালয় ক'ত আছে?

উত্তৰঃ ৰাজভৱন, সংসদ আৰু উচ্চকম ন্য়ায়ালয় দিল্লীত আছে।


২) লোকসভা আৰু বিধানসবাৰ কাৰ্যকাল কিমান বছৰ?

উত্তৰঃ লোকসভা আৰু বিধানসভাৰ কাৰ্যকাল ৫ বছৰ।


৩) চৰকাৰৰ সমূহ কাৰ্যক কেইভাগত ভগোৱা হয়?

উত্তৰঃ চৰকাৰৰ সমূহ কাৰ্যক মূলতঃ তিনি ভাগত ভগোৱা হয়।


৪) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় আইনসভাক কি বোলা হয়?

উত্তৰঃ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় আইনসভাক সংসদ বোলা হয়।


৫) কেন্দ্ৰীয় কাৰ্যপাপলিকা কেনেকৈ গঠিত হয়?

উত্তৰঃ কেন্দ্ৰীয় কাৰ্যপালিকা গঠিত হয় ৰাষ্ট্ৰপতি আৰু মন্ত্ৰী পৰিষদক লৈ।


৬) উচ্চ সদন বুলি কাক কোৱা হয়?

উত্তৰঃ ৰাজ্য়সভাক উচ্চ সদন বুলি কোৱা হয়।


৭) বৰ্তমান ভাৰতত কেইখন ৰাজ্য় আছে?

উত্তৰঃ বৰ্তমান ভাৰতত ২৯খন ৰাজ্য় আছে।


৮) অসমৰ প্ৰথম মূখ্য়মন্ত্ৰীগৰাকীৰ নাম লিখা।

উত্তৰঃ অসমৰ প্ৰথম মূখ্য়মন্ত্ৰীগৰাকীৰ নাম হ'ল- গোপীনাথ বৰদলৈ।


৯) ভাৰতীয় সংসদ কেনেকৈ গটিত?

উত্তৰঃ ভাৰতীয় সংসদ ৰাজ্য়সভা আৰু লোকসভা নামেৰে দুটা সংসদ লৈ গঠিত।


১০) ৰাজ্য়সভাৰ অধিৱেশনত কোনে সভাপতিত্ব কৰে?

উত্তৰঃ ৰাজ্য়সভাৰ  অধিৱেশনত সভাপতিত্ব কৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে।


১১) কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত কেইপ্ৰকাৰৰ মন্ত্ৰী থাকে আৰু কি কি?

উত্তৰঃ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত তিনিপ্ৰকাৰৰ মন্ত্ৰী থাকে- কেবিনেট মন্ত্ৰী, ৰাজ্য়িক মন্ত্ৰী আৰু উপ মন্ত্ৰী।


১২) ৰাজ্য়িক ন্য়ায়পালিকা বুলিলে কি বুজোৱা হয়?

উত্তৰঃ ৰাজ্য়িক ন্য়ায়পালিকা বুলিলে উচ্চ ন্য়ায়ালয় আৰু তাৰ তলৰ স্তৰৰ আদালতবোৰক বুজোৱা হয়।


১৩) ন্য়ায় বিভাগৰ কাম কি?

উত্তৰঃ ন্য়ায় বিভাগৰ কামহৈছে আইনৰ সহায়ত ন্য়ায় দান কৰা।


১৪) বৰ্তমান অসম বিধানসবাৰ বিধায়ক কিমানজন?

উত্তৰঃ বৰ্তমান অসম বিধানসভাৰ বিধায়ক ১২৬জন।


১৫) ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে কিমান চনৰপৰা কিমানচনলৈ ৰাজত্ব কৰিছিল?

উত্তৰঃ ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১৯৪৭ চনৰপৰা ১৯৬৪ চনলৈ ৰাজত্ব কৰিছিল।


১৬) আমাৰ দেশত উচ্চতম ন্য়ায়ালয় কেইখন?

উত্তৰঃ আমাৰ দেশত উচ্চতম ন্য়ায়ালয় এখন।


১৭) ন্য়াধীশসকলক কোনে নিযুক্তি দিয়ে?

উত্তৰঃ ন্য়ায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।


১৮) কিহৰ কাৰণে ভাৰতৰ শাসন তিনিটা স্তৰত পৰিচালনা কৰাৰ ব্য়ৱস্থা আছে?

উত্তৰঃ শাসনৰ সুবিধাৰ বাবে ভাৰতৰ শাসন তিনিটা স্তৰত পৰিচালনা কৰাৰ ব্যৱস্থা আছে।


১৯) ভাৰতৰ ন্য়ায়পালিকাৰ গঠনটো কেনেকৈ সজাই চাব পাৰি?

উত্তৰঃ ভাৰতৰ ন্য়ায়পালিকাৰ গঠনটো এটা পিৰামিডৰ দৰে সজাই চাব পাৰি।


২০) বিধানমণ্ডল কাক বোলে?

উত্তৰঃ ৰাজ্য়িক আইনসভাক বিধানমণ্ডল বোলে।


Type By- Chinmay Kakati








Post ID: DABP005438