মৌলিক প্ৰয়োজন 

অধ্য়য়ন-৭

১। মানুহৰ মৌলিক প্ৰয়োজন কেইবিধ আৰু কি কি ?

উত্তৰঃ মানুহৰ মৌলিক প্ৰয়োজন তিনিবিধ সেইকেইটা হ'ল খাদ্য়, বাসস্থান আৰু বস্ত্ৰ ।


২। মানুহে পোনপ্ৰথমে অনুভৱ কৰা প্ৰয়োজনবিধ কি ?

উত্তৰঃ মানুহে পোনপ্ৰথমে অনুভৱ কৰা প্ৰয়োজনবিধ হ'ল খাদ্য় বা আহাৰ ।


৩। নিয়মিত আহাৰ-পানীয়ে জীৱক কাম কৰাৰ কি দিয়ে ?

উত্তৰঃ নিয়মিত আহাৰ-পানীয়ে জীৱক কাম কৰাৰ শক্তি দিয়ে ।


৪। তৃণভোজী প্ৰাণী কাক বোলে ?

উত্তৰঃ যিবোৰ প্ৰাণীয়ে ঘাঁহ-বন খাই জীয়াই থাকে তেনেবোৰক তৃণভোজী প্ৰাণী বোলে ।


৫। মাংসভোজী প্ৰাণী কাক বোলে ?

উত্তৰঃ যিবোৰ প্ৰাণীয়ে অন্য় প্ৰাণীৰ মাংস খাই জীয়াই থাকে তেনেবোৰ প্ৰাণীক মাংসভোজী প্ৰাণী বোলে।


৬। সৰ্বভোজী কাক বোলে ?

উত্তৰঃ মানুহে প্ৰায় সকলো খাদ্য়কে গ্ৰহণ কৰে বাবে মানুহক সৰ্বভোজী বুলি কোৱা হয় ।


৭। উত্তৰ মেৰু অঞ্চলত বসবাস কৰা এটা মানৱ জাতি নাম কি ?

উত্তৰঃ উত্তৰ মেৰু অঞ্চলত বসবাস কৰা এটা মানৱ জাতি নাম হ'ল এস্কিম' ।


৮। এস্কিম'সকলৰ প্ৰধান জীৱিকা কি ?

উত্তৰঃ এস্কিম'সকলৰ প্ৰধান জীৱিকা হ'ল চিকাৰ কৰা ।


৯। এস্কিম'সকলৰ প্ৰধান আহাৰ কি ?

উত্তৰঃ এস্কিম'সকলৰ প্ৰধান আহাৰ মাছ আৰু মঙহ ।


১০। আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ লোকসকলৰ প্ৰধান আহাৰ কি ?

উত্তৰঃ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ লোকসকলৰ প্ৰধান আহাৰ নাৰিকল ।


১১। আৰব মৰুভূমিত বাস কৰা অঘৰী জাতিটোৰ নাম কি ?

উত্তৰঃ আৰব মৰুভূমিত বাস কৰা অঘৰী জাতিটোৰ নাম হ'ল বেদুইন ।


১২। বেদুইনসকলৰ প্ৰধান খাদ্য় কি ?

উত্তৰঃ বেদুইনসকলৰ প্ৰধান খাদ্য় হ'ল  উটৰ মঙহ ।


১৩। বেদুইনসকলৰ প্ৰিয় পানীয় কি ?

উত্তৰঃ বেদুইনসকলৰ প্ৰিয় পানীয় হ'ল উচৰ গাখীৰ ।


১৪। অসমত থকা কি প্ৰজাতি লোকসকলে গৰু পোহে যদিও গৰুৰ গাখীৰ নাখায় ?

উত্তৰঃ অসমত থকা মংগোলীয় প্ৰজাতি লোকসকলে গৰু পোহে যদিও গৰুৰ গাখীৰ নাখায় ।


১৫। বাসস্থান কাক বোলে ?

উত্তৰঃ যি ব্য়ৱস্থাই মানুহক নিৰাপত্তা আশ্ৰয় আৰু বিশ্ৰাম প্ৰদান কৰে সেই ব্য়ৱস্থাটোকে ঘৰ বা বাসস্থান বোলে ।


১৬। আদিম মানুহে ক'ত বাস কৰিছিল ?

উত্তৰঃ আদিম মানুহে ঘ সাজিব জনা নাছিল বাবে গছৰ খোৰোং, ডাঙৰ গছৰ তলত, পৰ্বত-পাহাৰৰ শিলৰ গুহাত বাস কৰিছিল ।


১৭। প্ৰত্নপ্ৰস্তৰ যুগৰ আগলৈকে মানুহে কি ঠাইতে বসবাস কৰিছিল ?

উত্তৰঃ প্ৰত্নপ্ৰস্তৰ যুগৰ আগলৈকে মানুহে মুকলি ঠাইত বসবাস কৰিছিল ।


১৮। প্ৰত্নপ্ৰস্তৰ যুগৰ শেষৰ ফালে কি পৰিৱৰ্তন হৈছিল ?

উত্তৰঃ প্ৰত্নপ্ৰস্তৰ যুুগৰ শেষৰ ফালে জলবায়ু পৰিৱৰ্তন হৈছিল ।


১৯। এস্কিম'সকলে বৰফৰ সহায়ত সাজি লোৱা ঘৰটোক কি বোলে ?

উত্তৰঃ এস্কিম'সকলে বৰফৰ সহায়ত সাজি লোৱা ঘৰটোক ঈগলু বোলে ।


২০। কাজাকসকলে কিহৰ সহায়ত তম্বু সাজি বসবাস কৰে ?

উত্তৰঃ কাজাকসকলে চামৰাৰ  সহায়ত তম্বু সাজি বসবাস কৰে।


Type By Chandana Bora 





Post ID: DABP005003