আমাৰ ৰাষ্ট্ৰীয় সংহতি 

অধ্য়য়ন-৯ 

১। ৰাষ্ট্ৰীয় সংহতি কাক বোলে ?

উত্তৰঃ এখন ৰাষ্ট্ৰৰ সকলোবোৰ লোক জাতি, ধৰ্ম, বৰ্ণ, ভাষা আদিৰ পাৰ্থক্য় পাহৰি একতাৰ বান্ধোনেৰে বান্ধ খাই থকাকে ৰাষ্ট্ৰীৰ সংহতি বোলে ।

২। ৰাষ্ট্ৰীয় অখণ্ডতাৰ বাবে কি প্ৰথম প্ৰয়োজন ?

উত্তৰঃ ৰাষ্ট্ৰীয় অখণ্ডতাৰ বাবে ৰাষ্ট্ৰীয় সংহতি প্ৰথম প্ৰয়োজন ।

৩। ভাৰতবৰ্ষত বৰ্তমান কিমান খন ৰাজ্য় আছে ?

উত্তৰঃ ভাৰতবৰ্ষত বৰ্তমান ২৯ খন ৰাজ্য় আছে ।

৪। ভাৰতীয় সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য় কি ?

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য় হ'ল বিভিন্নতাৰ মাজত ঐক্য় ।

৫। ভাৰতৰ সংবিধান স্বীকৃত ভাষাৰ সংখ্য়া কেইটা  ?

উত্তৰঃ ভাৰতৰ সংবিধান স্বীকৃত ভাষাৰ সংখ্য়া ২২টা ।

৬। ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি ?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী ।

৭। পঞ্জাৱৰ প্ৰধান খাদ্য় কি ?

উত্তৰঃ পঞ্জাৱৰ  প্ৰধান খাদ্য় ৰুটী ।

৮। কি কি ৰাজ্য়ত ঘেঁহু প্ৰচুৰ পৰিমানে হয় ?

উত্তৰঃ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্য়ত ঘেঁহু প্ৰচুৰ পৰিমানে হয় ।

৯। উৰিষ্য়া প্ৰধান খাদ্য় কি ?

 উত্তৰঃ উৰিষ্য়া প্ৰধান খাদ্য় ভাত ।

১০। কোন কোন ৰাজ্য়ত ধান প্ৰচুৰ পৰিমানে হয় ?

উত্তৰঃ উৰিষ্য়া, পশ্চিম বংগ, অসম আদি ৰাজ্য়ত ধান প্ৰচুৰ পৰিমানে হয় ।

১১। দক্ষিণ ভাৰতত কি কি ব্য়ৱহাৰ বেছিকৈ কৰা হয় ?

উত্তৰঃ দক্ষিণ ভাৰতত নাৰিকল তেল আৰু কফিৰ ব্য়ৱহাৰ বেছিকৈ কৰা হয় ।

১২। অসমত কি কি জনজাতিৰ সাজ-পাৰ বেলেগ বেলেগ ?

উত্তৰঃ অসমত বড়ো, মিছিং, কাৰ্বি আদি জনজাতিৰ সাজ-পাৰ বেলেগ বেলেগ ।

১৩। ভাৰতবৰ্ষ বিভিন্ন ধৰ্মৰ কি ভূমি ?

উত্তৰঃ ভাৰতবৰ্ষ বিভিন্ন ধৰ্মৰ মিলনভূমি ।

১৪। ভাৰতবৰ্ষৰ এখন ৰাষ্ট্ৰীয় পতকাখনত ৰং কেইটা ?

উত্তৰঃ ভাৰতবৰ্ষৰ এখন ৰাষ্ট্ৰীয় পতকাখনত ৰং তিনিটা ।

১৫। ভাৰতবৰ্ষৰ  ৰাষ্ট্ৰীয় পতকাখনত তিনিটা ৰং কি কি ?

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতকাখনৰ তিনিতা ৰং হৈছে গেৰুৱা, বগা আৰু সেউজীয়া ।

১৬। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতকাখনৰ গেৰুৱা ৰংটো কিহৰ প্ৰতীক ?

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতকাখনৰ গেৰুৱা ৰংটো সাহস আৰু ত্য়াগৰ প্ৰতীক।

১৭। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতকাখনৰ বগা ৰংটো কিহৰ প্ৰতীক ?

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতকাখনৰ বগা ৰংটো সত্য়, শান্তি আৰু পৱিত্ৰতাৰ প্ৰতীক ।

১৮। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতকাখনৰ সেউজীয়া ৰংটো কিহৰ প্ৰতীক ?

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতকাখনৰ সেউজীয়া ৰংটো শস্য়-শ্য়ামনা সেউজীয়া ভাৰতৰ প্ৰতীক ।

১৯। ৰাষ্ট্ৰীয় পতাকাৰ জোখ কিমান ?

উত্তৰঃ ৰাষ্ট্ৰীয় পতাকাৰ জোখ হ'ল দীঘ প্ৰস্থৰ ডেৰগুণ ।

২০। ৰাষ্ট্ৰীয় সংগীতটো কিমান ছেকেণ্ডত গাই শেষ কৰিব লাগে ?

উত্তৰঃ ৰাষ্ট্ৰীয় সংগীতটো ৫২ ছেকেণ্ডত গাই শেষ কৰিব লাগে ।



Type By Chandana Bora 








Post ID: DABP005154