পৃথিৱীৰ প্ৰধান ভূ-অবয়ৱ
অধ্য়ায় ৬

১) পৃথিৱীৰ খোলাটো কিহেৰে গঠিত?

উত্তৰঃ পৃথিৱীৰ খোলাটো আচলতে কিছুমান ফলক বা প্লেটেৰে গঠিত।

২) পাহাৰ কাক বোলে?

উত্তৰঃ কম উচ্চতাৰ শিখৰযুক্ত ভূমিভাগক পাহাৰ বোলা হয়।

৩) পৃথিৱীৰ সৰ্বোচ্চ মালভূমি কোনটো?

উত্তৰঃ ভাৰতৰ উত্তৰে থকা তিব্বত মালভূমি পৃথিৱীৰ সৰ্বোচ্চ মালভূমি।

৪) লাভাৰে গঠিত দাক্ষিণাত্য় মালভূমিৰ ক'লা মাটি অঞ্চলৰ কিহৰ কাৰণে উপযোগী?

উত্তৰঃ লাভাৰে গঠিত দাক্ষিণাত্য় মালভূমিৰ ক'লা মাটি অঞ্চল কপাহ খেতিৰ বাবে উপযোগী।

৫) আগ্নেয়গিৰি বুলি কাক কোৱা হয়?

উত্তৰঃ লাভা উদগিৰিত হৈ সৃষ্ট পৰ্বতবোৰক আগ্নেয়গিৰি বুলি কোৱা হয়।

৬) পৰ্বত কাক বোলে?

উত্তৰঃ পাহাৰতকৈ অধিক ওখ আৰু বিস্তৃত শিলাময় শিখৰযুক্ত ভূমিভাগক পৰ্বত বোলে।

৭) উৎপত্তিৰ ফালৰপৰা পৰ্বতক কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ উৎপত্তিৰ ফালৰপৰা পৰ্বতক চাৰিটা ভাগত ভগাব পাৰি।

৮) সঞ্চয়জাত পৰ্বত কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ সঞ্চয়জাত পৰ্বত আগ্নেয়গিৰি উদগিৰণৰ বাবেই সৃষ্টি হয়।

৯) সমভূমি কাক বোলে?

উত্তৰঃ বিস্তীৰ্ণ অনুচ্চ আৰু সমান ঠাইক সমভূমি বোলে।

১০) বৃহৎ মালভূমি অঞ্চল কিয় ক্ষয় হয়?

উত্তৰঃ বৃহৎ মালভূমি অঞ্চল বতাহ-বৰষুণৰ ক্ৰিয়াৰ বাবে ক্ষয় হয়।

১১) পৃথিৱীৰ অভ্য়ন্তৰ এতিয়া কি অৱস্থাত আছে?

উত্তৰঃ পৃথিৱীৰ অভ্য়ন্তৰ এতিয়া উত্তপ্ত অৱস্থাত আছে।

১২) পৰ্বতীয়া অঞ্চলত জনবসতি কেনেকুৱা?

উত্তৰঃ পৰ্বতীয়া অঞ্চলত জনবসতি ঘন।

১৩) এটা সঞ্চয়জাত বা আগ্নেয় পৰ্বতৰ নাম লিখা।

উত্তৰঃ জাপানৰ ফুজিয়ামা এটা সঞ্চয়জাত বা আগ্নেয় পৰ্বত।

১৪) তিব্বত মালভূমিৰ উচ্চতা কিমান?

উত্তৰঃ তিব্বত মালভূমিৰ উচ্চতা ৪,০০০ মিটাৰপৰা প্ৰায় ৬,০০০ মিটাৰ পৰ্যন্ত।

১৫) ভাৰতৰ চোটনাগপুৰ মালভূমি কিহৰ কাৰণে চহকী?

উত্তৰঃ ভাৰতৰ চোটনাগপুৰ মালভূমি কয়লা, লো, মেংগানিজ আদি খনিজ পদাৰ্থৰ কাৰণে চহকী।

১৬) ফলকবোৰ কেনেকুৱা?

উত্তৰঃ ফলকবোৰ গতিশীল।

১৭) ফলকবোৰৰ সংগমস্থলত কি সৃষ্টি হয়?

উত্তৰঃ ফলকবোৰৰ সংগমস্থলত বৃহৎ পৰ্বত সৃষ্টি হয়।

১৮) স্তুপ পৰ্বত কাক বোলে?

উত্তৰঃ ভূগৰ্ভত সংঘটিত ভূ-আন্দোলনৰ বাবে ভূ-পৃষ্ঠৰ কোনো অংশ ওপৰলৈ উঠি আহে। এনেদৰে ওপৰলৈ উঠি অহা খণ্ডক স্তুপ পৰ্বত বোলে।

১৯) বিভিন্ন ধৰণৰ ভূ-অৱয়বৰ সৃষ্টি কেনেকৈ হয়?

উত্তৰঃ ভূপৃষ্ঠত পৰা সূৰ্যৰ তাপ, উপৰিভাগত হোৱা বতাহ-বৰষুণে বিভিন্ন ধৰণৰ ভূ-অৱয়ৱৰ সৃষ্টি কৰে।

২০) দ্বীপ কাক বোলে?

উত্তৰঃ সাগৰ-মহাসাগৰৰ পানীত বুৰ গৈ থকা পাহাৰ-পৰ্বত কিছুমানৰ শিখৰসমূহ জলভাগৰ ওপৰত ওলাই থাকে। এনে অৱয়ৱবোৰৰ চৌদিশে পানী থাকে। এনে অৱয়ৱক দ্বীপ বোলা হয়।

Author: Sri Chinmay Kakati






Post ID : DABP004742