অসমৰ সম্পদ

অধ্যায় ৬

১। অসমত বাস কৰা মানুহবিলাক কিহৰ বাবে চহকী?

উত্তৰঃ প্ৰাকৃতিক সম্পদৰ বাবে চহকী।


২। অসম কিহৰ ভৰাল?

উত্তৰঃ খনিজ সম্পদৰ ভৰাল।


৩। প্ৰাকৃতিক সম্পদক আমি কিহৰ লগত বৰ্ণনা কৰিব পাৰো?

উত্তৰঃ বনজ, জলজ আৰু খনিজ ৰূপত বৰ্ণনা কৰিব পাৰো।


৪।অসমৰ মাটি কিমান বৰ্গ কিলোমিটাৰ অঞ্চল বনভূমিৰে আগুৰা?

উত্তৰঃ ২৭,৬৭৩ বৰ্গ কিলোমিটাৰ অঞ্চল বনভূমিৰে আগুৰা।


৫। অসমৰ বনভূমি কিহেৰে ভৰা?

উত্তৰঃ নানা উদ্ভিদ আৰু জীৱ-জন্তুৰে ভৰা।


৬। চিৰহৰিৎ অৰণ্য ব্ৰহ্মপুত্ৰৰ কোন দিশে পোৱা যায়?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে পোৱা যায়।


৭।পৰ্ণপাতী অঞ্চলবোৰ ক'ত দেখা যায়?

উত্তৰঃ নামনি অসম, কপিলী অৱবাহিকা আৰু কাৱি আদি অঞ্চলত দেখা পোৱা যায়।


৮। পৰ্ণপাতী অঞ্চলৰ প্ৰধান উদ্ভিদবোৰৰ নাম লিখা?

উত্তৰঃ শাল, গমাৰি, পলাশ, আজাৰ, চেগুন, সোণাৰু, কদম, অৰ্জুন, শিলিখা আদি।


৯। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকা অঞ্চলৰ বহুতো কি থাকে?

উত্তৰঃ বিল-জলাহ থাকে।


১০। পাণ কি?

উত্তৰঃ পাণ হ'ল অসমৰ জাতীয় জীৱনৰ অন্যতম সম্পদ।


১১। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?

উত্তৰঃ ৫খন ৰাষ্ট্ৰীয় উদ্যান আছে।


১২। দীপৰ বিলত বহুত ধৰণৰ চৰাই আৰু কি আহে?

উত্তৰঃ দুষ্প্ৰাপ্য পৰিভ্ৰমী চৰাই আহে।


১৩। দীপৰ বিলত কিহৰ ক্ষেত্ৰৰূপে পৰিগণিত কৰা হৈছে?

উত্তৰঃ দীপৰ বিলত ৰামচৰ ক্ষেত্ৰৰূপে পৰিগণিত কৰা হৈছে।


১৪। কিমান চনত ডিগবৈত এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হয়?

উত্তৰঃ ১৯০১ চনত ডিগবৈত এছিয়া মহাদেশত প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হয়।


১৫। কিমান চনত ডিগবৈত এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হয়?

উত্তৰঃ ১৯০১ চনত ডিগবৈত এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হয়।


১৬।খনিজ সম্পদ প্ৰচুৰ পৰিমানে কত পোৱা যায়?

উত্তৰঃ অসমত প্ৰচুৰ পৰিমানে পোৱা যায়।     


১৭। অসমৰ প্ৰধান খনিজ সম্পদবোৰৰ নাম কি কি?

উত্তৰঃ কয়লা তেল, প্ৰাকৃতিক গেছ, চুণশিল, ড'ল'মাইট, ফেলস্পাৰ, কেওলিন, বেৰিল, জিুছাম, পাইৰাইট, ভাৰ্মিকুলাইট।


১৮। অসমৰ অৰণ্যসমূহক কেইটা ভাগত বিভক্ত?

উত্তৰঃ ৪টা ভাগত বিভক্ত।


১৯। কোনখন বিশ্বৰ আটাইতকৈ পুৰণি কাৰ্যক্ষম তেল শোধনাগাৰ?

উত্তৰঃ ডিগবৈত এছিয়া মহাদেশত পুৰণি কাৰ্যক্ষম তেল শোধনাগাৰ।


২০। চুণশিল ক'ত পোৱা যায়?

উত্তৰঃ ডিমাহাচাও জিলাৰ উমৰাংচু, কাবি পাহাৰ আদিত পোৱা যায়।      

 

Type Susmita Kakati