Chapte1     

মোগল প্ৰশাসন আৰু সমাজ

) কিমান খ্ৰি.ত জেহিৰুদ্দিন মহম্মদ বাবৰে ভাৰতত মোগল সম্ৰাজ্য প্ৰতিষ্ঠা কৰে ?

উত্তৰঃ ১৫২৬ খ্ৰি.ত জেহিৰুদ্দিন মহম্মদ বাবৰে ভাৰতত মোগল সম্ৰাজ্য প্ৰতিষ্ঠা কৰে ।


২) মোগল প্ৰশাসন ব্যৱস্থাক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ?

উত্তৰ ঃ  মোগল প্ৰশাসন ব্যৱস্থাক দুটা  ভাগত ভগাব পাৰি সেয়া হল --কেন্দ্ৰী য় আৰু প্ৰাদেশিক প্ৰশাসন।


৩) ৰাজহ বিভাগৰ মুৰব্বীগৰাকীক কি বোলা হৈছিল ?

উত্তৰ ঃ ৰাজহ বিভাগৰ মুৰব্বীগৰাকীক উজীৰ বা দেৱান বোলা হৈছিল ।


৪) মীৰ বকসী প্ৰধান দায়িত্ব কি আছিল ?

উত্তৰ ঃ  মীৰ বকসী প্ৰধান দায়িত্ব আছিল সামৰিক বাহিনীৰ দৰমহা দিয়া ।


৫) প্ৰদেশ এখনৰ মুৰব্বী শাসকজনক কি বোলা হৈছিল ?

উত্তৰ ঃ প্ৰদেশ এখনৰ মুৰব্বী শাসকজনক চুবেদাৰ বোলা হৈছিল।


৬) চৰকাৰৰ ৰাজহ বিষয়জনক কি বোলা হৈছিল ?

উত্তৰ ঃ  চৰকাৰৰ ৰাজহ বিষয়জনক আমলগুজাৰ বোলা হৈছিল ।


৭) চৰকাৰৰ কোষাধ্যক্ষজনক কি বোলা হৈছিল ?

উত্তৰ ঃ চৰকাৰৰ কোষাধ্যক্ষজনক খাজনাদাৰ বোলা হৈছিল।


৮)  পৰগণাত ৰাজহ সংগ্ৰহ কোনে কৰিছিল?

উত্তৰ ঃ পৰগণাত ৰাজহ সংগ্ৰহ আমিলে কৰিছিল।


৯)পঞ্চায়তৰ প্ৰধানজনক কি বোলা হৈছিল ?

উত্তৰ ঃ পঞ্চায়তৰ প্ৰধানজনক লম্বাৰ্ডৰ বোলা হৈছিল।


১০) প্ৰদেশ এখনৰ শাসনৰ মুৰব্বী কোন আছিল ?

উত্তৰ ঃ প্ৰদেশ এখনৰ শাসনৰ মুৰব্বী আছিল চুবেদাৰ।


১১) জাবটী পদ্ধতি কাক বোলে ?

উত্তৰ ঃ এলাহবাদৰপৰা মাহোৰলৈকে আৰু গুজৰাট  আৰু মালৱত প্ৰচলিত ৰাজহ ব্যৱস্থাটোক জাবটী ব্যৱস্থা বোলা হয় ।


১২) মনচবদাৰ শব্দৰ অৰ্থ কি ?

উত্তৰ ঃমনচবদাৰ শব্দৰ অৰ্থ হ'ল পদবীধাৰী।


১৩) মনচবদাৰৰ মাজত কেইটা প্ৰধান শ্ৰেণীবিভাগ আছিল আৰু কি কি ?

উত্তৰঃ  মনচবদাৰৰ মাজত দুটা  প্ৰধান শ্ৰেণীবিভাগ আছিল আৰু সেই দুটা হ'ল - চৱাৰ আৰু জাত।


১৪)মোগল যুগৰ তিনিটা প্ৰধান শ্ৰেণী কি আছিল ?

উত্তৰ ঃ মোগল যুগৰ তিনিটা প্ৰধান শ্ৰেণী  আছিল --- (ক) সাধাৰণ বেপাৰীসকন, (খ) বেংকাৰ আৰু (গ) ঋণদাতা।


১৫) মোগল যুগৰ অৰ্থনৈতিক ব্যৱস্থাৰ মেৰুদণ্ডকি আছিল ?

উত্তৰ ঃ  মোগল যুগৰ অৰ্থনৈতিক ব্যৱস্থাৰ মেৰুদণ্ড আছিল কৃষি।



Type : Dimpi Bora 




Post ID : DABP005778