যুঁজ
অধ্য়য়-১১
১) টকা চুৰ হোৱা ল'ৰা জনৰ নাম কি আছিল ?
উত্তৰঃ প্ৰশান্ত ।
২) প্ৰশান্তৰ বেগৰ পৰা টকা চুৰি হোৱাত কোনজন মাষ্টৰৰ ওচৰত অভিযোগ দিছিল?
উত্তৰঃ মহেন্দ মাষ্টৰ ওচৰত ।
৩) নিৰ্মলে কিহৰ কাৰনে দোকানখনলৈ গৈছিল ?
উত্তৰঃ নিৰ্মলে সিদ্ধাৰ্থক বিছাৰি দোকানখনলৈ গৈছিল ।
৪) সিদ্ধাৰ্থ কিমান দিন বিদ্য়ালয়লৈ যোৱা নাছিল ?
উত্তৰঃ প্ৰায় এসপ্তাহ বিদ্য়ালয়লৈ যোৱা নাছিল ।
৫) কিহেৰে ভৰি পৰিছিল সিদ্ধাৰ্থৰ পেঞ্চিল বক্স ?
উত্তৰঃ বাপেকে অনা চ'কলেটৰ সাঁচি ৰখা কাগজবোৰেৰে ভৰি পৰিছিল সিদ্ধাৰ্থৰ পেঞ্চিল বক্সটো ।
৬) যুঁজ গল্পটোৰ লেখক কোন ?
উত্তৰঃ যুঁজ গল্পটোৰ লেখক হ'ল- ড° মৃণাল কলিতা ।
৭) ড° মৃণাল কলিতা জন্ম ক'ত হৈছিল ?
উত্তৰঃ কামৰূপ (গ্ৰাম্য়) জিলাৰ বামুন্দীত জন্ম হৈছিল ।
৮) চিগাৰেট কিনি খাবৰ কাৰনে সিদ্ধাৰ্থই কি কৰিছিল ?
উত্তৰঃ মাঁকে খুলি থোৱা খাৰুযোৰ চুৰ কৰিছিল ।
৯) "শুন । কাম নাথাকিলে ইয়ালৈ আহি বিৰক্তি নকৰিবি" এই কথাখাৰ কোনে কাক কৈছিল ?
উত্তৰঃ নিৰ্মলে যেতিয়া দোকানীজনক সিদ্ধাৰ্থৰ কঠা সুধে, তেতিযা দোকানীজনে নিৰ্মলক কৈছিল ।
১০) ডুবন্ত শব্দৰ অৰ্থ কি ?
উত্তৰঃ ডুবন্ত শব্দৰ অৰ্থ হ'ল- ডুবিবলৈ ধৰা ।
Type By- Mandira Saha .
Post ID: DABP004636
0 Comments