মানৱ বন্দনা

অধ্য়য়- ২

১) মানৱ বন্দনা কবিতাটোৰ লেখক কোন ?

উত্তৰঃ মানৱ বন্দনাৰ কবিতাটোৰ লেখক হ'ল- চন্দ্ৰকুমাৰ আগৰৱালা । 


২) মানৱ বন্দনাৰ কবিতাটোৰ উদ্দেশ্য় কি ?

উত্তৰঃ মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাটোৱেই কবিতাটোৰ ঘাই উদ্দেশ্য় ।


৩) পৰাৎপৰা বোলা কথাষাৰৰ অৰ্থ কি ?

উত্তৰঃ শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ বা পৰম সত্য় ।


৪) ময়াপী শব্দৰ অৰ্থ কি  ? 

উত্তৰঃ মায়া বা মোহ বা ভ্ৰান্তি উপজোৱা জীৱ । 


৫) চন্দ্ৰকুমাৰ আগৰৱালাৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰঃ ১৮৬৭ চনত জন্ম হৈছিল । 


৬) চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি ?

উত্তৰঃ ৰোমান্টিক যুগৰ কবি ।


৭) চন্দ্ৰকুমাৰ আগৰৱালা কবিতা পুথি কেইখন ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা কবিতা পুথি দুখন ।


৮) চন্দ্ৰকুমাৰ আগৰৱালা কবিতা পুথি দুখনৰ নাম লিখা ।

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা কবিতা পুথি দুখনৰ নাম হ'ল- 'প্ৰতিমা'আৰু 'বীণ ব'ৰাগী' । 


৯) চন্দ্ৰকুমাৰ আগৰৱালা মৃত্য়ু কেতিয়া হৈছিল?

উত্তৰঃ ১৯৩৮ চনত ।


১০) পাদ্য় শব্দৰ অৰ্থ কি ?

উত্তৰঃ পাদ্য় শব্দৰ অৰ্থ হ'ল -ভৰি ধুবলৈ দিয়া পানী । 


Type By- Mandira Saha  




Post ID: DABP004829