আহোমসকল

অধ্য়ায়-১

 ১। আহোমসকল মূলত কি জাতিৰ মানুহ?

উত্তৰঃ আহোমসকল মূলত টাই জাতিৰ মানুহ ।


২। আহোমসকলৰ আদি বাসস্তান ক'ত আছিল?

উত্তৰঃ আহোমসকলৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম আঞ্চল, বৰ্তমানৰ ইউনান প্ৰদেশৰ মুংমাও ৰাজ্য়ত।


৩। টাইসকলৰ মাজৰ ডাঙৰ ফৈদ বুলি কাক জনা যায়?

উত্তৰঃ আহোমসকলক।


৪। আহোমসকলে কিমান বছৰকাল অসমত ৰাজত্ব কৰিছিল?

উত্তৰঃ ৬০০ বছৰৰ অধিক কাল । 


৫। আহোমসকলৰ ভাষা কি আছিল ?

উত্তৰঃ টাই আৰু শ্য়ান আছিল।


৬। বৰ্তমান টাই ভাষা কোৱা মানুহ কলৈ বিয়পিছে?

উত্তৰঃ অসমৰ পৰা আৰম্ভ কৰি ম্য়ানমাৰ, দক্ষিণ চীন, থাইলেণ্ড, লাওচ, কম্বোদিয়া, ভিয়েটনামলৈকে বিয়পিছে।


৭। আহোমৰ উপৰিও অসমত কেইটা টাই জনগেষ্ঠী লোক আছে?

উত্তৰঃ পাঁচটা।


৮। অসমত থকা টাই জনগোষ্ঠী লোকৰ নাম লিখা?

উত্তৰঃ খাম্তি, ফাকে,খাময়াং, আইতন, আৰু তুকং।


৯। ২০১২ আৰু ২০১৪ চনত চলোৱা সমীক্ষা মতে আহোমসকলৰ বৰ্তমানৰ জনসংখ্য়া কিমান?

উত্তৰঃ ২৫ লাখ।


১০। আহোমসকলৰ বসতিপ্ৰধান অঞ্চলবোৰৰ নাম লিখা?

উত্তৰঃ চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লক্ষিমপুৰ, ধেমাজি আৰু তিনিচুকীয়া জিলা। 


১১। আহোমসকলৰ মূখ্য় জীৱিকা কি?

উত্তৰঃ শালি ধানৰ খেতি।


১২। আহোোমসকলৰ মূখ্য় আহাৰ কি?

উত্তৰঃ ভাত। 


১২। আহোমসকলে দৈনন্দিন জীৱনত ব্য়ৱহাৰ কৰা এবিধ উপাদেয় পানীয় নাম লিখা?

উত্তৰঃ লাও বা সাজ।


১৩। আহোমসকলৰ প্ৰধান ধৰ্ম কি ?

উত্তৰঃ  আহোমসকলৰ প্ৰধান ধৰ্ম উপৰিপুৰুষক পূজা-পাতল কৰা।


১৪। চৈধ্য় পুৰুষৰ ওপৰৰ উপৰিপুৰুষক কি বুলি জনা যায়?

উত্তৰঃ 'ফী' দেৱতা হিচাপে।


১৫। আহোমসকলৰ তিনিটা পূজাৰ নাম লিখা?

উত্তৰঃ 'ৰিক্খন' , 'জাচিংফা', 'লাইলুংখাম'।


১৬। আহোমসকলে কি কি পদ্ধতিৰে বিবাহ সম্পাদন কৰে?

উত্তৰঃ আহোমসকলে 'চকলং' আৰু 'দেওবান' এই দুই পদ্ধতিৰে বিবাহ সম্পাদন কৰে।


১৭। আহোমসকলৰ একক সংস্কৃতি কি?

উত্তৰঃ বুৰঞ্জী চৰ্চা।


১৮। আহোমসকলৰ কেইগৰাকীমান উল্লেখযোগ্য় ব্য়ক্তিৰ নাম লিখা।

উত্তৰঃ লাচিত বৰফুকন, সতী জয়মতী, টেঙাই মহন, পদ্মনাথ গোহাঞি বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন।


১৯। ঐতিহাসিক আহোম-মোগলৰ শৰাইঘাট যুদ্ধৰ মূল নেতৃত্ব কোনে ল'ব লগা হৈছিল?

উত্তৰঃলাচিত বৰফুকনে।


২০। লাচিত বৰফুকনৰ জন্ম কিমান খ্ৰীষ্টাব্দত হৈছিল ? আৰু তেওঁৰ জন্মস্তান ক'ত ?

উত্তৰঃ ১৬১২ খ্ৰীষ্টাব্দত । গড়গাঁৱৰ ওচৰে-পাজৰে।


২১। লাচিতৰ বৰফুনৰ দেউতাকৰ নাম কি? আৰু তেওঁৰ কেইজন ককায়েক আছিল?

উত্তৰঃ লাচিতৰ বৰফুনৰ দেউতাকৰ নাম মোমাই তামুলী বৰবৰুৱা। তেওঁৰ তিনিজন ককায়েক আছিল। তেওঁলোক হ'ল- লালুকসোলা, মৰংগী আৰু ভাৰধৰা। 


২২। লাচিতক কোনে বৰসেনাপতি পাতিছিল আৰু বৰফুকন পদত নিযুক্তি দিছিল।

উত্তৰঃ আহোম ৰজা চক্ৰধ্বজ সিংহই। 


২৩। আহোম-মোগলৰ যুদ্ধ কিমান চনত আৰম্ভ হয়?

উত্তৰঃ ১৬৬৭ চনৰ ২০ আগষ্টত। 


২৪। মোগলৰ লগত প্ৰথমখন যুদ্ধ ক'ত আৰম্ভ হৈছিল?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰফালে থকা বাঁহবাৰীত।


২৫। মোগলৰ সম্ৰাট কোন আছিল ?

উত্তৰঃ ঔৰংজেৱ ।


২৬। ' দেশতকৈ মোমাই ডাঙৰ নহয়' কথাষাৰ কোনে কৈছিল?

উত্তৰঃ লাচিত বৰফুকনে।


২৭। আহোম আৰু মোগলৰ সৰ্বশেষ যুদ্ধ কোনখন আৰু কিমান চনত সংঘটিত হৈছিল?

উত্তৰঃ শৰাইঘাটৰ যুদ্ধ আৰু এই যুদ্ধখন সংঘটিত হৈছিল ১৬৭১ চনৰ মাৰ্চ মাহৰ মাজভাগত। 

২৮। শৰাইঘাটৰ যুদ্ধ কোন কোন ঠাইত হৈছিল?

উত্তৰঃ অশ্বক্লান্ত, ইটাখুলি, আৰু কামাখ্য়া পাহাৰৰ নামনিত ।


২৯। লাচিত বৰফুনৰ মৃত্য়ু কেতিয়া আৰু ক'ত হৈছিল? 

উত্তৰঃ শৰাইঘটৰ যুদ্ধৰ কিছুদিন পাছত গুৱাহাটীতে লাচিতৰ মৃত্য়ু হৈছিল।


৩০। সতী জয়মতীৰ দিনত অসমৰ উঠি-ৰজা বহি-ৰজা কোন হৈছিল?

উত্তৰঃ মন্ত্ৰী লালুকসোলা। 


৩১। গদাপাণিৰ পত্নী কোন?

উত্তৰঃ জয়মতী কুঁৱৰী।


৩২। গদাপাণি আৰু জয়মতীৰ কেইটা পুত্ৰ আৰু তেওঁলোকৰ বাসস্তান ক'ত আছিল?

উত্তৰঃ দুটা পুত্ৰ আৰু তেওঁলোকৰ বাসস্থান তুংখুঙ্গত আছিল।


৩৩। জয়মতী কুঁৱৰীৱে কেইদিন নিৰ্জন জেৰেঙাত শাস্তি ভুগিছিল?

উত্তৰঃ চৌধ্য় দিন।


৩৪। সতী জয়মতী কেতিয়া মৃত্য়ু হৈছিল?

উত্তৰঃ ১৬৭৯ চনৰ অসমীয়া মাহৰ ১৩ চ'তৰ দিনা গুৰুবাৰে দশমীৰ জোন পৰোঁ পৰোঁ হওঁতে।


৩৫। সতী জয়মতীৰ জ্য়েষ্ঠ পুত্ৰ কোন আছিল?

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ।


৩৬। জয়সাগৰ কোনে আৰু কিমান চনত খন্দাইছিল?

উত্তৰঃ  জয়সাগৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৭ চনত খন্দাইছিল।


৩৭। মাতৃৰ মৈদাম কোনে ক'ত নিৰ্মাণ কৰিছিল?

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহই আলি আৰু বৰ আলিৰ মাজত নিৰ্মাণ কৰিছিল।


৩৮। অসমৰ প্ৰথম অভিধান প্ৰণেতা কোন?

উত্তৰঃ টেঙাই মহন।


৩৯। কিমান চনত পণ্ডিত টোঙাই মহন জন্ম গ্ৰহণ কৰিছিল? আৰু কিমান চনত তেখেতৰ মৃত্য়ু হৈছিল?

উত্তৰঃ ১৭১৫ চনত চৰাইদেউত মহুং-মাইচেউ পৰিয়ালৰ তকম্বৰিৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। আৰু তেখেতৰ মৃত্য়ু ১৮৩২ চনত ডিব্ৰুগড় জিলাৰ খুৱাঙত হৈছিল।


৪০। টেঙাই মহনে ৰচনা কৰা অভিধানখনৰ নাম কি আৰু সেইখন কিমান চনত ৰচনা কৰা হৈছিল?

উত্তৰঃ ১৭৭৫ চনত 'বৰ কাকত হু মুং পুথি' নামৰ এখন অভিধান ৰচনা কৰে।


৪১। টেঙাই মহনে লিখা পুথিখনত কেইখিলা পাত আৰু ইয়াৰ জোখ কিমান?

উত্তৰঃ ৪২ খিলা পাত আৰু ইয়াৰ জোখ আছিল ৪০ ✖ ১০ ছেমি.।


৪২। পদ্মনাথ গোহাঞি বৰুৱা জন্ম আৰু মৃত্য়ু ক'ত হৈছিল?

উত্তৰঃ জন্ম ১৮৭১ চনৰ ২৪ অক্টোবৰত উত্তৰ লক্ষীমপুৰৰ নকাৰি গাঁৱত আৰু মৃত্য়ু ১৯৪৬ চনৰ ৭ এপ্ৰিল তাৰিখে হৈছিল। 


৪৩।পদ্মনাথ গোহাঞি বৰুৱা মাক আৰু দেউতাকৰ নাম কি?

উত্তৰঃ  দেউতাকৰ নাম আছিল ঘিণাৰাম আৰু মাকৰ নাম লক্ষীদেৱী।


৪৪বহা অসম সাহিত্য়ৰ সভাৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰঃ পদ্মনাথ গোহাঞি বৰুৱা।


৪৫। কৃষ্ণকান্ত সন্দিকৈ কেতিয়া আৰু কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৮৯৮ চনৰ যোৰহাটত


৪৬। তেওঁৰ মাক আৰু দেউতাকৰ নাম কি আছিল?

উত্তৰঃ মাকৰ নাম নাৰায়ণী সন্দিকৈ দেউতাকৰ নাম ৰাধাকান্ত সন্দিকৈ।


৪৭। বহা অখিল ভাৰতীয় প্ৰাচ্য়বিদ্য়া সন্মিলনৰ লক্ষ্ণৌ অধিবেশনৰ সভাপতিত্ব কোনে কিমান চনত কৰিছিল?

উত্তৰঃ ১৯৫১ চনত কৃষ্ণকান্ত সন্দিকৈ কৰিছিল।


৪৮। অসম সাহিত্য় সভাৰ গুৱাহাটী অধিবেশনৰ সভাপতি কোন আছিল?

উত্তৰঃ  কৃষ্ণকান্ত সন্দিকৈ (১৯৩৭)।


৪৯। পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকনৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯১২ চনৰ অক্টোবৰ মাহত।


৫০। তেওঁৰ পিতৃ আৰু মাতৃৰ নাম কি ?

উত্তৰঃ পিতৃ গংগাৰাম ফুকন আৰু মাতৃ চাদৈ ফুকন



Type By- Jatin Nath





Post ID: DABP004808