কাছাৰৰ জনগোষ্ঠীসকল

অধ্য়ায় ২

১। অসমৰ দক্ষিণ প্ৰান্তৰ তিনিখন জিলাৰ নাম লিখা।

উত্তৰঃ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ।


২। এই তিনিখন জিলাৰ মাজেদি বৈ যোৱা নৈখনৰ নাম কি?

উত্তৰঃ বৰাক নৈ।


৩। নৃতত্ত্ববিদসকলে বৰাক উপত্য়াকাক কি বুলি অভিহিত কৰিছে?

উত্তৰঃ Anthropological garden অর্থাৎ 'নৃতত্ত্বৰ বাগিছা' বুলি অভিহিত কৰিছে।


৪। বৰাক উপত্য়াকাত বসবাস কৰা কেইটামান জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ মণিপুৰী , মণিপুৰী বিষ্ণুপ্ৰিয়া, ভোজপুৰী, অসমীয়া, ৰাজবংশী আদি।


৫। বৰাক উপত্য়াকাত বসবাস কৰা কেইটামান জনগোষ্ঠীৰ উৎসৱৰ নাম লিখা।

 উত্তৰঃ লাই হৰাউবা, ৰাসযাত্ৰা, ছটপূজা, বিহু আদি ।


৬। খ্ৰীষ্টান ধৰ্মালম্বিসকলৰ প্ৰধান উৎসৱটোৰ নাম কি? আৰু কি তাৰিখে পালন কৰা হয়?

উত্তৰঃ বৰদিন ২৫ ডিচেম্বৰ তাৰিখে পালন কৰা হয়।


৭। বৰাক উপত্য়াকাৰ মানুহে কি ধৰণে জীৱন নিৰ্বাহ কৰে?

উত্তৰঃ খেতি-বাতি, ব্য়ৱসায়, আৰু চাকৰি কৰি জীৱন নিৰ্বাহ কৰে।


৮। অসম ফুটবল সংস্থা কিমান চনত গঠিত হয়? আৰু সংস্থাটোৰ প্ৰতিস্থাপক কোন আছিল? 

উত্তৰঃ ১৯৮৬ চনত। সুনীল মোহন সংস্থাটোৰ প্ৰতিস্থাপক আছিল।


৯। মুম্বাইত আৰু হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফি ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্য়িক ফুটবল দলৰ মেনেজাৰ কোন আছিল?

উত্তৰঃ সুনীল মোহন আছিল।


১০। 'নাৰী কল্য়াণ সমিতি' কাৰ নেতৃত্বত প্ৰতিষ্ঠিত হৈছিল?

উত্তৰঃ মালতী শ্য়ামৰ নেতৃত্বত।


১১। মুকুন্দ দাস ভট্টাচাৰ্য্য়ক কিমান চনত 'বিষ্ণুৰাভা বঁটা' প্ৰদান কৰা হৈছিল?

উত্তৰঃ ১৯৯৭ চনত।


১২। ৰাজমোহন নাথৰ উল্লেখযোগ্য় গ্ৰন্থখনৰ নাম কি? আৰু এইখন প্ৰথম প্ৰকাশিত কিমান চনত হৈছিল?

উত্তৰঃ 'The Background of Assamese Culture'। এইখন ১৯৪৮ চনত প্ৰথম প্ৰকাশিত হৈছিল।


১৩। কামালুদ্দীন আহমদৰ সম্পাদিত সাহিত্য় পত্ৰখনৰ নাম কি?

উত্তৰঃ দিগ্বলয়।


১৪। কামালুদ্দীন আহমদৰ গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ 'The Art and Architecture of Assam' (1994) 


১৫। নন্দলাল বৰ্মণে কিমান চনত আৰু ক'ত স্কুল স্থাপন কৰিছিল আৰু স্কুলখনৰ বৰ্তমানৰ নাম কি?

উত্তৰঃ কাছাৰ জিলাৰ বৰখলাত ১৯০১ চনত এখন স্কুল স্থাপন কৰিছিল  স্কুলখনৰ বৰ্তমানৰ নাম 'ৰাজা গোবিন্দচন্দ্ৰ মেমোৰিয়েল স্কুল'


১৬। নলিনীন্দ্ৰ কুমাৰ বৰ্মণে লিখা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ  'The Queen of Cachar or H  erambo and the History of the Cacharis'.


১৭। অনিল কুমাৰ বৰ্মণে গঠন কৰা সংস্থাটোৰ নাম কি?

উত্তৰঃ 'ডিমাছা ছাত্ৰ সমিতি' ।


১৮। 'খেলম হাইস্কুল' কোনে স্থাপন কৰিছিল?

উত্তৰঃ ইৰুংবম চন্দ্ৰ সিংহই।


১৯। 'কালিদাস সন্মান' লাভ কৰা ব্য়ক্তিজনৰ নাম কি?

উত্তৰঃ বিপিন সিংহ।


 ২০। ডিমাছা সমাজৰ অত্য়াৱশ্য়কীয় অঙ্গ কি?

উত্তৰঃ কীৰ্তন।


Type By- Jatin Nath




Post ID: DABP004812