গৰিয়া, মৰিয়া আৰু দেশীসকল

অধ্য়ায়-৫

১। প্ৰথম ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা ৰাজাজনৰ নাম কি?

উত্তৰঃ আলি মেচ ৰজা।


 ২। অসমীয়া ভাষা-সাহিত্য়ৰ ভঁৰাল চহকী কৰা মহান ব্য়ক্তিজনৰ নাম কি?

উত্তৰঃ মহান পীৰ হজৰত আজান ফকিৰ।


৩। আহোম ৰাজত্বকালত কাঁহ-পিতলৰ স'তে জড়িত ইছলাম ধৰ্মালম্বী লোকসকলক কি বুলি জনা যায়?

উত্তৰঃ মৰিয়া বুলি জনা যায়।


৪। মৰিয়া লোকসকলৰ অৱস্থিতি ক'ত ক'ত আছিল?

উত্তৰঃ নগাঁও, গুৱাহাটীৰ উজান বজাৰ, হাজো আদি ঠাইত আছিল।


৫। দেশীসকলৰ মূলতঃ কৰ জিলাৰ বাসিন্দা?

উত্তৰঃ গোৱালপাৰা জিলাৰ। 


৬। দেশীসকল মূলতঃ কি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হোৱা লোক আছিল?

উত্তৰঃ খিলিঞ্জীয়া জনগোষ্ঠীৰ পৰা।


৭। অসমত ইছলাম ধৰ্ম সূচনা কিমান খ্ৰীষ্টাব্দত হৈছিল?

উত্তৰঃ ১২০৬ খ্ৰীষ্টাব্দত।


৮। অসমত আহোম ৰাজত্ব কালৰ সূচনা কিমান খ্ৰীষ্টাব্দত হৈছিল?

উত্তৰঃ ১২২৮ খ্ৰীষ্টাব্দত।


৯। বাঘ হাজৰিকাৰ প্ৰকৃত নাম কি?

উত্তৰঃ ইছমাইল ছিদ্দিকী।


১০। আজান ফকিৰৰ অন্য় নাম কি?

উত্তৰঃ শ্বাহ মিলান।


১১।বাহাদুৰ গাঁওবুঢ়াক এগৰাকী কি বুলি কোৱা হয়?

উত্তৰঃ স্বাধীনতা সংগ্ৰামী বুলি কোৱা হয়।


১২। চৈয়দ আব্দুল মালিকৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯১৯ চনৰ ১৬ মে' 


১৩। তেওঁৰ পিতৃৰ নাম কি?

উত্তৰঃ চৈয়দ ৰহম্মতআলী।


১৪। চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশ গল্পটোৰ নাম কি?

উত্তৰঃ 'বন্ধ কোঠা'।


১৫। 'অঘৰী আত্মাৰ কাহিনী' নামৰ উপন্য়াসখনৰ বাবে তেওঁ কি বঁটা লাভ কৰিছিল?

উত্তৰঃ সাহিত্য় অকাডেমীৰ বঁটা।


১৬। শংৰদেৱৰ বঁটা তেওঁ কিমান চনত লাভ কৰিছিল?

উত্তৰঃ ১৯৯৫ চনত।


১৭। তেওঁ কিমান চনত ইহলীলা সম্বৰণ কৰিছিল?

উত্তৰঃ ২০০২ চনৰ ১৯ ডিচেম্বৰত।


১৮। আজাদ হিন্দ ফৌজ কাৰ নেতৃত্বত গঠন হৈছিল?

উত্তৰঃ সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত।


১৯। নবাব ছেহিদুৰ ৰহমান কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ ১৯৪৫ চনৰ ৩১ মাৰ্চত।


২০। ফখৰুদ্দিন আলী আহমেদৰ জন্ম কিমান চনত আৰু ক'ত হৈছিল?

উত্তৰঃ ১৯০৫ চনৰ মে' মাহৰ ১৩ তাৰিখে দিল্লীত।


২১। ফখৰুদ্দিন আলী আহমেদ কিমান চনত অসমলৈ আহি উকালতি কৰিছিল?

উত্তৰঃ ১৯৩১ চনত।


২২। তেওঁ কিমান চনত ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়?

উত্তৰঃ ১৯৭৪ চনৰ ২৪ আগষ্টত।


২৩। তেওঁ কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ ১৯৭৭ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে।


২৪। শৰাইঘাটৰ ৰণত লাচিত বৰফুকনৰ সহযোগী হিচাপে মোগলৰ বিৰুদ্ধে যুজা এগৰাকী ব্য়ক্তিৰ নাম লিখা?

উত্তৰঃ বাঘ হাজৰিকা।


২৫। আজান ফকিৰে চাহাবক মানুহে কি বুলি কৈছিল?

উত্তৰঃ আজান ফকিৰ বুলি কৈছিল। 


Type by- Jatin Nath






Post ID: DABP005005