গাৰোসকল

অধ্য়ায়-৬

১। প্ৰাচীন কালৰে পৰা অসমত বসবাস কৰি অহা এটা জনগেষ্ঠীৰ নাম লিখা?

উত্তৰঃ গাৰোসকল।


২। কিংবদন্তী অনুসৰি গাৰোসকলৰ পূূৰ্বপুৰুষ কৰ ঠাইত আছিল?

উত্তৰঃ তিব্বতৰ থৰুৱা নামৰ ঠাইত।


৩। আব্ৰাচেনে ক'ত নিজৰ ঘাটি স্থাপন কৰিছিল ?

উত্তৰঃ হাব্ৰাঘাটত।


৪। পূজা কৰা লোকসকলক গাৰোসকলে কি বুলি কয়?

 উত্তৰঃ সংসাৰেক বুলি কয়।


৫। দেৱ-দেৱী পূজা কৰোতে কিহক বলি দিয়া হৈছিল?

উত্তৰঃ ঘৰচীয়া জীৱ-জন্তুক।


৬। গাৰোসকলৰ জাতীয় উৎসৱ কি?

উত্তৰঃ ওৱানগালাও।


৭। গাৰোসকলৰ ব্য়ৱহৃত দুবিধ বাদ্য় যন্ত্ৰ নাম লিখা?

উত্তৰঃ ঢামা খ্ৰাম, গগনা।


৮। সামাজিক ফালৰ পৰা গাৰোসকলৰ পৰিয়ালৰ গাঠনি কৰ পৰা আৰম্ভ হয়?

উত্তৰঃ মাতৃসূতেৰ পৰা।


৯। গাৰোসকলৰ অতি প্ৰিয় খাদ্য় কি?

উত্তৰঃ শুকান মাছ আৰু খাৰ।


১০। গাৰোসকলৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিৰ নাম লিখা।

উত্তৰঃ ৰামখে ওৱাথ্ৰে মোমিন , ৰেভা.গিলবাৰ্থ কে মাৰাক, সোনাৰাম ৰংৰকগ্ৰে সংমা, হাৱাৰ্ড ডিনিচন মোমিন।


১১। ৰামখে ওৱৱাথ্ৰে মোমিনৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৮৩৪ চনত।


১২। ডামৰাৰ স্কুলখন কলৈ উঠাই নিয়া হৈছিল?

উত্তৰঃ গোৱালপাৰালৈ।


১৩। শিক্ষাবিদ ,লেখক, গীতিকাৰ হিচাপে গাৰো সমাজৰ প্ৰথমজন ব্য়ক্তি কোন আছিল?

উত্তৰঃ ৰামখে ওৱাথ্ৰে মোমিন।


১৪। ৰামখে ওৱাথ্ৰে মোমিনে কিমানটা শব্দৰে বঙালী-গাৰো-অভিধানখন লিখিছিল?

উত্তৰঃ ৪৫০০০ টা শব্দৰে।


১৫। ৰামখে ওৱাথ্ৰে মোমিনে লিখা দুখন কবিতাৰ নাম লিখা?

উত্তৰঃ ১৮৮১ চনত 'বিচিক খ্ৰিতা', ১৮৮২ চনত 'চিমানো আটছিয়ানি'। 


১৬। গাৰো বসতিৰ প্ৰধান গাওঁখনৰ নাম কি?

উত্তৰঃ নিচানগ্ৰাম গাওঁ।


১৭। 'Father of Modern Garo Community' বুলি কাক কোনে আখ্য়া দিছিল?

উত্তৰঃ মিছনাৰীয়ে ৰামখে ওৱাথ্ৰে মোমিনক।


১৮। ৰেভা.গিলবাৰ্থ কে মাৰাক কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯২৫চনত। 


১৯। তেওঁ কাৰ একমাত্ৰ পুতেক আছিল?

উত্তৰঃ ৰেভা.ৰামখে আৰু ছাংমাৰ একমাত্ৰ আছিল।


২০। ৰেভা.গিলবাৰ্থ কে মাৰাকে লিখা প্ৰবন্ধ সমূহৰ ভিতৰত কোন খন অন্য়তম?

উত্তৰঃ 'গাৰোহিলচ দ্য়া আদাৰ ডেৰ্জাট'।


২১। ৰেভা.গিলবাৰ্থ কে মাৰাকে কিমান চনত ইহলীলা সম্বৰন কৰিছিল?

উত্তৰঃ ২০০৭ চনত।


২২। সোনাৰাম ৰংৰকগ্ৰে কিমান চনত ক'ত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৮৬৭ চনৰ নাছিৰংদিক নামৰ গাঁৱত।


২৩। সোনাৰাম ৰংৰকগ্ৰে পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃৰ নাম খাং গাবিল মোমিন আৰু মাতৃৰ নাম ছামৰে ৰংৰকগ্ৰে সাংমা।


২৪। সোনাৰাম ৰংৰকগ্ৰে কিমান চনত ইহলীলা সম্বৰণ কৰে?

উত্তৰঃ ১৯১৬ চনৰ ২৭ আগষ্টত।


২৫। 'আধুনিক গাৰো সাহিত্য়ৰ জনক' বুলি কাক কোৱা হয়?

উত্তৰঃ হাৱাৰ্ড ডেনিচন মোমিনক।


২৬।  হাৱাৰ্ড ডেনিচন মোমিনে লিখা প্ৰথম আলোচনী খনৰ নাম কি?

উত্তৰঃ 'গাৰো মানুহৰ মাত'।


২৭। তেওঁৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯১৩ চনৰ ২০ ফেব্ৰুৱাৰীত।


২৮। আমেৰিকালৈ পঢ়িবলৈ যোৱা গাৰো সম্প্ৰদায়ৰ প্ৰথমজন ব্য়ক্তি কোন আছিল?

উত্তৰঃ জবাং ডি মাৰাক।


২৯।  আমেৰিকালৈ পঢ়িবলৈ যোৱা  জবাং ডি মাৰাকে আমেৰিকাৰ কোনখন স্কুলত শিক্ষা লাভ কৰিছিল?

উত্তৰঃ ডেনিচন স্কুলত।


৩০। জবাং ডি মাৰাকৰ জ্য়েষ্ঠ্য় পুত্ৰজনৰ নাম কি?

উত্তৰঃ হাৰৱাৰ্ড ডেনিচন ডব্লিউ মোমিন। 


৩১। হাৰৱাৰ্ড ডেনিচন ডব্লিউ মোমিনৰ অৰ্থ কি?

উত্তৰঃ শিক্ষা আৰু ধৰ্ম উৎপত্তি।


৩২। ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লোৱা গাৰো সম্প্ৰদায়ৰ ভিতৰত প্ৰথমজন ব্য়ক্তি নাম কি?

উত্তৰঃ হাৱাৰ্ড ডেনিচন মোমিন।


৩৩। কিমান চনত তুৰা চহৰত ৭৭ তম মৃত্য়ু বাৰ্ষিকীত হাৱাৰ্ড ডেনচিন মোমিনলৈ স-সন্মানে 'KA CHALANG'( খা ছালাং) প্ৰদান কৰা হৈছিল?

উত্তৰঃ ১৯৯০ চনৰ ২২ ফেব্ৰুৱাৰীত।


৩৪। গাৰোসকলৰ উপ-জনগোষ্ঠীৰ তিনিটাৰ নাম লিখা।

উত্তৰঃ আমবেং, মাতছি, মাতাবেং।


Type By-Jatin Nath





Post ID: DABP005006