চাহ জনগোষ্ঠীসকল

অধ্য়ায়-৮

১। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিমান চনৰ পৰা উজনি অসমৰ চাবুৱাত প্ৰথমে চাহৰ পদ্ধতিগত ৰোপন কাৰ্য আৰম্ভ কৰে?

উত্তৰঃ ১৮৩৫ চনৰ পৰা।


২। অসম চাহ কোম্পানী কিমান চনত গঠন হয়?

উত্তৰঃ ১৮৩৫ চনৰ  চাৰি বছৰৰ পাছত।


৩। চাহ খেতিত কাম কৰিবলৈ কৰ কৰ পৰা শ্ৰমিক সংগ্ৰহ কৰিছিল?

উত্তৰঃ পশ্চিমবংগ, বিহাৰ, ঝাড়খণ্ড, ছত্তিশগড় আদিৰ ঠাইৰ পৰা শ্ৰমিক সংগ্ৰহ কৰিছিল।


৪। অসমলৈ শ্ৰমিক সংগ্ৰহ কৰি অনা কাৰ্যক কি বুলি কোৱা হয়?

উত্তৰঃ মজদুৰ চালান বুলি কোৱা হয়।


৫।মজদুৰ চালান কেইধৰণৰ আৰু কি কি?

উত্তৰঃ দুই ধৰণৰ এটা হ'ল গিৰমিটিয়া চালান আৰু আনটো হ'ল আড়কাঠিয়া চালান।


৬। গিৰমিটিয়া চালান কাক বোলে?

উত্তৰঃ লিখিত চুক্তি অনুসৰি নিৰ্দিষ্ট সময়ৰ বাবে শ্ৰমিক অনাটোক গিৰমিটিয়া চালান বোলে।


৭।আড়কাঠিয়া চালান কাক বুলে?

উত্তৰঃ কোনে চুক্তি নকৰাকৈ চলে বলে কৈশলে সংগ্ৰহ কৰাটোক আড়কাঠিয়া চালান বুলি কোৱা হয়।


৮। ১৮৭৭ চনত চুক্তি বদ্ধ শ্ৰমিকৰ সংখ্য়া কিমান হয়?

উত্তৰঃ ৪৬,৭৬৫ জন।


৯। চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিকসকলকে ধৰি চাহ জনগোষ্ঠীৰ লোক সংখ্য়া কিমান?

উত্তৰঃ ষাঠি লাখ।


১০। চাহ জনগোষ্ঠীৰ ৩ টা জাতি-উপজাতিৰ নাম লিখা?

উত্তৰঃ ওৰাওঁ, মুণ্ডা, চাওতাল আদি।


১১। চাহজনগোষ্ঠীৰ তিনিজন বিশিষ্ট ব্য়ক্তিৰ নাম লিখা?

উত্তৰঃ মেঘৰাজ কৰ্মকাৰ, সন্তোষ কুমাৰ তপ্ন, চাইমন সিং হ'ৰ।


১২। চাহবাগিছাৰ প্ৰথম সাহিত্য়িক পেঞ্চনাৰ কোন?

উত্তৰঃ মেঘৰাজ কৰ্মকাৰ।


১৩। চাহ জনগোষ্ঠীৰ প্ৰথম প্ৰকাশিত গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ 'মুণ্ডা জাতিৰ চমু পৰিচয়' 


১৪। এই গ্ৰন্থখন কোনে প্ৰকাশ কৰিছিল?

উত্তৰঃ সন্তোষ কুমা তপ্নই।


১৫। তেওঁ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯২৪ চনত।


১৬।তেওঁৰ মাতৃ আৰু পিতৃৰ নাম কি?

উত্তৰঃ মাতৃৰ নাম মাৰঠা তপ্ন আৰু পিতৃৰ নাম দয়াল তপ্ন।


১৭। তেওঁ কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ ১৯৯৪ চনৰ ২১ নৱেম্বৰত।


১৮। চাইমন সিং হ'ৰৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯২৯ চনত।


১৯। তেওঁ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃৰ নাম মাছিৰাম হ'ৰ মাতৃৰ নাম ছাৰা হ'ৰ।


২০। চাইমন সিং হ'ৰ কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ ১৯৭৯ চনৰ ২৬ জুনত।



Type By- Jatin Nath




Post ID: DABP005008