চুতীয়াসকল

অধ্য়ায়-৯

১। চুতীয়াসকলৰ আদি বাসস্থান ক'ত আছিল?

উত্তৰঃ হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবত স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চল। 


২। চুতীয়া শব্দৰ উৎপত্তি কৰ পৰা হৈছিল ?

উত্তৰঃ স্বাতীয়াৰ পৰা


৩। চুতীয়াসকলে ৰাজত্ব কৰা শদিয়াৰ পুৰণি নাম কি? আৰু এই ৰাজ্য়ৰ ৰাজধানী কি আছিল?

উত্তৰঃ বিদৰ্ভ। আৰু এই ৰাজ্য়ৰ ৰাজধানী আছিল কুণ্ডিল নগৰ।


৪। নৰবলি প্ৰথা কাৰ দিনৰ পৰা উঠাই দিয়া হয়?

উত্তৰঃ স্বৰ্গদেউ গৌৰানাথ সিংহ।


৫। চুতীয়াসকল কি জনগোষ্ঠীৰ অন্তৰ্গত?

উত্তৰঃ মঙ্গোলীয় নৃগোষ্ঠীৰ বৃহৎ বড়ো জনগোষ্ঠীৰ অন্তৰ্গত।


৬। এওঁলোক কি শিল্পত চহকী আছিল?

উত্তৰঃ ভাস্কৰ্য শিল্পত।


৭। চুতীয়াসকলৰ দুবিধ স্থাপত্য়-ভাস্কৰ্যৰ নাম লিখা।

উত্তৰঃ সূৰ্যৰ মূৰ্তি, মালিনী থান আদি।


৮। চুতীয়া পৰা অনা বন্দুকৰ ভিতৰত কোনটো উৎকৃষ্ট আছিল?

উত্তৰঃ মিঠাহোলোং নামৰ বৰটোপেই উৎকৃষ্ট আছিল।


৯। চুতীয়াসকলৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিৰ নাম লিখা।

উত্তৰঃ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া, বুৰঞ্জীবিদ ড° স্বৰ্ণলতা বৰুৱা, কৰ্মপ্ৰাণ হৰিপ্ৰসাদ নেওগ, চিদানন্দ শইকীয়া, দুবৰি বনৰ কবি কোযেশ্বৰ বৰুৱা।


১০। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া জন্ম কিমান খ্ৰীষ্টাব্দৰ ক'ত হৈছিল?

উত্তৰঃ ১৯১৫ খ্ৰীষ্টাব্দ কুকুৰাচোৱা গাঁৱত হৈছিল।


১১।  বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ উল্লেখযোগ্য় গ্ৰন্থসমূহ কি কি?

উত্তৰঃ 'অসমৰ বৈষ্ণৱ দৰ্শনৰ ৰূপৰেখা', 'নামধৰ্ম প্ৰকাশ', 'মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ চৰিত', 'ভাগৱত মাহাত্ম্য়', 'মহাপুৰুষীয়া ধৰ্ম জিজ্ঞাসা', 'বেদ আৰু মহাপিৰুষীয়া ধৰ্ম' ইত্য়াদি।


১২। ড° স্বৰ্ণলতা বৰুৱাই কি স্বীকৃতি লাভ কৰিছিল?

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বুৰঞ্জীবিদ হিচাপে স্বীকৃতি লাভ কৰিছিল।


১৩। ড° স্বৰ্ণলতা বৰুৱাই লিখা এখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ 'A Comprehensive History of Assam'। 


১৪।  কৰ্মপ্ৰাণ হৰিপ্ৰসাদ নেওগৰ তিনিখন গ্ৰন্থনাম লিখা।

উত্তৰঃ 'ৰাধাকান্ত সন্দিকৈ', 'বিশ্বনাথ ৰাজবংশী', 'চন্দ্ৰকুমাৰ আগৰৱালা'।


১৫। তেওঁৰ দুখন আলোচনীৰ নাম লিখা?

উত্তৰঃ 'জোৱাৰ', 'গতিপথ' ।


১৬। চিদানন্দ শইকীয়া কিমান খ্ৰীষ্টব্দত জন্মগ্ৰহণ কৰিছিল?

উত্তৰঃ ১৯২৪ খ্ৰীষ্টাব্দত।


১৭। চিদানন্দ শইকীয়াই কিমান খন গ্ৰন্থ প্ৰণয়ন কৰিছিল?

উত্তৰঃ ২৭ খন। 


১৮। তাৰ ভিতৰত দুখনমান গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ 'সীমান্ত গান্ধী', 'ধীৰেন দত্তৰ কবিতা', 'ছোভিয়েট নাৰী' ইত্য়াদি।


১৯। দুবৰি বনৰ কবি কোযেশ্বৰ বৰুৱা কিমান খ্ৰীষ্টাব্দৰ ক'ত জন্ম হৈছিল?

উত্তৰঃ ১৯৩৬ খ্ৰীষ্টাব্দৰ বৰথেকেৰাবাৰী গাঁৱত ।


২০। এওঁৰ কেইখনমান উল্লেখযোগ্য় গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ 'কলেজৰ দুবৰি বন', 'অনুভৱ', 'প্ৰজন্মৰ উমানত', লগন আদি।


২১। দুবৰি বনৰ কবি কোযেশ্বৰ বৰুৱাই লাভ কৰা বঁটা এটাৰ নাম লিখা।

উত্তৰঃ সতী সাধনী বঁটা।


২২। চুতীয়াসকলৰ এগৰাকী বীৰঙ্গনাৰ নাম লিখা।

উত্তৰঃ চুতীয়াসকলৰ ৰাণী সতী সাধনী।


Type By- Jatin Nath




Post ID: DABP005034