প্ৰাক্-ঐতিহাসিক চিকাৰী-সংগ্ৰহকাৰীসকল 

অধ্যায় ২

চমু প্ৰশ্নউত্তৰঃ 

১। কিমান সময়ত পৃথিৱীত জীৱৰ উৎপত্তি উদ্ভিদ আৰু জন্তুৰ অৱস্থিতিৰ সম্ভেদ পোৱা যায়?

উত্তৰঃ পৃথিৱী ৪৬০০ নিযুত  বছৰতকৈ বেছি পুৰণি। প্ৰায় ৩৫০০ নিযুত বছৰ আগেয়ে পৃথিৱীত জীৱৰ উৎপত্তি হৈছিল যদিও বহু নিযুত ধৰি উদ্ভিদ আৰু জন্তুৰ অৱস্থিতিৰ সম্ভেদ পোৱা যায়।


২। কোন যুগত পৃথিৱীত মানুহৰ আবিৰ্ভাৱ হৈছিল ?

উত্তৰঃ প্ৰাক্-প্লিষ্টোচিন আৰু আদি প্লিষ্টোচিন যুগত পৃথিৱীৰ মানুহৰ আবিৰ্ভাৱ হৈছিল।


৩। 'হমিনিড' সকল কিমান নিযুত বছৰ আগতে দক্ষিণ আৰু পূৱ আফ্ৰিকাত বসবাস কৰিছিল?

উত্তৰঃ ' হমিনিড' বুলি কোৱা বিভিন্ন প্ৰকাৰৰ মানুহ প্ৰায় ৬ নিযুত বছৰ আগতে দক্ষিণ আৰু পূৱ আফ্ৰিকাত বসবাস কৰিছিল।


৪। পৰৱৰ্তী মানৱ বুলি কাক কয়?

উত্তৰঃ খোৰা নেজীয়া বান্দৰ আৰু মানুহৰ চৰিত্ৰ বহন কৰিছিল। এই বিধ প্ৰাণী দুঠেঙীয়া আৰু টেকেলিপেটীয়া আছিল। অষ্ট্ৰোলোপিথেকাচ আছিল সৰ্বশেষ প্ৰাক মানৱ হোমিনিভ। এই শ্ৰেণীটোক পৰৱৰ্তী মানৱ বুলি কোৱা হয়। 


৫। হ'মো-ইৰেক্টাচ মানে কি?

উত্তৰঃ হ'মো-ইৰেক্টাচ মানে হ'ল দণ্ডায়মান বা পোন হৈ থকা মানুহ। ইয়াৰ মূৰৰ লাওখোলাটো বৰ টান। হ'মো ইৰেক্টাচে নতুন প্ৰকাৰৰ শিলৰ আহিলা ব্যৱহাৰ কৰিছিল। তেওঁলোকে ব্যৱহাৰ কৰা আহিলাবোৰৰ ভিতৰত আছিল হাত কুঠাৰ। হ'মো ইৰেক্টাচে জুইৰ আৱিষ্কাৰ আৰু ব্যৱহাৰ কৰা বুলি বিশ্বাস কৰা হয়। 


৬। মানুহৰ তৃতীয় পৰ্যায়টো কি?

উত্তৰঃ মানৱৰ তৃতীয় পৰ্যায়টো আছিল হ'মো-চেপিয়েন্চ অৰ্থাৎ জ্ঞানী মানুহ।


৭। মানৱ শ্ৰেণীটো ক'ৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ বৰ্তমান মানৱ শ্ৰেণীটো হ'মো-চেপিয়েন্চৰ পৰা উৎপত্তি হৈছে। ইয়াক ২৩০,০০০-৩০,০০০ বছৰ পূৰ্বে পশ্চিম জাৰ্মানীত পোৱা নিয়েন্দাৰথল মানুহৰ সৈতে তুলনা কৰিব পাৰি।


৮। পূৰ্ণাংগ ৰূপৰ আধুনিক মানুহক কি বুলি কয়? কিমান বছৰ পৰৱৰ্তী শৈল যুগ বা উচ্চ প্ৰত্ন-প্ৰস্তৰ যুগত দক্ষিণ আফ্ৰিকাত পোৱা গৈছে?

উত্তৰঃ পূৰ্ণাংগ ৰূপৰ আধুনিক মানুহক হ'মো চেপিয়েন্চ চেপিয়েন্চ বুলি কোৱা হয় আৰু ইয়াক প্ৰায় ১১৫, ০০০ বছৰ আগতে পৰৱৰ্তী শৈল যুগ বা উচ্চ প্ৰত্ন-প্ৰস্তৰ যুগত দক্ষিণ আফ্ৰিকাত পোৱা গৈছে।


৯। শিৱালিক পাহাৰত আৱিষ্কাৰ কৰা আদিম মানৱ লাওখোলাবোৰক কি বুলি কয় ?

উত্তৰঃ শিৱালিক পাহাৰত আৱিষ্কাৰ কৰা এই মূৰৰ খোলাবোৰ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ পটৱাৰ মালভূমিত উদ্ধাৰ হৈছে আৰু এইবোৰক ৰামপিথেকাচ আৰু শিৱপিথেকাচ বোলা হয়।


১০। সম্পূৰ্ণ মানৱৰ মূলৰ খোলা কিমান চনত আৰু ক'ত আৱিষ্কাৰ হৈছে?

উত্তৰঃ সম্পূৰ্ণ মানৱৰ মূলৰ খোলা ১৯৮২ চনত মধ্যপ্ৰদেশৰ হাঠনৰাত নৰ্মদাৰ মাজৰ উপত্যকাত আৱিষ্কাৰ হৈছে।


১১। সম্পূৰ্ণ মানৱ খোলা জীৱাষ্মটোক কি বুলি কয়?

উত্তৰঃ সম্পূৰ্ণ  মানৱ খোলা জীৱাষ্মটোক হ'মো ইৰেক্টাচ বুলি কোৱা হয়।


১২। প্ৰাক্-ঐতিহাসিক যুগটোক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ প্ৰাক্-ঐতিহাসিক যুগটোক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে যেনে- প্ৰস্তৰ যুগ, ব্ৰঞ্জৰ যুগ আৰু লৌহ যুগ।


১৩। প্ৰত্নতত্ববিদসকলে আদিম মানৱে ব্যৱহাৰ কৰা শিল বা প্ৰস্তৰৰ আহিলাৰ প্ৰকৃতি অনুসৰি সেই যুগক কেইটা ভাগত ভাগ কৰা হৈছে? কি কি?

উত্তৰঃ প্ৰত্নতত্ববিদসকলে আদিম মানৱে ব্যৱহাৰ কৰা শিল বা প্ৰস্তৰৰ আহিলাৰ প্ৰকৃতি অনুসৰি সেই যুগক তিনিটা ভাগত ভাগ কৰা হৈছে-

    (ক) প্ৰত্নপ্ৰস্তৰ যুগ বা পেলিওলিথিক।

    (খ) মধ্যপ্ৰস্তৰ যুগ বা মেচোলিথিক।

    (গ) নৱ প্ৰস্তৰ যুগ বা নিওলিথিক।


১৪। ভাৰতৰ প্ৰত্ন-প্ৰস্তৰ যুগক শিলৰ আহিলাৰ প্ৰকাৰ, উন্নয়ন আৰু জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰকৃতি অনুসৰি কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি? আৰু এই ভাগকেইটা সময়সীমা কিমান?

উত্তৰঃ ভাৰতৰ প্ৰত্ন-প্ৰস্তৰ যুগক শিলৰ আহিলাৰ প্ৰকাৰ, উন্নয়ন আৰু জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰকৃতি অনুসৰি পুনৰ তিনিটা ভাগত ভাগ কৰা হৈছে-

    (ক) আদিম বা নিম্ন প্ৰত্ন-প্ৰস্তৰ যুগ।

    (খ) মধ্য প্ৰত্ন-প্ৰস্তৰ যুগ ।

    (গ) উচ্চ প্ৰত্ন-প্ৰস্তৰ যুগ। 

    এই তিনিটা যুগৰ সময়সীমা প্ৰথমটো ৬০০,০০০-১৫,০০০, দ্বিতীয়টো ১৫০,০০০-৩৫,০০০ আৰু তৃতীয়টো ৩৫,০০০-১০,০০০ ৰ মাজত নিৰ্দ্ধাৰণ কৰা হৈছে।


১৫। শৈল বা প্ৰস্তৰ যুগ কাক বোলে?

উত্তৰঃ শিল বা প্ৰস্তৰেই আছিল প্ৰধান আহিলা বা সামগ্ৰী যি আহিলা ব্যৱহাৰ কৰি খাদ্যবস্তু সংগ্ৰহ কৰিছিল আৰু নিজৰ জীৱন ৰক্ষা কৰিছিল সেইবাবে এই যুগটোক শৈল বা প্ৰস্তৰ যুগ বুলি কোৱা হয়।


১৬। নিম্ন প্ৰত্ন প্ৰস্তৰ যুগৰ বৈশিষ্ট্য কি?

উত্তৰঃ নিম্ন প্ৰত্ন প্ৰস্তৰ যুগৰ বৈশিষ্ট্য আছিল গধুৰ শিলৰ আহিলা আৰু হাত কুঠাৰৰ ব্যৱহাৰ।


১৭। আড়ম্বৰ আৰু বিষয়বস্তুৰ ভিত্তিত ভাৰতীয় শৈল কলা কেইটা পৰ্যায়ত ভাগ কৰা হৈছে? কি কি?

উত্তৰঃ আড়ম্বৰ আৰু বিষয়বস্তুৰ ভিত্তিত ভাৰতীয় শৈল কলা তিনিটা পৰ্য়ায়ত ভাগ কৰা হৈছে- (ক) প্ৰাক্-ঐতিহাসিক, উচ্চ প্ৰত্ন প্ৰস্তৰ যুগ। এই পৰ্যায়ত বনৰীয়া জন্তু আৰু চিকাৰ সংগ্ৰহ দৃশ্যই প্ৰাধান্য বিস্তাৰ কৰিছে। (খ) পৰিৱৰ্তনশীল, নৱ-প্ৰস্তৰ চেলকোলিথিক পৰ্যায়, এই পৰ্যায়ত পোহনীয়া জন্তু আৰু কৃষি কাৰ্যৰ সৈতে জড়িত কাম-কাজ প্ৰদৰ্শন কৰা হৈছে। (গ) ঐতিহাসিক, গুপ্ত যুগ পৰ্যন্ত, এই পৰ্যায়ত ঘোৰা আৰু হাতীৰ পিঠিত বহি শৰ আৰু যাঠি হাতত লৈ থকা যোদ্ধাৰ ছবি অংকন কৰা হৈছে।  



Author : Pompi Hazarika








Post ID: DABP004525