আঞ্চলিক শক্তিৰ উত্থান ( Rise of Regional Powers)

 চতুৰ্থ অধ্যায়


১। প্ৰতিহাৰসকল ( Pratiharas )

২। ৰাষ্ট্ৰকুটসকল  ( Rastrakutas)

৩। চোলসকল ( Cholas) 


অতি চমু প্ৰশ্ন

১। উত্তৰ ভাৰতত কেতিয়া অন্ধকাৰ  যুগৰ সূচনা হৈছিল ।

উত্তৰঃ  গুপ্তসকলৰ পতনৰ পাছত উত্তৰ ভাৰতত অন্ধকাৰ যুগৰ সূচনা  হৈছিল ।


২।  কিমান খ্ৰীঃত হৰ্ষবৰ্দ্ধনৰ মৃত্যু হয় ।

উত্তৰঃ ৬৪৭ খ্ৰীঃত হৰ্ষবৰ্দ্ধনৰ মৃত্যু হয় ।


৩।  ৰাজপুতসকল কোন আছিল 
উত্তৰঃ ৰাজপুতসকল আছিল এটা যুজাৰু জাতি ।

৪। হুপ্ত সাম্ৰাজ্যৰ পতন কেতিয়া হয় ।

উত্তৰঃ হুনসকলৰ আক্ৰমণৰ বাবে গুপ্তসকলৰ পতন হয় ।


৫। বাকপতিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

ফত্তৰঃ  বাকপতিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল গৌড়বাহো ।


৬। যশোবৰ্মনৰ সমসাময়িক কাশ্মীৰৰ ৰজাজনৰ নাম কি আছিল ।

উত্তৰঃ  যশোবৰ্মনৰ সমসাময়িক কাশ্মীৰৰ ৰজাজনৰ নাম হল ললিতাদিত্য ।


৭। হিউৱেন চাঙে কাশ্মীৰ ভ্ৰমণ কৰাৰ সময়ত নাগবংশৰ ৰজা কোন আছিল ।

উত্তৰঃ হিউৱেন চাঙে কাশ্মীৰ ভ্ৰমমণ কৰাৰ সময়ত নাগবংশৰ ৰজা আছিল দুৰ্লভনাৰায়ণ ।


৮। প্ৰতাপপুৰ নগৰ কোনে নিৰ্মাণ কৰিছিল ।

উত্তৰঃ প্ৰতাপপুৰ নগৰ নিৰ্মাণ কৰিছিল দুৰ্লভবৰ্দ্ধনৰ পুত্ৰ প্ৰতাপাদিত্যই ।


৯। কাশ্মীৰ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন  আছিল ।

উত্তৰঃ কাশ্মীৰ ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল দুৰ্লভবদ্ধন ।


১০। কাশ্মীৰ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল ।

উত্তৰঃ  কাশ্মীৰ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হল ললিতাদিত্য ।


১১। প্ৰতিহাৰসকলক কাৰ শাখা বুলি কোৱা হয় ।

উত্তৰঃ গুৰ্জৰসকলৰ শাখা বুলি কোৱা হয় ।


১২। কনৌজৰ গাহড়ৱাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ।

উত্তৰঃকনৌজৰ গাহড়ৱাল বংশৰ প্ৰতিষ্ঠাতা আছিল চন্দ্ৰদেৱ ।


১৩। তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ।

উত্তৰঃ তৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিল ১১৯২ চনত ।


১৪। বুন্দেলখণ্ডৰ পুৰণি নাম কি আছিল ।

উত্তৰঃ বুন্দেলখম্ডৰ পুৰণি নাম আছিল জেজাকভূক্তি ।


১৫। বুন্দেলখণ্ডৰ প্ৰধান শাসনকৰ্তা দুজনৰ নাম কি আছিল ।

উত্তৰঃ বুন্দেলখণ্ডৰ প্ৰধান শাসনকৰ্তা দুজনৰ নাম হল ডাঙ্গা আৰু কীৰ্ত্তিবৰ্মন ।


১৬। মহৱাৰ ওচৰৰ সুন্দৰ হ্ৰদ কোনে নিৰ্মাণ কৰিছিল ।

উত্তৰঃ মহৱাৰ ওচৰৰ সিন্দৰ হ্ৰদটো কীৰ্ত্তিবৰ্মনে নিৰ্মাণ কৰিছিল ।


১৭। কালাচুৰীৰ চেদী ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ কালাচুৰীৰ চেদী ৰাজ্যৰ ৰাজধানীৰ নাম হল ত্ৰিপুৰী ।


১৮। চেদী ৰাজ্যৰ প্ৰতিষ্ঠাতাজনৰ নামটো কি আছিল ।

উত্তৰঃ  চেদী ৰাজ্যৰ প্ৰতিষ্ঠাতাজনৰ নামটো হল লক্ষ্মণ ৰাজা ।


১৯। পাৰমাৰ বংশ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ।

উত্তৰঃ  ৮২০ খ্ৰীঃত পাৰমাৰ বংশ প্ৰতিষ্ঠা কৰা হৈছিল ।


২০।পাৰমাৰ বংশৰ উল্লেখযোগ্য ৰজাজনৰ নাম কি ।

উত্তৰঃ পাৰমাৰ বংশৰ উল্লেখযোগ্য ৰজাজনৰ নাম হল ভোজ ।


২১। চান্দ বাৰদৈ লিখা গ্ৰন্থখনৰ নাম কি আছিল ।

উত্তৰঃ চান্দ বাৰদৈ লিখা গ্ৰন্থখনৰ নাম হল Prithviraj Raso.


২২। কামৰূপ আৰু কনৌজৰ ৰজা দুজনৰ নাম কি কি আছিল ।

উত্তৰঃ  কামৰূপ আৰু কনৌজৰ ৰজা দুজনৰ নাম হল 

কামৰূপৰ ৰজাঃ ভাস্কৰ বৰ্মন 

কনৌজৰ ৰজা ঃ হৰ্ষবৰ্দ্ধন 


২৩। বংগদেশৰ পালবংশৰ প্ৰতিষ্ঠাতা কোন আছিল ।

উত্তৰঃ  বংশদেশৰ পালবংশৰ প্ৰতিষ্ঠাতা আছিল গোপাল ।


২৪। গুৰ্জৰসকলে ভাৰতবৰ্ষত কেতিয়া প্ৰৱেশ কৰিছিল  ।

উত্তৰঃ  পঞ্চমশতিকাৰ শেষ বাগ আৰু ষষ্ঠ  শতিকাৰ প্ৰথমভাগতে গুৰ্জৰসকলে ভাৰতবৰ্ষতপ্ৰৱেশ কৰিছিল ।


২৫। প্ৰতিহাৰসকলৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ  প্ৰতিহাৰসকলৰ ৰাজধানীৰ নাম হল ভিনমল ।


২৬। প্ৰতিহাৰসকল কোন বংশৰ লোক আছিল ।

উত্তৰঃ প্ৰতিহাৰসকল সূৰ্য বংশৰ লোক আছিল ।


২৭। প্ৰতিহাৰ বংশটো কোনে প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ  ১ম নাগভট্টই প্ৰতিহাৰ বংশটো প্ৰতিষ্ঠা কৰিছিল ।


২৮। মিহিৰ ভোজে কিমান খ্ৰীঃত প্ৰতিহাৰ ৰাজ্যৰ সিংহাসনত বহিছিল ।

উত্তৰঃ  ৮৪০ খ্ৰীঃত মিহিৰ ভোজেপ্ৰতিহাৰ ৰাজ্যৰ সিংহাসনত বহিছিল ।


২৯। ৰজা ভোজে তেওঁৰ ৰাজধানী কত পাতিছিল ।

উত্তৰঃ  ৰজা ভোজে তেওঁৰ ৰাজধানী পাতিছিল কনৌজত ।


৩০। প্ৰতিহাৰসকলৰ বিপদৰ প্ৰধান কাৰণটো কি আছিল ।

উত্তৰঃ  প্ৰতিহাৰসকলৰ বিপদৰ প্ৰধান কাৰণটো হল 

ৰাষ্ট্ৰকুটসকলৰ লগত প্ৰতিহাৰসকলৰ জন্মগত শত্ৰুতা ।


৩১ ।  প্ৰতিহাৰ যুগৰ মানুহে পবিত্ৰ কৰ্তব্য বুলি কাক গণ্য কৰিছিল ।

উত্তৰঃ প্ৰতিহাৰ যুগৰ মানুহে পবিত্ৰ কৰ্তব্য বুলি মন্দিৰ আৰু মূৰ্ত্তি নিৰ্মাণ কাৰ্যক।


৩২। প্ৰতিহাৰসকলে কাক পূজা-পাতল কৰিছিল ।

উত্তৰঃ  প্ৰতিহাৰসকলে ইন্দ্ৰ, শঙ্কৰ,পশুপতি, যোগস্বামী, আৰু শম্ভূ আদিক পূজা পাতল কৰিছিল । 


৩৩। প্ৰতিহাৰ যুগৰ সামাজিক অৱস্থাৰ বিষয়ে লিখা ।

উত্তৰঃ এই যুগত জাতিভেদ প্ৰথাৰ প্ৰচলন আছিল আৰু লিপিসমূহত বৈদিক যুগত প্ৰচলিত চাৰিটা বৰ্ণৰ বিষয়ে উল্লেখ পোৱা গৈছে । লিপিসমূহত ূ্ৰাহ্মণসকলৰ বিগ্ৰ বুলি কোৱা হৈছে আৰু ক্ষচ্ৰিয়সকলৰ বাবে প্ৰাকৃত শব্দ ব্যৱহাৰ কৰা হৈছিল । ব্ৰাহ্মণসকলৰ ভিতৰত ভট্ট আৰু চৰ্তুব্বেদ শ্ৰেষ্ঠ আছিল । আৰৱ দেশৰ লিখনীৰ পৰা গম পোৱা গৈছিল যে বৈশ্যসকলে শূদ্ৰৰ কাম কৰা নাছিল আৰু শূদ্ৰসকলেও বৈশ্যৰ কাম কৰা নাছিল ।


চমু প্ৰশ্ন 

১। ৰাষ্ট্ৰকুটসকল কাৰ বংশধৰ আৰু ৰাষ্ট্ৰকুট শব্দটো কৰ পৰা নামাকৰণ কৰা হৈছে ।

উত্তৰঃ  ৰাষ্ট্ৰকুটসকল ৰাটৰ বংশধৰ আৰু ৰাষ্ট্ৰকুট শব্দটো ৰাটৰ পৰা নামাকৰণ কৰা হৈছে ।


২। ৰাষ্ট্ৰকুট বংশ কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ  ৰাষ্ট্ৰকুট বংশ দান্তিদুৰ্গ নামৰ ৰজা এজনে চালুক্য ৰজা দ্বিতীয় কীৰ্তিবৰ্মনক পৰাস্ত কৰি এই বংশ প্ৰতিষ্ঠা কৰিছিল ।


৩। ৰাষ্ট্ৰকুটসকলৰ ইতিহাসৰ প্ৰধান সমলসমূহ কি কি ।

উত্তৰঃ ৰাষ্ট্ৰকুটসকলৰ ইতিহাসৰ প্ৰধান সমলসমূহ হল লিপিসমূহ, পালি ভাষাত ৰচনা কৰা প্ৰাচীন সাহিত্য, সমসাময়িক সংস্কৃত আৰু কানাড়া সাহিত্য,আৰু আৰৱ দেশ ভ্ৰমণকৰা ভ্ৰমণকাৰীসকলৰ টোকা 


৪। ৰাষ্ট্ৰকুট বংশৰ প্ৰধান শাসনকৰ্তা কেইজনৰ নাম লিখা ।

উত্তৰঃ ৰাষ্ট্ৰকুট বংশৰ প্ৰধান শাসনকৰ্তা কেইজনৰ নাম হল 

দন্তি বৰ্মন, প্ৰথম ইন্দ্ৰ, প্ৰথম গৌবিন্দ, প্ৰথম কৰ্কা, আৰু দ্বিতীয় ইন্দ্ৰৰাজ।


৫। দ্বিতীয় বিক্ৰমাদিত্যৰ মৃত্যু কেতিয়া হৈছিল ।

উত্তৰঃ  ৭৪৭ খ্ৰীঃত দ্বিতীয় বিক্ৰমাদিত্যৰ মৃত্যু হয় ।


৬। দান্তিদুৰ্গই  গ্ৰহণ কৰা উপাধি দুটাৰ নাম লিখা ।

উত্তৰঃ  দান্তিদুৰ্গই গ্ৰহণকৰা উপাধি দুটাৰ নাম হল 

ক) মহাৰাজাধিৰাজ পৰমেশ্বৰ আৰু পৰমভট্টাৰক ।


৭। দান্তিদুৰ্গৰ খুৰাকৰ নাম কি আছিল আৰু তেওঁ কেতিয়া ৰাজসিংহাসনত উঠিছিল ।

উত্তৰঃ দান্তিদুৰ্গৰ খুৰাকৰ নাম হল প্ৰথম কৃষ্ণ আৰু তেওঁ ৰজা হৈছিল দান্তিদুৰ্গৰ মৃত্যু হোৱাৰ পিছত।


৮।প্পুৰথম কৃষ্ণৰ পুত্ৰৰ  নাম কি আছিল আৰু তেওঁ কি উপাধি গ্ৰহণ কৰিছিল ।

উত্তৰঃ প্ৰথম কৃষ্ণৰ পুত্ৰৰ নাম আছিল দ্বিতীয় গোবিন্দ আৰু তেওঁ প্ৰভূতবৰ্ষ বিক্ৰমলোক উপাধিটো গ্ৰহণ কৰিছিল ।


৯। ৰাষ্ট্ৰকুট ৰজা ধ্ৰুৱয়ে ঘ্ৰহণ কৰা উপাধিটো নাম কি আছিল ।

উত্তৰঃ ৰাষ্ট্ৰকুট ৰজা ধ্ৰুৱয়ে গ্ৰহণ কৰা উপাধিটো হল শ্ৰী বল্লভ ।


১০। ৰাষ্ট্ৰকুট বংশৰ সমসাময়িক পালবংশৰ ৰজা কোন আছিল।

উত্তৰঃ ৰাষ্ট্ৰকুট বংশৰ সমসাময়িক পাল বংশৰ ৰজা আছিল ধৰ্মপাল ।


১১। তৃতীয় গোবিন্দৰ পুতেকৰ নাম কি ।

উত্তৰঃ  তৃতীয় গোবিন্দৰ পুতেকৰ নাম হল প্ৰথম অমোঘবৰ্ষ ।


১২। অমোঘবৰ্ষই গ্ৰহণ কৰা উপাধি কেইটামানৰ নাম লিখা ।

উত্তৰঃ  অমোঘবৰ্ষই গ্ৰহণ কৰা উপাধি কেইটাৰ নাম হল 

নৃপতূঙ্গ, মহাৰাজচন্দ্ৰ,বীৰ নাৰায়ণ, আৰু অতিশয়ধবল ।


১৩। পৃথিবীৰ শ্ৰেষ্ঠ চাৰিজন ৰজাৰ নাম লিখা ।

উত্তৰঃ  পৃথিৱীৰ শ্ৰেষ্ঠচাৰিজন ৰজাৰ নাম হল 

ৰাষ্ট্ৰকুট ৰজা অমোঘবৰ্ষ, বাগদাদৰ খলিফা, কনষ্টান্তিনোপলৰ সম্ৰাট আৰু চীনদেশৰ সম্ৰাট।


১৪। জীনসেন,মহাবীৰাচাৰ্য, আৰু শাক্তায়নে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম লিখা ।

উত্তৰঃ  জীনসেন মহাবীৰাচাৰ্য, আৰু শাক্তায়নে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম হল 

জীনসেন-আদিপুৰাণ।

মহাবীৰাচাৰ্য----- গণিতসাৰ

শাক্তায়ন------- অমোঘাবৃত্তি 


১৫। অমোঘাবৰ্ষৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ  অমোঘাবৰ্ষৰ ৰাজধানীৰ নাম আছিল মালখেটা বা  মালখেদ ।


১৬। অমোঘবৰ্ষই কানাড়ী বাষাত ৰচনা কৰা প্ৰথম কবিতাপুথিখনৰ নাম কি ।

উত্তৰঃ  অমোঘবৰ্ষই কানাড়ী ভাষাত ৰচনা কৰা প্ৰথম কবিতা পুথিখনৰ নাম হল কবিৰাজমাৰ্গ ।


১৭। কিমান খ্ৰীঃত পাৰমাৰসকলে ৰাষ্ট্ৰকুটসকলৰ ৰাজধানী অধিকাৰ কৰিছিল ।

উত্তৰঃ  ৯৭২ খ্ৰীঃত পাৰমাৰসকলে আক্ৰমণ কৰি ৰাষ্ট্ৰকুটসকলৰ ৰাজধানী মালখেদ অধিকাৰ কৰিছিল ।


১৮। ৰাষ্ট্ৰকুটসকলৰ এজন সফল ৰজাৰ নাম লিখা।

উত্তৰঃ ৰাষ্ট্ৰকুটসকলৰ এজন সফল ৰজাৰ নাম হল তৃতীয় কৃষ্ণ ।


১৯। ৰাষ্ট্ৰকুটসকলৰ শাসন ব্যৱস্থাৰ বিষয়ে লিখা ।

উত্তৰঃ ৰাষ্ট্ৰকুটসকলৰ শাসন ব্যৱস্থাত ৰজা আছিল প্ৰধান কেন্দ্ৰীয় শক্তি ।   তেওঁৰ উপাধিসমূহ আছিল মহাৰাজাধিৰাজ, পৰমভট্টাৰক, অকালবৰ্ষ, । কেৱল সামৰিক অভিযানৰ সময়ত বাহিৰত কটোৱা সময়খিনিৰ বাহিৰে বাকী থকা সময়খিনিত তেওঁ নিয়মীয়াকৈ ৰাজসভাত উপস্থিত থাকিব লাগিছিল বা আছিল । ৰজাৰ অনুমতি অনুসৰিহে ৰাজসভাত দৰ্শনাৰ্থীসকলে প্ৰৱেশ কৰিব পাৰিছিল । ৰজা সদায় দেহৰক্ষীৰ দ্বাৰাই সুৰক্ষিত হৈ আছিল। ৰাজসভাত নৰ্তকীসকলে নৃত্য কৰিছিল । ৰজাৰ ৰাজসভাত কৰতলীয়া ৰজা, বৈদেশীক ৰজা,বৈদেশীক ৰাষ্ট্ৰদূত , উচ্চপদস্থ সামৰিক বিষয়া কবি জ্যোতিষী আৰু বিভিন্ন ফৈদৰ প্ৰতিনিধি সকল উপস্থিত হৈ আছিল ।


২০। ৰাষ্ট্ৰকুটসকলৰ সামৰিক অৱস্থাৰ বিষয়ে লিখা ।

উত্তৰঃ  ৰাষ্ট্ৰকুট ৰজাসকল যথেষ্ট আশাবাদী ৰজা আছিল আৰু ৰাজ্যখনৰ উন্নতিৰ কাৰণে বা উন্নতিৰ স্বাৰ্থত তেওঁলোকে সামৰিক শক্তিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল । পাষ্ট্ৰকুট ৰজাসকলে এটা ডাঙৰ সৈন্যবাহিনীৰ কিমান সৈন্য আছিল তাক জানিব পৰা নাযায় । এটা ডাঙৰ সৈন্যবাহিনীৰ দল ৰাজধানীত ৰখাৰ উপৰিও উত্তৰ আৰু দক্ষিণৰ বাবে সুকীয়া সৈন্যদল আছিল । স্থায়ী সৈন্যদল প্ৰতিৰক্ষা আৰু ৰাজ্যজয়ৰ কাৰণে নিযুক্ত কৰা হৈছিল । সৈন্যদলত পদাতিক আৰু অশ্বাৰোহী দুটা শ্ৰেণীৰ সৈন্য আছিল । প্ৰাদেশিক শাসনকৰ্তা আৰু সামন্ত ৰজাসকলেও সৈন্যদলৰ যোগান ধৰিছিল । সৈন্যৰ দলত যোগহান কৰাৰ আগতে সৈন্যসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছিল । সৈন্যদলত ব্ৰাহ্মণ আৰু জৈনকে ধৰি সকলো জাতিৰে সৈন্য ভৰ্ত্তি কৰা হৈছিল ।  ৰাষ্ট্ৰকুটসকলৰ সেনাপতিসকলৰ ভিতৰত বাঙ্কেয়া, শ্ৰী বিজয়, নৰসিংহ,আদি জৈন ধৰ্মৰ লোক আছিল ।


 ২১। আটাইতকৈ উল্লেখযোগ্য এটা ভাস্কৰ্যৰ নাম লিখা ।

উত্তৰঃ  আটাইতকৈ উল্লেখযোগ্য এটা ভাস্কৰ্যৰ নাম হল শিৰণ্যকশিপুৰৰ মূৰ্ত্তি ।


২২। তিনিটা জৈন বিগ্ৰহৰ নাম লিখা ।

উত্তৰ তিনিটা জৈন বিগ্ৰহৰ নাম হল চোটা কৈলাশ, ইন্দ্ৰসভা আৰু জগন্নাথ সভা ।


২৩। দক্ষিণ ভাৰত উত্তৰ ভাৰতৰ পৰা কেতিয়া বিচ্ছিন্ন হৈ পৰিছিল ।

উত্তৰঃ  ৰাষ্ট্ৰকুটসকলৰ আগমনৰ আগতেই দক্ষিণ ভাৰত উত্তৰ ভাৰতৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল ।


২৪। দক্ষিণ ভাৰতৰ আটাইতকৈ পুৰণি বংশ এটাৰ নাম লিখা ।

উত্তৰঃ  দক্ষিণ ভাৰতৰ আটাইতকৈ পুৰণি বংশ এটাৰ নাম হল চোল বংশ ।


২৫। চোল শব্দটো কৰ পৰা আহিছে ।

উত্তৰঃ চোল শব্দটো চোলৰম শব্দৰ পৰা আহিছে ।


২৬। চোলসকলৰ এজন বিখ্যাত ৰজাৰ নাম লিখা আৰু তেওঁ কিমান শতিকাত ৰাজত্ব কৰিছিল ।

উত্তৰঃ  চোলসকলৰ এজন বিখ্যাত ৰজাৰ নাম হল কাৰিকল আৰু তেওঁ খ্ৰীঃ দ্বিতীয় শতিকাত ৰাজত্ব কৰিছিল ।


২৭।  চোলসকলৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ  চোলসকলৰ ৰাজধানীৰ নাম আছিল উৰাইয়ুৰ ।


২৮। কাৰিকলৰ পিছত চোলবংশৰ ৰজা কোন আছিল ।

উত্তৰঃ কাৰিকলৰ পিছত চোলবংশৰ ৰজা আছিল নেডুযুডিকিল্লী ।


২৯। প্ৰথম পৰান্সকৰ বিষয়ে লিখা ।

উত্তৰঃ  প্ৰথম আদিত্যৰ মৃত্যুৰ পাছত তেওঁ পুত্ৰ প্ৰথম পৰান্তক চোল ৰাজ্যৰ সিংহাসনত বহিছিল । প্ৰথম পৰান্তক সিংহাসনত বহাৰ পিছৰ পৰাই চোল ৰজাৰ ক্ষমতা বহুত বেছি বৃদ্ধি হয় । তেওঁ পাণ্ড্য ৰজাক পৰাস্ত কৰি সিংহল দ্বীপলৈ পলাই যাবলৈ বাধ্য কৰে । সিংহলৰ সৈন্যদলটোৰ সহায়ত পাম্ড্যৰজা ৰাজ সিনহাই তেওঁৰ হেৰোৱা ৰাজ্যখন উদ্ধাৰ কৰিবৰ বাবে চেষ্চা চলাইছিল যদিও ব্যৰ্থ হৈ পৰে । প্ৰথম পৰান্তকে ৰাজাদিত্যক ৰাজ্যখনৰ নিৰাপত্তাৰ কাৰণে উত্তৰ-পশ্চিম অংশত সংস্থাপন কৰিছিল । তেওঁৰ শাসনকালৰ শেষভাগত ৰাষ্ট্ৰকুট ৰজা তৃতীয় কৃষ্ণৰ হাতত তেওঁৰ পৰাজয় হয় ।


৩০। চোল ৰাজ্যৰ এজন সাহসী আৰু শক্তিশালী ৰজাৰ নাম লিখা ।

উত্তৰঃ  চোল ৰাজ্যৰ এজন  সাহসী আৰু শক্তিশালী ৰজাৰ নাম হল ৰাজাৰাজ ।


৩১ । চোলসকলৰ শাসন ব্যৱস্থাৰ বিষয়ে কি জানা চমুকৈ লিখা ।

উত্তৰঃ  ৰজা আছিল ৰাজ্যখনৰ মুৰব্বী । তেওঁ প্ৰধান কৰ্তব্য আছিল ৰাজ্যখনত আই শৃংখলা বজাই ৰখা । ৰাজ্যখনৰ সাৰ্বভৌম শক্তিৰ গৰাকী হিচাপে তেওঁ কিছুমান উপাধিৰ গৰাকী আছিল । ৰজাই তেওঁৰ ভৱিষ্যত উত্তৰাধিকাৰী হিচাপে যুৱৰাজক নিযুক্ত কৰিব পাৰিছিল । তেওঁ ৰজাৰ যোগ্য পুত্ৰ নাইবা প্ৰশাসনৰ দায়িত্ব লব পৰা আন লোকো হব পাৰে । ৰজাৰ পুত্ৰ সন্তান নাথাকিলেহে আন লোকক যুৱৰাজ পতা হৈছিল । প্ৰশাসনত সহায় কৰা কৰাৰ বাবে ৰজাই উচ্চপদস্থ বিষয়াসকলক নিযুক্তি দিছিল । ন্যায় বিভাগৰো তেওঁ আছিল এজন সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী । ৰজাই গোপনে দেশখনৰ প্ৰশাসনীয় কাম-কাজবোক চোৱা-চিতা কৰিছিল । চোলৰজাসকলে মন্দিৰ নিৰ্মাণ কৰাৰ বাবে যথেষ্ট দান আগবঢ়াইছিল । সেইকাৰণেই চোল ৰাজ্যৰ ৰজাৰ অৱস্থান আছিল সন্মানপূৰ্বক আৰু তেওঁৰ নেতৃত্বই ৰাজ্যৰ সকলো ব্যৱস্থা পৰিচালিত হৈ আছিল । 


৩২। জনপ্ৰিয় সভা কেই প্ৰকাৰৰ আছিল আৰু কি কি ।

উত্তৰঃ  জনপ্ৰিয় সভা আছিল চাৰিপ্ৰকাৰৰ যেনে 

ক) নাট্টৰ, খ) নাগৰট্ট. গ) উৰ আৰু ঘ) সভা ।


৩৩। সভা কি ।

উত্তৰঃ  সভা আছিল ব্ৰাহ্মণসকলৰ এখন বেলেগধৰণৰ সভা । এই ব্ৰাহ্মণ লোকসকলৰ ব্যক্তিগত সমস্যাবোৰৰ ওপৰত গুৰুত্ব দিছিল । এই সবাৰ অৱস্থিতিয়ে সেই সময়ৰ সমাজত ব্ৰাহ্মণ লোকসকলৰ স্থান যে সন্মানজনক অৱস্থানত আছিল তাকে বুজোৱা হয় পবা তাকে বুজায় । ৰজাই ব্ৰাহ্মণসকলৰ কল্যাণৰ বাবে বিশেষ বা অশেষ মনোযোগ দিছিল ।


৩৪। আটাইতকৈ সৰু এককটোৰ নাম কি আছিল ।

উত্তৰঃ আটাইতকৈ সৰু এককটোৰ নাম হল গাওঁ ।


৩৫। চোল ৰাজ্যৰ প্ৰথম ৰজাজনৰ নাম কি আছিল আৰু তেওঁ কত মন্দিৰ নিৰ্মাণ কৰাইছিল ।

উত্তৰঃ  চোল ৰাজ্যৰ প্ৰথম ৰজাজনৰ নাম হল ৰাজেন্দ্ৰ আৰু তেওঁ ৰাজধানী গঙ্গাকোণ্ডা চোলাপুৰমত এটা মন্দিৰ নিৰ্মাণ কৰিছিল ।


৩৬। পুগলেন্দীয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  পুগলেন্দীয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল নলবেম্বা ।


৩৭। কাম্বনে লিখা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  কাম্বনে লিখা গ্ৰন্থখনৰ নাম হল   Ramavataram ।                                                                                                                                                                        

Author- Ali rani kakati


     






Post ID: DABP004531