বিদেশীৰ আক্ৰমণ (Foreign Invasions )

পঞ্চম অধ্য়ায়

১। হুন  (Hunas)

২। আৰৱ ( Arabs)

৩। গজনীবাদ আৰু ঘোৰ (Ghaznivad & Ghorids)


ইতি চমু প্ৰশ্ন 

১। হুনসকল কোন আছিল ।

উত্তৰঃ হুনসকল মধ্য এছিয়াৰ এটা দুৰ্দ্ধৰ্ষ জাতি আছিল ।


২। হুনসকলক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ হুনসকলক দুটা ভাগত ভগাব পাৰি যেনে 

ক) কলা হুন আৰু বগা হুন ।


৩। কলা হুনসকলৰ দলপতিজনৰ নাম কি আছিল ।

উত্তৰঃ  কলা হুনসকলৰ দলপতিজনৰ নাম হল অট্টিল ।


৪। হুনসকলৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ হুনসকলৰ ৰাজধানীৰ নাম আছিল বলখ ।


৫। Topography গ্ৰন্থখন কোনে ৰচনা কৰিছিল ।

উত্তৰঃ  Cosmos নামৰ এজন গ্ৰীক লিখকে লিখিছিল ।


৬। টোৰমান কোন আছিল ।

উত্তৰঃ  টোৰমান আছিল হুনসকলৰ এজন অতি শক্তিশালী ৰজা বা পৰাক্ৰমী ৰজা । 


৭। কিমান চনত টোৰমানৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ৪৫১৫ খ্ৰীঃত হুনসকলৰ ৰজা টোৰমানৰ মৃত্যু হৈছিল ।


৮। টোৰমানৰ মৃত্যু হোৱাৰ পিছত ৰাজসিংহাসনত কোন বহিছিল ।

উত্তৰঃ  টোৰমানৰ মৃত্যু হোৱাৰ পিছত হুনসকলৰ ৰাজসিংহাসনত তেওঁৰ পুত্ৰ মিহিৰকুল বহিছিল ।


৯। মিহিৰকুলৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ মিহিৰকুলৰ ৰাজধানীৰ নাম আছিল শিয়ালকোট ।


১০।  হুন সাম্ৰাজ্যৰ পতন হোৱাৰ কাৰণটো কি আছিল ।

উত্তৰঃ হুন সাম্ৰাজ্যৰ পতন হোৱাৰ কাৰণটো হল দুৰ্বল আৰু অকৰ্মণ্য উত্তৰাধিকাৰী ।


১১। ৰাজতৰঙ্গিনী গ্ৰন্থখন কোনে লিখিছিল ।

উত্তৰঃ  ৰাজতৰঙ্গিনী গ্ৰন্থখন কলহনে লিখিছিল ।


১২। কাৰা লিপিত কি কথা উল্লেখ কৰা হৈ আছে ।

উত্তৰঃ  কাৰা লিপিত যশোবৰ্মন নামৰ এজন ৰজাই মিহিৰকুলক পৰাস্ত কৰা বুলি উল্লেখ কৰা হৈ আছে।


১৩। গোৱালিয়ৰ শিলালিপিত কাৰ বিষয়ে উল্লেখ কৰা হৈ আছে ।

উত্তৰঃ  গোৱালিয়ৰ শিলালিপিত হুনসকলৰ ৰজা টোৰমান যে শৈৱপন্থী আছিল তাৰ বিষয়ে উল্লেখ কৰা হৈ আছে ।


১৪। গুপ্ত সাম্ৰাজ্য পতন হোৱাপ এটা ৰাজনৈতিক কাৰণ উল্লেখ কৰা ।

উত্তৰঃ  গুপ্ত সাম্ৰাজ্য পতন হোৱাৰ এটা ৰাজনৈতিক কাৰণ হল স্কন্দগুপ্তৰ উত্তৰাধিকাৰীসকল দুৰ্বল আৰু ভীৰু হোৱা বাবেই হুনসকলৰ আক্ৰমণক বাধা দিব পৰা নাছিল । আৰু সেইকাৰণেই হুনসকলে গুপ্ত সাম্ৰাজ্যৰ পতন হোৱাটো বিচাৰিছিল। 


১৫। হজৰত  মহম্মদৰ মৃত্যু কেতিয়া হৈছিল ।

উত্তৰঃ  হজৰত মহম্মদৰ মৃত্যু হৈছিল ৬৩২ খ্ৰীঃত  ।


১৬। আৰৱসকলৰ ভাৰতবৰ্ষ আক্ৰমণৰ প্ৰধান কাৰণটো কি আছিল ।

উত্তৰঃ আৰৱসকলৰ ভাৰতবৰ্ষ আক্ৰমণৰ প্ৰধান কাৰণটো হল সম্পদৰ প্ৰতি থকা লোভ বা লালসা ।


১৭। হাজ্জাজৰ জোৱায়েকৰ নাম কি আছিল ।

উত্তৰঃ  হাজ্জাজৰ জোৱায়েকৰ নাম আছিল মহম্মদ বিন কাছিম ।


১৮। কিমান চনত হাজ্জাজৰ মৃত্যু হৈছিল ।

উত্তৰঃ ৭১৪ খ্ৰীঃত হাজ্জাজৰ মৃত্যু হৈছিল।


১৯। কিমান চনত খলিফা ৱালিদৰ মৃত্যু হৈছিল ।

উত্তৰঃ ৭১৫ খ্ৰীঃত খলিফা ৱালিদৰ মৃত্যু হৈছিল।


২০। সিন্ধু ৰাজ্যখন কিমান বছৰ খলিফাৰ অধীনত আছিল ।

উত্তৰঃ সিন্ধু ৰাজ্যখন ১৫০ বছৰ খলিফাৰ অধীনত আছিল।


২১। মহম্মদৰ পূৰ্বসুৰীসকলৰ এটা প্ৰধান লক্ষ্যৰ বিষয়ে লিখা ।

উত্তৰঃ   মহম্মদৰ পূৰ্বসুৰীসকলৰ এটা প্ৰধান লক্ষ্য হল যিবোৰ ৰাষ্ট্ৰত ইছলাম ধৰ্মৰ প্ৰচাৰ হোৱা নাই তাত এই ধৰ্মৰ প্ৰচাপ চলোৱা ।


২২। আৰৱসকলে সিন্ধুদেশত কিমান বছৰ শাসন  কৰিছিল ।

উত্তৰঃ  আৰৱসকলে সিন্ধুদেশত প্ৰায় ২০০ বছৰ শাসন কৰিছিল ।


২৩। আৰৱসকলে ভাৰতবৰ্ষত স্থায়ী সাম্ৰাজ্য স্থাপন কৰাত ব্যৰ্থ হৈ পৰা এটা কাৰণ কি আছিল ।

উত্তৰঃ আৰৱসকলে ভাৰতবৰ্ষত স্থায়ীসাম্ৰাজ্য স্থাপন কৰাত ব্যৰ্থ হৈ পৰা এটা কাৰণ হল 

ক) মহম্মদ বিন কাছিমৰ অকাল মৃত্যু ।


২৪। আদিতে তুৰ্কীসকল কোন আছিল ।

উত্তৰঃ  আদিতে তুৰ্কীসকল মধ্য এছিয়াৰ বাসিন্দা আছিল । 


২৫। চামানী বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ  তুৰ্কীসকলে চামানী বংশ প্ৰতিষ্ঠা কৰিছিল ।


২৬। চামানী বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ।

উত্তৰঃ  চামানী বংশৰ প্ৰতিষ্ঠাতা আছিল ইছমাইল ।


২৭। চামানী বশৰ এজন অতি উল্লেখযোগ্য ৰজাৰ নাম লিখা ।

উত্তৰঃ  চামানী বংশৰ এজন অতি উল্লেখযোগ্য ৰজাৰ নাম হল আহমদ ।


২৮। কোনে কাক বল্মৰ শাসনকৰ্তা পাতিছিল ।

উত্তৰঃ  চামানী বংশৰ শাসক আহমদে আলপ্তগীন নামৰ এজন দাসৰ গুণত মুগ্ধ হৈ তেওঁক ূবল্মৰ শাসনকৰ্তা পাতিছিল। 


২৯। আলপ্তগীনে কেতিয়া নিজকে ৰজা হিচাপে ঘোষণা কৰিছিল।

উত্তৰঃ   ৯৩৩ খ্ৰীঃত আলপ্তগীনে নিজকে ৰজা হিচাপে ঘোষণা কৰিছিল।


৩০। আলপ্তগীন কোনখন  ৰাজ্যৰ স্বাধীন ৰজা আছিল ।

উত্তৰঃ  আলপ্তগীন গজনী নামৰ এখন সৰু ৰাজ্যৰ স্বাধীন ৰজা আছিল ।


৩১। কিমান খ্ৰীঃত চবুক্তগীন গজনীৰ ৰজা হয় ।

উত্তৰঃ ৯৭৭ খ্ৰীঃত চবুক্তগীন গজনীৰ ৰজা হয়।


৩২। চবুক্তগীনে কিমান বছৰ ৰাজত্ব কৰিছিল ।

উত্তৰঃ  প্ৰায় বিশবছৰ সময় চবুক্তগীনে ৰাজত্ব কৰিছিল ।


৩৩। চবুক্তগীন কোন আছিল ।

উত্তৰঃ  চবুক্তগীন এজন সাহসী, যোগ্য াৰু উচ্চাকাংক্ষী শাসক আছিল ।


৩৪। চবুক্তগীনৰ সমসাময়িক পঞ্জাৱৰ ৰজাজনৰ নাম কি আছিল ।

উত্তৰঃ  চবুক্তগীনৰ সমসাময়িক পঞ্জাৱৰ ৰজাজনৰ নাম হল জয়পাল ।


৩৫। চুলতান মামুদৰ জন্ম কেতিয়া হৈছিল ।

উত্তৰঃ চুলতান মামুদৰ জন্ম হৈছিল ৯৭১ খ্ৰীঃৰ ১ নৱেম্বৰত ।


৩৬। চুলতান মামুদে কিমান খ্ৰীঃত সিংহাসনত উঠিছিল 

উত্তৰঃ  ৯৯৮ খ্ৰীঃত চুলতান মামুদে সিংহাসনত উঠিছিল ।


৩৭। চুলতান মামুদক কি উপাধি প্ৰদান কৰা হৈছিল ।

উত্তৰঃ  চুলতান মামুদক য়ামিন-উদ-দৌল্লা উপাধি প্ৰদান কৰা হৈছিল।


চমু প্ৰশ্ন ঃ

১। চুলতান মামুদে প্ৰথম আক্ৰমণ কেতিয়া কৰিছিল  ।

উত্তৰঃ  ১০০১ চুলতান মামুদে প্ৰথম আক্ৰমণ কৰিছিল ।


২। কিমান খ্ৰীঃত আৰৱসকলে পাৰস্য দখল কৰিছিল ।

উত্তৰঃ  ৬৭০ খ্ৰীঃত আৰৱসকলে পাৰস্য দখল কৰিছিল।


৩। মহম্মদ কাছিমৰ উত্তৰাধিকাৰীজনৰ নাম কি আছিল।

উত্তৰঃ মহম্মদ কাছিমৰ উত্তৰাধিকাৰীজনৰ নাম হল জুনৈদ ।


৪। তুৰ্কীসকলৰ উত্থানৰ বিষয়ে লিখা ।

উত্তৰঃ  তুৰ্কীসকলৰ উত্থান হৈছে াৰৱসকলৰ দুৰ্বলতাৰ প্ৰধান কাৰণ । তুৰ্কীসকলৰ উত্থানে অকল আৰৱসকলৰ আশা ভাঙি দিয়াই নহয় আৰৱসকলৰ পৰা খলিফাৰ পদটো কাঢ়ি নিয়ে বা বঞ্চিত কৰি পেলায় । দুৰ্বল খলিফাই তেওঁৰ অনুকৰণকাৰী লোকসকলকবিশেষবাৱে সহায় কৰিব পৰা নাছিল সেইকাৰণে ইয়াৰ সুবিধা লৈ তুৰ্কী সকলে বেছি উচ্চ ক্ষমতা দখল কৰিছিল ।

৬। গজনীৰ দুজন বিখ্যাত যোদ্ধাৰ নাম লিখা ।

উত্তৰঃ  গজনীৰ দুজন বিখ্যাত যোদ্ধাৰ নাম হল 

ক) আলপ্তগীন ।

খ) চবুক্তগীন ।


৭। চবুক্তগীনৰ বিষয়ে লিখা ।

উত্তৰঃ  ৯৭৭ খ্ৰীঃত চবুক্তগীন গজনী ৰাজ্যৰ সম্ৰাট হৈছিল । তেওঁ পাৰস্যৰ প্ৰথমজন সম্ৰাটৰ বংশধৰ বুলি কোৱা হয় । তেওঁ তুৰ্কীস্থানত বহুতদিন থকাৰ কাৰণে তেওঁক তুৰ্কী বংশৰ বুলিহে জনা যায় । আলপ্তগীনৰ তলত প্ৰথমে দাস হিচাপে কাম কৰিছিল যদিও পিছত নিজৰ কৰ্মদক্ষতাৰ বলত আলপ্তগীনৰ জোৱায়েক হয়গৈ । চবুক্তগীনে প্ৰায় বিশ বছৰ ৰাজত্ব কৰিছিল। তেোঁ এজন  সাহসী,যোগ্য আৰু উচ্চাকাংক্ষী শাসক আছিল । চবুক্তগীনে এখন বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল  । 


৮। কিমান খ্ৰী)তআৰু কিমান বছৰ বয়সত চবুক্তগীনৰ মৃত্যু হয় ।

উত্তৰঃ ৯৯৭ খ্ৰীঃত ৫৬ বছৰ বয়সত চবুক্তগীনৰ মৃত্যু হয় ।


৯। চুলতান মামুদে কিমান বছৰ বয়সত ৰাজসিংহাসনত বহিছিল ।

উত্তৰঃ  চুলতান মামুদে ২৭ বছৰ বয়সত ৰাজসিংহাসনতচ বহিছিল ।


১০। চুলতান মামুদৰ ভাৰত আক্ৰমণৰ লক্ষ্য কি আছিল ।

উত্তৰঃ  চুলতান মামুদৰ ভাৰত আক্ৰমণৰ লক্ষ্য আছিল ভাৰতবৰ্ষৰ ধন-সোণ লুন্ঠন কৰা ।


১১। নাগৰকোট আক্ৰমণ কৰাৰ কাৰণ কেইটা কি আছিল ।

উত্তৰঃ নাগৰকোট আক্ৰমণ কৰাৰ কাৰণ কেইটা হল 

ক) আনন্দপালে মামুদৰ বিৰুদ্ধে ফতেহ দাউদক সহায় কৰিছিল ।

খ) যেতিয়ালৈকে আনন্দপাল পঞ্জাৱৰ শাসনকৰ্তা আছিল  ভাৰতৰ ভিতৰলৈ প্ৰৱেশ কৰাটো মামুদৰ কাৰণে সম্ভৱ হৈ উঠা নাছিল ।

গ) আন্নপালে তেওঁৰ পিতৃ জয়পালৰ পৰাজয় হোৱাৰ কাৰণে প্ৰতিশোধ লবলৈ চেষ্টা কৰিছিল ।

ঘ) চুলতান মামুদৰ শক্তি ধ্বংস কৰিবলৈ আনন্দপালে এটা যৌথ শক্তি গঢ়ি তুলিছিল । 


১২। চুলতান মামুদে কিমান চনত নাগৰকোট দুৰ্গ অধিকাৰ কৰিছিল ।

উত্তৰঃ  ১০০৯ খ্ৰীঃত মামুদে নাগৰকোট দুৰ্গ অধিকাৰ কৰিছিল ।


১৩। সোমনাথ মন্দিৰ আক্ৰমণ কৰাৰ কাৰণ কেইটা কি কি আছিল ।

উত্তৰঃ  সোমনাথ মন্দিৰ আক্ৰমণ কৰাৰ কাৰণ কেইটা হল 

ক) চুলতান মামুদ সোণৰ কাৰণে বহুত লুভীয়া আছিল, এই মন্দিৰটো লুট-পাট কৰি তেওঁ যথেষ্ট সোণ পাব বুলি নিশ্চিত হৈ আছিল ।

খ) এটা সময়ত মন্দিৰৰ পুজাৰীসকলে মামুদৰ বিষয়ে কটুক্তি কৰিছিল । মামুদে ইয়াৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে মন্দিৰ আক্ৰমণ কৰিছিল ।

গ) মন্দিৰৰ পবিত্ৰতা নষ্ট কৰা মূৰ্তি ভঙা কামত তেওঁ  অধিক আগ্ৰহী আছিল ইয়াৰ দ্বাৰাই তেওঁৰ হিন্দু ধৰ্ম বিৰোধী মনোভাৱটো অতি স্পষ্ট হৈ উঠিছে ।

ঘ) মন্দিৰটো আক্ৰমণ কৰি বহুতো হিন্দু লোকক হত্যা কৰিছিল চুলতান মানুদে ।

সোমনাথ মন্দিৰৰ চাৰিওফালে প্ৰায় ১০ হেজাৰখন হিন্দু গাওঁ আছিল । হিন্দুলোকসকলে সোমনাথ মন্দিৰক বহুতো ভক্তি কৰাৰ লগতে এই মন্দিৰটোত পূজা-অৰ্চনা কৰিছিল । কোনো ধৰণৰ সহায় নোহোৱাকৈ সোমনাথ মন্দিৰৰ মূল বিগ্ৰহ হিচাপে মন্দিৰৰ মাজতে আছিল । চুলতান মামুদে যেতিয়া সোমনাথ মন্দিৰত প্ৰৱেশ কৰিছিল তেতিয়া মন্দিৰৰ স্বেচ্ছাসেৱকসকলে তেওঁক যথেষ্ট বাধা দিছিল কিন্তু এজন-এজনকৈ সকলো পৰাস্ত হৈছিল । তেতিয়া মন্দিৰৰ ওচৰতে যুদ্ধ-বিগ্ৰহৰ সূচনা হৈছিল ।


১৪। মামুদৰ শ্ৰেষ্ঠ সামৰিক বাহিনীৰ বিষয়ে লিখা ।

উত্তৰঃ  মামুদৰ সুসংগঠিত সৈন্য বাহিনী আছিল তেওঁ যুদ্ধক্ষেত্ৰত জয় হোৱাৰ এটা অন্যতম প্ৰধান কাৰণ । অশ্বাৰোহী বাহিনী আছিল অধিক আৰু সেইবোৰ সুসজ্জিত আছিল । মামুদ নিজেই এজন সুদক্ষ সেনাপতি আছিল আৰু জিহাদ ঘোষণা কৰি ভাৰতীয় শাসকৰ বিৰুদ্ধে তেওঁ জয়লাভ  কৰিবলৈ সক্ষম হৈছিল ।


১৫। মামুদৰ দুটা ব্যক্তিগত গুণৰ বিষয়ে লিখা ।

উত্তৰঃ মামুদৰ দুটা ব্যক্তিগত গুণ আছিল

ক) মামুদ আছিলএজন জন্মগত যোদ্ধা নিৰ্ভীক সেনাপতি,সাহসী আৰু দক্ষ বীৰ ।

খ) যুদ্ধ কৌশল আৰু ৰণ নীতিত তেওঁ আছিল এজন অতিকৈ ্অভিজ্ঞ ব্যক্তি ।


১৬। চুলতান মামুদৰ ভাৰত আক্ৰমণৰ দুটা ফলাফল কি আছিল  ।

উত্তৰঃ  চুলতান মামুদৰ ভাৰত আক্ৰমণৰ দুটা ফলাফল হল 

ক) মামুদৰ  আক্ৰমণে ভাৰতীয় সামৰিক ব্যৱস্থাৰ দুৰ্বলতা প্ৰকাশ কৰে । ইয়ে ৰাজনৈতিক ব্যৱস্থা ধ্বংস কৰি গোটেই দেশখনৰ ঐক্য বিনষ্ট কৰে । বহুতো ৰাজবংশৰ উচ্ছেদ হয় আৰু বহুতো সাহসী  বীৰৰ মৃত্যু হয় । যিসকল বাছি আছিল তেওঁলোকো অপমান আৰু লাজত মানসিকভাৱে ভাগি পৰে । আক্ৰমণকাৰীসকলে বহুতো সাধাৰণ নিৰপৰাধী প্ৰজাকো হত্যা কৰি অসভ্যতাৰ পৰিচয় দিছিল ।

খ) চুলতান মামুদৰ আক্ৰমণৰ মূল লক্ষ্য আছিল ভাৰতবৰ্ষৰ সা-সম্পদ লুট-পাট কৰি নিয়ে । তেওঁৰ অভিযানৰ আগতে ভাৰত এখন সম্পদশালী দেশ আছিল । মামুদৰ আক্ৰমণে ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থাত প্ৰভাৱ পেলায় আৰু ধন-সোণ লুট-পাটৰ দ্বাৰাই সম্পূৰ্ণ অৰ্থনৈতিক ব্যৱস্থা বা গাঠনি দুৰ্বল হৈ পৰে ।


১৭। আলাউদ্দিন হুছেইনে গজনীত কেতিয়া লুন্ঠন চলায় ।

উত্তৰঃ  ১১৫৫ খ্ৰীঃত আলাউদ্দিৱ হুছেইনে গজনীত লুন্ঠন চলায় ।


১৮। আলাউদ্দিন হুছেইনে গ্ৰহণ কৰা উপাধিটোৰ নাম কি ।

উত্তৰঃ আলাউদ্দিন হুছেইনে গ্ৰহণ কৰা উপাধিটোৰ নাম হল  জাহান চুজ ।


১৯। জাহান চুজ মানে কি ।

উত্তৰঃ  জাহান চুজ মানে হল পৃথিৱী জলাওতা ।


২০। ঘোৰ বংশৰ এজন অতি উল্লেখযোগ্য শাসকৰ নাম লিখা ।

উত্তৰঃ  ঘোৰ বংশৰ এজন অতি উল্লেখযোগ্য শাসকৰ নাম হল  মহম্মদ ঘোৰী ।


২১। ভাৰতবৰ্ষত তুৰ্কী সাম্ৰাজ্যৰ আধাৰশিলা স্থাপন কৰা এজন ব্যক্তিৰ নাম লিখা ।

উত্তৰঃ  ভাৰতবৰ্ষত তুৰ্কী সাম্ৰাজ্যৰ আধাৰশিলা স্থাপন কৰা এজন ব্যক্তিৰ নাম হল মহম্মদ 
ঘোৰী ।


২২। ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল আৰু তেওঁৰ আন এটা নাম কি আছিল ।

উত্তৰঃ  ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল মহম্মদ ঘোৰী আৰু তেওঁ আন এটা নাম আছিল মইজুদ্দিন ।


২৩। মহম্মদ ঘোৰীয়ে কিমানবাৰ ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ।

উত্তৰঃ মহম্মদ ঘোৰীয়ে ২ বাৰ ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ।


২৪। মহম্মদ ঘোৰীয়ে ভাৰতবৰ্ষ অভিযান কৰাৰ প্ৰধান কাৰণ কি আছিল ।

উত্তৰঃ  মহম্মদ ঘোৰীয়ে ভাৰতবৰ্ষ অভিযান কৰাৰ প্ৰধান কাৰণসমূহ হল 

মহম্মদ ঘোৰী আছিল এজন অতি উচ্চাকাংক্ষী ব্যক্তি আৰু সাম্ৰাজ্যবাদী চুলতান । ঘোৰীয়ে ঘোৰ সাম্ৰাজ্যৰ সৰু-সৰু ৰাজ্যবোৰক লৈ  সন্তষ্ট হোৱা নাছিল । তেওঁ নিজৰ সাম্ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিবলৈ বা সাম্ৰাজ্য সম্প্ৰসাৰণ কৰিবলৈ বৰ আশা আছিল আৰু এই আশাটো পূৰণ কৰিবৰ কাৰণে ভাৰতবৰ্ষ আক্ৰমণ কৰাই আছিল সকলোতকৈ ভাল উপায় । ভাৰতবৰ্ষৰ ৰাজনৈতিক , সামাজিক, ধৰ্মীয় আৰু সামৰিক দুৰ্বলতাৰ সুযোগ লৈ তেওঁ ভাৰতবৰ্ষ আক্ৰমণ কৰাৰ কাৰণে ঁঅধিক মনোযোগ দিছিল ।


২৫ূ। মহম্মদ ঘোৰীয়ে পঞ্জাৱ আক্ৰমণ কৰাৰ কাৰণটো কি আছিল ।

উত্তৰঃ মহম্মদ ঘোৰীয়ে পঞ্জাৱ আক্ৰমণ কৰাৰ কাৰণটো হল 

গজনী ৰাজ্য আৰু ঘোৰ ৰাজ্যৰ মাজত বহুতদিন ধৰি সংঘৰ্ষ চলিয়ে আছিল । ভাৰতবৰ্ষ আক্ৰমণ কৰাৰ আগতে মহম্মদ ঘোৰীয়ে গজনী ৰাজ্য দখল কৰিছিল আৰু গজনী ৰাজ্যৰ চুলতানে গজনী সাম্ৰাজ্য এৰি পলাই আহি পঞ্জাৱত আশ্ৰয় লৈছিল । মহম্মগ ঘোৰীয়ে গজনী সাম্ৰাজ্য শেষ কৰি গজনীৰ বংশধৰসকলক বিনাশ কৰিব বিচাৰিছিল । সেইকাৰণেই তেওঁ প্ৰথমতে পঞ্জাৱ আক্ৰমণ কৰাতো অতি প্ৰয়োজনীয় বুলি ভাৱিছিল ।


২৬। বাঘেলাসকলৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ  বাঘেলাসকলৰ ৰাজধানীৰ নাম আছিল অনহিলৱাৰা ।


২৭। গজনী  ৰাজ্যৰ শেষ বংশধৰজনৰ নাম কি আছিল ।

উত্তৰঃ গজনী ৰাজ্যৰ শেষবংশধৰজনৰনাম হল খুশ্ৰভ মালিক ।


২৮।মহম্মদ ঘোৰীয়ে কেতিয়া ভাতিণ্ডা দুৰ্গ দখল কৰিছিল ।

উত্তৰঃ ১১৯০ খ্ৰীঃত মহম্মদ ঘোৰীয়ে ভাতিণ্ডা দুৰ্গ গখল কৰিছিল ।


২৯। তৰাইনৰ প্ৰথম যুদ্ধৰ বিষয়ে লিখা ।

উত্তৰঃ তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল ১১৯১ খ্ৰীঃত ।  মহম্মদ ঘোৰীয়ে যেতিয়া ভাতিণ্ডাত নিজৰ আধিপত্য স্থাপন কৰিছিল সেই সময়ত দিল্লী আৰু আজমীৰৰ শাসক আছিল পৃথিৰাজ চৌহান বা ৰাজ পিথোৰা শংকিত হয় । তেওঁ এজন ্তি  সাহসী আৰু ব্যক্তিগত ৰজা আছিল । তেওঁ এটা সৈন্যদল লগত লৈ মহম্মদ ঘোৰীৰ পথ বন্ধ কৰাৰ কাৰণে তেওঁ ভাতিণ্ডালৈ আগবাঢ়ে । থানেশ্বৰৰ পৰা ১৫ মাইল দুৰততৰাইন নামৰ এখন ঠাইত মহম্মদ ঘোৰী আৰু পৃথিৰাজ চৌহানৰ মাজত এখন তুমুল যুদ্ধ হয় । বহুতো ৰাজপুত ৰজাই  এই যুদ্ধখনত পৃথিৰাজ চৌহানক আৰ্থিকভাৱে সহায়-সাৰথি আগবঢ়ায় ।কিন্তু কনৌজৰ ৰজা জয়চন্দ্ৰই পৃথিৰাজক সহায় কৰা নাছিল । এই যুদ্ধত পৃথিৰাজ চৌহানৰ ভায়েকগোবিন্দ চন্দ্ৰই নিজৰ দুটা দাঁত হেৰুওৱাৰ লগতে ঘোৰীক আক্ৰমণ কৰি বৰ বেয়াকৈ আঘাট কৰিছিল । প্ৰৱল ৰক্তপাত হোৱাৰ কাৰণতে ঘোৰীয়ে ঘোৰাৰ পৰা পৰাৰ আগতে এজন খিলজী সৈন্যই মহম্মদ ঘোৰীক যুদ্ধক্ষেত্ৰৰ পৰা পলাই নিয়ে । যুদ্ধক্ষেত্ৰৰ পৰা চুলতান নোহোৱাৰ কাৰণে মুছলমান সৈন্যসকলে পলাই পত্ৰং দিয়ে । ইয়াৰ পিছত পৃথিৰাজে মুছলমানসকলক পৰাস্ত কৰি ভাতিণ্ডা উদ্ধাৰ কৰে । কিন্তু এই পৰাজয়ে ঘোৰীৰ মনত এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । তেওঁ এই পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ কাৰণে তাৰ পিছৰ বছৰত পুনৰবাৰ ভাৰতবৰ্ষ আক্ৰমণ কৰে । 


৩০।তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ।

উত্তৰঃ  তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল ১১৯২ খ্ৰীঃত ।


৩১। মহম্মদ ঘোৰীৰ মৃত্যু কিমান চনত হৈছিল ।

উত্তৰঃ ১২০৬ খ্ৰীঃত মহম্মদ ঘোৰীৰ মৃত্যু হৈছিল ।


৩২। এজন প্ৰসিদ্ধ ৰাজনীতিবিদ হিচাপে মহম্মদ ঘোৰী কেনেকুৱা আছিল ।

উত্তৰঃ সামৰিক বাহিনমীৰ দক্ষতাত মামুদ াৰু  মহম্মদ ঘোৰীৰ তুলনা নহয় । তথাপিও মহম্মদ ঘোৰী আছিল এজন প্ৰকৃত বাস্তৱবাদী ৰাজনীতিবিদ । তেওঁ ভালদৰে ৰাজনৈতিক অৱস্থা আৰু পৰিস্থিতি বুজি পাইছিল আৰু ভাৰতবৰ্ষৰ শাসকসকলৰ দুৰ্বলতা বুজিব পাৰিছিল । তেওঁ ভাৰতীয় ৰজাৰ ৰাজ্যত লুট-পাট কৰি শান্তিয়ে থকা নাছিল সেইবোৰ চিৰদিনৰ কাৰণে ধ্বংস কৰি তুৰ্কী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । সেইকাৰণেই মহম্মদ ঘোৰীক এজন বিখ্যাত ৰাজনীতিবিদ বুলি কোৱা হয় ।


৩৩। মহম্মদ ঘোৰীৰ ভাৰতবৰ্ষ আক্ৰমণৰ দুটা ফলাফলৰ বিষয়ে লিখা ।

উত্তৰঃ  মহম্মদ ঘোৰীৰ ভাৰতবৰ্ষ আক্ৰমণৰ দুটা ফলাফল হল 

ক) আৰৱসকলে সিন্ধু আৰু মূলতানত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল । চুলতান মামুদে যদিও পঞ্জান নিজৰ সাম্ৰাজ্যৰ অন্তভূৰ্ক কৰিবলৈ সক্ষম হৈছিল তথাপিও ই সম্পূৰ্ণ হোৱা নাছিল । ভাৰতবৰ্ষত এখন স্থায়ী তুৰ্কী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত মহম্মদ ঘোৰীৰ কৃতিত্ব আছিল অতিকৈ লেখত লবলগীয়া ।

সেইদৰেই প্ৰায় ৬ শতিকাজুৰি ভাৰতত মুছলমানৰ শাসন প্ৰৱৰ্ত্তিত হৈছিল । 

খ) বিদেশী আক্ৰমণকাৰীসকলৰ লুটপাট কৰাৰ বাবে ভাৰতবৰ্ষৰ অৰ্থনৈতিক গাঠনি দুৰ্বল হৈ পৰিছিল । বিদেশীসকলে ধ্বংস কৰা ভাৰতীয় কলাৰ নিদৰ্শনসমূহ আৰ্থিক দুৰৱস্থাৰ বাবে মেৰামতি বা পুনৰ নিৰ্মাণকৰা নহল । ইয়াৰ  ফলত কিছুমান বিদেশী ৰাষ্ট্ৰৰ সৈতে বেহা-বেপাৰ কৰাৰ পথ মুকলি হৈছিল । বণিকসকলে গজনী, ইৰাণ, আৰবিয়া আৰু খোৰাচান আদিলৈ বাণিজ্য সম্প্ৰসাৰণ কৰি কিছুমান লুপ্ত সম্পদ উদ্ধাৰ কৰাত সহায় কৰিছিল । অৱশ্যে এই মতটো সকলোৱে বাবে গ্ৰহণযোগ্য নহয় । 


৩৪। ৰাজপুত শক্তি পৰাজয় হোৱাৰ দুটা কাৰণ লিখা ।

উত্তৰঃ ৰাজপুত শক্তি পৰাজয় হোৱাৰ দুটা কাৰণ হল 

ক) ৰাজনৈতিক ঃ মুছলমানসকলে আক্ৰমণ কৰাৰ আগতে ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থা অতিকৈ দুখলগা আছিল । ৰজা হৰ্ষবৰ্দ্ধনৰ মৃত্যুৰ পাছত উত্তৰ ভাৰতত বহুতো সৰু-সৰু ৰাজ্যৰ সৃষ্টি হৈছিল । আৰু ৰাজপুতসকলৰ বেলেগ বেলেগ ফৈদবোৰে ইয়াত ৰাজত্ব কৰিছিল । এই ৰাজ্য আৰু ৰজাবোৰৰ মাজত একতা নাছিল । বহুসময়ত চুবুৰীয়া ৰাজ্য আক্ৰমণ কৰাৰ বাবে সেইবোৰে বিদেশী আক্ৰমণকাৰীক আমন্ত্ৰণ জনাইছিল আৰু তেনে যুদ্ধত তেওঁলোকে ভাৰতীয়সকলৰ বিৰুদ্ধে যুদুধত সহায় কৰিছিল ।  ৰাজনৈতিক অনৈক্যতাই হৈছে ৰাজপুতসকলৰ পৰাজয় হোৱাৰ প্ৰধান কাৰণ ।

প্ৰতিজন ৰজাই নিজৰ ৰাজ্যৰ কথাহে ভাৱিছিল গোটেই দেশখনৰ কথা ভবা  নাছিল । সেইকাৰণে তেওঁলোকে যুদ্ধক্ষেত্ৰত অকলশৰীয়া হৈ পৰিছিল ।  ৰাজপুতসকলৰ মাজত জাতীয়তা ভাবৰ ্ভাৱ আছিল । ৰাজপুতসকলে নিজৰ ফৈদসমূহকলৈ গৌৰৱ কৰিছিল আৰু সদায় নিজৰ সুৰক্ষাৰ বাবেহে চিন্তা কৰিছিল । তেওঁলোকে মুছলমানসকলৰ বিৰুদ্ধে লগ হৈ যুজিবলৈ কেতিয়াও চেষ্টা কৰা নাছিল । 

খ) সামৰিকঃ ৰাজপুতসকলৰ সামৰিক সংগঠন আছিল ক্ৰটীপূৰ্ণ । ৰাজ্যখনৰ সুৰক্ষাৰ বাবে ৰাজপুতসকলে স্থায়ী সৈন্যদল মজুত ৰখা নাছিল । ৰজাই সামন্ত প্ৰভূসকলৰ সৈন্যৰ ওপৰত নিৰ্ভৰ কৰিছিল । যুদ্ধৰ সময়ত বহুতো সৈন্যদল নিযুক্তি দিয়া হৈছিল । যিবোৰৰ কোনো প্ৰশিক্ষণ নাছিল । ভাৰতীয় সৈন্যদলত অকল পদাতিক সৈন্যহে আছিল আৰু তেওঁলোকৰ যুদ্ধৰ আহিলা আৰু প্ৰশিক্ষণৰ অভাৱ  আছিল । এই সৈন্যবোৰে মুছলমান অশ্বাৰোহী সৈন্যৰ সন্মুখত তিষ্ঠি থাকিব পৰা নাছিল ।

সামৰিক সংগঠনৰ অভাৱো আছিল ৰাজপুতসকলৰ পৰাজয়ৰ অন্যতম এটা কাৰণ ।

Author - Ali rani kakati








Post ID: DABP004581