প্ৰায়োগিক নীতিবিদ্যাৰ স্বৰূপ

গোটঃ১

Answer briefly of the following questions :

তলত দিয়া প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া ঃ

1. What is applied ethics ?

প্ৰায়োগিক নীতিবিদ্যা কাক বোলে ?

Ans : যি নৈতিক আলোচনা প্ৰত্য়ক্ষ বা পৰোক্ষভাৱে জীৱনৰ প্ৰয়োজনৰ লগত যুক্ত তাক প্ৰায়োগিক নীতিবিদ্য়া বোলা হয়।


2. State any two important subject matter of applied ethics.

প্ৰায়োগিক নীতিবিদ্যাৰ যিকোনো দুটা গুৰুত্বপূৰ্ণ আলোচ্য বিষয়বস্তু উল্লেখ কৰা ।

Ans : প্ৰায়োগিক নীতিবিদ্যাৰ যিকোনো দুটা গুৰুত্বপূৰ্ণ আলোচ্য বিষয়বস্তু হল- পেছাগত বা বৃত্তিমূলক নীতিবিদ্য়া  আৰু পৰিৱেশমূলক নৈতিকতা।


3. Is morality independet of religion, according to Peter Singer ? 

পিটাৰ ছিংগাৰৰ মতে, নৈতিকতা ধৰ্মৰ পৰা স্বতন্ত্ৰ নে ?

Ans : হয়, পিটাৰ ছিংগাৰৰ মতে, নৈতিকতা ধৰ্মৰ পৰা স্বতন্ত্ৰ।


4. Is utility the appropriate standard of morality ?

উপযোগিতা নৈতিকতাৰ উপযুক্ত মানদণ্ড নে ?

Ans :


5. Is practical ethics universal ?

ব্যৱহাৰিক নীতিবিজ্ঞান সাৰ্বিক হয় নে ?

Ans : নহয়।


6. Who is regarded as the pioneer of applied ethics ?

প্ৰায়োগিক নীতিবিদ্যাৰ বাটকটীয়া বুলি কাক গণ্য কৰা হয় ?

Ans : পিটাৰ ছিংগাৰ (Peter Singer)।


7. Who is the author of 'Practical Ethics' ?

'Practical Ethics' গ্ৰন্থখনৰ লেখক কোন ?

Ans : পিটাৰ ছিংগাৰ (Peter Singer)।


8. What is human value ?

মানৱীয় মূল্য মানে কি ?

Ans : মানৱীয় মূল্য় হল, সেই মানৱীয় মানদণ্ড, লক্ষ্য় বা আদৰ্শ যাৰ আধাৰত বিভিন্ন মানৱীয় পৰিস্থিতি আৰু বিষয়ৰ মূল্য়াংকণ কৰা হয়। এই মূল্য়ত ব্য়ক্তিৰ বাবে জীৱনৰ এটা অৰ্থ নিৰ্ধাৰণ কৰা হয় আৰু ব্য়ক্তিয়ে ইয়াক সামাজিক জীৱনৰ বাবে মহত্বপূৰ্ণ বুলি বিবেচনা কৰে।


9. Mention any two human values.

যিকোনো দুটা মানৱীয় মূল্য উল্লেখ কৰা ।

Ans : দুটা মানৱীয় মূল্য হল- প্ৰেম আৰু সহানুভূতি আৰু শান্তি।



1. Write short note on the following :

তলত দিয়া বিষয়সমূহৰ ওপৰত চমু টোকা লিখা ঃ

(a) Professional Ethics

বৃত্তিমূলক বা পেছাগত নীতিবিদ্যা

Ans : বৃত্তিমূলক বা পেছাগত নীতিবিদ্যাঃ প্ৰায়োগিক নীতিবিদ্য়াৰ এটা অতি উল্লেখযোগ্য় আলোচ্য়-বিষয় হল বৃত্তিগত বা পেছাগত নৈতিকতা। সমাজৰ প্ৰতিজন মানুহে জীৱিকা নিৰ্বাহৰ বাবে কোনো বৃত্তিত জড়িত থাকে। মানৱ সমাজ ব্য়ৱস্থাত মানুহে বিভিন্ন বৃত্তিত জড়িত থাকে, যেনে- শিক্ষকতা, সাংবাদিকতা, অধিবক্তা, চিকিৎসক, চৰকাৰী বা বেচৰকাৰী চাকৰি, ব্য়ৱসায় ইত্য়াদি। এই বৃত্তিত জড়িত থকা কালছোৱাত প্ৰতিজন ব্য়ক্তিৰ কৰণীয় কি- এই সম্পৰ্কে বৃত্তিগত নৈতিক আলোচনা কৰা হয়। নিজৰ বৃত্তিমূলক কামত সদায় সততা, সংহতি, গোপনীয়তা ইত্য়াদি বজাই ৰাখিব লগা হয়। ব্য়ক্তি যি পেছাত জড়িত তাৰ লগত সংশ্লিষ্ট দায়িত্ব নিষ্ঠাৰ সৈতে পালন কৰা আৰু এই সম্পৰ্কীয় নৈতিক কোড আলোচনা কৰাই বৃত্তিগত নৈতিকতাৰ মূল আলোচ্য় বিষয়।


পৰিৱেশীয় নীতিবিদ্যা

Ans : পৰিৱেশীয় নীতিবিদ্য়াঃ পৰিৱেশ বা প্ৰকৃতিৰ আলোচনাও প্ৰায়োগিক  নীতিবিদ্য়াৰ পৰিসৰভূক্ত। পৰিৱেশীয় নীতিবিদ্য়া হৈছে প্ৰকৃতিত বিৰাজমান মূল্য়ৰ এটি সুবিন্য়স্ত পৰ্যালোচনা আৰু মূল্য়ায়ন- প্ৰাণী, জীৱজন্তু, পশু-পক্ষী, গছ-গছনি, নদ-নদী, পাহাৰ-পৰ্বত, বায়ুমণ্ডল, পৰিস্থিততন্ত্ৰ ইত্য়াদিৰ প্ৰতি মানুহৰ দায়িত্ব আৰু কৰ্তব্য়ৰ অনুসন্ধান আৰু অনুশীলনৰ প্ৰচেষ্টাই হল পৰিৱেশীয় নীতিবিদ্য়া। পৰিৱেশীয় নীতিবিদ্য়াত দেখা যায় যে, ইয়াত প্ৰকৃতিত বিদ্য়মান বিভিন্ন প্ৰকাৰৰ মূল্য়, উচ্চ আৰু নিম্নশ্ৰেণীৰ প্ৰতি মানুহৰ দায়িত্ব আৰু কৰ্তব্য়, পৰিৱেশ প্ৰদূষণৰ কাৰণ আৰু প্ৰতিকাৰ, মানুহৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ, জীৱজন্তুৰ স্বাধীনতা আৰু অধিকাৰ, ভূমিৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য়, জৈৱ-বৈচিত্ৰ, পৰিস্থিতিতন্ত্ৰ বা বাস্তৱ্য়বিদ্য়া ইত্য়াদি সকলো বিষয় ইয়াত আলোচনা কৰা হয়।


(c) Bio-ethics

জীৱ-নীতিবিদ্যা

Ans : জীৱ-নীতিবিদ্যাঃ জীৱ-নীতিবিদ্য়া হল সমাজস্থ মানুহৰ জীৱনকেন্দ্ৰিক নৈতিক সমস্য়াৱলীৰ আদৰ্শনিষ্ঠ আলোচনা। ইয়াৰ প্ৰধান কাম হল নৈতিক মানদণ্ডৰ আধাৰত মানুহৰ জীৱন সম্পৰ্কীয় ব্য়ক্তিগত নৈতিক সমস্য়া, পাৰস্পৰিক সম্পৰ্ক আৰু আচাৰ-আচৰণ সম্পৰ্কীয় সুবিন্য়স্ত আলোচনা। পিটাৰ ছিংগাৰৰ মতে, জীৱ-নীতিবিদ্য়া হল স্বাস্থ্য়সেৱা আৰু জীৱবিজ্ঞানৰ লগত সম্পৰ্কিত নৈতিক সমস্য়াৱলীৰ অনুশীলন আৰু ইয়াৰ লগত সম্পৰ্কিত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু আইনগত বিষয়ৰ আলোচনা। জীৱ-নীতিবিদ্য়াত চিকিৎসাকেন্দ্ৰিক নীতিবিদ্য়াৰো আলোচনা কৰা হয়। সেয়ে ইয়াক 'জীৱ-চিকিৎসাগত নীতিবিদ্য়া' বুলিও কোৱা হয়।


(d) Human Value

মানৱীয় মূল্য

Ans : মানৱীয় মূল্যঃ মানৱীয় মূল্য় হল সেই মানৱীয় মানদণ্ড, লক্ষ্য় বা আদৰ্শ যাৰ আধাৰত বিভিন্ন মানৱীয় পৰিস্থিতি আৰু বিষয়ৰ মূল্য়াংকণ কৰা হয়। এই মূল্য়ত ব্য়ক্তিৰ বাবে জীৱনৰ এটা অৰ্থ নিৰ্ধাৰণ কৰা হয় আৰু ব্য়ক্তিয়ে ইয়াক সামাজিক জীৱনৰ বাবে মহত্বপূৰ্ণ বুলি বিবেচনা কৰে। মানৱ মূল্য় বা 'Human Value' শব্দটো 'Human' আৰু 'Value' শব্দ দুটাৰ সংযোগ। ইয়াত 'Value' শব্দটো লেটিন ভাষা 'Vallere' শব্দৰ পৰা লোৱা হৈছে যাৰ অৰ্থ হৈছে কোনো বস্তুৰ মূল্য়, বিশেষ্য়ত্ব, গুণ বা উপযোগিতাক ব্য়ক্ত কৰা।জন জে. কানেৰ মতে, 'মূল্য় হল সেই আদৰ্শ বিশ্বাস বা মান যাক সমাজ অথবা সমাজৰ অধিকাংশ সদস্য়ই গ্ৰহণ কৰিছে।' মানৱীয় মূল্য় এনে এক আচৰণ-বিধি বা সদগুণৰ সমষ্টি যাক মানুহে নিজৰ সংস্কাৰ বা পৰিৱেশৰ দ্বাৰা লাভ কৰি নিজৰ লক্ষ্য় প্ৰাপ্তিৰ বাবে জীৱন-শৈলী নিৰ্মাণ কৰে আৰু নিজৰ ব্য়ক্তিত্ব বিকাশ সাধন কৰে। প্ৰাধান মানৱীয় মূল্য়সমূহ হল- প্ৰেম আৰু সহানুভূতি, শান্তি, সত্য়, অহিংসা, ধৰ্মপৰায়ণতা বা ন্য়ায়পৰায়ণতা, ত্য়াগ, সেৱা, শান্তিপূৰ্ণ সহাৱস্থান আৰু অনুশাসন।


প্ৰশ্নাৱলী 

1. What is applied or practical ethics ? Explain the subject-matter of applied ethics.

প্ৰায়োগিক নীতিবিদ্যা কাক বোলে ? প্ৰায়োগিক নীতিবিদ্যাৰ আলোচ্য-বিষয়বস্তু ব্যাখ্যা কৰা ।

Ans : যি নৈতিক আলোচনা প্ৰত্য়ক্ষ বা পৰোক্ষভাৱে জীৱনৰ প্ৰয়োজনৰ লগত যুক্ত তাক প্ৰায়োগিক নীতিবিদ্য়া বোলা হয়। প্ৰায়োগিক নীতিবিদ্য়া হল দৰ্শনশাস্ত্ৰৰ এক এনে শাখা য'ত আমাৰ বাস্তৱ জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্য়া সমাধানৰ ক্ষেত্ৰত নিৰ্দিষ্ট পদ্ধতি অনুসৰণ কৰি বিতৰ্কৰ অৱসান ঘটাই সন্মুখৰ ফালে অগ্ৰসৰ হোৱাৰ পৰামৰ্শ দিয়া হয়।

            প্ৰায়োগিক বা ব্য়ৱহাৰিক নীতিবিজ্ঞানৰ পৰিসৰ অতিশয় ব্য়াপক। মানুহৰ বাস্তৱ জীৱনৰ সকলো সমস্য়াৰ ক্ষেত্ৰতেই প্ৰায়োগিক নীতিবিদ্য়া পৰিব্য়াপ্ত। মানুহৰ ব্য়ৱহাৰিক জীৱনৰ বিভিন্ন সমস্য়াৰ সমাধানৰ ক্ষেত্ৰত প্ৰায়োগিক নীতিবিদ্য়াৰ প্ৰয়োজনীয়তা উপলব্ধি হয়। তলত প্ৰায়োগিক নীতিবিদ্য়াৰ আলোচ্য় বিষয়সমূহ আলোচনা কৰা হল-

i) বৃত্তিমূলক বা পেছাগত নীতিবিদ্যাঃ প্ৰায়োগিক নীতিবিদ্য়াৰ এটা অতি উল্লেখযোগ্য় আলোচ্য়-বিষয় হল বৃত্তিগত বা পেছাগত নৈতিকতা। সমাজৰ প্ৰতিজন মানুহে জীৱিকা নিৰ্বাহৰ বাবে কোনো বৃত্তিত জড়িত থাকে। মানৱ সমাজ ব্য়ৱস্থাত মানুহে বিভিন্ন বৃত্তিত জড়িত থাকে, যেনে- শিক্ষকতা, সাংবাদিকতা, অধিবক্তা, চিকিৎসক, চৰকাৰী বা বেচৰকাৰী চাকৰি, ব্য়ৱসায় ইত্য়াদি। এই বৃত্তিত জড়িত থকা কালছোৱাত প্ৰতিজন ব্য়ক্তিৰ কৰণীয় কি- এই সম্পৰ্কে বৃত্তিগত নৈতিক আলোচনা কৰা হয়। নিজৰ বৃত্তিমূলক কামত সদায় সততা, সংহতি, গোপনীয়তা ইত্য়াদি বজাই ৰাখিব লগা হয়। ব্য়ক্তি যি পেছাত জড়িত তাৰ লগত সংশ্লিষ্ট দায়িত্ব নিষ্ঠাৰ সৈতে পালন কৰা আৰু এই সম্পৰ্কীয় নৈতিক কোড আলোচনা কৰাই বৃত্তিগত নৈতিকতাৰ মূল আলোচ্য় বিষয়।

ii)পৰিৱেশীয় নীতিবিদ্য়াঃ পৰিৱেশ বা প্ৰকৃতিৰ আলোচনাও প্ৰায়োগিক  নীতিবিদ্য়াৰ পৰিসৰভূক্ত। পৰিৱেশীয় নীতিবিদ্য়া হৈছে প্ৰকৃতিত বিৰাজমান মূল্য়ৰ এটি সুবিন্য়স্ত পৰ্যালোচনা আৰু মূল্য়ায়ন- প্ৰাণী, জীৱজন্তু, পশু-পক্ষী, গছ-গছনি, নদ-নদী, পাহাৰ-পৰ্বত, বায়ুমণ্ডল, পৰিস্থিততন্ত্ৰ ইত্য়াদিৰ প্ৰতি মানুহৰ দায়িত্ব আৰু কৰ্তব্য়ৰ অনুসন্ধান আৰু অনুশীলনৰ প্ৰচেষ্টাই হল পৰিৱেশীয় নীতিবিদ্য়া। পৰিৱেশীয় নীতিবিদ্য়াত দেখা যায় যে, ইয়াত প্ৰকৃতিত বিদ্য়মান বিভিন্ন প্ৰকাৰৰ মূল্য়, উচ্চ আৰু নিম্নশ্ৰেণীৰ প্ৰতি মানুহৰ দায়িত্ব আৰু কৰ্তব্য়, পৰিৱেশ প্ৰদূষণৰ কাৰণ আৰু প্ৰতিকাৰ, মানুহৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ, জীৱজন্তুৰ স্বাধীনতা আৰু অধিকাৰ, ভূমিৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য়, জৈৱ-বৈচিত্ৰ, পৰিস্থিতিতন্ত্ৰ বা বাস্তৱ্য়বিদ্য়া ইত্য়াদি সকলো বিষয় ইয়াত আলোচনা কৰা হয়।

iii)জীৱ-নীতিবিদ্যাঃ জীৱ-নীতিবিদ্য়া হল সমাজস্থ মানুহৰ জীৱনকেন্দ্ৰিক নৈতিক সমস্য়াৱলীৰ আদৰ্শনিষ্ঠ আলোচনা। ইয়াৰ প্ৰধান কাম হল নৈতিক মানদণ্ডৰ আধাৰত মানুহৰ জীৱন সম্পৰ্কীয় ব্য়ক্তিগত নৈতিক সমস্য়া, পাৰস্পৰিক সম্পৰ্ক আৰু আচাৰ-আচৰণ সম্পৰ্কীয় সুবিন্য়স্ত আলোচনা। পিটাৰ ছিংগাৰৰ মতে, জীৱ-নীতিবিদ্য়া হল স্বাস্থ্য়সেৱা আৰু জীৱবিজ্ঞানৰ লগত সম্পৰ্কিত নৈতিক সমস্য়াৱলীৰ অনুশীলন আৰু ইয়াৰ লগত সম্পৰ্কিত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু আইনগত বিষয়ৰ আলোচনা। জীৱ-নীতিবিদ্য়াত চিকিৎসাকেন্দ্ৰিক নীতিবিদ্য়াৰো আলোচনা কৰা হয়। সেয়ে ইয়াক 'জীৱ-চিকিৎসাগত নীতিবিদ্য়া' বুলিও কোৱা হয়।

iv) সামাজিক-অৰ্থনৈতিক-ৰাজনৈতিক নীতিশাস্ত্ৰঃ আমাৰ সমাজত বহু সমস্য়া আছে। এই সমস্য়াবোৰ লৈ প্ৰায়োগিক নীতিশাস্ত্ৰত আলোচনা কৰা হয়। সংকীৰ্ণ অৰ্থত সামাজিক-অৰ্থনৈতিক-ৰাজনৈতিক নীতিশাস্ত্ৰত নিৰ্দিষ্ট পদ্ধতি, নিয়ম-নীতি অনুসৰণ কৰি সমাজৰ বিভিন্ন জাতি, বৰ্ণ, লিংগ সম্পৰ্কীয় বিভিন্ন বৈষম্য়ৰ আলোচনা কৰা হয়। বৈষম্য় বিভিন্ন ধৰণৰ হব পাৰে; যেনে-জাতি-বৈষম্য়, শ্ৰেণী-বৈষম্য়, ধৰ্ম-বৈষম্য়, বৰ্ণ-বৈষম্য়, লিংগ-বৈষম্য়, ৰাজনৈতিক বৈষম্য় ইত্য়াদি। এনে বৈষম্য় সমাজৰ কল্য়াণত বাধা হৈ থিয় দিয়ে। 

v) কম্পিউতা আৰু প্ৰযুক্তিগত নীতিবিদ্য়াঃ প্ৰায়োগিক নীতিবিদ্য়াৰ আন এটি শাখা হল কম্পিউটাৰ আৰু তথ্য়-প্ৰযুক্তিগত নীতিবিদ্য়া। এই নীতিবিদ্য়াত কম্পিউটাৰ ব্য়ৱহাৰৰ ন্য়ায়-অন্য়ায়, উচিত-অনুচিত বিচাৰ-বিশ্লেষণ আৰু মূল্য়ায়ণ কৰা হয়। কাৰণ কম্পিউটাৰ ব্য়ৱহাৰ আৰু প্ৰসাৰ লাভ কৰাৰ ফলত কম্পিউটাৰ সম্পৰ্কীয় সম্পৰ্কে নানা নৈতিক সমস্য়াৰ সৃষ্টি হৈছে। ছফটৱেৰ পাইৰেছি, চাইবাৰ অপৰাধ, কম্পিউটাৰ ভাইৰাছ, কম্পিউটাৰ ব্য়ৱহাৰকাৰীৰ ব্য়ক্তিগত গোপনীয়তা আৰু সুৰক্ষা ইত্য়াদিৰ ক্ষেত্ৰত কম্পিউটাৰ ব্য়ৱহাৰকাৰী আৰু কম্পিউটাৰ বিশাৰদসকলৰ দায়িত্ব আৰু কৰ্তব্য় সম্পৰ্কে এই নীতিবিদ্য়াত বিস্তাৰিত আলোচনা কৰা হয়।


2. What do you mean by human value ? What are the human values ?

মানৱীয় মূল্য বুলিলে তুমি কি বুজা ? মানৱীয় মূল্যসমূহ কি কি ?

Ans : মানৱীয় মূল্য় হল সেই মানৱীয় মানদণ্ড, লক্ষ্য় বা আদৰ্শ যাৰ আধাৰত বিভিন্ন মানৱীয় পৰিস্থিতি আৰু বিষয়ৰ মূল্য়াংকণ কৰা হয়। এই মূল্য়ত ব্য়ক্তিৰ বাবে জীৱনৰ এটা অৰ্থ নিৰ্ধাৰণ কৰা হয় আৰু ব্য়ক্তিয়ে ইয়াক সামাজিক জীৱনৰ বাবে মহত্বপূৰ্ণ বুলি বিবেচনা কৰে।মানৱ মূল্য় বা 'Human Value' শব্দটো 'Human' আৰু 'Value' শব্দ দুটাৰ সংযোগ। ইয়াত 'Value' শব্দটো লেটিন ভাষা 'Vallere' শব্দৰ পৰা লোৱা হৈছে যাৰ অৰ্থ হৈছে কোনো বস্তুৰ মূল্য়, বিশেষ্য়ত্ব, গুণ বা উপযোগিতাক ব্য়ক্ত কৰা।জন জে. কানেৰ মতে, 'মূল্য় হল সেই আদৰ্শ বিশ্বাস বা মান যাক সমাজ অথবা সমাজৰ অধিকাংশ সদস্য়ই গ্ৰহণ কৰিছে।' মানৱীয় মূল্য় এনে এক আচৰণ-বিধি বা সদগুণৰ সমষ্টি যাক মানুহে নিজৰ সংস্কাৰ বা পৰিৱেশৰ দ্বাৰা লাভ কৰি নিজৰ লক্ষ্য় প্ৰাপ্তিৰ বাবে জীৱন-শৈলী নিৰ্মাণ কৰে আৰু নিজৰ ব্য়ক্তিত্ব বিকাশ সাধন কৰে। প্ৰাধান মানৱীয় মূল্য়সমূহ হল- প্ৰেম আৰু সহানুভূতি, শান্তি, সত্য়, অহিংসা, ধৰ্মপৰায়ণতা বা ন্য়ায়পৰায়ণতা, ত্য়াগ, সেৱা, শান্তিপূৰ্ণ সহাৱস্থান আৰু অনুশাসন।

        মানৱীয় মূল্য়সমূহ তলত আলোচনা কৰা হল-

i)প্ৰেম আৰু সহানুভূতিঃ  অপৰ ব্য়ক্তিৰ প্ৰতি যত্ন, দয়া, সহায়, সহানুভূতি প্ৰদৰ্শনত প্ৰেম প্ৰকাশ পায়। চৰ্তহীন সঁচা প্ৰেমে সহানুভূতি আৰু কৰুণাভাব প্ৰকাশ কৰে। ইয়াক মানুহৰ মহানুভূৱতা বা উদাৰতা, দয়া বা কৃপা আৰু দানশীল কৰ্মৰ মাধ্য়মত প্ৰত্য়ক্ষ কৰিব পাৰি।

ii) শান্তিঃ শান্তিয়ে মূল্য়সমূহক নিৰ্দেশ কৰে, যেনে- সমতা, বিনয়ী, আশাবাদী মনোভাব, ধৈৰ্য, আত্ম-বিশ্বাস, আত্ম-সংযম, আত্ম-মৰ্যাদা ইত্য়াদি। ইয়াৰ পৰিসৰ ব্য়ক্তিগত, আৰু সামাজিক আৰু বিশ্ব শান্তিক অন্তৰ্ভূক্ত কৰে।

iii) ত্য়াগঃ ত্য়াগৰ দ্বাৰা নিস্বাৰ্থভাৱে সকলো জীৱিত সত্তাৰ প্ৰতি যত্নৱান হোৱাক বুজোৱা হয়। ব্য়ক্তিৰ কঠোৰ নীতিপৰায়ণতা, আত্ম-সংযম আৰু নিঃস্বাৰ্থপৰতাৰ মাজত ইয়াক লক্ষ্য় কৰা যায়।

iv) সেৱাঃ সেৱা হল প্ৰেম-ভালপোৱাৰে সম্পাদিত কৰ্ম। ইয়ে অপৰ ব্য়ক্তিৰ প্ৰতি কৰুণা বা সহানুভূতি আৰু ত্য়াগক নিৰ্দেশ কৰে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমতাৰ মূল্য়ক স্বীকাৰ কৰাই সেৱা। সেৱাৰ ক্ষেত্ৰত কোনো চৰ্ত আৰোপ কৰা বৈষম্য় কৰা উচিত নহয়।

v) অনুশাসনঃ অনুশাসনৰ দ্বাৰা সকলো জীৱৰ প্ৰতি ব্য়ক্তি অনুসৰণ কৰা নিয়ন্ত্ৰিত মূল্য়ক বুজোৱা হয়। ইয়াৰ দ্বাৰা বিধি বা নিয়ম, নিৰ্দেশনা, শৃংখলা ইত্য়াদিক বুজোৱা হয়।


 3. Explain the relation between normative ethics and practical ethics.

আদৰ্শনিষ্ঠ নীতিবিজ্ঞান আৰু ব্যৱহাৰিক নীতিবিজ্ঞানৰ সম্বন্ধটো ব্যাখ্যা কৰা ।

Ans : নীতিবিজ্ঞানৰ যি বিভাগত মানুহ আৰু তেওঁৰ কৰ্মৰ বাবে কিছুমান নিয়ম, সিদ্ধান্ত আৰু আদৰ্শৰ যুক্তিসংগত প্ৰতিপাদন কৰা হয়, তাক আদৰ্শনিষ্ঠ নীতি বিজ্ঞান বোলা হয়। আদৰ্শনিষ্ঠ নীতিবিজ্ঞানে আমাক কয় যে আমাৰ কোন কৰ্ম উচিত আৰু কোন কৰ্ম অনুচিত, আমাৰ বাবে শ্ৰেয় কি বা অশ্ৰেয় কি, আমাৰ নৈতিক কৰ্তব্য় কি, আমাৰ জীৱনৰ পৰম লক্ষ্য় সুখ নে অন্য় কিবা, আমি কোনটো নৈতিক নিয়ম অনুসৰি বা আদৰ্শ অনুসৰি আমাৰ কৰ্তব্য়-অকৰ্তব্য় নিৰ্ধাৰণ কৰা উচিত ইত্য়াদি সম্পৰ্কীয় সকলো সমস্য়া সন্দৰ্ভত আদৰ্শনিষ্ঠ নীতিবিজ্ঞানত আলোচনা কৰা হয়। 

                আনহাতে, ব্য়ৱহাৰিক নীতিবিজ্ঞান বা প্ৰায়োগিক নীতিবিজ্ঞান হল-মানুহৰ বাস্তৱ জীৱনৰ লগত সম্পৰ্কিত এক নৈতিক দৰ্শন। আমাৰ জীৱনৰ বিশেষ বিশেষ বাস্তৱ আৰু মূৰ্ত সমস্য়াবোৰৰ ক্ষেত্ৰত নৈতিক যুক্তিৰ প্ৰয়োগ সম্পৰ্কীয় শাস্ত্ৰক প্ৰায়োগিক নীতিবিদ্য়া বুলি অভিহিত কৰা হয়। আন কথাত, যি নৈতিক আলোচনা প্ৰত্য়ক্ষ বা পৰোক্ষভাৱে জীৱনৰ প্ৰয়োজনৰ লগত যুক্ত তাক প্ৰায়োগিক নীতিবিদ্য়া বোলা হয়। আমাৰ ব্য়ৱহাৰিক জীৱনৰ বিভিন্ন সমস্য়াৰ নৈতিক তাৎপৰ্য নিৰ্ণয় বা নৈতিক দৃষ্টিকোণৰ পৰা আলোচনা কৰা ব্য়ৱহাৰিক নীতিবিজ্ঞানৰ উদ্দেশ্য়। পৰিৱেশ, চিকিৎসা, শিল্প, শিক্ষা, চৰকাৰ পৰিচালনা, মানৱাধিকাৰ, সংৰক্ষণ, হত্য়া, আত্মহত্য়া, যুদ্ধ ইত্য়াদি জীৱনৰ বিভিন্ন ক্ষেত্ৰত যি সমস্য়াৰ সৃষ্টি হয়, নৈতিক দৃষ্টিভংগীৰ পৰা তাৰ আলোচনা প্ৰায়োগিক নীতিবিদ্য়াত কৰা হয়।


4.Discuss the concept of practical ethics after Peter Singer.

পিটাৰ ছিংগাৰক অনুসৰণ কৰি ব্যৱহাৰিক নীতিবিজ্ঞানৰ ধাৰণা আলোচনা কৰা ।

Ans :


5. Define practical ethics. What practical ethics is not ? Explain after peter Singer.

ব্যৱহাৰিক নীতিবিজ্ঞানৰ সংজ্ঞা দিয়া । ব্যৱহাৰিক নীতিবিজ্ঞান কি নহয় ? পিটাৰ ছিংগাৰক অনুসৰণ কৰি ব্যাখ্যা কৰা ।

Ans 


6. What is applied ethics ? Is applied ethics subjective ?

প্ৰায়োগিক নীতিবিদ্যা কাক বোলে ? প্ৰায়োগিক নীতিবিদ্যা ব্যক্তিকেন্দ্ৰিক নে ?

Ans :


7. What is practical ethics ? Is practical ethics relative ?

ব্যৱহাৰিক নীতিবিজ্ঞান কি ? ব্যৱহাৰিক নীতিবিজ্ঞান আপেক্ষিক নে ?

Ans :


8. Explain after Peter Singer what practical ethics is.

পিটাৰ ছিংগাৰক অনুসৰণ কৰি ব্যৱহাৰিক নীতিবিজ্ঞান কি হয় তাক ব্যাখ্যা কৰা ।

Ans :


9. How is practical ethics defferrent from normative ethics ? Explain in this connection the relation between practical ethics and normative ethics.

ব্যৱহাৰিক নীতিবিজ্ঞান কেনেদৰে আদৰ্শনিষ্ঠ নীতিবিজ্ঞানৰ সম্বন্ধ ব্যাখ্যা কৰা ।

Ans :


10. Discuss after Peter Singer what practical ethics is not .

পিটাৰ ছিংগাৰক অনুসৰণ কৰি ব্যৱহাৰিক নীতিবিজ্ঞান কি নহয় তাক আলোচনা কৰা ।

Ans :


11. What are the branches of applied ethics ? Explain briefly.

প্ৰায়োগিক নীতিবিদ্যাৰ শাখাসমূহ কি কি ? চমুকৈ ব্যাখ্যা কৰা ।

Ans :


12. Do you think that the ethics is only a set of prohibitions ? Discuss.

নীতিবিজ্ঞানক কেৱলমাত্ৰ কিছুমান নিষিদ্ধকৰণ বুলি তুমি ভৱা নে ? আলোচনা কৰা ।

Ans :


13. Do you think that the ethics is a meaningless theoritical discussion ? Give reasons.

নীতিবিজ্ঞানক অৰ্থহীন তাত্ত্বিক আলোচনা বুলি তুমি ভৱা নে ? যুক্তি দিয়া ।

Ans :


14. What is relativism ? Is practical ethics relative ?

আপেক্ষিকতাবাদ কি ? ব্যৱহাৰিক নীতিবিজ্ঞান আপেক্ষিক নে ?

Ans :


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)











Post ID: DABP004584