কম্পিউটাৰ নীতিবিদ্যা

গোট-৩


প্ৰশ্নাৱলী

Short Questions :

চমু প্ৰশ্ন ঃ

1. What is computer ?

কম্পিউটাৰ মানে কি ?

Ans : সাধাৰণ অৰ্থত কবলৈ গলে কম্পিউটা হৈছে এনে এটা যন্ত্ৰ যাৰ সহায় গণনা কৰিব পাৰি।কিন্তু বৰ্তমান যুগত কম্পিউটাৰৰ ব্য়ৱহাৰ অকল গণনা কাৰ্যতে সীমিত থকা নাই, জনজীৱনৰ প্ৰত্য়েক ক্ষেত্ৰতে ইয়াৰ বহুল প্ৰয়োগ।

2. Who is the inventor of computer ?

কম্পিউটাৰৰ আৱিষ্কাৰক কোন ?

Ans : কম্পিউটাৰৰ আৱিষ্কাৰক হল- চাৰ্লছ বেবেজ।


3. What is the full form of ENIAC ?

ENIACৰ সম্পূৰ্ণ নাম কি ?

Ans : ENIAC ৰ সম্পূৰ্ণ নাম হল- The Electronic Numerical Integrator and Computer।


4. Who built and designed ENIEC ?

ENIAC কোনে নিৰ্মাণ কৰিছিল ?

Ans : জন মাউচলি(John Mauchly) আৰু জে. প্ৰেছপাৰ একাৰ্ট (J. Presper Eckert)।


5. What is the literal meaning of computer ?

'কম্পিউটাৰ' শব্দৰ আক্ষৰিক অৰ্থ কি ?

Ans :'কম্পিউটাৰ' শব্দৰ আক্ষৰিক অৰ্থ হল-গণনা কৰা।


6. What are the four basic function of computer system ?

কম্পিউটাৰৰ চাৰিটা মূল কাৰ্যপ্ৰণালী কি কি ?

Ans : কম্পিউটাৰৰ চাৰিটা মূল কাৰ্যপ্ৰণালী হল- i) ইনপুট (Input)

ii) আউটপুট(Output)

iii) প্ৰছেচিং(Processing)

iv)ষ্ট'ৰেজ (Storage)


7. What is hardware ?

হাৰ্ডৱেৰ মানে কি ?

Ans : কম্পিউটাৰ প্ৰণালী এটাৰ সৈতে জড়িত সকলো যন্ত্ৰপাতিক হাৰ্ডৱেৰ বুলি কোৱা হয়।


8. What is software ?

ছফটৱেৰ মানে কি ?

Ans : কম্পিউটাৰ এই যন্ত্ৰসমূহৰ দ্বাৰা কাৰ্য সম্পন্ন কৰাৰ বাবে লাগতিয়াল প্ৰ'গ্ৰেমিং, নিৰ্দেশনা আদিয়েই হল ছফটৱেৰ।


9. Who for the first time used the term 'Computer Ethics'? 

'Computer Ethics' শব্দটো সৰ্বপ্ৰথম কোনে ব্যৱহাৰ কৰিছে ?

Ans : 'Computer Ethics' শব্দটো সৰ্বপ্ৰথম ৱেল্টাৰ মেনাৰে ব্য়ৱহাৰ কৰিছিল।


10. Who for the first time introduced the concept of 'Computer Ethics'? 

'Computer ethics' ৰ ধাৰণাটো সৰ্বপ্ৰথম কোনে সূচনা কৰিছিল ?

Ans : 'Computer Ethics' ধাৰণাটো সৰ্বপ্ৰথম ৱেল্টাৰ মেনাৰে সূচনা কৰিছিল।


11. Who is regarded as the pioneer of computer ethics ?

কম্পিউটাৰ নীতিবিদ্যাৰ বাটকটীয়া কোন ?

Ans : ৱেল্টাৰ মেনাৰ।


12. Who is the author of the book 'Cybernetics'?

'Cybernetics' গ্ৰন্থখনৰ লেখক কোন ?

Ans : 'Cybernetics' গ্ৰন্থখনৰ লেখক হল-নাৰ্বাৰ্ট উইনাৰ।


13. Who is the author of 'The Human Use of Human Beings'?

'The Human Use of Human Beings' গ্ৰন্থখনৰ লেখক কোন ?

Ans : 'The Human Use of Human Beings' গ্ৰন্থখনৰ লেখক হল-নাৰ্বাৰ্ট উইনাৰ।


15. Who is the author of the book 'Computer Ethics'?

'Computer Ethics' গ্ৰন্থখনৰ লেখক কোন ?

Ans :


16. What is Welter Maner's definition of computer ethics ?

ৱেল্টাৰ মেনাৰৰ কম্পিউটাৰ নীতিবিদ্যাৰ সংজ্ঞাটো কি ?

Ans :ৱেল্টাৰ মেনাৰৰ মতে, যি নৈতিক সমস্য়াবোৰ কম্পিউটাৰ প্ৰযুক্তিৰ দ্বাৰা বৃদ্ধি, ৰূপান্তৰিত বা সৃষ্টি হৈছে নে নাই তাক পৰীক্ষা কৰাই কম্পিউটাৰ নীতিবিদ্য়া''।


17. State any two commandmends of computer ethics.

কম্পিউটাৰ নীতিবিদ্যাৰ যিকোনো দুটা নিৰ্দেশনা উল্লেখ কৰা ।

Ans :কম্পিউটাৰ নীতিবিদ্যাৰ যিকোনো দুটা নিৰ্দেশনা হল

i) কম্পিউটাৰ ব্য়ৱহাৰ অপৰ ব্য়ক্তিৰ ক্ষতিৰ সাধনৰ উদ্দেশ্য় কৰা উচিত নহয়। কেৱল মানৱ সমাজৰে নহয়, কম্পিউটাৰৰ ব্য়ৱহাৰ ফলত যাতে অপৰ কোনো জীৱ আৰু পৰিৱেশৰ ক্ষতি নহয় তাৰ প্ৰতিও লক্ষ্য় ৰখা উচিত।

ii) মিথ্য়া সাক্ষ্য় প্ৰদানৰ বাবে কম্পিউটাৰ ব্য়ৱহাৰ কৰা উচিত নহয়। মিথ্য়া সাক্ষ্য় প্ৰদান বা মিথ্য়া সাক্ষ্য় প্ৰস্তুত কৰাৰ উদ্দেশ্য়ে কেতিয়াও কম্পিউটাৰ ব্য়ৱহাৰ কৰা উচিত নহয়।


21. What is computer crime or cyber crime ?

কম্পিউটাৰ বা চাইবাৰ অপৰাধ মানে কি ?

Ans : কম্পিউটাৰ হাৰ্ডওৱাৰ, ছফটৱেৰ, নেটৱাৰ্ক, ৰিছোৰ্চ, ডেটা বা তথ্য় ইত্য়াদি প্ৰতক্ষ্য় বা পৰোক্ষভাৱে ব্য়ৱহাৰ কৰি কোনো অবৈধ কাম কৰাকে সাধাৰণতে কম্পিউটাৰ বা চাইবাৰ অপৰাধ বোলা হয়।


22. What is AITP ?

AITP মানে কি ?

Ans : AITP মানে হল- 'Association of Information Technology Professionals'।


23. What is cracking in computer crime ?

কম্পিউটাৰ অপৰাধত ক্ৰেকিং কি ?

Ans : ক্ৰেকিং বুলিলে কম্পিউটাৰ বা ইন্টাৰনেটত প্ৰৱেশ কৰি কোনো তথ্য়, ডেটা চুৰি কৰা, বিনষ্ট কৰা আৰু অবৈধভাৱে প্ৰৱেশ কৰা। ইয়াৰ দ্বাৰা ডেটা সুৰক্ষাৰ বাবে প্ৰস্তুত কৰা কোডবোৰ ভংগ কৰা হয়।


24. What is cyber terrorism ?

চাইবাৰ সন্ত্ৰাসবাদ মানে কি ?

Ans : চাইবাৰ সন্ত্ৰাসবাদ হল- ইন্টাৰনেট ভিত্তিক সন্ত্ৰাসী কাৰ্যকলাপ। হেকিং কৰা, ভয় দেখুৱা বা এটি ব্য়ৱসায় বা ব্য়ক্তিক ব্লাকমেইলিং কৰা আদি এনে অপৰাধৰ অন্তৰ্গত।


25. What is cyber stalking ?

চাইবাৰ ষ্টল্কিং মানে কি ?

Ans : ইন্টাৰনেট বা অন্য় কোনো বৈদ্য়ুতিক ডিভাইছ ব্য়ৱহাৰ কৰি কোনো ব্য়ক্তি বা দল বা সংস্থাক হাৰাশাস্তি কৰা, অনলাইনত অপৰ ব্য়ক্তিক হাৰাশাস্তি কৰা বা আঘাত কৰা, মিথ্য়া অপবাদ দিয়া, কুৎসা ৰটনা কৰা, মানহানিকাৰক লেখা প্ৰকাশ কৰা ইত্য়াদি। 


26. What is cyber squatting

চাইবাৰ স্কেটিং মানে কি ?

Ans : চাইবাৰ স্কেটিং অনধিকৃত পঞ্জীকৰণ আৰু ইন্টাৰনেট ডোমেন ব্য়ৱস্থাপনাৰ লগত জড়িত। কোনো প্ৰিমিয়াম মূল্য়ত বিক্ৰী কৰাৰ একমাত্ৰ উদ্দেশ্য় লৈ অন্য় কোনো ব্য়ক্তি বা সংস্থানৰ এটি ডোমেন ছেট আপ কৰা, একে ধৰণৰ ট্ৰেডমাৰ্ক, সেৱাৰ চিহ্ন, কোম্পানী নাম বা ব্য়ক্তিগত নাম ব্য়ৱহাৰ কৰা হল চাইবাৰ স্কেটিং।


27. What is malware crime in computer ?

কম্পিউটাৰৰ ক্ষেত্ৰত মেলৱেৰ অপৰাধ মানে কি ?

Ans :কম্পিউটাৰৰ ক্ষেত্ৰত মেলৱেৰ অপৰাধ মানে হল-মেলৱেৰ ৰচনা কৰা, তৈয়াৰ কৰা আৰু বিতৰণ কৰা।


28. What is doxing in computer crime ?

কম্পিউটাৰ অপৰাধৰ ক্ষেত্ৰত ডক্সিং মানে কি ?

Ans : অন্য় ব্য়ক্তিৰ ব্য়ক্তিগত তথ্য় সিহঁতৰ অনুমতি ব্য়তীত প্ৰকাশ কৰা। অনুমতি বিহীন আমি কাৰো ব্য়ক্তিগত তথ্য় প্ৰকাশ কৰা । অনুমতি বিহীন আমি কাৰো ব্য়ক্তিগত তথ্য় প্ৰকাশ কৰা বা পোষ্ট কৰা হল ডক্সিং।

29. What is software piracy in computer crime ?

কম্পিউটাৰ অপৰাধৰ ক্ষেত্ৰত ছফটৱেৰ পাইৰেছি মানে কি ?

Ans : ছফটৱেৰ পাইৰেছি হল আইনগতভাৱে সুৰক্ষিত ছফটৱেৰবোৰক বেআইনীভাৱে চুৰি কৰা। এই অপৰাধৰ ভিতৰত পৰে কোনো ছফটৱেৰ কপি বা অনুলিপি কৰা বিতৰণ কৰা, পৰিৱৰ্তন কৰা, ব্য়ৱহাৰ কৰা বা অসৎ উপায়েৰে বিক্ৰী কৰা।


30. What is spamming in computer crime ?

কম্পিউটাৰ অপৰাধৰ ক্ষেত্ৰত স্পেমিং মানে কি ?

Ans : স্পেমিং হল কোনো তথ্য় একেলগে বিভিন্ন ব্য়ক্তিলৈ পঠোৱা। বিভিন্ন ঠিকনাত অযাচিত অসংখ্য় ই-মেইল বিতৰণ স্পেমিংৰ ভিতৰত পৰে। যদিও স্পেমিং বিভিন্ন ধৰণে কৰা কৰা হয়, তথাপি বেছিভাগ ক্ষেত্ৰত ইমেইল স্পাম শব্দটো ব্য়ৱহাৰ কৰা হয়।


31. What is hacking ?

হেকিং মানে কি ?

Ans : কোনো কম্পিউটাৰ চিষ্টম, নেটৱাৰ্ক, ডেটাৰ ওপৰত অনুমোদিতভাৱে অধিকাৰ লাভ কৰাৰ উপায়কে হেকিং বোলা হয়। হেকিংৰ মূল উদ্দেশ্য় হল কোনো ব্য়ক্তি বা সংস্থাৰ তথ্য়ৰ ক্ষতি সাধন কৰা অথবা চিষ্টেমৰ ক্ষতিসাধন কৰা। যিসকল ব্য়ক্তি এনে কৰ্মৰ লগত জড়িত তেওঁলোকক হেকাৰ বোলা হয়।


32. What is phishing in computer crime ?

কম্পিউটাৰ অপৰাধৰ ক্ষেত্ৰত ফিশিং মানে কি ?

Ans : বিভিন্ন ধৰণৰ মেচেজ বা ইমেইলৰ মাধ্য়মত মানুহক নকল ৱেবছাইত লৈ গৈ তেওঁৰ গুৰুত্বপূৰ্ণ তথ্য়, যেনে-এক্সেচ কোড, ক্ৰেডিট কাৰ্ড নম্বৰ, পাছৱাৰ্ড, বেংক একাউন্ট নম্বৰ ইত্য়াদি চুৰি কৰা হয়। এইক্ষেত্ৰত মেইল বা মেচেজবোৰ প্ৰায় বিশ্বাসযোগ্য় যেন মনে হয় যত ব্য়ৱহাৰকাৰীৰ গুৰুত্বপূৰ্ণ তৰ্থ্য় পৰীক্ষা কৰাৰ অনুৰোধ কৰা হয়। ব্য়ৱহাৰকাৰীয়ে গুৰুত্বপূৰ্ণ তৰ্থ্য় তাত প্ৰদান কৰিলে ফিশাৰে তাক সংগ্ৰহ কৰি নানা ধৰণৰ বিপদত পেলাই।


33. Mention any two types of computer crime ?

কম্পিউটাৰ অপৰাধৰ যিকোনো দুটা প্ৰকাৰ উল্লেখ কৰা ।

Ans : কম্পিউটাৰ অপৰাধৰ যিকোনো দুটা প্ৰকাৰ হল-

i)ক্ৰেকিংঃক্ৰেকিং বুলিলে কম্পিউটাৰ বা ইন্টাৰনেটত প্ৰৱেশ কৰি কোনো তথ্য়, ডেটা চুৰি কৰা, বিনষ্ট কৰা আৰু অবৈধভাৱে প্ৰৱেশ কৰা। ইয়াৰ দ্বাৰা ডেটা সুৰক্ষাৰ বাবে প্ৰস্তুত কৰা কোডবোৰ ভংগ কৰা হয়।

ii)চাইবাৰ সন্ত্ৰাসবাদঃ চাইবাৰ সন্ত্ৰাসবাদ হল- ইন্টাৰনেট ভিত্তিক সন্ত্ৰাসী কাৰ্যকলাপ। হেকিং কৰা, ভয় দেখুৱা বা এটি ব্য়ৱসায় বা ব্য়ক্তিক ব্লাকমেইলিং কৰা আদি এনে অপৰাধৰ অন্তৰ্গত।


Broad Questions :

ৰচনাধৰ্মী প্ৰশ্ন ঃ

1. What is computer ? What are the characteristics of computer ?

কম্পিউটাৰ কি ? কম্পিউটাৰৰ বৈশিষ্ট্যসমূহ কি কি ?

Ans :সাধাৰণ অৰ্থত কবলৈ গলে কম্পিউটা হৈছে এনে এটা যন্ত্ৰ যাৰ সহায় গণনা কৰিব পাৰি।কিন্তু বৰ্তমান যুগত কম্পিউটাৰৰ ব্য়ৱহাৰ অকল গণনা কাৰ্যতে সীমিত থকা নাই, জনজীৱনৰ প্ৰত্য়েক ক্ষেত্ৰতে ইয়াৰ বহুল প্ৰয়োগ।কম্পিউটাৰৰ অসমীয়া প্ৰতিশব্দ হৈছে পৰিকলন যন্ত্ৰ। ইংৰাজী ভাষাৰ 'কম্পিউটাৰ' শব্দটো আহিছে লেটিন শব্দ 'Computare'ৰ পৰা, যাৰ অৰ্থ হৈছে গণনা।ঊনবিংশ শতিকাৰ প্ৰথম ভাগত ইংৰাজ গণিতজ্ঞ চাৰ্লছ বেবেজে দ্ৰুতগতিত আৰু বিশুদ্ধভাৱে সহজে কাম কৰিব পৰা কম্পিউটাৰ যন্ত্ৰ সাজি উলিয়াইছিল।

কম্পিউটাৰৰ বৈশিষ্ট্যসমূহ হলঃ

i) কম্পিউটাৰ এটা বাধ্য় আৰু নিৰ্দেশ যন্ত্ৰ। ইয়াৰ নিজস্ব কোনো বুদ্ধিমত্তা নাই।

ii) কম্পিউটাৰক ব্য়ৱহাৰকাৰীয়ে দিয়া নিৰ্দেশ অনুযায়ী কাম কৰে।

iii) কম্পিউটাৰে একে সময়তে বহুতো কাম সম্পাদনা কৰিব পাৰে।

iv) কম্পিউটাৰৰ যোগেদি দেশ-বিদেশৰ মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি।

v) কম্পিউটাৰে বৃহৎ পৰিমাণৰ তথ্য় সংৰক্ষণ কৰিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে তৎক্ষণাত দেখুৱাই দিব পাৰে।

vi) কম্পিউটাৰৰ যোগেদি আমাৰ সাহিত্য়-সংস্কৃতি, ভাষা, শিক্ষা, পৰ্যটন আদি প্ৰচাৰ চলাব পাৰি।


2. State any five commandmends of computer ethics.

কম্পিউটাৰ নীতিবিদ্যাৰ যিকোনো পাঁচটা নিৰ্দেশনা উল্লেখ কৰা ।

Ans :কম্পিউটাৰ নীতিবিদ্যাৰ যিকোনো পাঁচটা নিৰ্দেশনা সমূহ হল-

i) কম্পিউটাৰ ব্য়ৱহাৰ অপৰ ব্য়ক্তিৰ ক্ষতিৰ সাধনৰ উদ্দেশ্য়ে কৰা উচিত নহয়। কেৱল মানৱ সমাজৰে নহয়,কম্পিউটাৰৰ ব্য়ৱহাৰ ফলত যাতে অপৰ কোনো জীৱ আৰু পৰিৱেশৰ ক্ষতি নহয় তাৰ প্ৰতিও লক্ষ্য় ৰখা উচিত।

ii) মিথ্য়া সাক্ষ্য় প্ৰদানৰ বাবে কম্পিউটাৰ ব্য়ৱহাৰ কৰা উচিত নহয়। মিথ্য়া সাক্ষ্য় প্ৰদান বা মিথ্য়া সাক্ষ্য় প্ৰস্তুত কৰাৰ উদ্দেশ্য়ে কেতিয়াও কম্পিউটাৰ ব্য়ৱহাৰ কৰা উচিত নহয়।

iii) অন্য় ব্য়ক্তিৰ একান্ত ব্য়ক্তিগত ফাইলত প্ৰৱেশ কৰা উচিত নহয়। প্ৰত্য়েক ব্য়ক্তিৰ নিজস্ব কিছুমান তথ্য়াদি কম্পিউটাৰত সংৰক্ষিত থাকে। কম্পিউটাৰ ব্য়ৱহাৰ কৰি মানুহৰ ব্য়ক্তিগত তথ্য়াদি অধ্য়য়ন কৰা বা কপি কৰা উচিত নহয়।

iv) কম্পিউটাৰ ব্য়ৱহাৰৰ ক্ষেত্ৰত সকলোৰে স্বাধীনতা আছে, গতিকে কোনো ব্য়ক্তিক কম্পিউটাৰ ব্য়ৱহাৰত বাধা প্ৰদান কৰা উচিত নহয়। আধুনিক প্ৰযুক্তিৰ ব্য়ৱহাৰ আৰু জীৱনৰ কৰ্মক্ষেত্ৰত ইয়াৰ প্ৰয়োগ অপৰিহাৰ্য।

v) কম্পিউটাৰ ব্য়ৱহাৰৰ সময়ত প্ৰত্য়েকৰে উচিত ইয়াৰ লাভ-ক্ষতি আৰু সুবিধা-অসুবিধাৰ দিশসমূহ বিবেচনা কৰা। অন্য়ান্য় মানুহৰ চাহিদা আৰু প্ৰয়োজনৰ প্ৰতিও শ্ৰদ্ধা প্ৰদৰ্শন কৰা উচিত। নিজৰ সুবিধাই কম্পিউটাৰৰ ব্য়ৱহাৰৰ শেষ কথা নহয়।


3. What do you mean by computer crime or cyber crime ? What are the various types of computer or cyber crimes ? Explain briefly.

কম্পিউটাৰ অপৰাধ বা চাইবাৰ অপৰাধ বুলিলে কি বুজা ? কম্পিউটাৰ অপৰাধৰ বিভিন্ন ৰূপসমূহ কি কি ? চমুকৈ উল্লেখ কৰা ।

Ans :  কম্পিউটাৰ হাৰ্ডওৱাৰ, ছফটৱেৰ, নেটৱাৰ্ক, ৰিছোৰ্চ, ডেটা বা তথ্য় ইত্য়াদি প্ৰত্য়ক্ষ বা পৰোক্ষভাৱে ব্য়ৱহাৰ কৰি কোনো অবৈধ কাম কৰাকে সাধাৰণতে কম্পিউটাৰ বা চাইবাৰ অপৰাধ বোলা হয়।কম্পিউটাৰৰ বিপ্লৱৰ লগতে জগতত কম্পিউটাৰ অপৰাধ বৃদ্ধি পাইছে।কম্পিউটাৰৰ বিপ্লৱৰ লগতে জগতত কম্পিউটাৰ অপৰাধৰ বৃদ্ধি পাইছে। কম্পিউটাৰ অপৰাধ সাধাৰণতে বিভিন্ন নেটৱাৰ্ক, ইন্টাৰনেট আৰু মেমোৰি ডিভাইছৰ মাধ্য়মত সংঘটিত।

কম্পিউটাৰ অপৰাধৰ বিভিন্ন ৰূপসমূহ ঃ 

i)ক্ৰেকিংঃক্ৰেকিং বুলিলে কম্পিউটাৰ বা ইন্টাৰনেটত প্ৰৱেশ কৰি কোনো তথ্য়, ডেটা চুৰি কৰা, বিনষ্ট কৰা আৰু অবৈধভাৱে প্ৰৱেশ কৰা। ইয়াৰ দ্বাৰা ডেটা সুৰক্ষাৰ বাবে প্ৰস্তুত কৰা কোডবোৰ ভংগ কৰা হয়।

ii)চাইবাৰ সন্ত্ৰাসবাদঃ চাইবাৰ সন্ত্ৰাসবাদ হল- ইন্টাৰনেট ভিত্তিক সন্ত্ৰাসী কাৰ্যকলাপ। হেকিং কৰা, ভয় দেখুৱা বা এটি ব্য়ৱসায় বা ব্য়ক্তিক ব্লাকমেইলিং কৰা আদি এনে অপৰাধৰ অন্তৰ্গত।

iii) চাইবাৰ ষ্টল্কিংঃ ইন্টাৰনেট বা অন্য় কোনো বৈদ্য়ুতিক ডিভাইছ ব্য়ৱহাৰ কৰি কোনো ব্য়ক্তি বা দল বা সংস্থাক হাৰাশাস্তি কৰা, অনলাইনত অপৰ ব্য়ক্তিক হাৰাশাস্তি কৰা বা আঘাত কৰা, মিথ্য়া অপবাদ দিয়া, কুৎসা ৰটনা কৰা, মানহানিকাৰক লেখা প্ৰকাশ কৰা ইত্য়াদি। 

iv) চাইবাৰ স্কেটিংঃ চাইবাৰ স্কেটিং অনধিকৃত পঞ্জীকৰণ আৰু ইন্টাৰনেট ডোমেন ব্য়ৱস্থাপনাৰ লগত জড়িত। কোনো প্ৰিমিয়াম মূল্য়ত বিক্ৰী কৰাৰ একমাত্ৰ উদ্দেশ্য় লৈ অন্য় কোনো ব্য়ক্তি বা সংস্থানৰ এটি ডোমেন ছেট আপ কৰা, একে ধৰণৰ ট্ৰেডমাৰ্ক, সেৱাৰ চিহ্ন, কোম্পানী নাম বা ব্য়ক্তিগত নাম ব্য়ৱহাৰ কৰা হল চাইবাৰ স্কেটিং।

v) ছফটৱেৰ পাইৰেছিঃ ছফটৱেৰ পাইৰেছি হল আইনগতভাৱে সুৰক্ষিত ছফটৱেৰবোৰক বেআইনীভাৱে চুৰি কৰা। এই অপৰাধৰ ভিতৰত পৰে কোনো ছফটৱেৰ কপি বা অনুলিপি কৰা বিতৰণ কৰা, পৰিৱৰ্তন কৰা, ব্য়ৱহাৰ কৰা বা অসৎ উপায়েৰে বিক্ৰী কৰা।

vi) হেকিংঃ কোনো কম্পিউটাৰ চিষ্টম, নেটৱাৰ্ক, ডেটাৰ ওপৰত অনুমোদিতভাৱে অধিকাৰ লাভ কৰাৰ উপায়কে হেকিং বোলা হয়। হেকিংৰ মূল উদ্দেশ্য় হল কোনো ব্য়ক্তি বা সংস্থাৰ তথ্য়ৰ ক্ষতি সাধন কৰা অথবা চিষ্টেমৰ ক্ষতিসাধন কৰা। যিসকল ব্য়ক্তি এনে কৰ্মৰ লগত জড়িত তেওঁলোকক হেকাৰ বোলা হয়।

4. Explain the nature and function of computer ?

কম্পিউটাৰৰ স্বৰূপ আৰু কাৰ্যাৱলী ব্যাখ্যা কৰা ।

Ans :


5. What is computer ? Explain the nature of computer ethics.

কম্পিউটাৰ কি ? কম্পিউটাৰ নীতিবিদ্যাৰ স্বৰূপ ব্যাখ্যা কৰা ।

Ans :



6. What is computer crime ? How do you cradicate computer crime ? Explain.

কম্পিউটাৰ অপৰাধ কাক বোলে ? কম্পিউটাৰ অপৰাধক তুমি কেনেদৰে ৰোধ কৰিবা ?

Ans :


7. Mention the duties and responsibilities of computer experts.

কম্পিউটাৰ বিশাৰদসকলৰ দায়িত্ব আৰু কৰ্তব্যসমূহ উল্লেখ কৰা ।

Ans :


Important Question Answer  

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



 






Post ID: DABP004585