মহাজনপদ

অধ্য়ায় ১৪

১) জনপদ আৰু মহাজনপদ ক'ৰ পৰা সৃষ্টি হৈছিল?

উত্তৰঃ জনৰপৰা জনপদ আৰু মহাজনপদ সৃষ্টি হৈছিল।

২) মহাজনপদৰ সৃষ্টিয়ে সমাজত কি আনিছিল?

উত্তৰঃ মহাজনপদৰ সৃষ্টিয়ে সমাজত আৰ্থ-সামাজিক পৰিৱৰ্তন আনিছিল।

৩) কোনটো শতিকাত ৰজাঘৰত কৰ-কাটল দিয়াটো বাধ্য়তামূলক আছিল?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত ৰজাঘৰত কৰ-কাটল দিয়াটো বাধ্য়তামূলক আছিল।

৪) মহাজনপদৰ সংখ্য়া কিমান আছিল?

উত্তৰঃ মহাজনপদৰ সংখ্য়া আছিল ষোল্লখন।

৫) মহাজনপদবোৰ কেনেকুৱা আছিল?

উত্তৰঃ মহাজনপদবোৰ ৰাজতান্ত্ৰিক আছিল।

৬) মহাজনপদৰ সময়ত ব্য়ৱসায়-বাণিজ্য়ত কিহৰ ব্য়ৱহাৰ বৃদ্ধি পাইছিল?

উত্তৰঃ মহাজনপদৰ সময়ত ব্য়ৱসায়-বাণিজ্য়ত মুদ্ৰাৰ ব্য়ৱহাৰ বৃদ্ধি পাইছিল।

৭) মহাজনপদকেইখনৰ নাম লিখা।

উত্তৰঃ মহাজনপদকেইখনৰ নাম হ'ল- অংগ, মগধ, কাশী, কোশল, বৃজ্জি, মল্ল, চেদী বৎস, কুৰু, পাঞ্চাল, মৎস্য়, সুৰসেন, অশ্বক, অৱন্তী, গান্ধাৰ আৰু কম্বোজ।

৮) জনপদসমূহ ঘাইকৈ গঢ় গঢ় লৈ উঠিছিল?

উত্তৰঃ জনপদসমূহ ঘাইকৈ উত্তৰ ভাৰতৰ গংগা উপত্য়কাৰ সমভূমি অঞ্চলত গঢ় লৈ উঠিছিল।

৯) জন ক'ৰপৰা সৃষ্টি হৈছিল?

উত্তৰঃ গাৱঁৰপৰা জনৰ সৃষ্টি হৈছিল।

১০) কোনকেইজন ৰজাৰ ৰাজত্বকালত মগধৰ সীমাই উত্তৰ-পশ্চিম ভাৰতৰ বহু দূৰলৈকে চুইছিল?

উত্তৰঃ বিম্বিসাৰ, অজাতশত্ৰু, মহাপদ্মনন্দ, চন্দ্ৰগুপ্ত মৌৰ্ষ আদি ৰজাৰ ৰাজত্বকালত মগধৰ সীমাই উত্তৰ-পশ্চিম ভাৰতৰ বহু দূৰলৈকে চুইছিল।

Author: Sri Chinmay Kakati


Post ID : DABP005814