অসমৰ জলবায়ু, উদ্ভিদ, বন্য়প্ৰাণী আৰু কৃষি

অধ্য়ায় ৭

১) জলবায়ু কাক বোলে?

উত্তৰঃ বতৰৰ বহু বছৰৰ (অন্ততঃ ৩০ বছৰ) গড় অৱস্থাকে জলবায়ু বোলে।

২) শীত কাল বুলি কোনখিনি সময়ক কোৱা হয়?

উত্তৰঃ মাঘ আৰু ফাগুনৰ সময়ছোৱাক শীত কাল বুলি কোৱা হয়।

৩) অসমত তৃণভূমি প্ৰধানকৈ কেইটা অঞ্চলত দেখা যায়?

উত্তৰঃ অসমত তৃণভূমি প্ৰধানকৈ তিনিটা অঞ্চলত দেখা যায়।

৪) চিৰসেউজীয়া উদ্ভিদ ক'ত দেখা পোৱা যায়?

উত্তৰঃ উষ্ণতা আৰু বৃষ্টিপাত অধিক হোৱা ঠাইত চিৰসেউজীয়া উদ্ভিদ দেখা পোৱা যায়।

৫) অসমৰ বিভিন্ন ঠাইৰ বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ কিমান?

উত্তৰঃ অসমৰ বিভিন্ন ঠাইৰ বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ গড়ে ১৮০ চেন্টিমিটাৰ।

৬) প্ৰাকৃতিক উদ্ভিদ কাক বোলে?

উত্তৰঃ ধৰাপৃষ্ঠত মানুহৰ প্ৰভাৱ নোহোৱাকৈ স্বাভাৱিকতে যিবোৰ গছ গজি উঠে তেনে গছ-গছনিকে প্ৰাকৃতিক উদ্ভিদ বোলে।

৭) ব্ৰহ্মপুত্ৰৰ পাৰৰ তৃসমূহৰ উচ্চতা কিমান?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ পাৰৰ তৃণসমূহৰ উচ্চতা ৫-৬ মিটাৰ।

৮) অসমৰ কৃষি কাৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ অসমৰ কৃষি ভূ-প্ৰাকৃতিক পৰিৱেশ, জলবায়ু, মৌচুমীৰ প্ৰভাৱ, মাটি আৰু কৃষিকাৰ্য পৰিচালনা ব্য়ৱস্থাৰ ওপৰত নিৰ্ভৰশীল।

৯) খাৰিফ শস্য় কাক বোলে?

উত্তৰঃ গ্ৰীষ্ম কালত উৎপাদন কৰা শস্য়ক খাৰিফ শস্য় বোলে।

১০) ৰবি শস্য় কাক বোলে?

উত্তৰঃ শৰৎ কালৰপৰা শীতকাল পৰ্যন্ত উৎপাদন কৰা শস্য়ক ৰবি শস্য় বোলে।

১১) বৰ্তমান অসমত কেইখন প্ৰস্তাৱিত বন্য়প্ৰাণী অভয়াৰণ্য় আছে?

উত্তৰঃ বৰ্তমান অসমত তিনিখন প্ৰস্তাৱিত বন্য়প্ৰাণী অভয়াৰণ্য় আছে।

১২) খৰালিকালত কৰা প্ৰধান শস্য় আৰু শাক-পাচলিৰ খেতি কি?

উত্তৰঃ খৰালিকালত কৰা প্ৰধান শস্য় আৰু শাক-পাচলিৰ খেতি হ'ল- বড়ো ধান, ঘেঁহু, মাকৈ সৰিয়হ, তিল, তিচি আদি।

১৩) বায়ুমণ্ডলৰ প্ৰদূষন কোনে নিয়ন্ত্ৰণ কৰে?

উত্তৰঃ বায়ুমণ্ডলৰ প্ৰদূষম গছে নিয়ন্ত্ৰণ কৰে।

১৪) নাতিশীতোষ্ণৰ অৰ্থ কি?

উত্তৰঃ নাতিশীতোষ্ণৰ অৰ্থ হৈছে না বহুত শীত, না বহুত উষ্ম।

১৫) ইউৰোপ মহাদেশ তথা অন্য়ান্য় পশ্চিমীয়া দেশত ঋতুক কেইটা ভাগত ভাগ কৰা হয়?

উত্তৰঃ ইউৰোপ মহাদেশ তথা অন্য়ান্য় পশ্চিমীয়া দেশত ঋতুক চাৰিটা ভাগত ভাগ কৰা হয়।

১৬) সামগ্ৰিকভাৱে অসমৰ জলবায়ুৰ স্বাভাৱিক উষ্ণতা কিমান?

উত্তৰঃ সামগ্ৰিকভাৱে অসমৰ জলবায়ুৰ স্বাভাৱিক উষ্ণতা সৰ্বনিম্ন ৭ ডিগ্ৰীৰপৰা সৰ্বোচ্চ ৩৬ ডিগ্ৰী চেলছিয়াছ।

১৭) অসমৰ প্ৰাকৃতিক উদ্ভিদক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ অসমৰ প্ৰাকৃতিক উদ্ভিদক তিনিটা ভাগত ভাগ কৰা হৈছে- ১) ক্ৰান্তীয় চিৰসেউজীয়া উদ্ভিদ, ২) ক্ৰান্তীয় পৰ্ণপাতী উদ্ভিদ, ৩) ক্ৰান্তীয় তৃণভূমি উদ্ভিদ।

১৮) অসমত কিহৰ কাৰমে প্ৰচুৰ বৰষুণ হয়?

উত্তৰঃ দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱত অসমত প্ৰচুৰ বৰষুণ হয়।

১৯) বতৰ কাক বোলে?

উত্তৰঃ কোনো এখন ঠাইৰ কোনো এটা সময়ৰ তাপ, বায়ুৰ চাপ, বৃষ্টিপাত, জলীয় বাষ্প, বতাহ আদিৰ সামগ্ৰিক অৱস্থাক বতৰ বুলি কোৱা হয়।

২০) কিহৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক উদ্ভিদৰ প্ৰকাৰ আৰু ঘনত্ব বেলেগ বেলেগ হয়?

উত্তৰঃ মাটিৰ গুণাগুণ, বৰষুণ, পাৰিপাৰ্শ্বিক উষ্ণতা আৰু পাহাৰীয়া অঞ্চলৰ ঢালৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক উদ্ভিদৰ প্ৰকাৰ আৰু ঘনত্ব বেলেগ বেলেগ হয়।

Author: Chinmay Kakati





Post ID : DABP004744