আমাৰ ভাৰতবৰ্ষ

অধ্য়ায় ৮

১) দাক্ষিণাত্য়ৰ ক'লা মাটিৰ অঞ্চল কিহৰ বাবে উপযোগী?

উত্তৰঃ দাক্ষিণাত্য়ৰ ক'লা মাটিৰ অঞ্চল কপাহ খেতিৰ বাবে উপযোগী।

২) ভাৰতবৰ্ষ কোনটো গোলাৰ্ধত অৱস্থিত?

উত্তৰঃ ভাৰতবৰ্ষ উত্তৰ গোলাৰ্ধত অৱস্থিত।

৩) আৰব সাগৰত কি কি অৱস্থিত?
উত্তৰঃ আৰব সাগৰত লাক্ষাদ্বীপ, আমিন দিবি আৰু মিনিকয় দ্পীপপুঞ্জ আৰু বংগোপ সাগৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ অৱস্থিত।

৪) পৃথিৱীৰ বৃহত্তম ব-দ্বীপ কোনটো?

উত্তৰঃ গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ মোহনাত সৃষ্টি হোৱা সুন্দৰবন পৃথিৱীৰ বৃহত্তম ব-দ্বীপ।

৫) ভৰাতবৰ্ষৰ অধীনত থকা উপকূল অঞ্চলত কেইটা দ্বীপ আছে?

উত্তৰঃ ভাৰতবৰ্ষৰ অধীনত থকা উপকূল অঞ্চলত ২৪৭টা দ্বীপ আছে।

৬) আন্দামান গোটত মুঠ কেইটা দ্বীপ আছে?

উত্তৰঃ আন্দামান গোটত মুঠ ২৬৫ টা দ্বীপ আছে।

৭) মেঘালয় মালভূমি প্ৰকৃততে কিহৰ অংশ?

উত্তৰঃ মেঘালয় মালভূমি প্ৰকৃততে দাক্ষিণাত্য় মালভূমিৰে অংশ।

৮) ভাৰতৰ কোনটো অঞ্চল উত্তৰ-পাৰ্বত্য় অঞ্চল?

উত্তৰঃ কাশ্মীৰৰপৰা অৰুণাচল প্ৰদেশৰ উত্তৰ-পূব কোণলৈকে বিস্তৃত হিমালয়ৰ পাৰ্বত্য় অঞ্চলটোৱেই হ'ল উত্তৰ-ভাৰতৰ পাৰ্বত্য় অঞ্চল।

৯) ভাৰতৰ মূল ভূ-ভাগ কিমান?

উত্তৰঃ ভাৰতৰ মূল ভূ-ভাগ হ'ল- ৮ ডিগ্ৰী চাৰি মিনিট উত্তৰ অক্ষাংশৰপৰা ৩৭ ডিগ্ৰী ১৮ মিনিট উত্তৰ অক্ষাংশ আৰু ৬৮ ডিগ্ৰী ৮ মিনিটৰপৰা ৯৭ ডিগ্ৰী ৩৫ মিনিট দ্ৰাঘিমাৰ ভিতৰত।

১০) পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ লেকা ভৰাতবৰ্ষই আগুৰি আছে?

উত্তৰঃ পৃথিৱীৰ স্থলভাগৰ প্ৰায় ২.২ শতাংশ এলেকা ভাৰতবৰ্ষই আগুৰি আছে।

১১) দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা কোনটো উপত্য়কাৰ অন্তৰ্গত?

উত্তৰঃ দ৭িণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা বৰাক উপত্য়কাৰ অন্তৰ্গত।

১৩) গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ উপত্য়কাত কি আছে?

উত্তৰঃ গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ উপত্য়কাত বহুতো অশ্বখুৰা আকৃতিৰ হ্ৰদ, জলাহ, চৰ-চাপৰি, বিল আদি আছে।

১৪) ব্ৰহ্মপুত্ৰ উপত্য়াকৰ দৈৰ্ঘ্য় আৰু প্ৰস্থ কিমান?

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্য়াকৰ দৈৰ্ঘ্য় ৬৪০ কিলোমিটাৰ আৰু প্ৰস্থ ৬৪-৯০ কিলোমিটাৰ।

১৫) দাক্ষিণাত্য় মালভূমিত পোৱা পৰ্বতবোৰ কেনেকুৱা?

উত্তৰঃ দাক্ষিণাত্য় মালভূমিত পোৱা পৰ্বতবোৰ ক্ষয়জাত।

১৬) দাক্ষিণাত্য়ৰ দক্ষিণ সীমাত অৱস্থিত নীলগিৰি অঞ্চলত কিহৰ খেতি কৰা হয়?

উত্তৰঃ দাক্ষিণাত্য়ৰ দ৭িণ সীমাত ্অৱস্থিত নীলগিৰি অঞ্চলত প্ৰচুৰ পৰিমাণে চাহ আৰু কফি খেতি কৰা হয়।

১৭) বৰাক উপত্য়কাৰ দীঘ-প্ৰস্থ কিমান?

উত্তৰঃ বাৰক উপত্য়কাৰ দীঘ প্ৰায় ৫০ কিলোমিটাৰ আৰু প্ৰস্থ প্ৰায় ৪০ কিলোমিটাৰ।

১৮) ৰাজপুতনা সমতলভূমি অঞ্চলৰ মাজেদি বৈ যোৱা একমাত্ৰ নদীখন কি?

উত্তৰঃ ৰাজপুতনা সমতলভূমি অঞ্চলৰ মাজেদি বৈ যোৱা একমাত্ৰ নদীখন হ'ল লুনী।

১৯) ভাৰতৰ দক্ষিণ দিশত কি আছে?

উত্তৰঃ ভাৰতৰ দক্ষিণ দিশত ভাৰত মহাসাগৰ আৰু দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা আছে।

২০) ভাৰতৰ অধিকাংশ অঞ্চল কোনো অঞ্চলত পৰিছে?

উত্তৰঃ ভাৰতৰ অধিকাংশ অঞ্চল ক্ৰান্তীয় জলবায়ু অঞ্চলত পৰিছে।

Author: Chinmay Kakati



Post ID : DABP005808