ইতিহাস অধ্য়য়নৰ প্ৰয়োজনীয়তা

অধ্য়ায় ৯

১) বুৰঞ্জী শব্দটো ক'ৰ পৰা আহিছে?

উত্তৰঃ বুৰঞ্জী শব্দটো আহোমসকলৰ টাই ভাষাৰপৰা আহিছে।

২) ইতিহাস কিহৰ ভিত্তিত ৰচনা কৰা হয়?

উত্তৰঃ ইতিহাস নিৰ্ভৰযোগ্য় তথ্য়ৰ ভিত্তিতহে ৰচনা কৰা হয়।

৩) সমাজ এখনৰ দাপোণস্বৰূপ কি?

উত্তৰঃ সমাজ এখনৰ দাপোণস্বৰূপ হ'ল ইতিহাস।

৪) শিলালিপি কাক বোলে?

উত্তৰঃ শিলৰ ওপৰত খোদিত কথাবিলাকক শিলালিপি বোলে।

৫) পুৰণি ৰজা-মহাৰজাসকলে তেওঁলোকৰ নামত কি মৰাইছিল?

উত্তৰঃ পুৰমি ৰজা-মহাৰজাসকলে তেওঁলোকৰ নামত মুদ্ৰা বা মোহৰ মৰাইছিল।

৬) চুকাফাই কিমান খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল?

উত্তৰঃ চুকাফাই ১২৮ খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল।

৭) আখ্য়ান বা সাধুকথা বুলিলে কি বুজা?

উত্তৰঃ সমাজত যিবোৰ কাহিনী পুৰণি কালৰেপৰা মানুহৰ মুখে মুখে চলি আহিছে সেইবোৰ হ'ল আখ্য়ান বা সাধুকথা।

৮) সাহিত্য় সম্পৰ্কীয় সমলসমূহক কেইটা ভাগত ভাগ কৰা হয়?

উত্তৰঃ সাহিত্য় সম্পৰ্কীয় সমলসমূহক দুটা ভাগত ভাগ কৰা হয়।

৯) ইতিহাসৰ সমল বুলি কাক কোৱা হয়?

উত্তৰঃ যিবোৰ উপাদানৰ ওপৰত নিৰ্ভৰ কৰি ইতিহাসৰ বিষয়বস্তুৰ সত্য়াসত্য় নিৰূপণ কৰিব পাৰি তাকে ইতিসাৰ সমল বুলি কোৱা হয়।

১০) এখন দেশ বা এটা জাতিৰ উত্থান পতনৰ কথা কাৰ জৰিয়তে জানিব পাৰি?

উত্তৰঃ এখন দেশ বা এটা জাতিৰ উত্থান পতনৰ কথা ইতিহাস অধ্য়য়নৰ জৰিয়তে জানিব পাৰি।

১১) 'বুৰঞ্জী' শব্দৰ অৰ্থ কি?

উত্তৰঃ বুৰঞ্জী শব্দৰ অৰ্থ হৈছে 'বু' মানে মুৰ্খ বা নজনা, 'ৰণ' মানে জনোৱা আৰু 'জী' মানে ভঁৰাল।

১২) ভাৰতবৰ্ষত বুৰঞ্জী লিখাৰ পৰম্পৰা কোনে আৰম্ভ কৰিছিল?

উত্তৰঃ ভাৰতবৰ্ষত বুৰঞ্জী লিখাৰ পৰম্পৰা আৰম্ভ কৰিছিল আহোমসকলে।

১৩) কেনেকুৱা গ্ৰন্থক ধৰ্মনিৰপেক্ষ গ্ৰন্থ বুলি ধৰা হয়?

উত্তৰঃ জীৱনীমূলক সাহিত্য়, ইতিবৃত্ত, ৰাজনীতি সম্পৰ্কীয় গ্ৰন্থ, নাটক (যিবিলাকৰপৰ ইতিহাসৰ সমল গোটাব পাৰি) আদিক ধৰ্ম নিৰপেক্ষ গ্ৰন্থ বুলি ধৰা হয়।

১৪) গুহালিপি বুলি কাক জনা হয়?

উত্তৰঃ ডাঙৰ ডাঙৰ শিলৰ গুহাবিলাকতো কিছুমান কথা লিখি থোৱা পোৱা যায়, সেইবোৰক গুহালিপি বুলি জনা হয়।

১৫) স্বৰ্গদেউ চাওলুং চুকাফাই কোনখন দেশৰ পৰা অসমলৈ আহিছিল?

উত্তৰঃ স্বৰ্গদেউ চাওলুং চুকাফাই মং মাউ প্ৰদেশৰপৰা অসমলৈ আহিছিল।

১৬) এজন গ্ৰীক পৰিব্ৰাজকৰ নাম লিখা।

উত্তৰঃ এজন গ্ৰীক পৰিব্ৰাজকৰ নাম হ'ল মেগাস্থিনিছ।

১৭) প্ৰত্নতত্ত্ববিদসকলে কাৰ জৰিয়তে অতীতৰ মানুহ তথা আন প্ৰাণীৰ জীৱন-ধাৰণ প্ৰণালীৰ সম্পৰ্কে মানুহক জানিবলৈ দিয়ে?

উত্তৰঃ প্ৰত্নতত্ত্ববিদসকলে জীৱাশ্ম ইন্ধনৰ জৰিয়তে অতীতৰ মানুহ তথা আন প্ৰাণীৰ জীৱন-ধাৰণ প্ৰণালী সম্পৰ্কে মানুহক জানিবলৈ দিয়ে।

১৮) ইতিহাসক কিয় সমাজ এখনৰ দাপোণস্বৰূপ বুলি কোৱা হয়?

উত্তৰঃ দাপোণ এখনত যেনেকৈ মানুহ এজনৰ প্ৰতিবিম্ব হুবহু দেখা যায় তেনেকৈ ইতিহাসৰ পাততো অতীতত ঘটা মানৱ জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত হয়। সেইকাৰমে ইতিহাসক সমাজ এখনৰ দাপোণস্বৰূপ বুলি কোৱা হয়। 

১৯) ইতিহাস অধ্য়য়নৰ জৰিয়তে আমি অতীতৰ মানুহৰ কিহৰ বিষয়ে জানিব পাৰো?

উত্তৰঃ ইতিহাস অধ্য়য়নৰ জৰিয়তে আমি অতীতৰ মানুহৰ খাদ্য়ভ্য়াস, বাসস্থান, সাজ-পোছাক, জীৱন-ধাৰণৰ মান, সাহিত্য়-সংস্কৃতি, আমোদ-প্ৰমোদ আদিৰ বিষয়ে জানিব পাৰো।

২০) বিদেশী পৰিব্ৰাজকৰ টোকাৰপৰা কি গোটাব পাৰি?

উত্তৰঃ বিদেশী পৰিব্ৰাজকসকলৰ টোকাৰপৰা ইতিহাসৰ সমল গোটাব পাৰি। 

Author: Chinmay Kakati 

Edit By- Mandira Saha


Post ID : DABP005809