ব্ৰহ্মপুত্ৰ উপত্য়কাৰ জনজাতীয় ৰাজ্য়

Chapter 6

উত্তৰ লিখাঃ 

১। কোনে ১২২৮ খ্ৰীঃত পাটকাই পৰ্বত পাৰ হৈ ব্ৰহ্মদেশৰ পৰা অসমত প্ৰৱেশ কৰিছিল ?

উত্তৰঃ চুকাফাই ১২২৮ খ্ৰীঃত পাটকাই পৰ্বত পাৰ হৈ ব্ৰহ্মদেশৰ পৰা অসমত প্ৰৱেশ কৰিছিল। 


২। বৰাহীসকলৰ ৰজা কোন আছিল, তেওঁলোকৰ  ৰাজধানী ক'ত আছে ?

উত্তৰঃ বৰাহীসকলৰ ৰজা আছিল থাকুমথা, তেওঁলোকৰ ৰাজধানী চৰাইদেউ পাহাৰৰ নামনিত আছিল। 


৩। মৰাণ সকলৰ ৰজা কোন আছিল আৰু তেওঁলোকৰ ৰাজধানী ক'ত ?

উত্তৰঃ মৰাণসকলৰ ৰজা বদৌচা আৰু তেওঁলোকৰ ৰাজধানী আছিল শদিয়া দক্ষিণে ককতালত। 


৪। চুকাফাৰ সমসাময়িক চুতীয়া ৰজা জনৰ নাম কি ?

উত্তৰঃ চুকাফাৰ সমসাময়িক চুতীয়া ৰজা জনৰ নাম হৈছে কোছী। 


৫। ব্ৰহ্মপুত্ৰ উপত্য়কাত কেইখন জনজাতীয় ৰাজ্য় আছিল, ৰাজ্য়কেইখনৰ নাম কি কি ?

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্য়কাত সাতখন ৰাজ্য় আছিল। ৰাজ্য়কেইখনৰ নাম হ'ল

মৰাণ ৰাজ্য়, বৰাহী ৰাজ্য়, চুতীয়া ৰাজ্য়, কছাৰী ৰাজ্য়, বাৰভূঞাসকলৰ ৰাজ্য়, ডফলা ৰাজ্য় আৰু দৰংগী ৰাজ্য়।  








Post ID: DABP005798