মিচিংসকল

অধ্য়ায়-১৯

১। অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠীটোৰ নাম কি?

উত্তৰঃ মিচিং। 


২। মিচিংসকলক কি নামেৰে জনা যায়?

উত্তৰঃ মিৰি' নামেৰে জনা য়ায়।


৩। ভাৰতবৰ্ষৰ সংবিধানখনত মিচিংসকলক কি নামেৰে চিহ্নিত কৰিছে?

উত্তৰঃ 'মিৰি' নামেৰে চিহ্নিত কৰিছে।


৪। ইংৰাজসকলে নিজকে কি বুলি পৰিচয় দিছিল?

উত্তৰঃ 'তানি' বুলি নিজকে পৰিচয় দিছিল।


৫। 'তানি' শব্দৰ অৰ্থ কি?

উত্তৰঃ মানুহ বা মানৱ।


৬। মিচিংসকলৰ পূৰ্ব বাসস্থান হিচাপে অসমৰ কোন ঠাইক চিহ্নিত কৰা হৈছে?

উত্তৰঃ অসমৰ উত্তৰলানি পাহাৰক।


৭। মিচিংসকল কিহৰ সন্ধানত অসমৰ সমতললৈ নামি আহিছিল?

উত্তৰঃ সুচল জাৱিকাৰ সন্ধানত।


৮। মিচিংসকলৰ জীৱিকা সম্বল কি?

উত্তৰঃ কৃষি।


৯। বছৰত তেওঁলোকে কি কি ধানৰ  খেতি কৰে?

উত্তৰঃ বছৰত তেওঁলোকে দুবিধ ধানৰ খেতি কৰে আহু ধান আৰু খালি ধান।


১০। ধান খেতি উপৰিও মিচিংসকলে আৰু কি কি খেতি কৰে?

উত্তৰঃ মাহ, সৰিয়হ, বিবিধ আলু, কচু, আদা, জলকীয়া আদিৰ খেতি কৰে।


১১। মিচিংসকলৰ সাংস্কৃতিক পৰিচয় ক'ত পোৱা যায়?

উত্তৰঃ তেওঁলোকৰ জাতীয় সাজ-পাৰত।


১২।  তেওঁলোকৰ দুবিধমান পুৰুষৰ কাপোৰ নাম লিখা?

উত্তৰঃ মিবু গালুগ, গনৰ, উগন, টঙালি, দুমৌৰ আদি।


১৩। মিচিংসকলৰ জাতীয় সম্বল কি?

উত্তৰঃ গাদু বা মিৰিজিম তেওঁলোকৰ জাতীয় সম্বল।


১৪। তেওঁলোকে বিপদ-আপদৰ ৰক্ষা কবচ হিচাপে কাক বিশ্বাস কৰে? 

উত্তৰঃ কুকুৰাক।


১৫। তেওঁলোকৰ ধৰ্মীয় উৎসৱ কি?

উত্তৰঃ দবুৰ পূজা। 


১৬। মিচিংসকলৰ জাতীয় উৎসৱ কি?

উত্তৰঃ আলি-আঃয়ে লৃগাং ।


১৭। তেওঁলোকে আলি-আঃয়ে লৃগাঙৰ উপৰি আৰু কি কি বিহু পালন কৰে?

উত্তৰঃ মাঘ বিহু, বহাগ বিহু, কাতি বিহু পালন কৰে।


১৮। মিচিংসকলৰ আলি-আঃয়ে লৃগাং কেইটা পদৰ সমষ্টি আৰু তাৰ অৰ্থ কি?

উত্তৰঃ তিনিটা পদৰ সমষ্টিৰ আলি, আঃয়ে আৰু লৃগাং। ইয়াৰ অৰ্থ হ'ল আলি মানে মাটিৰ তলত হোৱা বীজ, আঃয়ে হ'ল গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ ৰোপন কাৰ্য শুভাৰম্ভ।


১৯। এই উৎসৱৰ আৰম্ভনি কেতিয়া কৰা হয়?

উত্তৰঃ ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা।


২০। এই উৎসৱৰ প্ৰধান খাদ্য় কি?

উত্তৰঃ পুৰাং আপিন বা টোপোলা ভাতৰ লগত দিনচান, ঙচান অৰ্থাৎ শুকান মাছ, মঙহ আৰু আপঙেই এই উৎসৱৰ প্ৰদান খাদ্য়।


২১। মিচিংসকলৰ চিৰাচৰিত পানীয় দ্ৰব্য় বিধ নাম কি?

উত্তৰঃ আপং।


২২। অধ্য়াপক নাহেন্দ্ৰ পাদুনে মিচিং ভাষাৰ বিকাশৰ স্তৰক ঘাইকৈ কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ তিনিটা ভাগত।


২৩। এই তিনিটা ভাগ কি কি?

উত্তৰঃ আদি স্তৰ, মধ্য় স্তৰ আৰু আধুনিক স্তৰ।


২৪। মধ্য়স্তৰক আকৌ কেইটা ভাগত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ দুটা স্তৰত ভাগ কৰিছে। যেনে- মিছনেৰি স্তৰ আৰু মিচিং ভাষাৰ সম্পৰীক্ষাৰ স্তৰ বা যুগ। 


২৫। মিচিং সমাজৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিৰ নাম লিখা?

উত্তৰঃ সু-সাহিত্য়িক ভৃগুমুনি কাগয়ুং, শ্বহীদ কমলা মিৰি, মিচিং সৃংস্কৃতিৰ পিতৃপুৰুষ ঐৰাম বৰি, পদ্মশ্ৰী যাদৱ পায়েং। 


২৬। ভৃগুমুনি কাগয়ুঙৰ পূৰ্ব-পুুৰুষৰ নাম কি?

উত্তৰঃ কাৰ্তং।

 

২৭। কাৰ্তঙৰ কেইজন পুত্ৰ?

উত্তৰঃ তিনিজন।


২৮। কাৰ্তঙৰ তিনিজন পুত্ৰ নাম কি?

উত্তৰঃ কাৰ্তঙৰ তিনিজন পুত্ৰ নাম হ'ল তামন, খহুৱা আৰু কুশৰাম। 


২৯।  ভৃগুমুনি কাগয়ুঙৰ কেতিয়া ক'ত জন্ম হৈছিল?

উত্তৰঃ ১৯৩২ চনৰ অক্টোবৰ মাহত আলি মূৰ গাঁৱত।


৩০। তেওঁ কিমান চনত কাৰ লগত দিখৌমুখ এম. ই. স্কুল প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ তেওঁ অসমৰ প্ৰথম শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ লগ হৈ ১৯৫২ চনত এই স্কুল প্ৰতিষ্ঠা কৰিছিল।


৩১। তেওঁৰ ৰচিত অসমীয়া কাব্য়-গ্ৰন্থকেইখন কি কি?

উত্তৰঃ 'কবিতাকলি', 'অনাহুত', 'মন বননিৰ জুই', আৰু 'কবিতা কুসুম'।


৩২।  'কবিতাকলি' নামৰ গ্ৰন্থখন তেওঁ কেতিয়া লিখিছিল?

উত্তৰঃ তেওঁ সপ্তম শ্ৰেণীত পঢ়ি থাকোতে লিখিছিল।


৩৩। ভৃগুমুনি কাগয়ুঙৰ আটাইতকৈ জনপ্ৰিয় কাব্য়-গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ 'অনাহুত'।


৩৪। মিচিং জনগোষ্ঠীৰ প্ৰথম ৰাষ্ট্ৰীয় পুৰস্কাপ্ৰাপ্ত সাহিত্য়িক জনৰ নাম কি?

উত্তৰঃ ভৃগুমুনি কাগয়ুং।


৩৫। তেওঁৰ ৰচিত আৰু সম্পাদিত গ্ৰন্থ সংখ্য়া কেইখন?

উত্তৰঃ ২৭ খন।


৩৬। তেওঁ ৰচনা কৰা কেইখনমান প্ৰৱন্ধ নাম লিখা।

উত্তৰঃ 'আৱেগিক ঐক্য় সাধনত শ্ৰী মন্ত শংকৰদেৱ', 'আঞ্চলিক ভাষা বনাম ত্ৰিভাষা', 'মিচিং কৃষ্টিৰ চমু আভাস', 'ভাষা আৰু শিক্ষাৰ ভূমিকা', 'মিচিং শব্দকোষ', 'মিচিং লোজন' আৰু 'ভৃগুমুনি কাগয়ুঙৰ মিচিং জন-জীৱন ঃ চিন্ত-বিচিত্ৰা' ইত্য়াদি।


৩৭। তেওঁ কিমান চনত পৰলোকগামী হয়?

উত্তৰঃ ২০১১ চনৰ ২৭ মাৰ্চত। 


৩৮। শ্বহীদ কমলা মিৰি কিমান চনত ক'ত জন্ম হৈছিল?

উত্তৰঃ ১৮৯৪ চনত ওপৰ টেমেৰা গাঁৱত। 


৩৯। কমলা মিৰি জন্ম হোৱা গাওঁখনক এতিয়া কি নামেৰে জনা যায়?

উত্তৰঃ গুলুং টেমেৰা নামেৰে জনা যায়।


৪০। কমলা মিৰি পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃৰ নাম চিকৌ লইং আৰু মাতৃৰ নাম মংগলী লইং।


৪১। ভাৰত ত্য়াগ আন্দোলন কাৰ নেতৃত্বত কিমান চনত আৰু কাৰ বিৰুদ্ধে হৈছিল?

উত্তৰঃ মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে মুম্বাইত বহা 'অল ইণ্ডিয়া কংগ্ৰেছ কমিটি'ৰ মৰ্মে ব্ৰিটিছৰ বিৰুদ্ধে হৈছিল।


৪২। কিমান চনত মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু আদি অনেক নেতাক বৃটিছ চৰকাৰে জেললৈ প্ৰেৰণ কৰিছিল?

উত্তৰঃ ১৯৪২ চনৰ ৯ আগষ্ট তাৰিখে।


৪৩। কিমান চনত কমলা মিৰি মৃত্য়ু হৈছিল?

উত্তৰঃ ১৯৪৩ চনত ২২ এপ্ৰিল তাৰিখে।


৪৪।মিচিং সংস্কৃতিৰ পিতৃপুৰুষ ঐৰাম বৰিৰ কিমান চনত ক'ত জন্ম হৈছিল?

উত্তৰঃ ১৮৭৭ চনত অয়ান গাঁৱত। 


৪৫। ঐৰাম বৰিৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃৰ আৰু মাতৃৰ নাম তীকিৰ বৰি মঙলী বৰি।

 

৪৬। যাদৱ পায়েঙে কিমান চনত গছ ৰুবলৈ আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৭৯ চনত।


৪৭। যাদৱ পায়েঙৰ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯৫৯ চনৰ ৩০ অক্টোবৰত।


৪৮। তেওঁৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃৰ নাম লক্ষীৰাম পায়েং আৰু মাতৃৰ নাম আফউলী পায়েং।


৪৯। যাদৱ পায়েঙৰ পিতৃ-মাতৃ কেইটা সন্তান।

উত্তৰঃ ১১ টা।


৫০। ১১ টা সন্তানৰ ভিতৰত যাদৱ পায়েং কেইনম্বৰ সন্তান আছিল?

উত্তৰঃ তৃতীয় সন্তান আছিল।


৫১। বৰ্তমান কিমান বিঘা মাটি মোলাই কাঠনি ব্য়াপ্ত।

উত্তৰঃ ১৩৬০ একৰ অৰ্থাৎ ৪০৫০ বিঘা মাটিত।


৫২। পায়েঙৰ মোলাই কাঠনিৰ বিশাল পৰিয়ালৰ ভিতৰত কি কি মূল্য়ৱান।

উত্তৰঃ ৰঙা চন্দন, বগা চন্দন, চিচুগছ, হলখ, গমাৰী, তিতাচপা, পমা আদি মূল্য়ৱান।


৫৩। মোলাই কাঠনিৰ প্ৰধান আকৰ্ষণ কি?

উত্তৰঃ চাৰিটা ঢেঁকীয়াপতীয়া বাঘ।


৫৪। বছৰত তিনি-চাৰি মাহৰ বাবে চৰিবলৈ অহা মোলাই কাঠনিৰ সদস্য় কোন কোন?

উত্তৰঃ ১১৫ টা হাতী, ৫০০-ৰো অধিক হৰিণা মোলাই কাঠনিৰ সদস্য়।


৫৫। মোলাই কাঠনিৰ আলহী সদস্য় কোন?

উত্তৰঃ কজিৰঙাৰ পৰা চৰিবলৈ অহা তিনিটা এশিঙীয়া গঁড়।


৫৬। তেওঁক কিমান চনত ভাৰত অৰণ্য় মানৱ উপাধি প্ৰদান কৰা হৈছিল?

উত্তৰঃ ২০১২ চনত।


৫৭। যাদৱ পায়েঙক কোনে 'হীৰাখচিত বঁটা' প্ৰদান কৰিছিল?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামে।


৫৮। তেওঁক কিমান চনত পদ্মশ্ৰী উপাধি প্ৰদান কৰা হৈছিল?

উত্তৰঃ ২০১৫ চনত।


৫৯। মিচিং সমাজৰ প্ৰথম বন-বিষয়া কোন? 

উত্তৰঃ মহীচন্দ্ৰ মিৰি।


৬০। মিচিং সমাজৰ আন এজন উল্লেখযোগ্য় ব্য়ক্তি কোন?

উত্তৰঃ বিশ্ব পাঞ্জা-চেম্পিয়ন ৰাজেন্দ্ৰ কুমাৰ মিলি।


Type By- Jatin Nath