মণিপুৰীসকল

অধ্য়ায়- ২০

১। অসমত প্ৰধানকৈ মণিপুৰীসকলে ক'ত বসবাস কৰে?

উত্তৰঃ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্য়াকাত।


২। বৰাক উপত্য়াকাৰ কৰ কৰ জিলাত মণিপুৰীসকলে বাস কৰে?

উত্তৰঃ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত।


৩। মণিপুৰীসকলৰ নিজস্ব লিপি কি?

উত্তৰঃ মীতৈ ময়েক তেওঁলোকৰ নিজস্ব লিপি।


৪। কিমান খ্ৰীষ্টাব্দত মান সেনাই মণিপুৰ ৰাজ্য় আক্ৰমণ কৰিছিল?

উত্তৰঃ ১৮১৯ খ্ৰীষ্টাব্দত।


৫। মীতৈ শব্দটোৱে কিহক কিহক সূচায়? 

উত্তৰঃ মীতৈ শব্দটোৱে ভাষা আৰু সম্প্ৰদায় দুয়োটাকে বুজাই।


৬। লোন শব্দৰ অৰ্থ কি?

উত্তৰঃ লোন শব্দৰ অৰ্থ ভাষা।


৭। মণিপুৰী বা মৈতৈ/মীতৈ সমাজ কেইটা ফৈদত বিভক্ত?

উত্তৰঃ সাতোটা 'য়েক-ছালাই' অৰ্থাৎ খেল বা ফৈদত বিভক্ত।


৮। এই খেল বা ফৈদবোৰ কি কি?

উত্তৰঃ মঙাং ( নিংথৌজা ), লুৱাং, খুমন, মোইৰং, অঙোম, খাবা-ঙনবা আৰু চেংলৈ।


৯। খেল বা ফৈদৰ উপখেলসমূহক কি বুলি কোৱা হয়?

উত্তৰঃ 'য়ুমনাক' বা 'শাগৈ' বুলি কোৱা হয়?


১০। পীবা' অৰ্থ কি?

উত্তৰঃ মুখীয়াল।


১১। মণিপুৰীসকলে কিয় নৈৰ দাঁতিত বা সহজে পানী পোৱা ঠাইত গাঁও পাতে?

উত্তৰঃ খেতি-বাতিৰ সুবিধাৰ বাবে। 


১২। মণিপুৰীৰ গাঁৱৰ উল্লেখযোগ্য় বৈশিষ্ট কি?

উত্তৰঃ বাৰীৰ চৌহদত মাটিৰে ঢাপ দিয়া তেওঁলোকৰ উল্লেখযোগ্য় বৈশিষ্ট।


১৩। বাৰীৰ চৌহদত মাটিৰে ঢাপ দিয়াক কি বুলে?

উত্তৰঃ ইয়াক 'লৈপন তাখৎপা' বোলে।


১৪। গাঁৱৰ জনকল্য়ানৰ বাবে একো একোটা কি গঠন কৰা হয়?

উত্তৰঃ 'শিঙলুপ' গঠন কৰা হয়। 


১৫। মণিপুৰীসকলৰ প্ৰধান আহাৰ কি?

উত্তৰঃ ভাত।


১৬। তেওঁলোকৰ প্ৰিয় খাদ্য় কি?

উত্তৰঃ মাছ।


১৭। মণিপুৰীসকল কি ধৰ্মী?

উত্তৰঃ বৈষ্ণৱ ধৰ্মী।


১৮। মণিপুৰীসকল মূলত কি জীৱি?

উত্তৰঃ কৃষিজীৱি।


১৯। মণিপুৰী উৎসৱ কি

উত্তৰঃ 'লাই হৰাওবা'।


২০।'লাই হৰাওবা'ৰ অৰ্থ কি?

উত্তৰঃ অৰ্থ হ'ল 'নেদেখাজনৰ সন্তোষ সাধন'।


২১। 'লাই হৰাওবা'ৰ প্ৰধান শিল্পী কি?

উত্তৰঃ মাইবা-মাইবী।


২২। এই নূত্য়ৰ প্ৰধান বাদ্য়যন্ত্ৰ কি?

উত্তৰঃ পেনা।


২৩। মণিপুৰী লোক-সংস্কৃতিৰ অমূল্য় সম্পদ কি?

উত্তৰঃ 'থাবল চোংবি', 'মাইবী জগোই' ( লাই হাৰাওবা নৃত্য় ) তেওঁলোকৰ অমূল্য় সম্পদ।


২৪। মণিপুৰীসকলৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিৰ নাম লিখা।

উত্তৰঃ নাওৰিয়া ফুলো, নৃত্য়গুৰু কে. যতীন্দ্ৰ সিংহ, সমাজসেৱিকা সৰস্বতী সিংহ, নোংথোম্বম বিদ্য়াপতি সিংহ।


২৫। নাওৰিয়া ফুলো কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৮৮৮ চনৰ ২৮ আগষ্টৰ তাৰিখে। 


২৬। তেওঁ কাৰ কাৰ সন্তান?

উত্তৰঃ তেওঁ নাওৰেম চাওবা আৰু থম্বৌ দেৱীৰ সন্তান।


২৭। তেওঁ মুঠতে কিমানখন নাটক ৰচনা কৰিছিল আৰু কি কি?

উত্তৰঃ মুঠ পাঁচখন নাটক ৰচনা কৰিছিল। যেন- (১) 'ইনিংথৌ হৰিচন্দ্ৰ'一( হৰিচন্দ্ৰ ৰজা) ( ২ ) 'সীতা বনবাস', ( ৩ ) 'ৰামনা বনবাসতগী হললকলবদা',一( বনবাসৰ পৰা ৰামৰ প্ৰত্য়াৱৰ্তনত) ( ৪ ) 'দুষ্মন্ত শকুন্তলা' ( ৫ ) 'শ্ৰৱন কুমাৰ'।


২৮। ১১ বছৰ ভিতৰত কবিতা আৰু নিৱন্ধৰ মুঠ কেইখন গ্ৰন্থ তেওঁ ৰচন কৰে?

উত্তৰঃ ১৯ খন।


২৯। জনসাধাৰণৰ দৃষ্টিত তেওঁ কি হৈ পৰিছিল?

উত্তৰঃ 'পুনৰুত্থানবাদী'ৰ নায়ক' হৈ পৰিছিল।


৩১। নাওৰিয়া ফুলো কিমান চনত ইহলীলা সম্বৰণ কৰে?

উত্তৰঃ ১৯৪১ চনৰ ৩০ জুন তাৰিখে তেওঁ ইহলীলা সম্বৰণ কৰে।


৩২। তেওঁ মুঠতে কিমান বছৰ জীয়াই আছিল?

উত্তৰঃ ৫৩ বছৰ বয়সলৈ তেওঁ জীয়াই আছিল। 


৩৩। নৃত্য়গুৰু কে. যতীন্দ্ৰ সিংহৰ কিমান চনত ক'ত জন্ম হৈছিল? 

উত্তৰঃ ১৯৪৩ চনত এপ্ৰিল মাহৰ ২২ তাৰিখে অসমৰ কাছাৰ জিলাৰ লক্ষীমপুৰত।


৩৪। তেওঁ সৰুৰে পৰা কেনেধৰণৰ আছিল?

উত্তৰঃ তেওঁ সৰুৰে পৰাই অতি নম্ৰ, বিনয়ী, সংগীত তথা নৃত্য়প্ৰেমী ভালপোৱা আছিল।


৩৫। তেওঁ কিমান চনত বিশ্বভাৰতী শান্তিনিকেতনলৈ নৃত্য়শিক্ষাৰ বাবে গৈছিল?

উত্তৰঃ ১৯৬৫ চনত।


৩৬। তেওঁ অভিনয় কৰা দুখন টেলিফিল্মৰ নাম লিখা।

উত্তৰঃ 'ত্ৰিধাৰ' আৰু  মীৰজিঙ্গাঁনসা'।


৩৭।তেওঁ কিমান চনত ইহলীলা সম্বৰণ কৰিছিল?

উত্তৰঃ ২০১৮ চনত ২ এপ্ৰিল তাৰিখে সোমবাৰে।


৩৮। সমাজসেৱিকা সৰস্বতী সিংহাৰ কিমান চনত ক'ত জন্ম হৈছিল?

উত্তৰঃ ১৯৫৮ চনৰ ৮ চেপ্তেম্বৰত হোজাই জিলাৰ লংকা অঞ্চলৰ আমপুখুৰী গাঁৱত


৩৯। তেওঁৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃৰ নাম ৱাহেংবম জয়চন্দ্ৰ সিংহ আৰু মাতৃৰ নাম ৱাহেংবম ফজবী দেৱী।


৪০। অসমৰ ব্ৰহ্মপুত্ৰ উপত্য়াকাৰ প্ৰথমগৰাকী মণিপুৰী মহিলা অধিবক্তা কোন?

উত্তৰঃ সৰস্বতী সিংহা।


৪১। তেওঁ প্ৰতিষ্ঠা কৰা সংগঠনৰ ভিতৰত কোনটো আটাইতকৈ উল্লেখযোগ্য়?

উত্তৰঃ হোজাইৰ মৈৰা 'পাইবী লুপ' অৰ্থাৎ 'জোঁৰোলোৱা মহিলা বাহিনী' নামৰ মহিলা সংগঠনটো।


৪২। অসমে তেওঁক কিমান চনত 'সমাজসেৱিকা' উপাধিৰে বিভূষিত কৰিছিল?

উত্তৰঃ ২০১২ চনত।


৪৩। তেওঁ কিমান চনত ইহলীলা সম্বৰণ কৰে? 

উত্তৰঃ ২০১২ চনৰ ৫ জিচেম্বৰত।


৪৪। নোংথোম্বম বিদ্য়াপতি কিমান চনত ক'ত জন্ম হৈছিল?

উত্তৰঃ ১৯৪২ চনৰ ২৪ নবেন্বৰত বৰ্তমান হাইলাকান্দি জিলাৰ লালা চহৰত জন্ম গ্ৰহণ কৰিছিল।


৪৫। তেওঁৰ পিতৃৰ নাম কি? তেওঁ কি আছিল?

উত্তৰঃ পিতৃৰ নাম ললিত সিংহ। তেওঁ এজন কবিৰাজ আৰু জ্য়োতিষী আছিল।


৪৬। তেওঁৰ মাতৃৰ নাম কি?

উত্তৰঃ মাতৃৰ নাম মাইচন দেৱী।


৪৭। তেওঁৰ সভাপতিত্বত ১৯৩৯ চনত গঢ়ি উঠা অনুষ্ঠানটোৰ নাম কি?

উত্তৰঃ যুৱ সংঘৰ নামৰ এটি অনুষ্ঠান।


৪৮। নোংথোম্বম বিদ্য়াপতি সিংহই কিমান চনত কৰ স্কুলত ইংৰাজী শিক্ষকৰূপে যোগদান কৰিছিল?

উত্তৰঃ ১৯৩৬ চনত কাছাৰ জিলাৰ সেণাই এম. ই স্কুলত ইংৰাজী শিক্ষকৰূপে যোগদান কৰিছিল।


৪৯। তেওঁ মুঠতে কিমান বছৰ জীয়াই আছিল?

উত্তৰঃ ৪২ বছৰ।


৫০। তেওঁ মৃত্য়ু কিমান চনত হৈছিল?

উত্তৰঃ তেওঁ ১৯৫৪ চনৰ ১৪ চেপ্তেম্বৰ তাৰিখে সোণাই চহৰত মৃত্য়ু হৈছিল।


Type By-Jatin Nath