সোনোৱাল কছাৰীসকল

অধ্য়ায়- ২২

১। সোনোৱাল কছাৰীসকলে পূৰ্ৱতে কি হিচাপে অসমত প্ৰৱেশ কৰিছিল?

উত্তৰঃ মঙ্গোলীয় হিচাপে। 


২। তেওঁলোক প্ৰথমতে কি আছিল?

উত্তৰঃ জড়োপাসক আছিল।


৩।তেওঁলোকে কালক্ৰমত কি ধৰ্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ কিৰাত ধৰ্ম গ্ৰহণ কৰিছিল।


৪। পণ্ডিতসকলৰ মতে কছাৰী নামৰ উৎপত্তি কেনেকৈ হৈছিল?

উত্তৰঃ পণ্ডিতসকলৰ মতে কক্ষাত ⟶ কচ্ছাত ⟶ কচ্ছৰ লগত অৰি যোগ হৈ কচ্ছ + অৰি = কচ্ছাৰী বা কছাৰী নামৰ উৎপত্তি হৈছিল। 


৫।  ড° সুনীতি কুমাৰ চ্য়াটাৰ্জী ( চট্টোপাধ্য়ায়) মতে কছাৰীসকলে প্ৰথমতে ক'ত বাস কৰিছিল?

উত্তৰঃ 'কুশী' নদীৰ পাৰত।


৬। ডিমাছা ভাষাত সোণোৱাল মানে কি? 

উত্তৰঃ ডিমাছা ভাষাত সোণোৱাল মানে উজ্বল আৰু ঐশ্বৰ্যশালী।


৭। সোনোৱাল শব্দটো কৰ পৰা আহিছে?

উত্তৰঃ সোণোৱাল শব্দটো তিব্বত-বৰ্মী ভাষাগোষ্ঠীৰ 'সুণোৱাৰ' শব্দৰ পৰা আহিছে।


৮। ইতিহাসবিদ উপেন্দ্ৰ চন্দ্ৰ গুহদেৱৰ 'কাছাৰেৰ ইতিবৃত্তত' উল্লেখ কৰামতে কোনখিনি মানুহক সুনুৱাল বুলি কোৱা হয়?

উত্তৰঃ তেওঁ 'কাছাৰেৰ ইতিবৃত্তত' উল্লেখ কৰামতে সুনাচিৰি (বৰ্তমান সোৱণশিৰি ) নদীৰ পাৰত বসবাস কৰা মানুহখিনিক সুনুৱাল বুলি কোৱা হয়।

 

৯। বৰ্তমান সোনোৱাল কছাৰী বুলি কাক কোৱা হয়?

উত্তৰঃ ব্ৰহ্মপুত্ৰ উত্তৰফালে থকা কছাৰীসকলক প্ৰথমতে হাবাং নাইবা হাবুঙীয়া কছাৰী বুলি কোৱা হৈছিল।এই হাবুঙীয়া কছাৰীসকলেই সুনুৱাল ( বৰ্তমান সোনোৱাল ) কছাৰী বুলি কোৱা হয়।


১০। সোনোৱাল কছাৰীসকল কিমান খ্ৰীষ্টাব্দৰ পৰা কি ধৰ্ম উপাশক আছিল?

উত্তৰঃ ৮৩০ খ্ৰীষ্টব্দৰ পৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাশক আছিল।


১১। কেতিয়াৰ পৰা সোনোৱাল সকলৰ মাজত নামঘৰৰ প্ৰচলন হৈছিল?

 উত্তৰঃ তেওঁলোকে শৰণ লোৱাৰ পাছৰ পৰা।


১২। সোনোৱাল কছাৰীসকলৰ প্ৰথম পৰিচয় কি?

উত্তৰঃ তেওঁলোকৰ প্ৰথম পৰিচয় সঁচ বা পৰিয়াল, বংশ, খেল আৰু কুচীয়া।


১৩। বৰ্তমান সোনোৱালসকলৰ মাজত কেইটা সঁচ আৰু কেইটা বংশ আছে?

উত্তৰঃ ১৩৫ টা সঁচ আছে আৰু ২৫ টা বংশ আছে।


১৪। কেইটা বংশক নিৰ্বাচন কৰি হালালি ৰাজ্য় পৰিচালনা কৰিছিল?

উত্তৰঃ চৈধ্য়টা বংশক নিৰ্বাচন কৰি।


১৫। সোনোৱাল কছাৰীসকলে অতিথিৰ বাবে কি ঘৰ সাজে? 

উত্তৰঃ মাৰলঘৰ সাজে।


১৬। লোক-সাহিত্য় কি?

উত্তৰঃ জনসাধাৰণে ৰচনা কৰা সাহিত্য়ই হৈছে লোক-সাহিত্য়।


১৭। সোনোৱাল কছাৰীসকলৰ মাজত কি ধৰ্ম বিৰাজমান আৰু কি কি?

উত্তৰঃ তেওঁলোকৰ মাজত দ্বৈতধৰ্ম বিৰাজমান一 শাক্ত আৰু বৈষ্ণৱ।


১৮। সোনোৱাল সকলে কেতিয়াৰ পৰা কিৰাত বা পুৰাতন ধৰ্ম পালন কৰি আহিছে?

উত্তৰঃ ৰামায়ণ, মহাভাৰতৰ দিনৰ পৰাই।


১৯। তেওঁলোকৰ পৰম্পৰাগতভাৱে চলি অহা কেইটামানৰ পূজা নাম লিখা।

উত্তৰঃ বাইথ' পূজা, গজাই পূজা, গাতিগিৰি পূজা, সৰগদেউ পূজা, জলখাই পূজা ইত্য়াদি।


২০। সোনোৱালসকলৰ কেইটামান সকাম-নিকামৰ নাম লিখা?

উত্তৰঃ লখিমী সবাহ, আই সকাম, বাৰী চুকৰ সকাম, ন-পুৰুষীয়া সকাম ইত্য়াদি।


২১। সোনোৱাল কছাৰীসকলৰ বৰ্তমান বসতি উজনি অসমৰ কোন কোন জিলাত আছে?

উত্তৰঃ লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, জিব্ৰুগড়, শিৱসাগৰ যোৰহাট, আৰু গোলাগাট আদি জিলাত আছে।


২২। সোনোৱাল কছাৰীসকলৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিৰ নাম লিখা।

উত্তৰঃ গগণ চন্দ্ৰ সোণোৱাল, পৰশুৰাম সোণোৱাল, বৰেণ্য় সাহিত্য়ক আৰু শিক্ষাবিদ যোগেশ দাস, অসমৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী যোগেন্দ্ৰ নাথ হাজৰিকা, 


২৩। গগণ চন্দ্ৰ সোনোৱাল কিমান চনত কত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৯২৬ চনৰ ২৪ জিচেম্বৰ তাৰিখে তিনিচুকীয়া জিলাৰ বৰহাপজানৰ সমীপৰ শুকানগুৰি চাহবাগিচাত তেওঁ জন্মগ্ৰহণ কৰিছিল।


২৪। তেওঁৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃৰ নাম তিলক সোনোৱাল আৰু মাতৃৰ নাম অদিতি সোনোৱাল।


২৫। সদৌ অসম জনসংস্কৃতিৰ পৰিষদৰ প্ৰথমগৰাকী সভাপতি কোন আছিল?

উত্তৰঃ গগণ চন্দ্ৰ সোনোৱাল।


২৬। কোনে কাকপথাৰত প্ৰথম শাখা সাহিত্য় সভা গঠন কৰিছিল?

উত্তৰঃ গগণ চন্দ্ৰ সোনোৱালদেৱে।


২৭। তেওঁ কিমান চনত ইহলীলা সম্বৰণ কৰিছিল?

উত্তৰঃ ২০০৯ চনৰ ২৭ অক্টোবৰ তাৰিখে।


২৮। পৰশুৰাম সোনোৱাল কিমান চনত ক'ত জন্ম হৈছিল?

উত্তৰঃ ১৯০৪ চনৰ ২৫ মে' তাৰিখে নগাঘূলি চাহবাগিচাত।


২৯। তেওঁৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃৰ নাম পঞ্চনান সোনোৱাল আৰু মাতৃৰ নাম গুটিমালা সোনোৱাল।


৩০। পৰশুৰাম সোনোৱালে কি কি খেলত সুকীয়া স্থান লাভ কৰিছিল ?

উত্তৰঃ ফুটবল, হকী আৰু টেনিছ  খেলত।


৩১। তেওঁ কেতিয়াৰ পৰা কৰ্মজীৱন আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৩৪ চনৰ ১৪ এপ্ৰিলৰ দিনা।


৩২। উকীল সন্থান নাম পঞ্জীয়ন কৰা এম.এ., এল. এল. বি. প্ৰথম অসমীয়া ব্য়ক্তিজন কোন?

উত্তৰঃ পৰশুৰাম সোনোৱাল।


৩৩। পৰশুৰাম সোনোৱালৰ কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ ১৯৬০ চনৰ পহিলা অক্টোবৰৰ দিনা।


৩৫। যোগেশ দাসৰ কিমান চনত ক'ত জন্ম হৈছিল?

উত্তৰঃ ১৯২৭ চনত ডুমডুমাৰ হাঁহচৰা চাহবাগিচাত।


৩৬। যোগেশ দাসৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃৰ নাম সূৰ্যকান্ত দাস আৰু মাতৃৰ নাম চিন্তামণি দাস।


৩৭। তেওঁৰ জীৱনৰ লক্ষ্য় আৰু উদেশ্য় কি আছিল?

উত্তৰঃ জ্ঞানৰ সাধনাই তেওঁৰ জীৱনৰ লক্ষ্য় আৰু উদেশ্য় আছিল।


৩৮। যোগেশ দাসৰ গল্প-পুথিসমূহৰ নাম লিখা।

উত্তৰঃ 'পপীয়া তৰা' ( ১৯৫৬ ),'ডাৱৰৰ আঁৰে আঁৰে' ( ১৯৫৮ ), 'ত্ৰিবেণী' ( ১৯৬১ ), 'মদাৰৰ বেদনা' ( ১৯৬৩), আৰু 'হাজাৰ লোকৰ ভীৰ' ( ১৯৬৫ )।

 

৩৯। তেওঁৰ কেইখনমান উপন্য়াসৰ নাম লিখা।

উত্তৰঃ সঁহাৰি পাই ( ১৯৫৩), ডাৱৰ আৰু নাই (১৯৫৫), জোনাকীৰ জুই (১৯৫৬) নিৰুপাই নিৰুপাই (১৯৬৩) ইত্য়াদি।


৪০। অসম সাহিত্য় সভা-পত্ৰিকাৰ সম্পাদক কোন আছিল?

উত্তৰঃ যোগেশ দাস।


৪১। যোগেশ দাসৰ ইংৰাজী গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ 'Folklore of Assam' 


৪২। তেওঁ কেতিয়া কিয় সাহিত্য় অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ ১৯৮০ চনত 'পৃথিৱীৰ অসুখ' নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য় অকাডেমি বঁটা লাভ কৰে।


৪৩।তেওঁ সাহিত্য় অকাডেমি বঁটা লাভ কৰাৰ পাছত আৰু কি কি বঁটা লাভ কৰিছিল লিখা।

উত্তৰঃ     তেওঁ ১৯৮৬ চনত বনে বনে গ্ৰন্থৰ বাবে মোক্ষদানন্দপাঠক শিশু-সাহিত্য় বঁটা লাভ                 কৰিছিল। 

                ১৯৮৯ চনত এনাজৰী গ্ৰন্থৰ বাবে সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা লাভ কৰে।

                ১৯৯৪ চনত তেওঁলৈ আগবঢ়োৱা হয় অসম উপত্য়কা সাহিত্য় বঁটা।


৪৪। যোগেশ দাসৰ কিমান চনত দেহাৱসান হয়?

উত্তৰঃ ১৯৯৯ চনৰ ৯ চেপ্তেম্বৰত।


৪৫। অসমৰ জনসাধাৰণৰ মাজত যোগেন্দ্ৰ নাথ হাজৰিকা কি নামেৰে অধিক জনাজাত?

উত্তৰঃ যোগেন হাজৰিকা নামেৰে।


৪৬।যোগেন্দ্ৰ নাথ সিংহৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯২৪ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে।


৪৭। তেওঁ পিতৃ মাতৃ কোন?

উত্তৰঃ তেওঁ পিতৃ মাতৃ হ'ল গোপাল চন্দ্ৰ হাজৰিকা আৰু ৰত্না হাজৰিকা।


৪৮। তেওঁ পত্নী আৰু একমাত্ৰ পুত্ৰ নাম লেখা।

উত্তৰঃ পত্নী বীণা হাজৰিকা আৰু একমাত্ৰ পুত্ৰ মনজিৎ হাাজৰিকা।


৪৯। যোগেন্দ্ৰ নাথ সিংহই কিমান চনত কিমান দিনৰ বাবে অসমৰ মুখ্য়মন্ত্ৰী হৈছিল?

উত্তৰঃ তেওঁ ১৯৭৯ চনত ৯১ দিনৰ বাবে অসমৰ মুখ্য়মন্ত্ৰী হৈছিল।


৫০। যোগেন্দ্ৰ নাথ হাজৰিকাই কিমান চনত আইনৰ ডিগ্ৰী লাভ কৰিছিল ? 

উত্তৰঃ ১৯৫২ চনত।


৫১। হাজৰিকা দেৱে গুৱাহাটীত অধ্য়য়ন কৰি থকা সময়ত কি সংগঠন জন্ম হৈছিল?

উত্তৰঃ All Assam Plains and Hills Tribe Students Association নামৰসংগঠন জন্ম হৈছিল।


৫২। তেওঁ কি অলোোচনী সম্পাদনা কৰিছিল?

উত্তৰঃ 'নায়ক' নামৰ এখন আলোচনী।


৫৩। তেওঁ কি কি ভাষাত প্ৰবন্ধ-পাতি লেখিছিল?

উত্তৰঃ অসমীয়া আৰু ইংৰাজী ভাষাত।


৫৪। হাজৰিকা দেৱৰ অতি উল্লেখযোগ্য় দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ 'ভাৰতৰ স্বাধীনতাৰ চমু বুৰঞ্জী আৰু গণ পৰিষদ' আৰু ইংৰাজী ভাষাত লিখা 一 'Consideration on twenty five Million Soul of Trial India' এই দুখন তেওঁৰ অতি উল্লেখযোগ্য় গ্ৰন্থ।


৫৫। যোগেন্দ্ৰ নাথ সিংহৰ কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ ১৯৯৭ চনৰ ৩০ চেপ্তেম্বৰ তাৰিখে তেওঁ মৃত্য়ু হৈছিল।


Type By-Jatin Nath







Post ID: DABP005668