তৃতীয় অধ্যায়

প্ৰাগৈতিহাসিক নৃতত্ত্ব

Short Answer :

১। প্ৰাগ ইতিহাস শব্দটোৱে মানুহৰ কেইটা অধ্যায়ক সূচায় আৰু কি কি?

উত্তৰঃ প্ৰাগ ইতিহায় শব্দটোৱে মানুহৰ দুটা অধ্য়ায়ক সূচায়। এটা অধ্যায় হ'ল ইতিহাস বা ঐতিহাসিক মানে বুৰঞ্জী আৰু আনটো অধ্য়ায় হ'ল প্ৰাগ ইতিহাস বা প্ৰাগ ঐতিহাসিক।

২। প্ৰাগ ইতিহাস বুলিলে কি বুজা?

উত্তৰঃ প্ৰাগ ইতিহাস বুলিলে মানুহৰ যিটো অধ্য়ায়ক ইতিহাসে ঢুকি নাপায় সেই অধ্যায়টোকেই প্ৰাগ ইতিহাস বুলি কোৱা হয়।

৩। প্ৰাগইতিহাস আৰু ইতিহাসৰ সীমা নিৰ্দ্ধাৰণৰ বাবে কিয় লিপিৰ প্ৰচলন অগ্ৰাধিকাৰ দিয়া হৈছে?

উত্তৰঃ প্ৰাইতিহাস আৰু ইতিহাস সীমা নিৰ্দ্ধাৰণৰ বাবে লিপিৰ প্ৰচলন অগ্ৰাধিকাৰ দিয়া হৈছে। কাৰণ মানৱ সমাজত লিখা প্ৰথা প্ৰচলন হ'লে লিপিৰ জৰিয়তে মানুহৰ সাংস্কৃতিক দিশ সম্পৰ্কে নতুবা আনুষাংগিক বহু প্ৰচলিত সামাজিক দিশৰ বিষয়ে লিপিবদ্ধ কৰি ৰাখিবলৈ সহজ।

৪। লিখা প্ৰথাৰ ব্যৱহাৰ প্ৰথমে ক'ত হৈছিল?

উত্তৰঃ লিখা প্ৰথাৰ ব্যৱহাৰ প্ৰথমে পশ্চিম এছিয়াৰ ইউফ্ৰেটিছ আৰুু ট্ৰাইগ্ৰিছ নদীৰ সমভূমি মেছ'প'টেমিয়া আৰু সমসাময়িক ভাৱে মিছৰৰ নীল নদী আৰু ভাৰতবৰ্ষৰ সিন্ধু নদী উপত্যকাত আৰম্ভ হয়।

৫। প্ৰাগঐতিহাসিক নৃতত্ত্বই সহায় লোৱা বৈজ্ঞানিকবোৰৰ নাম লিখা।

উত্তৰঃ প্ৰাগঐতিহাসিক নৃতত্ত্বই সহায় লোৱা বৈজ্ঞানিকৰ নাম হ'ল - জীৱাশ্ম অধ্যয়ন কৰা জীৱাশ্মবিদ, সাংস্কৃতিক সমলবোৰ অধ্যয়ন কৰা প্ৰত্নতত্ত্ববিদ, ভূতত্ত্ববিদ, পুৰাতত্ত্ববিদ ইত্যাদি।

৬। প্ৰাগইতিহাস শব্দটো প্ৰথমে কোনে আৰু কেতিয়া ব্যৱহাৰ কৰিছিল?

উত্তৰঃ প্ৰাগইতিহাস শব্দটো প্ৰথমে ইউৰোপৰ ডেনিয়েল উইলছন নামৰ এজন পণ্ডিতে ১৮৫১ চনত ব্যবহাৰ কৰিছিল।

৭। প্ৰাগইতিহাস শব্দটো প্ৰথমে কোনখন কিতাপত প্ৰয়োগ হয়?

উত্তৰঃ প্ৰাগইতিহাস শব্দটো প্ৰথমে "The Archaealogy and Prehistoric Annals of Scottland" নামৰ কিতাপখনত প্ৰয়োগ হৈছিল।

৮। "Primitive Culture" নামৰ কিতাপখনত "Prehistory" শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ "Primitive Culture" নামৰ কিতাপখনত "Prehistory" শব্দটো প্ৰথমে চাৰ এডোৱাৰ্ড টাইলৰে ব্যৱহাৰ কৰিছিল।

৯। মানুহ পৃথিৱীত প্ৰথম কেতিয়া আবিৰ্ভাৱ হয়?

উত্তৰঃ মানুহ পৃথিৱীত প্ৰথম চতুৰ্থ ভূতাত্ত্বিক যুগৰ প্লাইছট'চিন উপযুগত আবিৰ্ভাৱ হয়।

১০। প্লাইছট'চিন উপযুগৰ পাছৰ উপযুগটোৰ নাম লিখা।

উত্তৰঃ প্লাইছট'চিন উপযুগৰ পাছৰ উপযুগটো হ'ল হ'লচিন। এই যুগত আধুনিক মানুহৰ আবিৰ্ভাৱ হয়।

১১। প্ৰাৰম্ভিক ইতিহাস মানে কি?

উত্তৰঃ প্ৰাগইতিহাস আৰু ইতিহাসৰ মাজৰ অধ্যায়টোক প্ৰাৰম্ভিক ইতিহাস বুলি কোৱা হয়।

১২। প্ৰত্নতত্ত্ববিদ সকলৰ মূল লক্ষ্য কি?

উত্তৰঃ প্ৰত্নতত্ত্ববিদ সকলৰ মূল লক্ষ্য হ'ল- প্ৰাগইতিহাসৰ প্ৰায় আজিৰ পৰা ১ নিযুত বছৰ আগৰ ভূগৰ্ভত স্তৰীভূত হৈ থকা ভগ্নাংঅৱশেষবোৰত পোত গৈ থকা আদিম মানুহৰ পুৰণি সাংস্কৃতিক অৱশেষবোৰ খান্ধি উলিয়াই সেইবোৰ বিশ্লেষণ কৰি অতীত বুৰঞ্জীৰ বিষয়ে ৰচনা কৰা।

১৩। পুৰাতত্ত্ববিদ সকলৰ কাম কি?

উত্তৰঃ পুৰাতত্ত্ববিদ সকলে ভূস্তৰৰ পৰা সামগ্ৰী বিলাক পৰিত্য়ক্ত অৱস্থাত ধবংশ স্তুপবোৰত সানমিহলি হৈ থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰি সেইবোৰ পৰীক্ষা কৰি অতীত বুৰঞ্জী ৰচনা কৰে।

১৪। প্ৰাগঐতিহাসিক ক্ষেত্ৰত কেই প্ৰকাৰৰ অৱশেষ পোৱাৰ শম্ভৱনা থাকে?ঁঅ

উত্তৰঃ প্ৰাগঐতিহাসিক ক্ষেত্ৰত তিনি প্ৰকাৰৰ অৱশেষ পোৱাৰ সম্ভৱনা থাকে।

১৫। "Artifact" বুলিলে কি বুৃজা?

উত্তৰঃ আদিম সম্প্ৰদায় সকলে জীৱন ধাৰনৰ বাবে প্ৰস্তুত কৰিলোৱা বিভিন্ন প্ৰকাৰৰ হাঁ-হাতিয়াৰ আৰু সা-সৰঞ্জাম এই সকলোবিধ সামগ্ৰীকক একেলগে "artifact" বুলি কোৱা হয়।

১৬। "Ecofacts" কি?

উত্তৰঃ আদিম সম্প্ৰদায়বোৰে পৰিবেশ প্ৰাপ্ত জীৱ-জন্তুৰ হাড়, শিং, নোম, শামুকৰ খোলা, উদ্ভিদৰ ডাল-পাত, ফলৰ বীজ ইত্যাদি অৱশেষবোৰক একেলগে "Ecofacts" বুলি কোৱা হয়।

১৭। কোন খিনি সময়ছোৱোক প্ৰাক ইতিহাস বুলি কোৱা হয়?

উত্তৰঃ মানৱ ইতিহাসৰ লিখিত বিৱৰণ নথকা সময়ছোৱাক প্ৰাক ইতিহাস বুুলি কোৱা হয়।

১৮। অলিখীত তথ্য ভিত্তিক কিছুমান সমলৰ নাম লিখা।

উত্তৰঃ অলিখীত তথ্য ভিত্তিক কিছুমান সমলৰ নাম হ'ল- আদিম সম্প্ৰদায় সকলে বাস কৰা বাসস্থান, মৃতকক শৎকাৰ কৰিবলৈ লোৱা ব্যৱস্থা যেনে- কবৰ স্থান, দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ বাবে তৈয়াৰ কৰা শিলৰ সঁজুলি, হাঁ-হাতিয়াৰ, ৰন্ধন ব্যৱস্থাৰ বাবে প্ৰস্তুত কৰা জুই-শাল, সজুলি তৈয়াৰ কৰা স্থান, পৰ্ব্বতৰ গুহাৰ বেৰত খোদিত চিত্ৰ-কলা আৰু চৰু-কলা, উপসনা কৰা স্থান, মঠ-মন্দিৰ ইত্যাদি।

১৯। খনন কাৰ্য্য কৰি প্ৰাগইতিহাস অধ্যয়ন কৰা পদ্ধতি প্ৰথমে কোনে আৰু কেতিয়া প্ৰয়োগ কৰিছিল?

উত্তৰঃ খনন কাৰ্য্য কৰি প্ৰাগইতিহাস অধ্যয়ন কৰা পদ্ধতি প্ৰথমে হেনৰিচ শ্লেইমান নামৰ এজন জাৰ্মান প্ৰত্নতাত্ত্বিকে ১৮৭২ চনত প্ৰয়োগ কৰে।

২০। ট্ৰয় নগৰৰ ভগ্নাৱশেষ ক'ত আৰু কি পদ্ধতি প্ৰয়োগ কৰি উদ্ধাৰ কৰা হৈছিল?

উত্তৰঃ  তুৰস্ক দেশৰ হিছাৰলিক নামে ছাইত খনন কাৰ্য্য পদ্ধতি প্ৰয়োগ কৰি ট্ৰয় নগৰৰ ভগ্নাৱশেষ উদ্ধাৰ কৰা হৈাছিল।

২১। প্ৰত্নতাত্ত্বিক সমলবোৰে প্ৰাকইতিহাস ৰচনাত কেনেকৈ প্ৰয়োগ কৰা হয় সেইবিষয়ে কোনে কেতিয়া প্ৰমাণ কৰে?

উত্তৰঃ প্ৰত্নতাত্ত্বিক সমলবোৰে প্ৰাকইতিহাস ৰচনাত কেনেকৈ প্ৰয়োগ কৰে সেই বিষয়ে ডেনমাৰ্কৰ খ্ৰিষ্টিয়ান থমছেন নামৰ এজন প্ৰত্নতাত্ত্বিকে ১৮৩৬ চনত প্ৰমাণ কৰে।

২২। মানুহৰ অতীতৰ বসতি আবৰ্জনাৰ মাজৰ পৰা অৱশেষবোৰ উদ্ধাৰ কৰা কাৰ্যৰ বাবে প্ৰয়োগ কৰা তিনিটা বৈজ্ঞানিক প্ৰণালীৰ নাম লিখা।

উত্তৰঃ মানুহৰ অতীতৰ বসতদি আবৰ্জনাৰ মাডৰ পৰা অৱশেষ বোৰ উদ্ধাৰ কৰা কাৰ্যৰ বাবে প্ৰয়োগ কৰা তিনিটা বৈজ্ঞানিক প্ৰণালীৰ নাম হ'ল -

                                        ১। ভতাত্ত্বিক বা স্তৰবিন্যাস প্ৰণালী। (Geological or Stratigraphical method)

                                        ২। প্ৰত্নজীৱতাত্ত্বিক প্ৰণালী। (Palaeontological method)

                                        ৩। প্ৰত্নতাত্ত্বিক প্ৰণালী। (Archaeological method)

২৩। আদিম মানুহে বসবাস কৰা গুহাবোৰে কিমানবছৰ ইতিহাস বহন কৰিবলৈ সমৰ্থবান হয়? 

উত্তৰঃ আদিম মানুহে বসবাস কৰা গুহাবোৰে ৫,০০,০০০ বছৰৰ ইতিহাস বহন কৰিবলৈ সমৰ্থবান হয়।

২৪। প্ৰত্নতত্ত্ববিদ সকলে কিমান সময়লৈ ভাৰতীয় কৃষ্টিক্ৰমণিকা আৰু কৃষ্টি সভ্যতাৰ বিকাশৰ বুনিয়াদ ৰচনা কৰিবলৈ সক্ষম হয়?

উত্তৰঃ প্ৰত্নতত্ত্ববিদ সকলে খ্ৰীঃ পূঃ ৩০০০ বছৰ আগৰ পৰা ঐতিহাসিক যুগৰ আগছোৱালৈ ভাৰতীয় কৃষ্টিক্ৰমণিকা আৰু কৃষ্টি সভ্যতাৰ বিকাশৰ বুনিয়াদ ৰচনা কৰিবলৈ সক্ষম হয়।

২৫। কালিবাঙান, লোঠাল আৰু নেভেছাৰ বৰ্তমান নাম লিখা।

উত্তৰঃ কালিবাঙানৰ বৰ্তমান নাম ৰাজস্থান, লোঠালৰ গুজৰাট আৰু নেভেছাৰ মহাৰাষ্ট্ৰ।

২৬। উপত্যকা বুলিলে কি বুজা?

উত্তৰঃ নদীৰ দাঁতিত শিল, বালি, বোকা, কংকৰ আবৰ্জনা জমা হৈ গঠন হোৱা স্তৰবোৰক উপত্যকা বুলি কোৱা হয়।

২৭। নদী বেদীকা বুলিলে কি বুজা?

উত্তৰঃ নদীৰ দাঁতি অংশত গঠিীত হোৱা উপত্যকাবোৰৰ কিছু কিছু অংশ খৰস্ৰোতা নৈৰ কোবাল সোঁতে ক্ষয়ন প্ৰক্ৰিয়াৰে উটুৱাই নি তাত এটা বেদীকা বা থাকৰ সৃষ্টি কৰে। ইয়াকে নদী বেদীকা বুলি কোৱা হয়।

২৮। নদীৰ স্ৰোতে কেই ধৰণৰ ক্ৰিয়া সংগঠিত কৰে আৰু কি কি?

উত্তৰঃ নদীৰ স্ৰোতে দুই ধৰণৰ ক্ৰিয়া সংগঠিত কৰে। প্ৰথমটো হ'ল ক্ষয়ন আৰু আনটো হ'ল অবক্ষেপন।

২৯। নদীৰ উপত্যকাত একাধিক বেদীকাৰ সৃষ্টি হোৱাৰ কাৰণ লিখা।

উত্তৰঃ নদীৰ উপত্যকাত একাধিক বেদীকাৰ সৃষ্টি হোৱাৰ কাৰণ হ'ল- ক্ষয়ন প্ৰক্ৰিয়াৰ দ্বাৰা নদীৰ উপত্যকাত প্ৰথমে সৃষ্টি হোৱা বেদীকাটোৰ তলত পৰিবৰ্ত্তিত প্ৰাকৃতিক কাৰণৰ ফলত অৱক্ষেপন ক্ৰিয়াৰ ফলত পুনৰ নতুন কৈ গেদ জমা হয়। এই জমা হোৱা গেদবোৰ পুনৰ প্ৰাকৃতিক পৰিবৰ্ত্তন ফলত ক্ষয়ন ক্ৰিয়াৰ প্ৰভাৱ পৰি পূৰ্ব্বৰ নিচিনা প্ৰথম বেদীকাটোৰ তলত একে ধৰণে দ্বিতীয়টো বেদীকাৰ সৃষ্টি হয়। এইবোৰ কাৰণতে নদীৰ উপত্যকাত একাধিক বেদীকাৰ সৃষ্টি হয়।

৩০। পৃথিৱীত জীৱৰ সৃষ্টি কোনো অজ্ঞাত শক্তিৰ বলত হোৱা নাই তাৰ বিষয়ে প্ৰথমে কোনে কেতিয়া মত পোষন কৰে?

উত্তৰঃ পৃথিৱীত জীৱৰ সৃষ্টি কোনো অজ্ঞাত শক্তিৰ বলত হোৱা নাই তাৰ বিষয়ে প্ৰথমে মহামতী চাৰ্লচ ডাৰউইনে ১৯ শ শতিকাত মত পোষন কৰে।

৩১। প্লাইছট'ছিন যুগত কেইবাৰ জলবায়ুৰ পৰিবৰ্ত্তন সংঘটিত হৈছিল?

উত্তৰঃ প্লাইছট'ছিন যুগত সাতবাৰ জলবায়ুৰ পৰিবৰ্ত্তন সংঘটিত হৈছিল। তাৰে চাৰিবাৰ তুষাৰ যুগ আৰু তিনিবাৰ অন্তৰা তুষাৰ য়ুগ আছিল।

৩২। প্ৰাগঐতিহাসিক কালত বসবাস কৰা মানুহৰ যুগটোক কি বুলি কোৱা হয়?

উত্তৰঃ প্ৰাগঐতিহাসিক কালত বসবাস কৰা মানুহৰ যুগটোক প্ৰত্নপ্ৰস্তৰ যুগ বুলি কোৱা হয়।

৩৩। কোপেনহাগেনে ৰাজ্যিক সংগ্ৰহালয়ত সাংস্কৃতিক সমলবোৰ অধ্যয়ণ কৰি সমলবোৰ কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ কোপেনহাগেনে ৰাজ্যিক সংগ্ৰহালয়ত সাংস্কৃতিক সমলবোৰ অধ্যয়ণ কৰি তিনিটা সাংস্কৃতিক স্তৰত শ্ৰেণীবিভাগ কৰিছে। সেইকেইটা ক্ৰমে- ১। প্ৰস্তৰযুগ, ২। ব্ৰঞ্জ যুগ, ৩। লৌহযুগ।

৩৪। প্ৰথমে পুৰণি প্ৰস্তৰ যুগৰ স্থান ক'ত আবিস্কাৰ কৰে?

উত্তৰঃ প্ৰথমে পুৰণি প্ৰস্তৰ যুগৰ স্থান আফ্ৰিকাৰ "অলডুভাই" গুহাত আবিস্কাৰ কৰে।

৩৫। কোনে কেতিয়া প্ৰত্নপ্ৰস্তৰ যুগত বস-বাস কৰা মানুহবিলাকে ব্যৱহাৰ কৰা বস্তুবোৰৰ অৱশেষ আবিস্কাৰ কৰে?

উত্তৰঃ ড. লিকি আৰু তেখেতৰ ঘৈনীয়েকে ১৮৫৯ চনত প্ৰত্নপ্ৰস্তৰ যুগত বস-বাস কৰা মানুহবিলাকে ব্যৱহাৰ কৰা বস্তুবোৰৰ অৱশেষ আবিস্কাৰ কৰে।

৩৬। শিলগুটি অস্ৰ বা চ'পাৰ চপিং সঁজুলি বুলিলে কি বুজা?

উত্তৰঃ সঁজুলি তৈয়াৰ কৰোতে শিল হাঁতুৰী কৌশল প্ৰয়োগ কৰি এটা মূল শিলাখণ্ড বা শিলগুটিৰ এটা মূৰৰ পৰা কেইটামান চকলা নিৰ্গত কৰি মুখ খন কৰ্মথ কৰি লয় আৰু বাকী ফালৰ পৰা কোনো ধৰনৰ চলি নিৰ্গত কৰা নহয়। এনেকুৱা হাঁতিয়াৰক শিলগুটি অস্ৰ বা চ'পাৰ চপিং বুলি কোৱা হয়।

৩৭। প্ৰাগঐতিহাসিক কাল নিৰ্ণয় কৰাৰ বাবে প্ৰয়োগ কৰা প্ৰণালীক কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি?

উত্তৰঃ প্ৰাগঐতিহাসিক কাল নিৰ্ণয় কৰাৰ বাবে প্ৰয়োগ কৰা প্ৰণালীক দুটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা ক্ৰমে-

                                    ১। পৰোক্ষ কাল নিৰ্ণয় প্ৰণালী। (Relative Dating Method)

                                    ২। প্ৰত্যক্ষ কাল নিৰ্ণয় প্ৰণালী। (Absolute Dating Method)

৩৮।পৰোক্ষ কাল নিৰ্ণয় প্ৰণালীক কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি?

উত্তৰঃ পৰোক্ষ কাল নিৰ্ণয় প্ৰণালীক চাৰিটা ভাগত ভাগ কৰা হয়। সেইকেইটা ক্ৰমে-

                                              ১। ভূতাত্ত্বিক প্ৰণালী। (Geological or Geochronological method)

                                              ২। ভূতাত্ত্বিক স্তৰীয় বিদ্যা। (Stratigraphical method)

                                             ৩। আনুষংগিক সামগ্ৰী। (Associated finds)

                                             ৪। প্ৰকাৰতাত্ত্বিক প্ৰণালী। (Typological method)

৩৯। ভূতাত্ত্বিক স্তৰ বিলাক কিহৰ পৰা গঠিত হয়?

উত্তৰঃ ভূতাত্ত্বিক স্তৰ বিলাক সাধাৰণতে গেদীয় শিলৰ দ্বাৰা গঠিত হয়।

৪০। স্তৰীয় বিদ্যা বুলিলে কি বুজা?

উত্তৰঃ তৰপে তৰপে জমা হোৱা স্তৰবোৰত লুপ্ত হৈ যোৱা প্লিছট'ছিন যুগৰ স্তৰৰ পৰা মানুহৰ সাংস্কৃতিক সমল আৰু আনুষংগিক বিভিন্ন প্ৰকাৰৰ বস্তুগত সমলবোৰ খান্দি উলিয়াই সেইবোৰৰ ওপৰত ভিত্তি কৰি স্তৰবোৰৰ কাল নিৰূপণ কৰাৰ উপৰিও সাংস্কৃতিক সমলবোৰও কাল নিৰূপ কৰিবলৈ সক্ষম হৈছে। এনেকৈ স্তৰ অধ্যয়ন কৰা বিষয়টোক স্তৰীয় বিদ্যা বুলি কোৱা হয়।

৪১। সংস্কৃতিযুক্ত স্তৰ কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ সংস্কৃতিযুক্ত স্তৰ দুই প্ৰকাৰৰ। এবিধ হ'ল নদীৰ অবক্ষেপন ক্ৰিয়াৰ ফলত গঠিত হোৱা স্তৰ। এই স্তৰক প্ৰাকৃতিক স্তৰ এইবোৰত মানুহৰ সাংস্কৃতিক সমল পোৱা যায়। আন বিধ হ'ল মানুহে বসবাস কৰা গুহা বা মুকলি ঠাইত বসতি আবৰ্জনাবোৰ জমা হৈ যি স্তৰৰ সৃষ্টি হয় তাক কৃত্ৰিম স্তৰ বুলি কোৱা হয়।

৪২। এচুলিয়ান হস্তকুঠাৰ কি?

উত্তৰঃ স্তৰবিন্যায় অনুযায়ী, একেবাৰে নিম্ন স্তৰৰ কিছুমান নিম্নমানৰ কাৰিকৰী কৌশলেৰে তৈয়াৰ কৰা শিলৰ ডাঙৰ ডাঙৰ আৰু ভোটা হাঁতিয়াৰ উদ্ধাৰ কৰিছে। এইবিলাকক এচুলিয়ান হস্তকুঠাৰ নাম দিয়া হৈছে।

৪৩। ভাৰ্ভ শব্দটো কৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি?

উত্তৰঃ ভাৰ্ভ শব্দটো চুইডিছ ভাযাৰ পৰা আহিছে। ভাৰ্ভ শব্দৰ অৰ্থ হ'ল তৰপ বা পাতল আবৰণ।

৪৪। ভাৰ্ভ মাটি বিশ্লেষণ পদ্ধতিটো কোনে কেতিয়া আবিস্কাৰ কৰে?

উত্তৰঃ ভাৰ্ভ মাটি বিশ্লষণ পদ্ধতিটো চুইডেনৰ ভূতত্ত্ববিদ গেৰাড, ডি, গিয়েৰে, ১৮৭৮ চনত আবিস্কাৰ কৰে।

৪৫। ফুলৰেণু বিশ্লষণ পদ্ধতিটো কোনে আবিস্কাৰ কৰে?

উত্তৰঃ খুলৰেণু বিশ্লেষণ পদ্ধতিটো লিৰ্নাট বন পোষ্ট নামৰ বৈজ্ঞানিক এজনে আবিস্কাৰ কৰে। এই পদ্ধতিৰ জৰিয়তে জলবায়ুৰ পৰিৱৰ্তনৰ উপৰিও প্ৰাগঐতিহাসিক সাংস্কৃতিৰ ভূতাত্ত্বিক কাল নিৰ্ণয় কৰিব পাৰি।

৪৬। প্ৰত্যক্ষ কাল নিৰ্ণয় পদ্ধতি কাক বোলে?

উত্তৰঃ প্ৰত্যক্ষভাৱে কিছুমান অতীতৰ স্তৰীভূত অৱস্থাৰ পৰা উদ্ধাৰ কৰা মানৱ সংস্কৃতিৰ সমলৰ ওপৰত বৈজ্ঞানিক পদ্ধতিৰ সহায়ত কাল নিৰূপন কৰাকেই প্ৰত্যক্ষ কাল নিৰ্ণয় পদ্ধতি বুলি কোৱা হয়।

৪৭। প্ৰত্যক্ষ কাল নিৰ্ণয় পদ্ধতিত কি কি বিজ্ঞান বিষয়ৰ সহায় লোৱা হৈছিল?

উত্তৰঃ প্ৰত্যক্ষ কাল নিৰ্ণয় পদ্ধতিত ভূতত্ত্ব, জীৱতত্ত্ব, উদ্ভিদ তত্ত্ব, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান আদি বিজ্ঞান বিষয়ৰ সহায় লোৱা হৈছিল।

৪৮। প্ৰত্যক্ষ কাল নিৰ্ণয় পদ্ধতিক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ প্ৰত্যক্ষ কাল নিৰ্ণয় পদ্ধতিক পাঁচটাক ভাগ কৰা হৈছে। সেইকেইটা ক্ৰমে-

১। তেজস্ক্ৰিয় এঙাৰৰ সহায়ত কাল নিৰ্ণয় পদ্ধতি (Radio-carbon dating method)

                    ২। পটেছিয়াম আৰগন পদ্ধতি (Potassium Argon method)

                    ৩। ফ্ল'ৰিণ বিশ্লেষণ প্ৰণালী (Flourine Analysis)

                     ৪। বৃক্ষবলয়বিশ্লেষণ (Tree ring analysis or Dendrochronology)

                     ৫। শৈল চৰ্ম বা আস্তৰন (Patination)

৪৯। তেজস্ক্ৰিয় এঙাৰৰ সহায়ত কাল নিৰ্ণয় পদ্ধতিটো কোনে কেতিয়া আবিস্কাৰ কৰিছিল? আৰু কেতিয়া "নবেল বটা" লাভ কৰে?

উত্তৰঃ তেজস্ক্ৰিয় এঙাৰৰ সহায়ত কাল নিৰ্ণয় পদ্ধতিটো চিকাগো বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞানৰ অধ্যাপক ড. লিবিয়ে ১৯৪৫ চনত আবিস্কাৰ কৰে। তেওঁ ১৯৬০ চনত এই পদ্ধতিৰ বাবে "নবেল বটা" লাভ কৰে।

৫০। তেজস্ক্ৰিয় এঙাৰৰ সহায়ত কাল নিৰ্ণয় পদ্ধতিটোৰ ওপৰত ড. লিবিয়ে লিখা কিতাপখন কি আৰু কেতিয়া প্ৰকাশ কৰে?

উত্তৰঃ তেজস্ক্ৰিয় এঙাৰৰ সহায়ত কাল নিৰ্ণয় পদ্ধতিটোৰ ওপৰত লিখা কিতাপখনৰ নাম "Radio-Carbon Dating" আৰু এই কিতাপখন ১৯৫৫ চনত প্ৰকাশ কৰে।

৫১। তেজস্ক্ৰিয় বিজ্ঞানাগাৰ ক'ত আছে?

উত্তৰঃ বোম্বাইত অৱস্থিত "Tata Institute of Fundamental Research" নামৰ গৱেষণাগাৰত তেজস্ক্ৰিয় বিজ্ঞানাগাৰ আছে।

৫২। তেজস্ক্ৰিয় এঙাৰৰ সহায়ত কাল নিৰ্ণয় পদ্ধতিটোৰ মূল বিষয়বস্তু কি?

উত্তৰঃ তেজস্ক্ৰিয় এঙাৰৰ সহায়ত কাল নিৰ্ণয় পদ্ধতিটোৰ মূল বিষয়বস্তু হ'ল- সৌৰ ৰশ্মিৰ পৰা "নিউট্ৰন" উৎপন্ন হয়।  এই উৎপাদিত নিউট্ৰন বায়ুমণ্ডলত তেজস্ক্ৰিয় নাইট্ৰজেনৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটি তেজস্ক্ৰিয় এঙাৰলৈ পৰিবৰ্ত্তন হয়। ইয়াৰ সমীকৰণটো হ'ল-

N¹⁴ + n = C¹⁴ + H

৫৩। কিমান বছৰৰ পিছত প্ৰত্যেক জীৱৰ দেহত সঞ্চিত C¹⁴ গেছৰ আধা অংশ ক্ষয় হয়?

উত্তৰঃ প্ৰতি ৫৭৩০ বছৰৰ পিছত প্ৰত্যেক জীৱৰ দেহত সঞ্চিত C¹⁴ গেছৰ আধা অংশ ক্ষয় হয়।

৫৪। পটেছিয়াম আগৰন প্ৰণালী কি?

উত্তৰঃ পটেছিয়াম আগৰন প্ৰণালী হ'ল- সাধাৰণতে অজৈৱ পদাৰ্থ যেনেঃ শিল আৰু পুৰণি বিভিন্ন ধৰণৰ  ধাতুৰ পদাৰ্থৰ ওপৰত পৰীক্ষা কৰি বয়স নিৰ্ণয় কৰা হয়। এই পদ্ধতিৰ মূল কথা হ'ল- অজৈৱ পদাৰ্থবোৰ যিমানেই পুৰণি হয় সিমানেই তাৰ ওপৰত পটেছিয়াম পদাৰ্থ বা ছাই বেছি পৰিমানে সঞ্চিত হয়।

৫৫। "মাছ স্পেকটমিটাৰ" কি?

উত্তৰঃ "মাছ স্পেকটমিটাৰ" হ'ল এবিধ যন্ত্ৰ। যাৰ সহায়ত পটেছিয়াম আৰগন গেছলৈ ৰূপান্তৰিত হোৱা হাড়ৰ অনুপাত জুখা হয়।

৫৬। বৃক্ষবলয় বিশ্লেষণ পদ্ধতিটো প্ৰথমে কোনে কেতিয়া প্ৰয়োগ কৰে?

উত্তৰঃ বৃক্ষবলয় বিশ্লেষণ পদ্ধতিটো প্ৰথমে ডº ড'গলাছে জলবায়ু অধ্যয়ন কৰিবলৈ ১৯১৩ চনত প্ৰয়োগ কৰে।

৫৭। শৈল আস্তৰণ বুলিলে কি বুজা?

উত্তৰঃ প্ৰাগঐতিহাসিক কালৰ মানুহে তৈয়াৰ কৰা শিলৰ সঁজুলি বিলাক সূদীৰ্ঘকাল মাটিত পোত গৈ থকাৰ ফলত ৰাসায়নিক ক্ৰিয়াৰ প্ৰভাৱত সঁজুলি বিলাকৰ উপৰি ভাগ বিবৰ্ণ হৈ এখন চামনি সদৃশ চৰ্মৰ আকাৰ ধাৰণ কৰে। ইয়াকে শৈল আস্তৰণ বোলে।

৫৮। পৃথিৱীৰ খোলাটো কোনটো যুগত গঠন হৈছিল বুলিজনা যায় আৰু কি পদ্ধতি ব্যৱহাৰ জনা গৈছিল?

উত্তৰঃ পৃথিৱীৰ খোলাটো আৰ্কিয়ান বা এয'ইক যুগত গঠন হোৱা বুলি জনা যায় আৰু তেজস্ক্ৰিয় এঙাৰৰ পদ্ধতিৰে পৰীক্ষা কৰি এই যুগটোৰ কথা জনা গৈছিল।

৫৯। আৰ্কিয়ান বা এয'ইক যুগটোৰ বয়স কিমান?

উত্তৰঃ আৰ্কিয়ান বা এয'ইক যুগটোৰ বয়স প্ৰায় ৩৬০০ ৰ পৰা ৩০০ নিযুত বছৰ।

৬০। পৃথিৱীৰ খোলাটোত সংঘটিত হোৱা পৰিবৰ্তনবোৰ অধ্যয়ন কৰি ভূতাত্ত্বিক স্তম্ভটোক কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি?

উত্তৰঃ পৃথিৱীৰ খোলাটোত সংঘটিত হোৱা পৰিবৰ্তনবোৰ অধ্যয়ন কৰি ভূতাত্ত্বিক স্তম্ভটোক চাৰিটা ভাগত ভাগ কৰা হয়। সেইকেইটা ক্ৰমে-

                                                     ১। প্ৰথমা মহাযুগ (Primary Era)

                                                    ২। দ্বিতীয়া মহাযুগ (Secondary Era)

                                                    ৩। তৃতীয়া মহাযুগ (Tertiary Era)

                                                    ৪। চতুৰ্থ মহাযুগ (Quarternary Era)

৬১। জীৱতত্ত্বৰ সহায়ত জীৱাশ্মবোৰ অধ্যয়ন কৰি ভূতাত্ত্বিক সময় তালিকাখনক কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি?

উত্তৰঃ জীৱতত্ত্বৰ সহায়ত জীৱাশ্মবোৰ অধ্যয়ন কৰি ভূতাত্ত্বিক সময় তালিকাখনক চাৰিটা ভাগত ভাগ কৰা হয়। সেই ভাগকেইটা হ'ল-

                                        (ক) প্ৰাৰম্ভিক জীৱ মহাযুগ (Eozoic Era)

                                        (খ) প্ৰত্নজীৱ মহাযুগ (Palaeozoic Era)

                                        (গ) মধ্যজীৱ মহাযুগ (Mesozoic Era)

                                        (ঘ) আধুনিক জীৱ মহাযুগ (Cenozoic Era)

 ৬২। প্ৰাৰম্ভিক জীৱ-মহাযুগত কোন জীৱৰ জন্ম হয়?

উত্তৰঃ প্ৰাৰম্ভিক জীৱ মহাযুগত প্ৰথম এককোযী আৰু বহুকোষী জীৱৰ জন্ম হয়।

৬৩। কোনটো মহাযুগত জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম হয়?

উত্তৰঃ আধুনিক জীৱ মহাযুগত জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম হয়।

৬৪। প্লাইছট'ছিন যুগত সাতবাৰ জলবায়ুৰ পৰিবৰ্ত্তন হোৱাৰ বিষয়ে প্ৰথমে কোনে উদাঘটন কৰিছিল?

উত্তৰঃ প্লাইছট'ছিন যুগত সাতবাৰ জলবায়ুৰ পৰিবৰ্ত্তন হোৱাৰ বিষয়ে প্ৰথমে প্ৰাকৃতিবিদ স্কিম্পাৰে উদঘাটন কৰিছিল।

৬৫। নৈৰ নামেৰে নামাকৰণ কৰা চাৰিটা তুষাৰ যুগৰ নাম লিখা।

উত্তৰঃ নৈৰ নামেৰে নামাকৰণ কৰা চাৰিটা তুষাৰ যুগৰ নাম হ'ল- 

                                                                                ১। গুঞ্জ

                                                                                ২। মিণ্ডেল

                                                                                ৩। ৰিছ

                                                                                ৪। উৰম

৬৬। উত্তৰ আমেৰিকাৰ তুষাৰ কালবোৰৰ নাম লিখা।

উত্তৰঃ উত্তৰ আমেৰিকাৰ তুষাৰ কালবোৰৰ নাম হ'ল-

                                                                ১। নেব্ৰাস্কন

                                                                ২। কানচান

                                                                ৩। ইলিনয়চান

                                                                ৪। উইচকনচিন

৬৭। তুষাৰ যুগ চাৰিটাৰ সময়সীমা কিমান আৰু কোনে নিৰ্দ্ধাৰণ কৰিছে?

উত্তৰঃ তুষাৰ যুগ চাৰিটাৰ সময়সীমাবোৰ হ'ল-

                                                                    ১। গুঞ্জ -৬০০০,০০০ বছৰ

                                                                    ২। মিণ্ডেল -৫০০০,০০০ বছৰ

                                                                    ৩। ৰিছ -২৫০,০০০ বছৰ

                                                                    ৪। উৰম -১২০,০০০ বছৰ

            তুষাৰ যুগৰ সময়সীমাৰ নিৰ্দ্ধাৰণ ভূতত্ত্ববিদ জয়নাৰে কৰিছে।

৬৮। জলাহ কাল বুলিলে কি বুজা?

উত্তৰঃ গ্ৰীষ্ম বা বিষুৱীয় অঞ্চলসমূহত তুষাৰ নৈ আৰু গ্ৰীষ্মপ্ৰধান এলেকাত প্ৰৱল প্লাৱণৰ সৃষ্টি হয়। এই প্লাৱণৰ সৃষ্টি হোৱা সময়ছোৱাক জলাহ কাল বুলি কোৱা হয়।

৬৯। পূৱ আৰু দক্ষিণ আফ্ৰিকাত সম্ভেদ পোৱা চাৰিটা জলাহ কালৰ নাম লিখা।

উত্তৰঃ পূৱ আৰু দক্ষিণ আফ্ৰিকাত সম্ভেদ পোৱা চাৰিটা জলাহ কালৰ নাম হ'ল-

                                                                                                    ১। কাগেৰান

                                                                                                    ২। কামাছিয়ান

                                                                                                    ৩। কাঞ্জেৰান

                                                                                                    ৪। গেম্বলিয়ান

৭০। তুষাৰ যুগ পৃথিৱীত সংঘটিত হোৱা বিষয়ে বৈজ্ঞানিকে আগবঢ়োৱা তথ্যবোৰক কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি?

উত্তৰঃ তুষাৰ যুগ পৃথিৱীত সংঘটিত হোৱা বিষয়ে বৈজ্ঞানিকে আগবঢ়োৱা তথ্যবোৰক দুটা ভাগত ভাগ কৰা হয়। সেই ভাগকেইটা যথাক্ৰমে-

                                                                ১। ভৌগলিক তথ্য (Geographical theory)

                                                                ২। নৈসৰ্গিক তথ্য (Astronomical theory)

৭১। নৈসৰ্গিক তথ্য সমূহক কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি?

উত্তৰঃ নৈসৰ্গিক তথ্য সমূহক দুটা ভাগত ভাগ কৰা হয়। সেইকেইটা ক্ৰমে-়

                                                                ১। ক্ৰল' তথ্য (Croll's hypothesis)

                                                                ২। ছিমছন তথ্য (Simpson's hypothesis)

৭২। পৃথিৱীৰ পৰা তুষাৰ যুগ শেষ হোৱা কিমান বছৰ হৈছে?

উত্তৰঃ পৃথিৱীৰ পৰা তুষাৰ যুগ শেষ হোৱা ২০,০০০ বছৰ হৈছে।


Short Answer by- Punya Hazarika.

Post ID: DABP005505