চতুৰ্থ অধ্যায়

সাংস্কৃতিক নৃতত্ত্ব

Short Answer :

১। ইংৰাজী Culture শব্দটোৰ সমাৰ্থক হিচাপে কি শব্দ ব্যৱহাৰ কৰা হয়?

উত্তৰঃ ইংৰাজী Culture শব্দটোৰ সমাৰ্থক হিচাপে সংস্কৃতি শব্দটো ব্যৱহাৰ কৰা হয়।


২। সংস্কৃতিৰ অৰ্থ কি?

উত্তৰঃ সংস্কৃতিৰ অৰ্থ ব্যাপক।


৩। সংস্কৃতি কি?

উত্তৰঃ সৰ্বসাধাৰণ মানুহৰ সুকুমাৰ কলা যেনে- সাহিত্য, সংগীত, নৃত্য, চিত্ৰাংকণ, ভাস্কৰ্য্য ইত্যাদিবোৰক সংস্কৃতি বুলি কোৱা হয়। মুঠতে ক'বলৈ গলে, কোনো এক মানৱ সম্প্ৰদায়ৰ সমগ্ৰ জীৱন ধাৰাকে সংস্কৃতি বুলিব পাৰি।


৪। ই. বি. টাইলৰৰ নৃতাত্ত্বিক সংজ্ঞাটো কি?

উত্তৰঃ ই.বি. টাইলৰৰ নৃতাত্ত্বিক সংজ্ঞাটো হ'ল- 'সংস্কৃতি অথবা সভ্যতা হৈছে জ্ঞান, বিশ্বাস, কলা নৈতিকতাবোধ, নিয়ম-কানুন, ৰীতি-নীতি আৰু  সমাজ এখনৰ অংগ হিচাপে এজন ব্যক্তিয়ে আহৰণ কৰা আন সকলো অভ্যাস আৰু কাৰ্যক্ষমতাৰ সংমিশ্ৰিত সমাহাৰ।'


৫। ৰবাৰ্ট ৰেড ফিল্ড আৰু আৰ. এইচ. লাওয়ীৰ নৃতাত্ত্বিক সংজ্ঞাকেইটা লিখা।

উত্তৰঃ ৰবাৰ্ট ৰেড ফিল্ডৰ মতে, 'সংস্কৃতি হ'ল কলা আৰু প্ৰকাশিত হোৱা এটা সংগঠিত ৰীতিগত সংকল্পনা। যিটো ঐতিহ্যৰ মাজেৰে নিৰৱছিন্নভাৱে প্ৰবাহিত হৈ মানৱ গোষ্ঠীৰ বৈশিষ্ট্য অৱতাৰণা কৰে।'

            আৰ. এইচ. লাওয়ীৰ মতে, 'অপ্ৰয়োজনীয় পৰিশোধন আৰু শিক্ষকে সংস্কৃতি বোলা নহয়; সংস্কৃতি হৈছে সামগ্ৰিক সামাজিক পৰম্পৰা'।


৬। 'Primitive Culture' নামৰ গ্ৰন্থখন কোনে লিখিছিল আৰু কেতিয়া প্ৰকাশ পায়?

উত্তৰঃ 'Primitive Culture' নামৰ গ্ৰন্থখন ই. বি. টাইলৰে লিখিছিল আৰু এই গ্ৰন্থখন ১৮৭১ চনত প্ৰকাশ পায়।


৭। কোনখন কিতাপত প্ৰথমে সংস্কৃতিৰ বিষয়ে নৃতাত্ত্বিক সংজ্ঞা দাঙি ধৰা হৈছিল?

উত্তৰঃ ই. বি. টাইলৰে লিখা 'Primitive Culture' নামৰ কিতাপখনত প্ৰথমে সংস্কৃতিৰ বিষয়ে নৃতাত্ত্বিক সংজ্ঞা দাঙি ধৰা হৈছিল।


৮। মানৱ সংস্কৃতিক কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি?

 উত্তৰঃ মানৱ সংস্কৃতিক দুটা ভাগত ভাগ কৰা হয়। সেইকেইটা ক্ৰমে- ১। বস্তু সংস্কৃতি বা ভৌতিক সংস্কৃতি আৰু অভৌতিক বা সমাজ সংস্কৃতি।


৯। ডেভিদ বিদনেৰ মতে সংস্কৃতি কি?

উত্তৰঃ ডেভিদ বিদনেৰ মতে, সংস্কৃতি হ'ল কৃষিজাত সামগ্ৰী, উদ্যোগজাত বিভিন্ন সা-সঁজুলি, সমাজিক গঠন আৰু মানসিক ভাৱনাৰ সমন্বয় ।


১০। পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ জীৱজগতৰ উৎপত্তি, শ্ৰীবৃদ্ধি, বংশবৃদ্ধি আৰু জীৱন ধাৰণৰ বাবে প্ৰয়োজন হোৱা বাহ্যিক অৱস্থা আৰু উপাদান সমূহৰ সমষ্টিকে সৰল অৰ্থত পৰিৱেশ বুলি কোৱা হয়।


১১। বাহ্যিক বাতাবৰণ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ বাহ্যিক বাতাবৰণ দুই প্ৰকাৰৰ। যেনে- প্ৰাকৃতিক আৰু সামাজিক।


১২। প্ৰাকৃতিক পৰিৱেশ আৰু সমাজিক পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশ বুলিলে কোনো এক অঞ্চলৰ কিছুমান বিশেষ বৈশিষ্ট্য যেনে- জলবায়ু, নদী-নিজৰা, খাল-বিল, পাহাৰ ভৈয়াম, গছ-গছনি আৰু প্ৰকৃতিৰ বিভিন্ন সম্ভাৰক বুজায়।

      আকৌ সমাজিক পৰিৱেশ বুলিলে ধৰ্ম-ভাষ, লৌকিক বিশ্বাস, ৰীতি-নীতি, বিভিন্ন সামাজিক সংগঠন যেনে- পৰিয়াল, বংশগোষ্ঠী, গোত্ৰ আদিক বুজায়।


১৩। পলিনেছিয়াৰ দ্বীপবাসী সকলে কি না ব্যৱহাৰ কৰে?

উত্তৰঃ পলিনেছিয়াৰ দ্বীপবাসী সকলে সিঁহতৰ সুবিধাৰ বাবে প্ৰকাণ্ড গুটীয়া নাও ব্যৱহাৰ কৰে।


১৪। এস্কিম' সকল ক'ত বাস কৰে?

উত্তৰ এস্কিম' সকল উত্তৰ মেৰুৰ তুষাৰবৃত তুন্দ্ৰা অঞ্চলত বাস কৰে।


১৫। ইগলু মানে কি?

উত্তৰঃ এস্কিম' বিলাকে বসবাস কৰিবলৈ তুন্দ্ৰা অঞ্চলত বৰফেৰে অৰ্ধগোলাকাৰ ঘৰ সাজি লয়। এই ঘৰ বোৰক ইগলু বুলি কোৱা হয়।


১৬। এস্কিম সকলে শ্লেজ গাড়ী টনাৰ বাবে কি জন্তু ব্যৱহাৰ কৰে?

উত্তৰঃ এস্কিম সকলে শ্লেজ গাড়ী টনাৰ বাবে হাস্কি নামৰ এবিধ নোমাল কুকুৰ ব্যৱহাৰ কৰে।


১৭। কাক গো-সংস্কৃতি বুলি কোৱা হয়?

উত্তৰঃ আফ্ৰিকাৰ নীল নদীৰ পাৰৰ নুৱেৰ সকলক গো-সংস্কৃতি বুলি কোৱা হয়।


Short Answer by- Punya Hazarika.

Post ID: DABP005548