কিতাপৰ কথা
অধ্যায় ৪
চমু প্ৰশ্ন উত্তৰঃ
১। 'কিতাপৰ কথা' পাঠটি ক'ৰ পৰা লোৱা হৈছে?
উত্তৰঃ হোমেন বৰগোহাঞিৰ সম্পাদিত 'শ্ৰেষ্ঠ অসমীয়া নিৰ্বাচিত প্ৰবন্ধ শীৰ্ষক গ্ৰন্থৰ পৰা লোৱা হৈছে।
২। প্ৰফুল্লদত্ত গোস্বামী কিমান চনত জন্ম হয়?
উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামী ১৯১৪ চনত জন্ম হয়।
৩। কিমান চনত প্ৰফুল্লদত্ত গোস্বামী কটন কলেজৰ পৰা তেওঁ ইংৰাজীত সন্মানসহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়?
উত্তৰঃ ১৯৪০ চনত প্ৰফুল্লদত্ত গোস্বামী কটন কলেজৰ পৰা তেওঁ ইংৰাজীত সন্মানসহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়।
৪। প্ৰফুল্লদত্ত গোস্বামীয়ে কিমান চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত এম. এ. উপাধি লাভ কৰে?
উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীয়ে ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী এম. এ. উপাধি লাভ কৰে।
৫। প্ৰফুল্লদত্ত গোস্বামীয়ে ১৯৪৮ চনত কোনখন বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰে?
উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীয়ে ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰে।
৬। প্ৰফুল্লদত্ত গোস্বামীয়ে কিহৰ বিষয়ত গৱেষণা কৰি ডক্টৰেট উপাধি লাভ কৰে?
উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীয়ে লোক-সংস্কৃতি বিষয়ত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৫ চনত তেওঁ ডক্টৰেট উপাধি লাভ কৰে।
৭। প্ৰফুল্লদত্ত গোস্বামীৰ দুখন বিখ্যাত উপন্যাসৰ নাম লিখা।
উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীৰ দুখন বিখ্যাত উপন্যাসৰ নাম- 'কেঁচা পাতৰ কঁপনি', আৰু 'শেষ ক'ত',।
৮। প্ৰফুল্লদত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম- 'মনৰ পক্ষী উভতি উৰে' ।
৯। প্ৰফুল্লদত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ নাম- 'এই যুগৰ সাহিত্য', 'সাহিত্য আৰু জীৱন', 'অসমীয়া জন সাহিত্য', 'ইউৰোপৰ মনীষা', 'মোৰ ৰাছিয়া ভ্ৰমণ', 'মাণিক চন্দ্ৰ বৰুৱা', 'নিতে নৱৰূপ তাৰ' আৰু 'বুৰঞ্জী আৰু সংস্কৃতি'।
১০। প্ৰফুল্লদত্ত গোস্বামীৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীৰ মৃত্যু ১৯৯৪ চনত হৈছিল।
১১। ".....কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে, বিবেচনাকে হত্যা কৰে৷" - কথাষাৰ ব্যাখ্যা কৰা।
উত্তৰঃ একো একোখন কিতাপে যেতিয়া মানুহৰ ভয়, কু-সংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্ৰ কঁপাই তোলে ৷ তেতিয়াই কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়৷ বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লোপ নাপায়, লুকাই নাথাকে, ৰাইজে নিজৰ গন্তব্যস্থান পাবই ৷ সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় তাকে মিল্টনে মন্তব্য কৰিছিল, "কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা; যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে; কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে বিবেচনাকে হত্যা কৰে ৷"
১২। কিতাপ ওলায়ে আছে, কিতাপ আমি লিখিয়ে আছোঁ। এই কথাষাৰ কোনে কৈছে, আৰু কি দিহা দিছিলে?
উত্তৰঃ কিতাপ ওলায়ে আছে, কিতাপ আমি লিখিয়ে আছোঁ। ইয়াৰ আটাইবিলাক পঢ়া সম্ভৱ নহয়, পঢ়িবৰ দৰকাৰো নহয়। এই কাৰণেই ইংৰাজ দাৰ্শনিক বেকনে দিহা দিছিল এইদৰে - ''কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।''
১৩। কোনষাৰ কথা লক্ষ্য কৰি স্বাধীনচিতীয়া মিলটনে কিহৰ ওপৰত মন্তব্য কৰিছিল?
উত্তৰঃ সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় সেই কথা লক্ষ্য কৰি স্বাধীনচিতীয়া মিলটনে মন্তব্য কৰিছিল, ''সজ কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা; যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে; কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে (বিচাৰণা, যুক্তি) হত্যা কৰে।''
১৪। অশ্ৰদ্ধা অৰ্থ কি?
উত্তৰঃ অশ্ৰদ্ধা অৰ্থ হৈছে- শ্ৰদ্ধাহীন, অসন্মান, অভক্তি।
১৫। পাগুলিওৱাৰ অৰ্থ কি?
উত্তৰঃ পাগুলিওৱাৰ অৰ্থ হৈছে- জন্তুয়ে খাদ্য পেটৰ পৰা মুখলৈ উলিয়াই চোবোৱা কাৰ্য।
১৬। অন্তৰাত্মা অৰ্থ কি?
উত্তৰঃ অন্তৰাত্মা অৰ্থ হৈছে- অন্তৰত থকা আত্মা, জীৱাত্মা।
১৭। শাসনযন্ত্ৰ অৰ্থ কি?
উত্তৰঃ শাসনযন্ত্ৰৰ অৰ্থ হৈছে- শাসক, শাসকীয় ব্যৱস্থা।
১৮। গুৰুৰ স্থান আজিৰ এই যন্ত্ৰৰ যুগত কিহে কাঢ়ি ল'লে?
উত্তৰঃ গুৰুৰ স্থান আজিৰ এই যন্ত্ৰৰ যুগত কিতাপে কাহি ল'লে।
১৯। আমাৰ পাঠ্যপুথিত 'কিতাপৰ কথা' পাঠটি সন্নিৱিষ্ট কৰাৰ উদ্দেশ্য কি?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে যাতে কিতাপৰ প্ৰতি বা অধ্যয়নৰ প্ৰতি নিজৰ আগ্ৰহ বৃদ্ধি কৰিবলৈ উৎসাহ পায় সেই বিবেচনাৰে পাঠটি পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হৈছে।
২০। কিতাপ সম্পর্কে বাইবেলত থকা কেনেকুৱা কথাৰ বিষয়ে পাঠটিত উল্লেখ আছে?