UPDATE: 2024


 মোৰ মাতৃমুখ দৰ্শন

অধ্য়ান-১

১। কাক আধুনিক অসমীয়া সাহিত্য়ৰ কাণ্ডাৰী বুলি কোৱা হয় ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্য়ৰ কাণ্ডাৰী বুলি কোৱা হয়।


২। সাহিত্য়ৰথী সক্ষ্মীনাথ বেজবৰুৱা কিমান চনত জন্ম হৈছিল?

উত্তৰঃ সাহিত্য়ৰথী সক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত।


৩। শিৱসাৰ চৰকাৰী হাইস্কুলৰ পৰা কিমান চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলকাতালৈ যায়?

উত্তৰঃ শিৱসাৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে তলকাতালৈ যায়।


৪। লক্ষ্মীনাথ বেজবৰুৱা কাৰ লগত বিবাহ সম্পন্ন হয়?

উত্তৰঃ বংগৰ বিখ্য়াত ঠাকুৰ পৰিয়ালৰ কন্য়া প্ৰজ্ঞা সুন্দৰী দেৱীৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয়।


৫। লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত 'জোনাকী'ৰ জৰিয়তে অসমীয়া সাহিত্য়লৈ কি প্ৰবাহিত হয়?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত 'জোনাকী'ৰ জৰিয়তে অসমীয়া সাহিত্য়লৈ ৰমন্য়াসৰ ধল প্ৰবাহিত হয়।


৬। লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক দুখনৰ নাম লিখা?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক দুখনৰ নাম হ'ল- নোমল আৰু চিকৰপতি-নিকৰপতি।


৭। লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক দুখনৰ নাম লিখা?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক দুখনৰ নাম হ'ল- জয়মতী কুঁৱৰী, বেলিমাৰ, চক্ৰধ্বজ সিংহ।


৮। লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাসৰ এখনৰ নাম লিখা?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাস এখনৰ নাম হ'লঃ পদুম কুঁৱৰী।


৯। লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প দুখনৰ নাম লিখা?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প দুখনৰ নাম হ'লঃ জোনবিৰি, সুৰভি, কেহোকলি।


৯। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথা দুখনৰ নাম লিখা?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথা দুখনৰ নাম হ'লঃ বুঢ়ী আইৰ সাধু, জুনুকা।


১০। লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্য-বংগ ৰচনা দুখনৰ নাম লিখা?

উত্তৰঃ (১) কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা।
            (২) কৃপাবৰ বৰুৱা ওভতনি।
            (৩) বৰবৰুৱাৰ বুলনি।

১১। লক্ষ্মীনাথ বেজবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থ দুখনৰ নাম লিখা?

উত্তৰঃ তত্ত্বকথা, শ্ৰীকৃষ্ণকথা।


১২। কিমান চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য় সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য় সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল।


১৩। বেজবৰুৱাই সাতটা খণ্ডত ৰচনা কৰা 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক দীঘলীয়া অসম ভ্ৰমণ কাহিনীটোৰ প্ৰথম কেইটা থণ্ড পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে?

উত্তৰঃ বেজবৰুৱাই সাতটা খণ্ডত ৰচনা কৰা 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক দীঘলীয়া অসম ভ্ৰমণ কাহিনীটোৰ প্ৰথম তিনিটা থণ্ড পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে।


১৪। পাঠটো ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী কোনটো খণ্ডৰ পৰা লোৱা হৈছে?

উত্তৰঃ পাঠটো ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্ৰথম খণ্ড)ৰ পৰা লোৱা হৈছে।


১৫। ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ কি ঘটিল?

উত্তৰঃ ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মাতৃমুখ দৰ্শন ঘটিল।


১৬। ইমান বছৰ তেওঁ জীৱনটো বাহিৰে বাহিৰে কটায়েই কি কৰিলে?

উত্তৰঃ ইমান বছৰ তেওঁ জীৱনটো বাহিৰে বাহিৰে কটায়েই বুঢ়া কৰিলে।


১৭। পানীমে মীন পিয়াসী। মোক শুনত শুনত লাগে হাসি।। এই কথা সাৰি কোনে কৈছিল?

উত্তৰঃ পানীমে মীন পিয়াসী। মোক শুনত শুনত লাগে হাসি।। এই কথা সাৰি মহাত্মা কবীৰে কৈছিল।


১৮। সন্নিপাতে পোৱা দুটা প্ৰাণীয়ে নৈখনৰ ইপাৰে এটা আৰু সিপাৰে আনটো থাকি একেলগ হ'বলৈ কিয়  নাপায়?

উত্তৰঃ সন্নিপাতে পোৱা দুটা প্ৰাণীয়ে নৈখনৰ ইপাৰে এটা আৰু সিপাৰে আনটো থাকি একেলগ হ'বলৈ নাপায়, কাৰণ ওৰেৰাতি চিঞৰি কান্দি মৰে।


১৯। ভিজিট শব্দ অৰ্থ কি?

উত্তৰঃ ভিজিট শব্দ অৰ্থ হ'ল- ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰক দিবলগীয়া মাননি।


২০। লেকেটিয়া নৰিয়া শব্দ অৰ্থ কি?

উত্তৰঃ দীৰ্ঘ সময় জুৰি হৈ থকা ৰোগ,শৰীৰত আঠাৰ দৰে লাগি থকা বেমাৰ।


২১। ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?

উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী সহধৰ্মিণী আৰু সৰুটি কন্য়া।


২২। কিমান চনত মাতৃভূমি অসমলৈ উভতি আহে?

উত্তৰঃ ১৯৩০ চনত মাতৃভূমি অসমলৈ উভতি আহে।


২৩। কেতাৰিখে গুৱাহাটী এৰি ডিবুৰুমুৱা হৈ কেতাৰিখে পুৱা ন মান বজাত ডিবুৰুগড় পালেগৈ?

উত্তৰঃ ২৩ তাৰিখে গুৱাহাটী এৰি ডিবুৰুমুৱা হৈ ২৮ তাৰিখে পুৱা ন মান বজাত ডিবুৰুগড় পালেগৈ।


২৪। জকা শব্দ অৰ্থ কি?

উত্তৰঃ জকা শব্দ অৰ্থ হ'ল- পিতল আদিৰ বৰ ডাঙৰ টৌ।


২৫। দ্বিৰা-গমন শব্দ অৰ্থ কি?

উত্তৰঃ দ্বিৰা-গমন শব্দ অৰ্থ হ'ল- বিয়াৰ পিছত কন্য়াৰ দ্বিতীয়বাৰ স্বামীৰ ঘৰলৈ যোৱা সংস্কাৰ।


Type By- Mayur Rani Kashyap 







Post ID: DABP005509