সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ
২য় অধ্য়ায়
১. আচাৰ্যই ক্ষতি কৰা কাৰণ সুধুতে ৰামে কি উত্তৰ দিলে ?
উত্তৰ :- আচাৰ্যই ক্ষতি কৰা কাৰণ সুধুতে ৰামে ক'লে মেলেৰিয়া ৰোগ ভুগিছিল ।
২. মেলেৰিয়া এবিধ কি ?
উত্তৰ :- মেলেৰিয়া এবিধ সংক্ৰামক ৰোগ ।
৩. মেলেৰিয়া ৰোগ কাৰ দ্বাৰা বিয়পে ?
উত্তৰ :- মেলেৰিয়া ৰোগ মহৰ দ্বাৰা বিয়পে ।
৪. মেলেৰিয়া বিয়পা মহটোৰ নাম কি ?
উত্তৰ :- মেলেৰিয়া বিয়পা মহটোৰ নাম এন'ফিলিছ ।
৫. সংক্ৰামক ৰোগ কাক বোলে ?
উত্তৰ :- ৰোগত আক্ৰান্ত ব্য়ক্তিৰ সংস্পৰ্শত থাকিলে সুস্থ ব্য়ক্তিও সেই ৰোগত ভুগিব পাৰে
তাকে সংক্ৰামক ৰোগ বোলে ।
৬. সংক্ৰামক ৰোগৰ দুটা উদাহৰণ দিয়া ?
উত্তৰ :- সংক্ৰামক ৰোগৰ উদাহৰণ হ'ল কলেৰা, ডিছেন্ট্ৰী আদি ।
৭. মহৰ শৰীৰৰটো কেইটা ভাগত ভগাব পাৰি আৰু কি কি ?
উত্তৰ :- মহৰ শৰীৰৰটো তিনিটা ভাগত ভগাব পাৰি মুৰ, বুকু, উদৰ ।
৮. মহৰ মূৰৰ সন্মুখৰফালে কি আছে ?
উত্তৰ :- মহৰ মূৰৰ সন্মুখৰফালে মুখ আছে ।
৯. মুখৰ ওপৰত কি আছে ?
উত্তৰ :- মুখৰ ওপৰত দুটা চকু আছে ।
১০. মূৰত এডাল দীঘল নলী আছে তাক কি বোলে ?
উত্তৰ :- মূৰত এডাল দীঘল নলী আছে তাক শুং ।
১১. মহে শুং ডালৰ সহায়ত কি কৰে ?
উত্তৰ :- মহে শুং ডালৰ সহায়ত মানুহৰ পৰা তেজ শুহিঁ খায়।
১২. মহৰ বুকুত কেইযোৰ ঠেং আছে ?
উত্তৰ :- মহৰ বুকুত তিনিযোৰ ঠেং আছে ।
১৩. মহে উৰোতে কিহৰ গুণগুণ শব্দ হয় ?
উত্তৰ :- মহে উৰোতে বতাহত পাখি দুখন লাগি গুণগুণ শব্দ হয় ।
১৪. এজনী মাইকী মহে এবাৰত কি পৰ্যন্ত কণী পাৰিব পাৰে ?
উত্তৰ :- এজনী মাইকী মহে এবাৰত দুশৰ কৰা তিনিশ পৰ্যন্ত কণী পাৰিব পাৰে ।
১৫. মহে ক'ত কণী পাৰে ?
উত্তৰ :- মহে কানীৰ ওপৰত কণী পাৰে ।
১৬. মহে কণী পাৰা পিছত কণীৰ পৰা কি হয় ?
উত্তৰ :- মহে কণী পাৰা পিছত কণীৰ পৰা পলু হয় ।
১৭. পলু ক্ৰমশঃ কি হয় ?
উত্তৰ :- পলু ক্ৰমশঃ লেটালৈ পৰিৱৰ্তন হয় ।
১৮. লেটাৰ পৰা কি সৃষ্টি হয় ?
উত্তৰ :- লেটাৰ পৰা পূৰ্ণ মহৰ সৃষ্টি হয় ।
১৯. এটা কণীৰ পৰা মহ হব'লৈ কিমান কিন সময় লাগে ?
উত্তৰ :- এটা কণীৰ পৰা মহ হব'লৈ সাতৰ পৰা দহ দিন লাগে ।
২০. মহৰ জীৱনকাল কিমান দিন ?
উত্তৰ :- মহৰ জীৱনকাল দুই সপ্তাহ ।
Type By- Pal Bora
Post ID: DABP005671