প্ৰাথমিক চিকিৎসা

৩য় অধ্য়ায়

১. পিছলি পৰি কোনে কস্ত পাইছিল ?

উত্তৰ :- পিছলি পৰি ৰিতুয়ে কস্ত পাইছিল।


২. ৰিতুয়ে কি বুলি কান্দিছিল ?

উত্তৰ :- ৰিতুয়ে বাইদেউ বাইদেউ বুলি কান্দিছিল। 


৩. ৰিতুৰ ক'ৰ পৰা তেজ উলাইছিল ?

উত্তৰ :- ৰিতুৰ ভৰিৰ পৰা তেজ উলাইছিল।


৪. ক্ষন্তেকলৈ ৰুবি কি হ'ল ?

উত্তৰ ;- ক্ষন্তেকলৈ ৰুবি হতভম্ব হ'ল। 


৫. বিপদৰ সময়ত কি হ'ব নালাগে ?

উত্তৰ :- বিপদৰ সময়ত অধৈৰ্য় হ'ব নালাগে।


৬. ৰিতুৰ তেজ ওলোঁৱাৰ সময়ত ৰুবিয়ে কি কৰিলে ?

উত্তৰ :- ৰিতুৰ তেজ ওলোঁৱাৰ সময়ত ৰুবিয়ে প্ৰাথমিক চিকিৎসা সঁজুলি বাকচটো লৈ চিকিৎসা কৰিছিল।


৭. ৰুবিয়ে হাতখন ধুই কি কৰিছিল ?

উত্তৰ :- ৰুবিয়ে হাতখন ধুই ৰিতুক চিকিৎসা কৰিছিল।


৮. এনটিচেপ্টিক মলটো ৰুবিয়ে ক'ত লগালে ?

উত্তৰ :- এনটিচেপ্টিক মলটো ৰুবিয়ে আঘাত পোৱা ঠাইত লগালে। 


৯. ৰুবিয়ে ৰিতুক দাঙি আনি ক'ত থলে ?

উত্তৰ :- ৰুবিয়ে ৰিতুক দাঙি আনি বিছনাত শুৱাই দিলে।


১০. যেতিয়া সিহঁতৰ মাক-দাউটাক ঘৰলৈ ঘূৰি আহিল তেতিয়া ৰুবি আৰু ৰিতুয়ে কি কৰিলে ?

উত্তৰ :- যেতিয়া সিহঁতৰ মাক-দাউটাক ঘৰলৈ ঘূৰি আহিল তেতিয়া ৰুবি আৰু ৰিতুয়ে গোটেই কাহিনীটো কলে।


১১. গোটেই কাহিনিটো শুনি মাকে কি কলে ?

উত্তৰ :- গোটেই কাহিনিটো শুনি মাকে কলে 'মই নজনাকৈ মোৰ ছওৱালীজনী বহুত সজাগ হৈ উঠিছে।


১২. ৰুবিৰ সজাগতা আৰু উপস্থিত বুদ্ধিত দেউতাক কি হ'ল ?

উত্তৰ :- ৰুবিৰ সজাগতা আৰু উপস্থিত বুদ্ধিত দেউতাকো আনন্দিত হ'ল।


১৩. কাহিনিটো শুনাৰ পিছত ৰিতুক ক'ত লৈ গ'ল ?

উত্তৰ :- কাহিনিটো শুনাৰ পিছত ৰিতুক চিকিৎসালৈ লৈ গ'ল।


১৪. আমাক জুইয়ে পুৰিলে তৎক্ষণাৎ কি কৰিব লাগে ?

উত্তৰ :- আমাক জুইয়ে পুৰিলে তৎক্ষণাৎ ঠাণ্ডা পানী পোৰা অংশত ঢালি থাকিব লাগে।


১৫. আমাক জুইয়ে পুৰিলে কিমান সময় পানী ধালি থাকিব লাগে ?

উত্তৰ :- আমাক জুইয়ে পুৰিলে পোৰণি অনুভৱ নোবোৱা লাইকে পানী ধালি থাকিব লাগে। 


১৬. জুইয়ে পোৱা ঠাইখিনিত কি লগাব নাৱাগে ?

উত্তৰ :- জুইয়ে পোৱা ঠাইখিনিত ঘিউ বা তেল লগাব নালাগে।


১৭. প্ৰাথামিক চিকিৎসাৰ বাকচটোত কি কি সামগ্ৰী থাকে ?

উত্তৰ :- প্ৰাথামিক চিকিৎসাৰ বাকচটোত বেণ্ডেজ, কপাহ, দুখন কেঁচি, পটাছিয়াম-পাৰ-মাংগানেট, এনটিচেপটিক মলম, স্পিৰিট ইত্য়াদি ,সামগ্ৰী থাকে।


১৮. নাকেৰে তেজ ওলালে কি কৰিব লাগে ?

উত্তৰ :- নাকেৰে তেজ ওলালে ব্য়ক্তিজনক শৰীৰতকৈ মূৰটো বেছি তললৈ হেলনীয়া কৰি ওপৰমুৱাকৈ শুৱাই দিব লাগে।


১৯. নাকেৰে তেজ ওলালে কি কৰিব নালাগে ?

উত্তৰ :- নাকেৰে তেজ ওলালে ৰোগীৰ মূৰৰ তলত কোনো গাৰু আদি দিব নালাগে।


২০. মোঁচোকা খালে কি কৰিব লাগে ?

উত্তৰ :- মোঁচোকা খোৱা ঠাই (বিশেষকৈ হাত বা ভৰিৰ ক্ষেত্ৰত) লৰচৰ নোহোৱাকৈ ভালদৰে বান্ধি ৰাখিব লাগে।



Type By- Pal Bora 






Post ID: DABP005713