উদ্ভিদৰ পৰিপুষ্টি

অধ্যায়-1

১) পৰিপুষ্টি প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ- পৰিপুষ্টি প্ৰধানকৈ দুই প্ৰকাৰৰ। সেই কেইটৈা-স্বপোষী আৰু পৰপোষিত পৰিপুষ্টি। 


২) সালোকসংশ্লেষণ কাক বোলে?

উত্তৰঃ- উদ্ভিদে পত্ৰহৰিতৰ উপস্থিতিত কাৰ্বন ডাইঅক্সাইড আৰু পানীৰপৰা সূৰ্য পোহৰত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটোকে ,সালোকসংশ্লেষণ বোলে।


৩) স্ব-পুষ্ট জীৱ কাক বোলে?

উত্তৰঃ- নিজৰ খাদ্য ,নিজে প্ৰস্তুত কৰিব পৰা উদ্ভিদকে স্ব-পুষ্ট জীৱ বোলে।


৪) পৰপোষিত পৰিপুষ্টি কাক বোলে?

উত্তৰঃ- আন জীৱৰপৰা আহাৰ সংগ্ৰহ কৰি লাভ কৰা পৰিপুষ্টিক পৰপোষিত পৰিপুষ্টি বোলে।


৫) পৰপোষিত পৰিপুষ্টি প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ- পৰপোষিত পৰিপুষ্টি প্ৰধানকৈ তিনি প্ৰকাৰৰ। সেই কেইটা হ'ল-পূৰ্ণগ্ৰাসী, পৰজীৱী আৰু মৃতজীৱী।


৬) পূৰ্ণগ্ৰাসী পৰিপুষ্টিত জীৱই কি পদাৰ্থ খাদ্য হিচাপে গ্ৰহণ কৰে?

উত্তৰঃ- পূৰ্ণগ্ৰাসী পৰিপুষ্টিত জীৱই গোটা জৈৱ পদাৰ্থ খাদ্য হিচাপে গ্ৰহণ কৰে।


৭) পোষক কাক বোলে?

উত্তৰঃ- যিটো জীৱৰপৰা খাদ্য সংগ্ৰহ কৰে তাকে পোষক বোলে।


৮) পৰজীৱী কাক বোলে?

উত্তৰঃ- সজীৱ আশ্ৰয়দাতাৰপৰা খাদ্য সংগ্ৰহ কৰা জীৱকে পৰজীৱী বোলে।


৯) মৃতজীৱী পৰিপুষ্টি কাক বোলে? উদাহৰণ দিয়া?

উত্তৰঃ- জীৱই মৃত অথবা গেলা-পচা বস্তুৰপৰা পুষ্টি আহৰণ কৰে। তাকে মৃতজীৱী পৰিপুষ্টি বোলে।যেনে-বেংচটা, ইষ্ট আদি।


১০) কি প্ৰক্ৰিয়া দ্বাৰা উদ্ভিদে খাদ্য উৎপন্ন কৰে?

উত্তৰঃ- সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে খাদ্য উৎপন্ন কৰে।


১১) পতংগভোজী উদ্ভিদ কাক বোলে?

উত্তৰঃ- নাইট্ৰ'জেনৰ অভাৱৰপৰা হাত সাৰিবলৈ এনে ধৰণৰ উদ্ভিদে পতংগৰ দেহৰপৰা নাইট্ৰ'জেনজাতীয় পদাৰ্থ আহৰণ কৰে। এনেবোৰ উদ্ভিদক পতংগভোজী বোলে।


১২) পত্ৰৰন্ধ্ৰ কাক বোলে?

উত্তৰঃ- পাতৰ পৃষ্ঠভাগত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ থাকে। এই  ছিদ্ৰবোৰক পত্ৰৰন্ধ্ৰ বোলে।


১৩) সালোকসংশ্লেষণ কাক বোলে?

উত্তৰঃ- বায়ুৰপৰা কাৰ্বন ডাইঅক্সাইড পত্ৰৰন্ধ্ৰৰে পাতত সোমায়। সূৰ্যৰ পোহৰত আৰু পত্ৰহৰিতৰ উপস্থিতিত  পাতত কাৰ্বন ডাইআক্সাইড আৰুপানীৰপৰা শৰ্কৰা উৎপন্ন হয়; অৰ্থাৎ খাদ্য প্ৰস্তুত হয়।  এই প্ৰক্ৰিয়াকে সালোকসংশ্লেষণ বোলে।


১৪) গছৰ ৰান্ধনি ঘৰ কাক বোলা হয়?

উত্তৰঃ- পাতক গছৰ ৰান্ধনি ঘৰ কাক বোলা হয়।


১৫) সালোকসংশ্লেষণ প্ৰক্ৰিয়াত প্ৰক্ৰিয়াত কি কি উৎপন্ন হয়?

উত্তৰঃ-সালোকসংশ্লেষণ প্ৰক্ৰিয়াত শৰ্কৰা আৰু অক্সিজেন উৎপন্ন হয়।


১৬) গছে কিহৰ মাজেৰে অক্সিজেন বায়ুমণ্ডললৈ এৰি দিয়ে?

উত্তৰঃ- গছে পত্ৰৰন্ধ্ৰৰ অক্সিজেন বায়ুমণ্ডললৈ এৰি দিয়ে


১৭) সহজীৱী উদ্ভিদ কাক বোলে?

উত্তৰঃ- কিছুমান জীৱৰ লগত একেলগে থাকি পৰস্পৰ উপকৃত হৈ জীয়াই থাকে তাকে সহজীৱী উদ্ভিদ বোলে।


১৮) শেলাই আৰু  ভেঁকুৰৰ সমন্বয়ত গঠিত এবিধ সহজীৱী নাম কি?

উত্তৰঃ- শেলাই আৰু  ভেঁকুৰৰ সমন্বয়ত গঠিত এবিধ সহজীৱী নাম হ'ল- লাইকেন।


১৯) সহজীৱীৰ এবিধ উদাহৰণ দিয়া?

উত্তৰঃ- সহজীৱীৰ এবিধ উদাহৰণ হ'ল- লাইকেন 


২০) ৰাফ্লেচিয়া এবিধ কি?

 উত্তৰঃ- ৰাফ্লেচিয়া এবিধ মূল পৰজীৱী।



Type By- Dimpal Bora








Post ID: DABP005700