ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ

অধ্যায় ১৫

১। ভাৰতবৰ্ষ এখন কি দেশ?

উত্তৰঃ ভাৰতবৰ্ষ এখন জনবহুল দেশ।


২। সমগ্ৰ বিশ্বৰ জনবহুল দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান কিমান?

উত্তৰঃ সমগ্ৰ বিশ্বৰ জনবহুল দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান দ্বিতীয়।


৩। ভাৰতবৰ্ষ প্ৰতি বৰ্গ কিলোমিটাৰত বাস কৰা গড় জনসংখ্যা কিমান?

উত্তৰঃ ভাৰতবৰ্ষ প্ৰতি বৰ্গ কিলোমিটাৰত বাস কৰা গড় জনসংখ্যা হ'ল ৩৮২।


৪। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা কিমান?

উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা হ'ল ১২১,০৫,৬৯,৫৭৩।


৫। জনসংখ্যা কাক বোলে?

উত্তৰঃ কোনো এটা অঞ্চলৰ স্থায়ীভাৱে বসবাস কৰি থকা জনগণক অঞ্চলটোৰ জনসংখ্যা বোলে।


৬। কোন ঠাইত বসতি কম হয়?

উত্তৰঃ নদী, হ্ৰদ, বিদ আদিৰ পাৰে পাৰে মানুহৰ বসতি ঘন। 


৭। ব্ৰহ্মপুত্ৰ উপত্যকা পৰ্যন্ত উৰ্বৰ ভূমিত প্ৰায় কিমান শতাংশ লোকে বসবাস কৰে?

উত্তৰঃ  ব্ৰহ্মপুত্ৰ উপত্যকা পৰ্যন্ত উৰ্বৰ ভূমিত প্ৰায় ৪৮ শতাংশ লোকে বসবাস কৰে।


Type Susmita Kakati






Post ID: DABP005486