অৰ্থনৈতিক বা আৰ্থিক ব্যৱস্থা

Chapter 10

১) কিছুমান সমস্যা কিহৰ কাম-কাজৰ জৰিয়তে সমাধান কৰিবলগীয়া হয় ?

উত্তৰ ঃ কিছুমান সমস্যা অৰ্থনৈতিক কাম-কাজৰ জৰিয়তে সমাধান কৰিবলগীয়া হয়।


২) অৰ্থনৈতিক ব্যৱস্থা কাক বোলে ?
উত্তৰ ঃ এখন দেশৰ উৎপাদন, বিতৰণ আৰু উপভোগৰ লগত জড়িত হৈ থকা বিভিন্ন অনুষ্ঠানবোৰক একগোটভাৱে অৰ্থনৈতিক ব্যৱস্থা বোলে ।


৩) এখন দেশৰ অৰ্থব্যৱস্থাই কেইটা প্ৰধান সমস্যা সমাধান কৰিবলগীয়া হয় ?
উত্তৰ ঃ
 এখন দেশৰ অৰ্থব্যৱস্থাই চাৰিটা প্ৰধান সমস্যা সমাধান কৰিবলগীয়া হয়।


৪) এখন দেশৰ অৰ্থব্যৱস্থা কেইটা প্ৰধান সমস্যা সমাধান কৰিবলগীয়া হয় আৰু কি কি ?
উত্তৰঃ এখন দেশৰ অৰ্থব্যৱস্থাই চাৰিটা প্ৰধান সমস্যা সমাধান কৰিবলগীয়া হয় সেইকেইটা হ'ল (i) দেশ এখনে কি উৎপাদন কৰিব (ii) কেনেকৈ উৎপাদন কৰিব, (iii) উৎপাদিত দ্ৰব্য কেনেকৈ বিতৰণ কৰিব আৰু (v) ভৱিষ্যতৰ অৰ্থে কি ব্যৱস্থা গ্ৰহণ কৰিব ।


৫) আমি সচৰাচৰ কি ধৰণৰ অৰ্থনৈতিক ব্যৱস্থা দেখিবলৈ পাওঁ আৰু কি কি ?
উত্তৰঃ 
আমি সচৰাচৰ তিনি ধৰণৰ অৰ্থনৈতিক ব্যৱস্থা দেখিবলৈ পাওঁ আৰু সেয়া হ'ল  (i) পুঁজিবাদ (ii) সমাজবাদ আৰু (iii) মিশ্ৰ অৰ্থনীতি।


৬) পুঁজিবাদ কি ?
উত্তৰঃ 
যি অৰ্থনৈতিক ব্যৱস্থাত ব্যক্তিগত সম্পত্তিৰ প্ৰাধান্য দেখা যায় আৰু যি ব্যৱস্থাত কেৱল মুনাফা অৰ্জনৰ বাবে উৎপাদন কাৰ্য পৰিচালিত হয়, সেই অৰ্থব্যৱস্থাই হৈছে পুঁজিবাদ।


৭) আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থা কি ?
উত্তৰঃ  
আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থা হল  মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা ।


৮) সমাজবাদী অৰ্থনীতি কি ?
উত্তৰ ঃ
সমাজবাদী অৰ্থনীতি হ'ল শ্ৰেণীবিহীন অৰ্থনীতি ।


৯) মিশ্ৰ অৰ্থব্যৱস্থা কেইটা খণ্ডৰে গঠিত ?
উত্তৰ ঃ
 মিশ্ৰ অৰ্থব্যৱস্থা দুটা খণ্ডৰে গঠিত সেয়া হ'ল চৰকাৰী খণ্ড বা ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড।


১০) পুঁজিবাদী দেশসমূহত  জনমূৰি আয় বেছি নে কম ?
উত্তৰঃ 
পুঁজিবাদী দেশসমূহত  জনমূৰি আয় বেছি ।




Type : Dimpi Bora 






Post ID: DABP005678