ভাৰতবৰ্ষ --- চমু ভৌগোলিক পৰিচয়

Chapter 12
১) পৃথিৱীৰ সপ্তম বৃহত ৰাষ্ট্ৰ কোনখন ?
উত্তৰ ঃ পৃথিৱীৰ সপ্তম বৃহত ৰাষ্ট্ৰখনৰ নাম হ'ল এছিয়া ।


২) ভাৰতবৰ্ষৰ আকৃতি কিহৰ দৰে ?
উত্তৰ ঃ
ভাৰতবৰ্ষৰ আকৃতি ত্ৰিভূজৰ দৰে ।


৩) ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান কিল'মিটাৰ ?
উত্তৰঃ
ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য হৈছে 6,100 কিল'মিটাৰ।


৪) ভাৰতবৰ্ষৰ ভূ-প্ৰাকৃতিক কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু কি কি ?
উত্তৰঃ 
ভাৰতবৰ্ষৰ ভূ-প্ৰাকৃতিক পাঁচোটা ভাগত বিভক্ত কৰা হৈছে আৰু ভাগকেইটা হ'ল --- উত্তৰৰ পাবৰ্ত্য অঞ্চল, উত্তৰৰ বিশাল সমভূমি অঞ্চল , দক্ষিণাত্যৰ মালভূমি অঞ্চল, উপকূলীয় সমভূমি আৰু দ্বীপীয় অঞ্চল। 


৫)ভাৰতবৰ্ষৰ উত্তৰ অংশ কিহে আৱৰি আছে ?
উত্তৰঃ
ভাৰতবৰ্ষৰ উত্তৰ অংশ সুউচ্চ পৰ্বতমালাই আৱৰি আছে  ।


৬) হিমানয় পৰ্বতমালা কি পৰ্বতমানা ?
উত্তৰ ঃ
হিমানয় পৰ্বতমালা ভংগিল পৰ্বতমালা ।


৭) উচ্চ হিমালয় শ্ৰেণীটোৰ উচ্চতা গড়ে কিমান মিটাৰ ?
উত্তৰ ঃ
উচ্চ হিমালয় শ্ৰেণীটোৰ উচ্চতা গড়ে 6,000 মিটাৰ।


৮) উচ্চ হিমানয়ৰ দক্ষিণত থকা নিম্ন হিমানয় পৰ্বত শ্ৰেণীটোৰ উচ্চতা গড়ে কিমান মিটাৰ ?
উত্তৰ ঃ
উচ্চ হিমানয়ৰ দক্ষিণত থকা নিম্ন হিমানয় পৰ্বত শ্ৰেণীটোৰ উচ্চতা গড়ে 2000 মিটাৰ।


৯) উচ্চ হিমানয়ৰ দক্ষিণত থকা পৰ্বত শাৰীটোক কি বুলি কোৱা হয় ?
উত্তৰ ঃ
  উচ্চ হিমানয়ৰ দক্ষিণত থকা পৰ্বত শাৰীটোক বহিঃবিমানয় বা শিৱালিক বুলি কোৱা হয় ।


১০) ভাৰতৰ সৰ্বমুঠ চাহ উতপাদনৰ কিমান শতাংশ অসমে উতপাদন কৰে ?
উত্তৰ ঃ
ভাৰতৰ সৰ্বমুঠ চাহ উতপাদনৰ 50 শতাংশ অসমে উতপাদন কৰে।


১১) ভাৰতবৰ্ষৰ প্ৰধান খাদ্যশস্য কি ?
উত্তৰ ঃ
ভাৰতবৰ্ষৰ প্ৰধান খাদ্যশস্য হৈছে ধান আৰু ঘেহুঁ।


১২) পৃথিৱীৰ ভিতৰত ধান উতপাদনত কোনখন দেশৰ স্থান প্ৰথম ?
উত্তৰ ঃ
পৃথিৱীৰ ভিতৰত ধান উতপাদনত চীন দেশৰ স্থান প্ৰথম।


১৩) জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ কি ?
উত্তৰঃ 
জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ হৈছে প্ৰব্ৰজন।


১৪) 1901 চনত ভাৰতবৰ্ষৰ জনসংখ্যা কিমান আছিল ?
উত্তৰ ঃ
1901 চনত ভাৰতবৰ্ষৰ জনসংখ্যা 23.8 কোটি আছিল।


১৫) তৃণজাতীয় উদ্ভিদ ক'ত পোৱা যায় ?
উত্তৰ ঃ
বছৰি প্ৰায় 50ৰপৰা 100 ছেমি. বৰষুণহোৱা অঞ্চলসমূহত তৃণজাতীয় উদ্ভিদ পোৱা যায়।


১৬) ব-দ্বীপীয় উদ্ভিদ কত পোৱা যায় ?
উত্তৰ ঃ
সমুদ্ৰৰ পাৰৰ ব-দ্বীপ অঞ্চলত এই প্ৰকাৰৰ উদ্ভিদ পোৱা যায়।


১৭) চিৰসেউজীয়া উদ্ভিদ কত পোৱা যায় ?
উত্তৰঃ
বছৰি 20 ছেমি.তকৈ অধিক বৰষুণ আৰু গড়ে 25 ডিগ্ৰি ছেলছিয়াছ উত্তাপ থকা অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায় ।


১৮) ভাৰতত কি কালত মৌচুমী বতাহ বলে ?
উত্তৰঃ
ভাৰতত গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে।


১৯) দক্ষিণ-পশ্চিম মৌচুমী বতাহ কি সাগৰৰ ওপৰেদি বৈ আহি ভাৰতত প্ৰৱেশ কৰে ?
উত্তৰ ঃ
দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি বৈ আহি ভাৰতত প্ৰৱেশ কৰে ।


২০)ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত দ্বীপসমূহ কেইটা গোট বা  দ্বীপপুঞ্জত বিভক্ত আৰু কি কি ?
উত্তৰ ঃ
ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত দ্বীপসমূহ দুটা গোট বা  দ্বীপপুঞ্জত বিভক্ত আৰু সেয়া হ'ল এটা আৰৱ সাগৰত আৰু আনটো বংগোপসাগৰত অৱস্থিত । 



Type By : Dimpi Bora 





Post ID: DABP005679