অক্ষাংশ আৰু দ্ৰাঘিমাংশ

Chapter 16

১) মেৰুদণ্ড মানে কি ?
উত্তৰ ঃ
গোলকৰ পৃথিৱীখনৰ সোঁমাজেৰে উত্তৰৰপৰা দক্ষিণলৈ এডাল ৰেখা কল্পনা কৰা হৈছে । এই ৰেখাদালক পৃথিৱীৰ মেৰুদণ্ড বোলে।


২) লণ্ডনৰ ওপৰেৰে যোৱা ৰেখা ডালক কি নামেৰে নামাকৰণ কৰা হৈছে ? 
উত্তৰ ঃ
 লণ্ডনৰ ওপৰেৰে যোৱা ৰেখা ডালক মুখ্য দ্ৰাঘিমা ৰেখা নামেৰে নামাকৰণ কৰা হৈছে।


৩) অক্ষৰেখা কাক বোলে ?
উত্তৰ ঃ বিষুৱৰেখাৰ সমান্তৰালকৈ পূবা-পশ্চিমাকৈ কিছুমান ৰেখা উত্তৰলৈ আৰু দক্ষিণলৈ কল্পনা কৰা হৈছে । এই ৰেখাবোৰক অক্ষৰেখা বোলে।


৪) অক্ষৰেখাৰ মান কিমান লৈকে আছে ?
উত্তৰ ঃ 
অক্ষৰেখাৰ মান 1 ডিগ্ৰী, 2 ডিগ্ৰী, 3 ডিগ্ৰী..........90 ডিগ্ৰী লৈকে আছে ।


৫) দুডাল ক্ৰমিক অক্ষৰেখাৰ মাজৰ গড় দূৰত্ব কিমান ?
উত্তৰ ঃ 
দুডাল ক্ৰমিক অক্ষৰেখাৰ মাজৰ গড় দূৰত্ব প্ৰায়111 কিমি.।


৬) চছ কি ৰেখা ?
উত্তৰ ঃ চছ 
বিষুৱ ৰেখা।


৭) কি যন্ত্ৰৰ সহায়ত পৃথিৱীৰ যি কোনো ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ নিৰ্ণয় কৰিব পাৰি ?
উত্তৰ ঃ GPSৰ
 যন্ত্ৰৰ সহায়ত পৃথিৱীৰ যি কোনো ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ নিৰ্ণয় কৰিব পাৰি ।


৮) কি নামৰ নক্ষত্ৰৰ ওপৰত নিৰ্ভৰ কৰি অক্ষাংশ নিৰ্ণয় কৰা হয় ?
উত্তৰ ঃ 
হেডলিজ অক্টান্ট নামৰ নক্ষত্ৰৰ ওপৰত নিৰ্ভৰ কৰি অক্ষাংশ নিৰ্ণয় কৰা হয়।


৯)  কি ৰেখাই পৃথিৱীখনক দুভাগ কৰিছে ?
উত্তৰ ঃ 
নিৰক্ষৰেখাই পৃথিৱীখনক দুভাগ কৰিছে।


১০) অক্ষৰেখাৰ মান কিমানলৈ আছে ?
উত্তৰ ঃ 
অক্ষৰেখাৰ মান কিমান 90 লৈ আছে ।


১১) কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আন্তঃৰাষ্ট্ৰীয় দ্ৰাঘিমা সন্মিলন পটা হৈছিল ?
উত্তৰ ঃ 1884 
 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আন্তঃৰাষ্ট্ৰীয় দ্ৰাঘিমা সন্মিলন পটা হৈছিল।


১২) কৰ্কটক্ৰান্তি পৰা মকৰক্ৰান্তি মণ্ডলটোক কি বোলা হয় ?
উত্তৰ ঃ 
কৰ্কটক্ৰান্তি পৰা মকৰক্ৰান্তি মণ্ডলটোক উষ্ণ মণ্ডল বোলা হয়।


১৩) ০ ডিগ্ৰী আৰু ১৮০ ডিগ্ৰী দ্ৰাঘিমাৰেখা মিলি কিহৰ সৃষ্টি কৰিছিল ?
উত্তৰ ঃ 
০ ডিগ্ৰী আৰু ১৮০ ডিগ্ৰী দ্ৰাঘিমাৰেখা মিলি বৃত্ত সৃষ্টি কৰিছিল।


১৪) অক্ষাংশ নিৰ্ণয় কৰিবলৈ হ'লে কিহৰ প্ৰয়োজন ?
উত্তৰ ঃ 
 অক্ষাংশ নিৰ্ণয় কৰিবলৈ হ'লে কোণিক প্ৰয়োজন।


১৫) দ্ৰাঘিমাৰেখা ০ ডিগ্ৰীৰ পৰা পূবলৈ কিমান ডাল ৰেখা থাকে ?
উত্তৰ ঃ 
 দ্ৰাঘিমাৰেখা ০ ডিগ্ৰীৰ পৰা পূবলৈ 180 ডাল ৰেখা থাকে।


১৬) উত্তৰ মেৰুত ধ্ৰুবতৰাই মূৰৰ ওপৰত কিমান কোণ কৰি থাকে ?
উত্তৰ ঃ 
উত্তৰ মেৰুত ধ্ৰুবতৰাই মূৰৰ ওপৰত 90 ডিগ্ৰী কোণ কৰি থাকে।





Type by : Dimpi Bora 



Post ID : DABP005783