আহোম : ৰাজ্যৰপৰা সাম্ৰাজ্যলৈ 

Chapter 4
১) কিমান চনটো অসমৰ ইতিহাসৰ এক উল্লেখনীয় সময় ?
উত্তৰ ঃ 1228  চনটো অসমৰ ইতিহাসৰ এক উল্লেখনীয় সময়।


২) কোনে এখন নতুন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ ঃ
চুকাফাই এখন নতুন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।


৩) নতুন ৰাজ্যখনৰ নাম কি আছিল ?
উত্তৰঃ 
নতুন ৰাজ্যখনৰ নাম আছিল আহোম ৰাজ্য ।


৪) আহোম ৰাজ্যখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ ঃ
আহোম ৰাজ্যখন 1253 চনত প্ৰতিষ্ঠা কৰা হৈছিল।


৫) তহানিৰ ডফলা পাহাৰক বৰ্তমান কি বুলি কোৱা হয় ?
উত্তৰ ঃ  তহানিৰ ডফলা পাহাৰক বৰ্তমান অৰুণাচল প্ৰদেশ বুলি কোৱা হয় ।


৬) চুখামফাৰ মৃত্যুৰ পিছত কোনে আহোম ৰাজসিংহাসনত আৰোহণ কৰিছিল ?
উত্তৰ ঃ
  চুখামফাৰ মৃত্যুৰ পিছত চুচেংফাই আহোম ৰাজসিংহাসনত আৰোহণ কৰিছিল।


৭) কিমান খ্ৰি.ৰ যুদ্ধত কছাৰী সৈন্যক আহোম সেনাই পৰাজিত কৰে ?
উত্তৰঃ
1606  খ্ৰি.ৰ যুদ্ধত কছাৰী সৈন্যক আহোম সেনাই পৰাজিত কৰে ।


৮) ৰঘুনাৰায়ণৰ জ্যেষ্ঠ পুত্ৰ কোন ?
উত্তৰ ঃ
ৰঘুনাৰায়ণৰ জ্যেষ্ঠ পুত্ৰ হ'ল পৰিক্ষীত নাৰায়ণ ।


৯) পৰিক্ষীত নাৰায়ণৰ ক'ত মৃত্যু হৈছিল ?
উত্তৰ ঃ
পৰিক্ষীত নাৰায়ণৰ গংগানদীৰ পাৰত বসন্ত ৰোগত মৃত্যু হৈছিল।


১০)স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত কোন আহোমৰ সিংহাসনত উঠে ?
উত্তৰ ঃ
স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত চুপুংমুং আহোমৰ সিংহাসনত উঠে।


১১) 1672 চনৰ এপ্ৰিল মাহত কোনজন আহোম সেনাপতিৰ মৃত্যু হৈছিল ?
উত্তৰ ঃ
1672 চনৰ এপ্ৰিল মাহত আহোম সেনাপতি লাচিত বৰফুকনৰ মৃত্যু হৈছিল।


১২) ৰুদ্ৰসিংহৰ ক'ত মৃত্যু হৈছিল ?
উত্তৰ ঃ
ৰুদ্ৰসিংহৰ উত্তৰ গুৱাহাটীত মৃত্যু হৈছিল।


১৩) স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোম ৰাজ্যৰ কি আছিল ?
উত্তৰ ঃ
স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোম ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ শাসক আছিল।


১৪) কোচবিহাৰৰ নতুন নামটো কি দিয়া হৈছিল ?
উত্তৰ ঃ
কোচবিহাৰৰ নতুন নামটো আলমগীৰ নগৰ দিয়া হৈছিল।


১৫) লাচিত বৰফুকনে কিমান চনৰ কি মাহত মোগলক খেদি গুৱাহাটী উদ্ধাৰ কৰি লয় ?
উত্তৰ ঃ
লাচিত বৰফুকনে 1667 চনৰ অক্টোবৰ মাহত মোগলক খেদি গুৱাহাটী উদ্ধাৰ কৰি লয় ।




Type by : Dimpi Bora



Post ID : DABP005781