ৰাজনীতি বিজ্ঞানৰ ধাৰণা

Chapter 6

১) ৰাজনীতি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ কি ?
উত্তৰ ঃ ৰাজনীতি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হ'ল Political Science।


২)Politics শব্দটো গ্ৰিক ভাষাৰ শব্দ কিহৰ পৰা লোৱা হৈছিল ?
উত্তৰ ঃ
Politics শব্দটো গ্ৰিক ভাষাৰ শব্দ 'পলিছ'ৰ পৰা লোৱা হৈছিল।


৩) পলিছ শব্দৰ অৰ্থ কি ?
উত্তৰ ঃ
পলিছ শব্দৰ অৰ্থ হ'ল নগৰ বা ৰাষ্ট্ৰ।


৪) ৰাজনীতি বিজ্ঞানৰ তত্ত্ববিদ কোনে পোনপ্ৰথমে 'ৰাজনীতি' শব্দটো ব্যৱহাৰ কৰিছিল ?
উত্তৰ ঃ
ৰাজনীতি বিজ্ঞানৰ তত্ত্ববিদ এৰিষ্ট'টলে পোনপ্ৰথমে 'ৰাজনীতি' শব্দটো ব্যৱহাৰ কৰিছিল।


৫) ৰাষ্ট্ৰ সম্পৰ্কে এৰিষ্ট'টলে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ 
ৰাষ্ট্ৰ সম্পৰ্কে এৰিষ্ট'টলে ৰচনা কৰা গ্ৰন্থখনৰ নাম হ'ল ৰাজনীতি।


৬) গ্ৰিক ভাষাৰ পলিছ শব্দটোৰপৰা লেটিন ভাষাৰ কি শব্দ সৃষ্টি হৈছে ?
উত্তৰঃ
গ্ৰিক ভাষাৰ পলিছ শব্দটোৰপৰা লেটিন ভাষাৰ পলিটিকাচ শব্দ সৃষ্টি হৈছে।


৭) পলিটিকাচৰপৰা ইংৰাজী ভাষাৰ কি শব্দৰ সৃষ্টি হৈছে ?
উত্তৰ ঃ
পলিটিকাচৰপৰা ইংৰাজী ভাষাৰ পলিটিক্স শব্দৰ সৃষ্টি হৈছে।


৮) ৰাজন্ মানে কি ?
উত্তৰ ঃ
ৰাজন্ মানে হ'ল ৰজা ।


৯) কৌটিল্যক আৰু কি নামেৰে জনা যায়?
উত্তৰ ঃ
কৌটিল্যক আৰু চাণক্য নামেৰে জনা যায়।


১০) ষষ্ঠদশ শতিকাত ফৰাচী ৰাজনীতিবিদ কোনে ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথমে  ব্যৱহাৰ কৰিছিল?  
উত্তৰ ঃ
ষষ্ঠদশ শতিকাত ফৰাচী ৰাজনীতিবিদ জ্যা বঁদাই ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথমে  ব্যৱহাৰ কৰিছিল।


১১) প্লেট'ৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি ?
উত্তৰ ঃ
প্লেট'ৰ বিখ্যাত গ্ৰন্থখনৰ নাম হ'ল দ্য লজ।


১২) কলা মানে কি ?
উত্তৰ ঃ
বিজ্ঞানে দিয়া সিন্ধান্ত কাৰ্যকৰী কৰা প্ৰক্ৰিয়াটোকেই কলা বোলা হয় ?


১৩)কাৰ মতে মানুহ কেৱল সামাজিক প্ৰাণীয়েই নহয়, ৰাজনৈতিক প্ৰাণীও ?
উত্তৰ ঃ
গ্ৰিক দাৰ্শনিক এৰিষ্ট'টলৰ মতে মানুহ কেৱল সামাজিক প্ৰাণীয়েই নহয়, ৰাজনৈতিক প্ৰাণীও।


১৪)ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু কি ?
উত্তৰঃ
ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু হ'ল মানুহ।


১৫) কাৰ মতে ৰাজনীতি বিজ্ঞানেহে মানৱ সভ্যতাক ৰক্ষা কৰিব পাৰে ?
উত্তৰঃ
বাৰ্ণাড শ্ব'ৰ মতে ৰাজনীতি বিজ্ঞানেহে মানৱ সভ্যতাক ৰক্ষা কৰিব পাৰে।


Type by : Dimpi Bora                                                                                                                                                                                                                                                                          






Post ID: DABP005654